দুদিন ধৰি নাই সন্ধান; বনভোজ খাবলৈ যোৱা ল’ৰাটোক বিচাৰি হাহাকাৰ পৰিয়ালৰ

ৰঙিয়া আৰক্ষী থানাৰ সমুখত উত্তপ্ত পৰিস্থিতি। ৰঙিয়া আৰক্ষী হায় হায় শ্লোগান দি উত্তাল কৰি তুলিছে ৰঙিয়াৰ ৰাজপথ।ন্যায় বিচাৰি পথ অৱৰোধ ৰঙিয়াৰ দক্ষিণ বৰদলৰ ৰাইজৰ। উল্লেখ্য যে বনভোজথলীৰ কাজিয়াই ৰঙিয়াত চৰম পৰ্যায় পাইছেগৈ ।বনভোজথলীৰ কাজিয়াৰ কাৰণেই বুধবাৰৰ পৰা সন্ধান নাই ধৰ্মেন্দ্ৰ নাথ নামৰ ২১ বছৰীয়া যুৱক

ৰঙিয়া আৰক্ষী থানাৰ সমুখত উত্তপ্ত পৰিস্থিতি। ৰঙিয়া আৰক্ষী হায় হায় শ্লোগান দি উত্তাল কৰি তুলিছে ৰঙিয়াৰ ৰাজপথ।ন্যায় বিচাৰি পথ অৱৰোধ ৰঙিয়াৰ দক্ষিণ বৰদলৰ ৰাইজৰ।

উল্লেখ্য যে বনভোজথলীৰ কাজিয়াই ৰঙিয়াত চৰম পৰ্যায় পাইছেগৈ ।বনভোজথলীৰ কাজিয়াৰ কাৰণেই বুধবাৰৰ পৰা সন্ধান নাই ধৰ্মেন্দ্ৰ নাথ নামৰ ২১ বছৰীয়া যুৱক জনৰ।

যুৱকজনক সাধাৰণ কথাৰ কাৰণেই প্ৰহাৰ কৰাৰ অভিযোগ পৰিয়ালৰ লোক।লগতে এই কাজিয়াৰ বাবেই আন এজন যুৱকো আহত হৈছে।ৰঙিয়া আৰক্ষীক ইতিমধ্যে এজাহাৰ প্ৰদান কৰিছে পৰিয়ালৰ লোকে।

কিন্তু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অভিযোগ ধৰ্মেন্দ্ৰৰ আত্নীয়ৰ।জানিব পৰা মতে খৈৰাবাৰীৰ মালধাপাৰা আশ্ৰমত বনভোজ খাবলৈ গৈ এখন চাৰিচকীয়া বাহনত খুন্দা মাৰিছিল হেনো ধৰ্মেন্দ্ৰই।তাৰপিছতে দুয়োপক্ষৰ মাজত হৈছিল কাজিয়া। আৰু তেতিয়াৰে পৰাই সন্ধান নাই ধৰ্মেন্দ্ৰৰ।

শেহতীয়া প্ৰৱন্ধসমূহ