ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনি ভাতৃৰ কৰুণ মৃত্যু

ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনি ভাতৃৰ কৰুণ মৃত্যু

ৰঙিয়াত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় যুৱক তিনিজনৰ ৰঙিয়াত সংঘটিত হৈছে ৰাজ্য কঁপোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনিজন যুৱকৰ কৰুণ মৃত্যু হৈছে । ৰঙিয়াৰ খন্দিকৰৰ তৰাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । জানিব

ৰঙিয়াত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় যুৱক তিনিজনৰ

ৰঙিয়াত সংঘটিত হৈছে ৰাজ্য কঁপোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনিজন যুৱকৰ কৰুণ মৃত্যু হৈছে । ৰঙিয়াৰ খন্দিকৰৰ তৰাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । জানিব পৰা মতে এখন সামগ্ৰী কঢ়িয়াই নিয়া ডি আই বাহনৰ সৈতে এখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ ঘটনাতো সংঘটিত হয় ।

এই কৰুণ ঘটনাত প্ৰাণ হেৰুওৱা যুৱককেইজনক মাজৰুল হুছেইন, জুবেইদ হুছেইন আৰু এজন কিশোৰ চুলতান আলী বুলি চিনাক্ত কৰা হৈছে । প্ৰাপ্ত খবৰ অনুসৰি দুৰ্ঘটনাৰ সময়ত তিনিওজন যুৱক একেখন মটৰচাইকেলতে যাত্ৰা কৰি আছিল । সামগ্ৰী কঢ়িওৱা বাহনখনে তীব্ৰ বেগত বাইকত খুন্দা মৰাৰ ফলত তিনিওগৰাকী ভাতৃৰ থিতাতে মৃত্যু হয় ।  

ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : অম্বুবাচী মেলাক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা; ভক্তৰ বাবে থাকিব বিশেষ সুবিধা

শেহতীয়া প্ৰৱন্ধসমূহ