ভূ-স্বৰ্গত প্ৰকৃতিৰ তাণ্ডৱ, ভয়ংকৰ ভূমিস্খলনৰ পিছত হাহাকাৰ

নিৰ্মীয়মাণ ৫৪০ মেগাৱাট ক্ষমতা সম্পন্ন কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ সমীপত আজি এক বৃহৎ ভূমিস্খলন সংঘটিত হয়

জম্মু আৰু কাশ্মীৰত প্ৰবল বৃষ্টিপাতে সৃষ্টি কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ । ৰাজ্যখনৰ কিশ্তৱাৰ জিলাৰ নিৰ্মীয়মাণ ৫৪০ মেগাৱাট ক্ষমতা সম্পন্ন কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ সমীপত আজি এক বৃহৎ ভূমিস্খলন সংঘটিত হয় । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত অঞ্চলটোত থকা কেইবাখনো বাহন ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে আৰু ব্যাপক ক্ষতিসাধন হয় ।

বোকা-মাটিৰ তলত আৱদ্ধ বাহন: চলিছে উদ্ধাৰ অভিযান

জানিব পৰা মতে প্ৰবল বৃষ্টিপাতৰ বাবে অহা বোকা-মাটিৰ খহনীয়াৰ তলত বহু বাহন আৱদ্ধ হৈ পৰিছে । ইয়াৰে বহুখন বাহন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

ক্ষতিগ্ৰস্ত বাহনসমূহ উদ্ধাৰ কৰিবলৈ আৰু অঞ্চলটোলৈ যাতায়াত ব্যৱস্থা পুনৰ স্বাভাৱিক কৰি তুলিবলৈ উদ্ধাৰকাৰী দল আৰু গধুৰ যন্ত্ৰ-পাতি ততালিকে কামত লগোৱা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে ।

ডোডো জিলাত আকস্মিক বান

কেৱল কিশ্তৱাৰেই নহয়, ইফালে ডোডো জিলাৰ কিছু অংশতো ফ্লেছ ফ্লাড অৰ্থাৎ আকস্মিক বানে তীব্ৰ ত্ৰাসৰ সৃষ্টি কৰিছে । হঠাতে অহা এই বানে অঞ্চলটোৰ স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত কৰি তুলিছে আৰু কেইবাটাও স্থানত সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিছে । অৱশ্যে, বৰ্তমানলৈকে কোনো লোকক্ষতি বা প্ৰাণহানিৰ খবৰ অহা নাই বুলি বাতৰিত প্ৰকাশ পাইছে ।

কোৱাৰ জলবিদ্যুৎ প্ৰকল্প সুৰক্ষিত: কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিং

এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি পৰিস্থিতিৰ বিষয়ে অৱগত কৰে । তেওঁ কয় যে কিশ্তৱাৰৰ নিৰ্মীয়মাণ কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ চৌহদত আকস্মিক বানৰ পানী সোমাই পৰাৰ খবৰ পোৱাৰ পিছতে তেওঁ ডিভিজনেল কমিছনাৰ ৰমেশ কুমাৰৰ সৈতে কথা পাতিছে ।

মন্ত্ৰীগৰাকীয়ে দেশবাসীক আশ্বস্ত কৰি পুনৰ কয়, “ভাগ্যবশতঃ কোনো জীৱন বা সম্পত্তিৰ ক্ষতি হোৱা নাই । প্ৰকল্পৰ সৈতে জড়িত কিছুমান গধুৰ যন্ত্ৰ-পাতিও কোনো ক্ষতি নোহোৱাকৈ নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে ।” সামগ্ৰিকভাৱে, নিৰ্মীয়মাণ জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰতিটো অংশ বৰ্তমান সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে ।

লগতে পঢ়ক : বেয়া বতৰৰ বাবে ব্যাহত দিল্লী-মুম্বাইৰ বিমান সেৱা

জম্মু-কাশ্মীৰ আমাৰ আছিল আৰু সদায় থাকিবঃ ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ ককৰ্থনা ভাৰতৰ

জম্মু-কাশ্মীৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ ককৰ্থনা ভাৰতৰ । ভাৰতে কয় যে, জম্মু আৰু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংগ আছিল, আছে আৰু সদায় হৈ থাকিব ।

ৰাষ্ট্ৰসংঘত পাকিস্তান আৰু ‘অৰ্গেনাইজেশ্যন অব্ ইছলামিক ক’পাৰেশ্যন’-এ জম্মু আৰু কাশ্মীৰ সন্দৰ্ভত উত্থাপন কৰা সকলো অভিযোগ আৰু মন্তব্যক তীব্ৰ ভাষাৰে প্ৰত্যাখ্যান কৰিছে ভাৰতে । জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদ-ৰ ৬২ সংখ্যক অধিৱেশনত ভাৰতে স্পষ্ট কৰি দিয়ে যে জম্মু আৰু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংগ আছিল, আছে আৰু সদায় হৈ থাকিব ।

পাকিস্তানৰ ব্যৰ্থতা লুকুৱাবলৈ অপপ্ৰচাৰ : অনুপমা সিং

অধিৱেশনত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব অনুপমা সিঙে ভাৰতৰ ‘উত্তৰ দিয়াৰ অধিকাৰ’ প্ৰয়োগ কৰে । তেওঁ পাকিস্তানক চোকা সমালোচনা কৰি কয় যে নিজৰ ঘৰুৱা প্ৰত্যাহ্বান আৰু সন্ত্ৰাসবাদলৈ আগবঢ়াই অহা ধাৰাবাহিক সমৰ্থনৰ পৰা বিশ্ববাসীৰ দৃষ্টি আঁতৰাবলৈহে পাকিস্তানে এনে ভিত্তিহীন আৰু কুৎসিত অপপ্ৰচাৰ চলাইছে ।

সিঙে কয়- “পাকিস্তানে কৰা ভিত্তিহীন অভিযোগ আৰু OIC-এ জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা উল্লেখক আমি স্পষ্টভাৱে প্ৰত্যাখ্যান কৰিছোঁ । পাকিস্তানৰ অপপ্ৰচাৰ হৈছে কেৱল নিজৰ ঘৰুৱা ব্যৰ্থতা লুকুওৱাৰ এক কৌশল । OIC-ৰ সমন্বয়কৰ ভূমিকাৰ অপব্যৱহাৰে তেওঁলোকৰ এই প্ৰতাৰণাক অধিক স্পষ্ট কৰি তুলিছে ।”

ভাৰতৰ স্থিতি পুনৰ দোহাৰি প্ৰথম সচিবগৰাকীয়ে কয় যে কাশ্মীৰক লৈ এতিয়া কোনো নতুন বিতৰ্ক নাই । বৰঞ্চ একমাত্ৰ অমীমাংসিত বিষয়টো হৈছে ভাৰতীয় ভূখণ্ডৰ ওপৰত পাকিস্তানৰ অবৈধ দখলদাৰী আৰু সেই মাটি ভাৰতক ঘূৰাই দিয়া । পাকিস্তানে পাকিস্তান-অধিকৃত জম্মু আৰু কাশ্মীৰ-ৰ শেহতীয়া উত্তপ্ত পৰিস্থিতিৰ পৰা দৃষ্টি ডাইভাৰ্ট কৰিবলৈহে ৰাষ্ট্ৰসংঘত এই প্ৰসংগ টানি আনিছে বুলি তেওঁ উল্লেখ কৰে ।

ইফালে যোৱা কেইসপ্তাহমানৰ পৰা পাকিস্তান-অধিকৃত কাশ্মীৰৰ ৰাৱালাকোটত তীব্ৰ প্ৰতিবাদ আৰু অশান্তি বৃদ্ধি পাইছে । তাৰেই পৰিপ্ৰেক্ষিতত তাত চলি থকা সামৰিক দমন নীতিকো সমালোচনা কৰে তেওঁ ।

লগতে পঢ়ক : ‘সন্ত্ৰাসবাদ আৰু সহযোগিতা একেলগে চলিব নোৱাৰে’; ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

“কোনো অধিকাৰ নাই, মনে মনে থাকক!”- কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ সুৰত সুৰ মিলোৱা ইউৰোপীয় ইউনিয়নক ভাৰতৰ তীব্ৰ সকীয়নি

বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ

পাকিস্তান আৰু ইউৰোপীয় ইউনিয়নৰ (EU) যুটীয়া বিবৃতিত জম্মু-কাশ্মীৰৰ উল্লেখ থকাৰ পিছতে ভাৰতে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে । বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ । গতিকে যিসকলৰ এই বিষয়টোৰ সৈতে কোনো সম্পৰ্ক নাই, তেওঁলোকৰ ইয়াত মন্তব্য কৰাৰ কোনো অধিকাৰ নাই ।

কেৱল এয়াই নহয়, নেপালৰ সৈতে সীমা বিবাদ, ভেনিজুৱেলাৰ উচ্চস্তৰীয় ভ্ৰমণ আৰু আমেৰিকাৰ পৰা ভাৰতীয়সকলক দেপোৰ্ট (বহিষ্কাৰ) কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো ভাৰতে নিজৰ স্থিতি অতি স্পষ্ট আৰু কঠোৰ ৰূপত ডাঙি ধৰিছে ।

জম্মু-কাশ্মীৰক লৈ EU আৰু পাকিস্তানক সকীয়নি-

পাকিস্তান আৰু ইউৰোপীয় ইউনিয়নৰ (EU) যুটীয়া বিবৃতিত জম্মু-কাশ্মীৰৰ অযথা উল্লেখক ভাৰতে তীব্ৰ ভাষাৰে গৰিহণা দিছে । বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংগ । যিসকলৰ এই বিষয়ত কোনো অধিকাৰ বা বৈধ ভিত্তি নাই, তেওঁলোকক ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়া হৈছে । কাশ্মীৰ বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ ভাৰতে কেতিয়াও গ্ৰহণ নকৰে বুলিও মুখপাত্ৰগৰাকীয়ে কয় ।

ভাৰত-নেপাল সীমা বিবাদ: ৯৮% সমাধান-

নেপালৰ সৈতে চলি থকা সীমা বিবাদৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে জনায় যে দুয়োখন দেশৰ মাজৰ প্ৰায় ৯৮ শতাংশ সীমান্ত ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে । গণ্ডক নদীৰ গতিপথ সলনি হোৱাৰ বাবে বাকী থকা কিছু অংশৰ সমাধানৰ বাবে দ্বিপাক্ষিক ব্যৱস্থাৰ অধীনত কাম চলি আছে । লগতে, ‘ন’ মেনছ লেণ্ড’ (No Man’s Land) বেদখল ৰোধ কৰিবলৈ যুটীয়া মেপিং কৰা হৈছে । এই ক্ষেত্ৰতো ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰত-নেপালৰ এই দ্বিপাক্ষিক বিষয়ত কোনো তৃতীয় পক্ষৰ ভূমিকা গ্ৰহণ কৰা নহ’ব ।

ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতিৰ গুৰুত্বপূৰ্ণ ভাৰত ভ্ৰমণ-

ভাৰত আৰু ভেনিজুৱেলাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ উদ্দেশ্যে দেশখনৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে অহা ৩ জুনৰ পৰা ৭ জুনলৈ ভাৰত ভ্ৰমণ কৰিব । তেওঁৰ সৈতে এক উচ্চস্তৰীয় মন্ত্ৰীৰ দলো ভাৰত পাবহি । এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ সৈতে শক্তি, বাণিজ্য, বিনিয়োগ, ফাৰ্মাচিউটিকেলচ, স্বাস্থ্য আৰু নৱীকৰণযোগ্য শক্তি খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা কৰা হ’ব ।

বহিষ্কাৰক লৈ ভাৰতৰ স্থিতি স্পষ্ট-

আমেৰিকাৰ পৰা ভাৰতীয় ট্ৰাক চালকসকলক বহিষ্কাৰ (Deport) কৰাৰ বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে অবৈধ প্ৰব্ৰজনক কেতিয়াও সমৰ্থন নকৰে । ভাৰতে সদায় আইনী প্ৰব্ৰজনকহে উদগনি দিয়ে । আমেৰিকাৰ সৈতে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা কৰা হৈছে আৰু তদন্তৰ অন্তত নাগৰিকত্ব প্ৰমাণিত হ’লে বহিষ্কৃত লোকসকলক ওভতাই অনাৰ প্ৰক্ৰিয়া আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি কৰা হ’ব ।

লগতে পঢ়ক : মাউণ্ট ৰাছম’ৰত নিজৰ মুখমণ্ডল! ট্ৰুথ ছ’চিয়েলত ডিজিটেল ছবি শ্বেয়াৰ কৰি চৰ্চাত ড’নাল্ড ট্ৰাম্প

জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা; পথৰ পৰা বাগৰি পৰিল যাত্ৰীবাহী বাছ

জম্মু-কাশ্মীৰৰ উধামপুৰত পুৱাই দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাটোৰ ফলত ১২ গৰাকীকৈ যাত্ৰী নিহত হৈছে।

জম্মু-কাশ্মীৰৰ উধামপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।উধমপুৰৰ ৰামনগৰৰ কাগোট অঞ্চলত এখন যাত্ৰীবাহী বাছ পথৰ পৰা বাগৰি পৰে।এই মৰ্মান্তিক দুৰ্ঘটনাটোত ১২ জন লোকৰ মৃত্যু হৈছে।দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান অব্যাহত আছে,য’ত আৰক্ষী, প্ৰশাসন, আৰু স্থানীয় বাসিন্দাসকলে সহায় আগবঢ়াইছে। ইফালে আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ মতে, বাছখন ৰামনগৰৰ পৰা উধামপুৰলৈ গৈ আছিল,তেতিয়াই হঠাতে তীব্ৰ বেগত অহা বাছখনে জালো অঞ্চলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে।  

এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।ইফালে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক: দেৰগাঁৱত ভয়াৱহ দুৰ্ঘটনা; অচিনাক্ত বাহনৰ খুন্দাত নিহত প্ৰধান শিক্ষক

‘জম্মু-কাশ্মীৰ আমাৰ আছিল, আছে আৰু থাকিব…’, ৰাষ্ট্ৰসংঘত পাকিস্তানক ভাৰতৰ কঠোৰ প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘত পাকিস্তানক কোঠোৰ প্ৰত্যুত্তৰ ভাৰতৰ । জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ আৰু সদায় হৈ থাকিব বুলি কয় ভাৰতে । লগতে ভাৰতে পাকিস্তানক বিশ্ব সন্ত্ৰাসবাদৰ কেন্দ্ৰ বুলিও অভিহিত কৰে ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত “শান্তিৰ বাবে নেতৃত্ব” বিষয়ক মুকলি বিতৰ্কৰ সময়ত ভাৰতে পাকিস্তানক কঠোৰ প্ৰত্যুত্তৰ দিয়ে । ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত হৰিশ পিয়ে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ আৰু সদায় হৈ থাকিব । তেওঁ সন্ত্ৰাসবাদৰ বিষয়ত কোনো ধৰণৰ আপোচ নাকচ কৰি পাকিস্তানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

জম্মু-কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ-

পাকিস্তানী প্ৰতিনিধিৰ বক্তব্যৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰদূত হৰিশ পিয়ে উল্লেখ কৰে যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অবিভাজ্য অংগ । তেওঁ কয়, “জম্মু-কাশ্মীৰ, লাডাখ আগতেও ভাৰতৰ অংশ আছিল, আজিও ভাৰতৰ অংশ আৰু সদায়ে ভাৰতৰ অংশ হৈ থাকিব ।” ভাৰতে স্পষ্ট কৰি দিয়ে যে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বিষয়টো বাৰে বাৰে উত্থাপন কৰাটোৱে ভাৰত বিৰোধী স্থিতিৰ প্ৰতিফলন ঘটায় ।

পাকিস্তানে ভাৰতৰ ক্ষতি কৰাৰ অভিযোগ-

ভাৰতে উল্লেখ কৰে যে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হোৱাৰ পিছতো পাকিস্তানে ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ ক্ষতিৰ বাবে প্ৰতিটো মঞ্চ ব্যৱহাৰ কৰি আছে । ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ প্ৰতিটো মঞ্চৰ অপব্যৱহাৰ কৰি নিজৰ বিভাজনকাৰী ৰাজনীতি আগুৱাই নিয়াৰ এখন দেশে নিজৰ দায়িত্ব আৰু বাধ্যবাধকতা পালন কৰিব বুলি আশা কৰিব নোৱাৰি ।

সিন্ধু জল সন্ধি সন্দৰ্ভত ভাৰতৰ স্থিতি-

ভাৰতে ৬৫ বছৰ পূৰ্বে সদিচ্ছা আৰু বন্ধুত্বৰ মনোভাৱেৰে সিন্ধু জল সন্ধি গ্ৰহণ কৰিছিল যদিও পাকিস্তানে তিনিখন যুদ্ধ চলাই ভাৰতৰ বিৰুদ্ধে হাজাৰ হাজাৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল । ভাৰতে উল্লেখ কৰে যে পাকিস্তানে দশক দশক ধৰি এই সন্ধিৰ মনোভাৱ উলংঘা কৰি আহিছে ।

সন্ত্ৰাসবাদৰ আঁৰত পাকিস্তানৰ হাত-

ভাৰতে উল্লেখ কৰে যে বিগত চাৰিটা দশকত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদে হাজাৰ হাজাৰ ভাৰতীয়ৰ প্ৰাণ কাঢ়ি লৈছে । শেহতীয়া উদাহৰণ হ’ল ২০২৫ চনৰ এপ্ৰিল মাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ, য’ত ধৰ্মৰ ভিত্তিত ২৬ জন নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰা হৈছিল । ভাৰতে পাকিস্তানক বিশ্ব সন্ত্ৰাসবাদৰ কেন্দ্ৰ বুলি অভিহিত কৰে ।

সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কাৰণ-

ভাৰতে স্পষ্ট কৰি দিয়ে যে এই পৰিস্থিতিৰ পোহৰত পাকিস্তানে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদ আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদী সমৰ্থন বিশ্বাসযোগ্যভাৱে আৰু স্থায়ীভাৱে নিৰ্মূল নকৰালৈকে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।

পাকিস্তানৰ আভ্যন্তৰীণ ৰাজনীতিৰ ওপৰত প্ৰশ্ন-

ৰাষ্ট্ৰদূত হৰিশ পিয়ে পাকিস্তানৰ গণতান্ত্ৰিক ৰাষ্ট্ৰক লৈয়ো প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে পাকিস্তানত প্ৰধানমন্ত্ৰীক কাৰাগাৰত ভৰোৱা হয়, শাসকীয় ৰাজনৈতিক দলটোক নিষিদ্ধ কৰা হয় আৰু সামৰিক বাহিনীয়ে সাংবিধানিক সংশোধনীৰ জৰিয়তে ক্ষমতা দখল কৰে যিয়ে আনকি সামৰিক প্ৰধানজনক আজীৱন সুৰক্ষাও প্ৰদান কৰে । ভাৰতে অৱশেষত উল্লেখ কৰে যে পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ সৈতে সম্পূৰ্ণ শক্তিৰে প্ৰতিহত কৰিব । ভাৰতে পুনৰ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিষয়ত ভাৰতৰ স্থিতি দৃঢ় হৈ থাকিব ।

লগতে পঢ়ক : জৰ্ডানৰ সৈতে ৫খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ, আজি ইথিওপিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

জম্মু-কাশ্মীৰৰ কুপৱাৰাত সেনাবাহিনীৰ বৃহৎ সফলতা; দুটাকৈ সন্ত্ৰাসবাদী নিধন

জম্মু-কাশ্মীৰৰ কুপৱাৰাত সেনাবাহিনীৰ বৃহৎ সফলতা

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সফলতা লাভ কৰিছে । কুপৱাৰা ছেক্টৰত অনুপ্ৰৱেশ বিৰোধী অভিযানৰ সময়ত সেনাই দুটা সন্ত্ৰাসবাদীক হত্যা কৰে । মঙলবাৰে পুৱাৰ ভাগত কুপৱাৰা জিলাত সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত এক সংঘৰ্ষ সংঘটিত হয় । খবৰ অনুসৰি, মাছিল খণ্ডত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা সেনাই বিফল কৰে । LoCৰ সমীপত সেনাই সন্দেহজনক কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিছিল । ইয়াৰ পিছতে অঞ্চলটোত তীব্ৰ অভিযান আৰম্ভ কৰা হয় ।

পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ বাবে অহৰহ সতৰ্ক হৈ থাকে । বিশেষকৈ শীতকালত তুষাৰপাত তীব্ৰতৰ হোৱাৰ আগতেই পাকিস্তানী সেনা আৰু চোৰাংচোৱা সংস্থাই সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা কৰে যদিও সজাগ নিৰাপত্তা বাহিনীয়ে ইয়াৰ উপযুক্ত উত্তৰ দিয়ে । কুপৱাৰাতো সেনাই একেধৰণৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে ।

এতিয়াও নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তালাচী অভিযান চলাই আছে যাতে বাকী থকা সন্ত্ৰাসবাদীক বিচাৰি উলিয়াব পাৰে । সেনাই কয় যে সীমা অতিক্ৰম কৰি অনুপ্ৰৱেশৰ এই প্ৰচেষ্টা পাকিস্তানে যুদ্ধবিৰতি আৰু অধিক সন্ত্ৰাসবাদী কাৰ্যকলাপ উলংঘা কৰাৰ প্ৰয়াস হ’ব পাৰে ।

জানিব পৰা মতে, পুৱাৰ ভাগত সীমান্তৰ বেৰৰ সমীপত সন্দেহজনক কাৰ্যকলাপ লক্ষ্য কৰে সেনাবাহিনীয়ে । লগে লগে নিৰাপত্তা বাহিনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অঞ্চলটো ঘেৰাও কৰে । সেই সময়ত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে আৰু সেনাবাহিনীৰ দলটোৱে ইয়াৰ প্ৰত্যুত্তৰ দিয়াত দুয়োটা সন্ত্ৰাসবাদী নিহত হয় ।

লগতে পঢ়ক : শোকাৱহ পথ দুৰ্ঘটনা; দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, ৪২ জনৰ মৃত্যু

দুদিনৰ বাবে বন্ধ দেশৰ কেইবাখনো ৰাজ্যৰ বিদ্যালয়; চৰকাৰে দিলে নিৰ্দেশনা

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আজি আৰু কাইলৈ ​​জম্মু-কাশ্মীৰৰ সকলো বিদ্যালয় বন্ধ থাকিব।

জম্মু-কাশ্মীৰৰ শিক্ষামন্ত্ৰী ছাকিনা ইটুৱে কৈছিল যে সতৰ্কতামূলক ব্যৱস্থা হিচাপে জম্মু-কাশ্মীৰৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় ৯ আৰু ১০ মে’ত বন্ধ থাকিব।

একে সময়তে পঞ্জাৱ চৰকাৰে তিনিদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিছে। পঞ্জাৱ আৰু হাৰিয়ানাৰ অংশীদাৰী ৰাজধানী চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলত শনিবাৰলৈকে সকলো বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে কৰ্তৃপক্ষই।

ইয়াৰ উপৰিও পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল কৰা হৈছে। সংশোধিত তাৰিখসমূহ সময়ত ঘোষণা কৰা হ’ব।বিষয়াসকলৰ মতে, হাৰিয়ানাৰ পঞ্চকুলাৰ সকলো শিক্ষানুষ্ঠান শুকুৰবাৰ আৰু শনিবাৰে বন্ধ থাকিব।

ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা শ্ৰীগংগনগৰ, বিকানেৰ, যোধপুৰ, জয়ছলমেৰ আৰু বৰমেৰৰ সকলো চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয় বন্ধ।লগতে যোধপুৰৰ সকলো মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

তদুপৰি কৰ্তৃপক্ষই বিকানেৰ, আজমেৰৰ কিশনগড় আৰু যোধপুৰ বিমানবন্দৰত ১০ মে’লৈকে বিমান সেৱা বন্ধ কৰি দিছে।পশ্চিম ৰাজস্থানত জাৰি কৰা হাই এলাৰ্টৰ পৰিপ্ৰেক্ষিতত এই বন্ধসমূহ দিয়া হৈছে।  

জম্মু-কাশ্মীৰত হাই-এলাৰ্ট; সেনাৰ অভিযানত উদ্ধাৰ ৫ টাকৈ IED

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান ধ্বংস কৰিছে।জিলাখনৰ সুৰংকোট ছেক্টৰৰ হৰি মাৰোতে গাঁৱত এই সন্ত্ৰাসবাদী আত্মগোপন স্থানটো আৱিষ্কাৰ কৰে নিৰাপত্তা বাহিনীয়ে।

দেওবাৰে গভীৰ নিশা সেনা, আৰক্ষী আৰু এছ অ’ জিকে ধৰি নিৰাপত্তা বাহিনীৰ যৌথ তালাচী অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ এই আত্মগোপন স্থানৰ বিষয়ে জানিব পাৰে, য’ৰ পৰা উদ্ধাৰ হয় পাঁচটা আই ই ডি, বেতাঁৰ চেট আৰু কিছু কাপোৰ।

ভাৰতীয় সেনাবাহিনীৰ নেশ্যনেল ৰাইফলছ (আৰ আৰ), পেৰা কমাণ্ডো ইউনিট আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথভাৱে চলোৱা এক অনুসন্ধান অভিযানত পাকিস্তানী সন্ত্ৰাসবাদীৰ এটা অত্যাধুনিক ‘শিয়ালৰ গাঁত’ ধ্বংস কৰে, য’ৰ পৰা ৩০ এপ্ৰিলত গুলীচালনা সংঘটিত হৈছিল।

এই ‘শিয়ালৰ গাঁত’ৰ গঠন আৰু ইয়াত লুকাই থকা সম্পদে আনকি নিৰাপত্তা সংস্থাকো স্তম্ভিত কৰি তুলিছিল।প্ৰায় ছয় ফুট দ আৰু আঠ ফুট বহল এই মাটিৰ তলৰ গাঁতটোত সন্ত্ৰাসবাদীয়ে দীৰ্ঘদিনীয়া আত্মগোপনৰ ব্যৱস্থা কৰিছিল।ইয়াত লুকাই আছিল গেছ চিলিণ্ডাৰ, সৌৰ লাইট, অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।

৭০০ ফুট দ খাৱৈত পৰিল সেনাবাহিনী বাহন; শ্বহীদ তিনি জোৱান

জম্মু-কাশ্মীৰৰ ৰামবন জিলাত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।নিয়ন্ত্ৰণ হেৰুৱাই ৭০০ ফুট দ’ খাৱৈত পৰিল সেনাবাহিনীৰ এখন বাহন। এই শোকাৱহ ঘটনাটোত ৩ গৰাকী জোৱান শ্বহীদ হয়।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ৰ বেটাৰী চাছমাৰ সমীপত পুৱা ১১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱা কনভয়ৰ অংশ আছিল এই সেনাবাহিনীৰ ট্ৰাকখন।

দুৰ্ঘটনাটোৰ পিছতেই এছডিআৰএফ, আৰক্ষী, সেনা আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে যৌথভাৱে উদ্ধাৰ অভিযান চলায়।

দুৰ্ঘটনাটোত গাড়ীখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। শ্বহীদ জোৱানসকলক অমিত কুমাৰ, সুজিত কুমাৰ আৰু মন বাহাদুৰ বুলি জানিব পৰা গৈছে।

জোৱানসকলৰ ত্যাগক লৈ সেনা আৰু প্ৰশাসন দুয়োটাই শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।