ভূমিস্খলন

সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন; সন্ধান নাই  ৯ সেনা জোৱানৰ

সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন দেশৰ বহু ঠাইত সময়ৰ আগতেই বাৰিষাৰ আগমন ঘটিছে।উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। দেওবাৰে সন্ধিয়া ছিকিমৰ এটা সেনা শিবিৰত হোৱা ভূমিস্খলনত তিনিজন লোকৰ মৃত্যু হয়।মৃত লোক সকলৰ এতিয়াও চিনাক্ত হোৱা নাই বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৯

সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন

দেশৰ বহু ঠাইত সময়ৰ আগতেই বাৰিষাৰ আগমন ঘটিছে।উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

দেওবাৰে সন্ধিয়া ছিকিমৰ এটা সেনা শিবিৰত হোৱা ভূমিস্খলনত তিনিজন লোকৰ মৃত্যু হয়।মৃত লোক সকলৰ এতিয়াও চিনাক্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ৯ জন জোৱানো সন্ধানহীন হৈ আছে,যাৰ বাবে তালাচী অভিযান চলি আছে।

শুকুৰবাৰৰ পৰা একেৰাহে তৃতীয় দিন মংগন জিলাত ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ বাবে উত্তৰ ছিকিমত বৰ্তমান প্ৰায় ১৫০০ ৰো অধিক পৰ্যটক আবদ্ধ হৈ আছে।

লগতে পঢ়ক: অজিত পাৱাৰক বিশ্বাসঘাটকতা; নাগালেণ্ডৰ সাত বিধায়কৰ NDPP ত যোগদান

শেহতীয়া প্ৰৱন্ধসমূহ