ভয়াৱহ

পুনৰ ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯; চৰ্দি,কাহ হৈছে যদি তৎক্ষণাত সাৱধান হওক

ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯ ভাৰতত কৰোনা ভাইৰাছৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ লগতে যোৱা ২৪ ঘন্টাত দেশত ৫১১ জন নতুনকৈ Covid-19 আক্ৰান্ত হৈছে। আনহাতে ২৪ ঘন্টাত ৭ জন লোকৰ মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি,বহু ৰাজ্যত সক্ৰিয় ৰোগী (Covid-19 Active Case) দ্ৰুতগতিত বৃদ্ধি

ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯

ভাৰতত কৰোনা ভাইৰাছৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ লগতে যোৱা ২৪ ঘন্টাত দেশত ৫১১ জন নতুনকৈ Covid-19 আক্ৰান্ত হৈছে। আনহাতে ২৪ ঘন্টাত ৭ জন লোকৰ মৃত্যু হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি,বহু ৰাজ্যত সক্ৰিয় ৰোগী (Covid-19 Active Case) দ্ৰুতগতিত বৃদ্ধি পাইছে, য’ত কেৰালা শীৰ্ষত আছে।

ইয়াৰ পিছত মহাৰাষ্ট্ৰ আৰু দিল্লীৰ নাম আছে।ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত উত্তেজনাও বৃদ্ধি পাইছে।

অৱশ্যে স্বাস্থ্য বিভাগে দাবী কৰিছে যে যিকোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সম্পূৰ্ণ সাজু আৰু স্বাস্থ্য ব্যৱস্থা সম্পূৰ্ণৰূপে অভাৰহ’ল কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ শেহতীয়া তথ্য অনুসৰি, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৭১০ জন।কৰোনা ভাইৰাছৰ সক্ৰিয় ৰোগীৰ সংখ্যা সৰ্বাধিক আছে কেৰালাত, য’ত ১১৪৭ জন ৰোগী চিকিৎসাধীন হৈ আছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত বহু ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।যোৱা ২৪ ঘন্টাত সমগ্ৰ দেশত Covid-19ৰ বাবে ৭ জন লোকৰ মৃত্যু হৈছে।

ৰাজধানী দিল্লীত শনিবাৰে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ প্ৰথমজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।কৰোনাক লৈ মানুহৰ মাজত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশ।

লগতে পঢ়ক: ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ; ভৰি চুই ললে আশীৰ্বাদ

শেহতীয়া প্ৰৱন্ধসমূহ