ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনি ভাতৃৰ কৰুণ মৃত্যু

ৰঙিয়াত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় যুৱক তিনিজনৰ

ৰঙিয়াত সংঘটিত হৈছে ৰাজ্য কঁপোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনিজন যুৱকৰ কৰুণ মৃত্যু হৈছে । ৰঙিয়াৰ খন্দিকৰৰ তৰাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । জানিব পৰা মতে এখন সামগ্ৰী কঢ়িয়াই নিয়া ডি আই বাহনৰ সৈতে এখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ ঘটনাতো সংঘটিত হয় ।

এই কৰুণ ঘটনাত প্ৰাণ হেৰুওৱা যুৱককেইজনক মাজৰুল হুছেইন, জুবেইদ হুছেইন আৰু এজন কিশোৰ চুলতান আলী বুলি চিনাক্ত কৰা হৈছে । প্ৰাপ্ত খবৰ অনুসৰি দুৰ্ঘটনাৰ সময়ত তিনিওজন যুৱক একেখন মটৰচাইকেলতে যাত্ৰা কৰি আছিল । সামগ্ৰী কঢ়িওৱা বাহনখনে তীব্ৰ বেগত বাইকত খুন্দা মৰাৰ ফলত তিনিওগৰাকী ভাতৃৰ থিতাতে মৃত্যু হয় ।  

ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : অম্বুবাচী মেলাক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা; ভক্তৰ বাবে থাকিব বিশেষ সুবিধা

শোকাৱহ; পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ

৫ টা দিনৰ অন্তত অৱশেষত সন্ধান ওলাল নিৰুদিষ্ট ধৰ্মেন্দ্ৰ নাথৰ। বনভোজস্থলীৰ কাষৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ। বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ।

উল্লেখ্য যে ২৫ ডিচেম্বৰৰ পৰা সন্ধানহীন আছিল ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজন। ২৫ ডিচেম্বৰৰ দিনা খৈৰাবাৰীৰ মালধাপাৰা আশ্ৰমত বনভোজ খাবলৈ গৈছিল।

আৰু যুৱকজনে সামান্য কথাত বনভোজস্থলীত হিমাংশু কাকতি নামৰ এজন ব্যক্তিৰ সৈতে সংঘাতত লিপ্ত হৈছিল।তেতিয়াৰে পৰাই সন্ধানহীন হৈ আছিল ধৰ্মেন্দ্ৰ।

ধৰ্মেন্দ্ৰ নাথক বিচাৰি দক্ষিণ বৰদলবাসীয়ে ৰঙিয়া আৰক্ষীয় থানাৰ সন্মুখত সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। ৫ দিন ধৰি ৰঙিয়া আৰক্ষীয়ে বিভিন্ন প্ৰান্তত ধৰ্মেন্দ্ৰক বিচাৰি চলাইছিল অভিযান।

তাৰ পিছত আৰক্ষীয়ে আটক কৰিছিল হিমাংশু কাকতি আৰু অমূল্য লহকৰ নামৰ দুই অভিযুক্তক।দুই অভিযুক্তত জেৰাৰ পিছতে আজি পুৱাৰ ভাগত পুনৰ চলাইছিল অভিযান।

এই অভিযানত বনভোজস্থলীৰ কাষৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ।শীঘ্ৰেই এই ঘটনাৰ সৈতে জড়িত আটাইকেইটা অপৰাধীক গ্ৰেপ্তাৰৰ আহ্বান দক্ষিণ বৰদলবাসীৰ

দুদিন ধৰি নাই সন্ধান; বনভোজ খাবলৈ যোৱা ল’ৰাটোক বিচাৰি হাহাকাৰ পৰিয়ালৰ

ৰঙিয়া আৰক্ষী থানাৰ সমুখত উত্তপ্ত পৰিস্থিতি। ৰঙিয়া আৰক্ষী হায় হায় শ্লোগান দি উত্তাল কৰি তুলিছে ৰঙিয়াৰ ৰাজপথ।ন্যায় বিচাৰি পথ অৱৰোধ ৰঙিয়াৰ দক্ষিণ বৰদলৰ ৰাইজৰ।

উল্লেখ্য যে বনভোজথলীৰ কাজিয়াই ৰঙিয়াত চৰম পৰ্যায় পাইছেগৈ ।বনভোজথলীৰ কাজিয়াৰ কাৰণেই বুধবাৰৰ পৰা সন্ধান নাই ধৰ্মেন্দ্ৰ নাথ নামৰ ২১ বছৰীয়া যুৱক জনৰ।

যুৱকজনক সাধাৰণ কথাৰ কাৰণেই প্ৰহাৰ কৰাৰ অভিযোগ পৰিয়ালৰ লোক।লগতে এই কাজিয়াৰ বাবেই আন এজন যুৱকো আহত হৈছে।ৰঙিয়া আৰক্ষীক ইতিমধ্যে এজাহাৰ প্ৰদান কৰিছে পৰিয়ালৰ লোকে।

কিন্তু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অভিযোগ ধৰ্মেন্দ্ৰৰ আত্নীয়ৰ।জানিব পৰা মতে খৈৰাবাৰীৰ মালধাপাৰা আশ্ৰমত বনভোজ খাবলৈ গৈ এখন চাৰিচকীয়া বাহনত খুন্দা মাৰিছিল হেনো ধৰ্মেন্দ্ৰই।তাৰপিছতে দুয়োপক্ষৰ মাজত হৈছিল কাজিয়া। আৰু তেতিয়াৰে পৰাই সন্ধান নাই ধৰ্মেন্দ্ৰৰ।