বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ এক্সন মুডত ৰাজ্য চৰকাৰ

বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ এক্সন মুডত ৰাজ্য চৰকাৰ

বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে পুনৰ গ্ৰহণ কৰিব কঠোৰ পদক্ষেপ । বনভূমি বেদখল কৰাৰ বাবে চৰকাৰে চলাব বৃহৎ উচ্ছেদ । বেদখলকৰাৰী বিৰুদ্ধে পুনৰ এক্সন মুডত ৰাজ্য চৰকাৰ । ৰাজ্যৰ বনভূমি বেদখলমুক্ত কৰাৰ বাবে ‘দয়া নাই ক্ষমা নাই’ নীতিৰে চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে ।

বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে পুনৰ গ্ৰহণ কৰিব কঠোৰ পদক্ষেপ । বনভূমি বেদখল কৰাৰ বাবে চৰকাৰে চলাব বৃহৎ উচ্ছেদ ।

বেদখলকৰাৰী বিৰুদ্ধে পুনৰ এক্সন মুডত ৰাজ্য চৰকাৰ । ৰাজ্যৰ বনভূমি বেদখলমুক্ত কৰাৰ বাবে ‘দয়া নাই ক্ষমা নাই’ নীতিৰে চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে ।

গোৱালপাৰা জিলাৰ বনাঞ্চলসমূহৰ পৰা বেদখলকাৰীক উৎখাত কৰাৰ উদ্দেশ্যে অতি শীঘ্ৰেই এক ব্যাপক উচ্ছেদ অভিযান চলোৱা হ’ব বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । ৰাজ্যৰ বিত্ত তথা বন মন্ত্ৰীগৰাকী আজি জিলাখনত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে ।

মন্ত্ৰীগৰাকীৰ মতে, খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত কৰা, বন্যপ্ৰাণীৰ বিপন্ন বাসস্থান পুনৰুদ্ধাৰ কৰা আৰু জিলাখনত দিনক দিনে বৃদ্ধি পাই অহা মানুহ-বন্যপ্ৰাণীৰ সংঘাত চিৰদিনৰ বাবে হ্ৰাস কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য ।

গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা জয়ন্ত মল্ল বৰুৱাই আজি এক চৰকাৰী এদিনীয়া ভ্ৰমণসূচীৰে জিলাখনৰ বন বিভাগৰ বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰে । ভ্ৰমণকালত তেওঁ প্ৰথমে লক্ষীপুৰ বন সংমণ্ডলৰ অধীনৰ প্ৰস্তাৱিত নলবাৰী সংৰক্ষিত বনাঞ্চলৰ স্থিতি পৰীক্ষা কৰে । ইয়াৰ পিছতে তেওঁ লক্ষীপুৰ বিভাগৰে কেইবাটাও গুৰুতৰভাৱে বেদখলীকৃত বনাঞ্চল এলেকা সৰজমিন পৰ্যালোচনা কৰি পৰিস্থিতিৰ বুজ লয় ।

ক্ষেত্ৰভিত্তিক পৰিদৰ্শন সমাপ্ত কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী বৰুৱাই স্পষ্ট কৰি দিয়ে যে গোৱালপাৰা জিলাৰ চাৰিওটা বন সংমণ্ডলতে এই উচ্ছেদ অভিযান সমানে চলোৱা হ’ব । কোনো ধৰণৰ আপোচ নকৰাকৈ চৰকাৰে সকলো বেদখলীকৃত চৰকাৰী বনভূমি আইনগতভাৱে উদ্ধাৰ কৰিব ।

লগতে মন্ত্ৰী বৰুৱাই ঘোষণা কৰা অনুসৰি, অহা স্বাধীনতা দিৱসৰ পূৰ্বেই অসম চৰকাৰৰ বনানীকৰণ আঁচনিৰ অধীনত সমগ্ৰ ৰাজ্যজুৰি প্ৰায় এক কোটি মূল্যৱান গছপুলি ৰোপণ কৰা হ’ব ।

লগতে পঢ়ক : অসমত বানৰ ভয়াৱহ ৰূপ: ১২ খন জিলা প্লাবিত, ক্ৰমাৎ ওফন্দিছে ব্ৰহ্মপুত্ৰ-দিখৌৰ বুকু