সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন; সন্ধান নাই  ৯ সেনা জোৱানৰ

সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন

দেশৰ বহু ঠাইত সময়ৰ আগতেই বাৰিষাৰ আগমন ঘটিছে।উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

দেওবাৰে সন্ধিয়া ছিকিমৰ এটা সেনা শিবিৰত হোৱা ভূমিস্খলনত তিনিজন লোকৰ মৃত্যু হয়।মৃত লোক সকলৰ এতিয়াও চিনাক্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ৯ জন জোৱানো সন্ধানহীন হৈ আছে,যাৰ বাবে তালাচী অভিযান চলি আছে।

শুকুৰবাৰৰ পৰা একেৰাহে তৃতীয় দিন মংগন জিলাত ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ বাবে উত্তৰ ছিকিমত বৰ্তমান প্ৰায় ১৫০০ ৰো অধিক পৰ্যটক আবদ্ধ হৈ আছে।

লগতে পঢ়ক: অজিত পাৱাৰক বিশ্বাসঘাটকতা; নাগালেণ্ডৰ সাত বিধায়কৰ NDPP ত যোগদান

এফালে ভূমিস্খলন আৰু আনফালে তিস্তাৰ ভয়াৱহ ৰূপ… ছিকিমত প্ৰকৃতিৰ তাণ্ডৱ

এফালে ভূমিস্খলন আৰু আনফালে ওফন্দি উঠিছে নদী

বিগত কেইবাদিনো ধৰি উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্য ধাৰাবাহিকভাৱে ধাৰাসাৰ বৰষুণৰ কবলত পৰিছে । অসমৰ পৰা মণিপুৰলৈকে বানৰ প্ৰকোপ । ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমৰ পৰিস্থিতিও অধিক ভয়াৱহ হৈ পৰিছে । ভূমিস্খলন আৰু নদীৰ পানী ওফন্দি উঠাৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কিছুদিন পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছিল । আই এম ডিৰ এই ভৱিষ্যদ্বাণী ১৬ বাৰ সত্য বুলি প্ৰমাণিত হৈছে ।

ধাৰাবাহিক বৰষুণৰ ফলত ছিকিমত ভূমিস্খলন হোৱাৰ লগতে বিভিন্ন সংযোগী পথৰ ক্ষতিসাধন হৈছে । ইয়াৰ বাবে যাতায়ত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে । ইয়াৰ পূৰ্বে উত্তৰ ছিকিমত ৫০০ পৰ্যটক আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছিল । শেহতীয়াকৈ এই দুৰ্যোগৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কমেও ১৫০০ পৰ্যটক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে । আনহাতে, নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে ।

ছিকিমৰ উত্তৰ জিলাত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে পৰিস্থিতি সংকটজনক হৈ আছে । শনিবাৰে জিলা প্ৰশাসনে জনায় যে লাচেন আৰু লাচুং অঞ্চলত প্ৰায় ১৫০০ পৰ্যটক আবদ্ধ হৈ আছে কাৰণ ভূমিস্খলনৰ ফলত মূল পথসমূহ বিচ্ছিন্ন হৈ পৰিছে । মংগন জিলাত তীস্তা নদীত মঙলবাৰে নিশা এখন পৰ্যটকৰ বাহন বাগৰি পৰাৰ ফলত এজন লোকৰ মৃত্যু হয় । এই ঘটনাত দুজন আহত হয় আৰু ৮জন এতিয়াও সন্ধানহীন হৈ আছে ।

মুনচিথাঙৰ সমীপৰ লাচেন-লাচুং ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত প্ৰায় এহেজাৰ ফুট তলত নদীত বাগৰি পৰে বাহনখন । ইফালে লাচেনত ১১৫ জন আৰু লাচুঙত ১৩৫০ জন পৰ্যটক আবদ্ধ হৈ আছে । দুয়োফালৰ পৰা ৰাস্তা বন্ধ হৈ আছে । পৰ্যটকসকলক নিজৰ হোটেলত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । পথ মুকলি হোৱাৰ লগে লগে তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যোৱা হ’ব ।

ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযানতো বাধাৰ সৃষ্টি হৈছে । শুকুৰবাৰে বিয়লিৰ পৰা ব্যাহত হৈ থকা বিদ্যুৎ যোগান শনিবাৰে সন্ধিয়া পুনৰ স্থাপন কৰাৰ বিপৰীতে দেওবাৰৰ ভিতৰত খোৱাপানীৰ যোগান পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে । প্ৰায় ২৪ ঘণ্টাৰ পিছত বিয়লি প্ৰায় ৩ বজাৰ পিছত মোবাইল নেটৱৰ্ক পুনৰুদ্ধাৰ কৰা হয় । চুংথাং মহকুমাত সৰ্বাধিক বৰষুণৰ তীব্ৰতা দেখা গৈছে ।

তীস্তা নদীৰ জলপৃষ্ঠ অহৰহ বৃদ্ধি পোৱাৰ ফলত উদ্ধাৰ অভিযান অধিক জটিল হৈ পৰিছে । জিলা আয়ুক্তই  উদ্ধাৰ অভিযানৰ ওপৰত নজৰ ৰাখিছে । আৰক্ষী অধীক্ষকে জনোৱা মতে, ধাৰাসাৰ বৰষুণ আৰু উফন্দি উঠা তীস্তা নদীৰ বাবে নিৰুদ্দেশ হোৱা আঠজন পৰ্যটকৰ সন্ধান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । বতৰ উন্নত হ’লে পুনৰ অনুসন্ধান আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয় ।

লগতে পঢ়ক : পুনৰ ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯; চৰ্দি,কাহ হৈছে যদি তৎক্ষণাত সাৱধান হওক