জম্মু-কাশ্মীৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ ককৰ্থনা ভাৰতৰ । ভাৰতে কয় যে, জম্মু আৰু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংগ আছিল, আছে আৰু সদায় হৈ থাকিব ।
ৰাষ্ট্ৰসংঘত পাকিস্তান আৰু ‘অৰ্গেনাইজেশ্যন অব্ ইছলামিক ক’পাৰেশ্যন’-এ জম্মু আৰু কাশ্মীৰ সন্দৰ্ভত উত্থাপন কৰা সকলো অভিযোগ আৰু মন্তব্যক তীব্ৰ ভাষাৰে প্ৰত্যাখ্যান কৰিছে ভাৰতে । জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদ-ৰ ৬২ সংখ্যক অধিৱেশনত ভাৰতে স্পষ্ট কৰি দিয়ে যে জম্মু আৰু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংগ আছিল, আছে আৰু সদায় হৈ থাকিব ।
পাকিস্তানৰ ব্যৰ্থতা লুকুৱাবলৈ অপপ্ৰচাৰ : অনুপমা সিং
অধিৱেশনত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব অনুপমা সিঙে ভাৰতৰ ‘উত্তৰ দিয়াৰ অধিকাৰ’ প্ৰয়োগ কৰে । তেওঁ পাকিস্তানক চোকা সমালোচনা কৰি কয় যে নিজৰ ঘৰুৱা প্ৰত্যাহ্বান আৰু সন্ত্ৰাসবাদলৈ আগবঢ়াই অহা ধাৰাবাহিক সমৰ্থনৰ পৰা বিশ্ববাসীৰ দৃষ্টি আঁতৰাবলৈহে পাকিস্তানে এনে ভিত্তিহীন আৰু কুৎসিত অপপ্ৰচাৰ চলাইছে ।
সিঙে কয়- “পাকিস্তানে কৰা ভিত্তিহীন অভিযোগ আৰু OIC-এ জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা উল্লেখক আমি স্পষ্টভাৱে প্ৰত্যাখ্যান কৰিছোঁ । পাকিস্তানৰ অপপ্ৰচাৰ হৈছে কেৱল নিজৰ ঘৰুৱা ব্যৰ্থতা লুকুওৱাৰ এক কৌশল । OIC-ৰ সমন্বয়কৰ ভূমিকাৰ অপব্যৱহাৰে তেওঁলোকৰ এই প্ৰতাৰণাক অধিক স্পষ্ট কৰি তুলিছে ।”
ভাৰতৰ স্থিতি পুনৰ দোহাৰি প্ৰথম সচিবগৰাকীয়ে কয় যে কাশ্মীৰক লৈ এতিয়া কোনো নতুন বিতৰ্ক নাই । বৰঞ্চ একমাত্ৰ অমীমাংসিত বিষয়টো হৈছে ভাৰতীয় ভূখণ্ডৰ ওপৰত পাকিস্তানৰ অবৈধ দখলদাৰী আৰু সেই মাটি ভাৰতক ঘূৰাই দিয়া । পাকিস্তানে পাকিস্তান-অধিকৃত জম্মু আৰু কাশ্মীৰ-ৰ শেহতীয়া উত্তপ্ত পৰিস্থিতিৰ পৰা দৃষ্টি ডাইভাৰ্ট কৰিবলৈহে ৰাষ্ট্ৰসংঘত এই প্ৰসংগ টানি আনিছে বুলি তেওঁ উল্লেখ কৰে ।
ইফালে যোৱা কেইসপ্তাহমানৰ পৰা পাকিস্তান-অধিকৃত কাশ্মীৰৰ ৰাৱালাকোটত তীব্ৰ প্ৰতিবাদ আৰু অশান্তি বৃদ্ধি পাইছে । তাৰেই পৰিপ্ৰেক্ষিতত তাত চলি থকা সামৰিক দমন নীতিকো সমালোচনা কৰে তেওঁ ।
লগতে পঢ়ক : ‘সন্ত্ৰাসবাদ আৰু সহযোগিতা একেলগে চলিব নোৱাৰে’; ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ









