ভূ-স্বৰ্গত প্ৰকৃতিৰ তাণ্ডৱ, ভয়ংকৰ ভূমিস্খলনত পোত গ’ল অসংখ্য বাহন

ভূ-স্বৰ্গত প্ৰকৃতিৰ তাণ্ডৱ, ভয়ংকৰ ভূমিস্খলনৰ পিছত হাহাকাৰ

নিৰ্মীয়মাণ ৫৪০ মেগাৱাট ক্ষমতা সম্পন্ন কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ সমীপত আজি এক বৃহৎ ভূমিস্খলন সংঘটিত হয় জম্মু আৰু কাশ্মীৰত প্ৰবল বৃষ্টিপাতে সৃষ্টি কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ । ৰাজ্যখনৰ কিশ্তৱাৰ জিলাৰ নিৰ্মীয়মাণ ৫৪০ মেগাৱাট ক্ষমতা সম্পন্ন কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ সমীপত আজি এক বৃহৎ ভূমিস্খলন সংঘটিত হয় ।

নিৰ্মীয়মাণ ৫৪০ মেগাৱাট ক্ষমতা সম্পন্ন কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ সমীপত আজি এক বৃহৎ ভূমিস্খলন সংঘটিত হয়

জম্মু আৰু কাশ্মীৰত প্ৰবল বৃষ্টিপাতে সৃষ্টি কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ । ৰাজ্যখনৰ কিশ্তৱাৰ জিলাৰ নিৰ্মীয়মাণ ৫৪০ মেগাৱাট ক্ষমতা সম্পন্ন কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ সমীপত আজি এক বৃহৎ ভূমিস্খলন সংঘটিত হয় । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত অঞ্চলটোত থকা কেইবাখনো বাহন ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে আৰু ব্যাপক ক্ষতিসাধন হয় ।

বোকা-মাটিৰ তলত আৱদ্ধ বাহন: চলিছে উদ্ধাৰ অভিযান

জানিব পৰা মতে প্ৰবল বৃষ্টিপাতৰ বাবে অহা বোকা-মাটিৰ খহনীয়াৰ তলত বহু বাহন আৱদ্ধ হৈ পৰিছে । ইয়াৰে বহুখন বাহন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

ক্ষতিগ্ৰস্ত বাহনসমূহ উদ্ধাৰ কৰিবলৈ আৰু অঞ্চলটোলৈ যাতায়াত ব্যৱস্থা পুনৰ স্বাভাৱিক কৰি তুলিবলৈ উদ্ধাৰকাৰী দল আৰু গধুৰ যন্ত্ৰ-পাতি ততালিকে কামত লগোৱা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে ।

ডোডো জিলাত আকস্মিক বান

কেৱল কিশ্তৱাৰেই নহয়, ইফালে ডোডো জিলাৰ কিছু অংশতো ফ্লেছ ফ্লাড অৰ্থাৎ আকস্মিক বানে তীব্ৰ ত্ৰাসৰ সৃষ্টি কৰিছে । হঠাতে অহা এই বানে অঞ্চলটোৰ স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত কৰি তুলিছে আৰু কেইবাটাও স্থানত সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিছে । অৱশ্যে, বৰ্তমানলৈকে কোনো লোকক্ষতি বা প্ৰাণহানিৰ খবৰ অহা নাই বুলি বাতৰিত প্ৰকাশ পাইছে ।

কোৱাৰ জলবিদ্যুৎ প্ৰকল্প সুৰক্ষিত: কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিং

এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি পৰিস্থিতিৰ বিষয়ে অৱগত কৰে । তেওঁ কয় যে কিশ্তৱাৰৰ নিৰ্মীয়মাণ কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ চৌহদত আকস্মিক বানৰ পানী সোমাই পৰাৰ খবৰ পোৱাৰ পিছতে তেওঁ ডিভিজনেল কমিছনাৰ ৰমেশ কুমাৰৰ সৈতে কথা পাতিছে ।

মন্ত্ৰীগৰাকীয়ে দেশবাসীক আশ্বস্ত কৰি পুনৰ কয়, “ভাগ্যবশতঃ কোনো জীৱন বা সম্পত্তিৰ ক্ষতি হোৱা নাই । প্ৰকল্পৰ সৈতে জড়িত কিছুমান গধুৰ যন্ত্ৰ-পাতিও কোনো ক্ষতি নোহোৱাকৈ নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে ।” সামগ্ৰিকভাৱে, নিৰ্মীয়মাণ জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰতিটো অংশ বৰ্তমান সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে ।

লগতে পঢ়ক : বেয়া বতৰৰ বাবে ব্যাহত দিল্লী-মুম্বাইৰ বিমান সেৱা