চৰকাৰী মাটিত গঢ়ি উঠা অবৈধ নিৰ্মাণত চলিল উচ্ছেদ অভিযান

চৰকাৰী মাটি দখল কৰি অবৈধভাৱে কৰা নিৰ্মাণত পৰিল প্ৰশাসনৰ হাতুৰীৰ কোব । জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যুটীয়াভাৱে এই উচ্ছেদ অভিযান চলায় ।

কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান । জিলাখনত অবৈধ নিৰ্মাণত পৰিল প্ৰশাসনৰ হাতুৰীৰ কোব । দুটাকৈ বৃহৎ উচ্ছেদ অভিযান চলাই চৰকাৰী মাটিত গঢ়ি উঠা অবৈধ নিৰ্মাণ ধ্বংস কৰে প্ৰশাসনে । কাচিপুৰ আৰু সোণাবাৰীঘাটত প্ৰশাসনৰ যুটীয়া উচ্ছেদ অভিযানত এই অবৈধ নিৰ্মাণ ধ্বংস কৰা হয় ।

এই উচ্ছেদ অভিযানত সোণাই সমষ্টিৰ অন্তৰ্গত সোণাবাৰীঘাট বজাৰত, চিকিৎসালয়ৰ সন্মুখত চৰকাৰী মাটি অবৈধভাৱে দখল কৰি নিৰ্মাণ কৰা ১৫ খনকৈ দোকান বুলডজাৰেৰে ভাঙি পেলোৱা হয় । এই মাটিত দীৰ্ঘদিন ধৰি মাটি দখল কৰি দোকান নিৰ্মাণ কৰি ভাড়ালৈ দিয়া হৈছিল বুলি অভিযোগ উত্থাপন হৈ আছিল ।

চিকিৎসালয় পৰিচালনা সমিতিৰ অনুৰোধত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যুটীয়াভাৱে এই উচ্ছেদ অভিযান চলায় । অভিযানত সোণাইৰ চক্ৰ বিষয়াসহ প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে আৰু উচ্ছেদস্থলীৰ সুৰক্ষাৰ বাবে আৰক্ষী বাহিনী মোতায়েন কৰা হয় ।

আনহাতে, ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথৰ বাবে অধিগ্ৰহণ কৰা মাটি দখলমুক্ত কৰিবলৈ উদাৰবন্দ সমষ্টিৰ কাচিপুৰত এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হয় । ২০খনতকৈয়ো অধিক বুলডজাৰ, প্ৰায় ১,০০০ আৰক্ষী আৰু চিআৰপিএফ জোৱান মোতায়েন কৰি শ শ অবৈধ দোকান, ঘৰ-দুৱাৰ আৰু নাৰ্ছাৰী ভাঙি পেলোৱা হয় । যোৱা ৫ জুনত আৰকাটিপুৰত চলোৱা অভিযানৰ পিছত কাচিপুৰত এয়া প্ৰশাসনৰ আন এক ডাঙৰ পদক্ষেপ ।

চৰকাৰী মাটি দখলমুক্ত কৰি উন্নয়নমূলক প্ৰকল্পৰ কাম আগবঢ়াই নিয়া আৰু জনস্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই এই অভিযান চলোৱা হৈছে বুলি প্ৰশাসনে উল্লেখ কৰিছে । ইফালে স্থানীয় একাংশ বাসিন্দাই এই প্ৰশাসনৰ এই পদক্ষেপক আদৰণি জনাই ।

লগতে পঢ়ক : বিগত দুবছৰত ১৬৭৯ জন অবৈধ বাংলাদেশীক পুশ্ববেক: বিধানসভাত চৰকাৰৰ তথ্য

ৰাজ্যৰ ৮৩ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত: বিধানসভাত বিস্ফোৰক তথ্য মন্ত্ৰী অতুল বৰাৰ

বুধবাৰে অসম বিধানসভাৰ মজিয়াত চৰকাৰে এই তথ্য সদৰী কৰে

অসমৰ ভূখণ্ডক লৈ এক ডাঙৰ তথ্য পোহৰলৈ আহিছে । ৰাজ্যখনৰ প্ৰায় ৮৩,০০০ হেক্টৰ ভূমি বৰ্তমান চাৰিখনকৈ চুবুৰীয়া ৰাজ্যৰ অবৈধ দখলত আছে । বুধবাৰে অসম বিধানসভাৰ মজিয়াত চৰকাৰে এই তথ্য সদৰী কৰে ।

কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দি সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই এই তথ্য সদৰী কৰে । মন্ত্ৰীগৰাকীয়ে জনায় যে অসমৰ ১৮খন জিলাৰ মুঠ ৮২,৭৫১.৮৬ হেক্টৰ ভূমি বৰ্তমান অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামৰ নিয়ন্ত্ৰণত আছে ।

কোনখন ৰাজ্যৰ দখলত কিমান ভূমি?

মন্ত্ৰী অতুল বৰাই দাঙি ধৰা চৰকাৰী পৰিসংখ্যা অনুসৰি :

নাগালেণ্ড: বিবদমান ভূমিৰ আটাইতকৈ ডাঙৰ অংশটো নাগালেণ্ডৰ দখলত আছে । ৰাজ্যখনে অসমৰ ৫৯,৪৯০.২১ হেক্টৰ ভূমি নিয়ন্ত্ৰণ কৰি ৰাখিছে ।

অৰুণাচল প্ৰদেশ: অৰুণাচল প্ৰদেশৰ দখলত আছে ১৬,১৪৪.০১ হেক্টৰ ভূমি ।

মিজোৰাম: মিজোৰামৰ অধীনত আছে ৩,৬৭৫.৭৮ হেক্টৰ ভূমি ।

মেঘালয়: চুবুৰীয়া চাৰিখন ৰাজ্যৰ ভিতৰত মেঘালয়ৰ দখলত আটাইতকৈ কম, অৰ্থাৎ ৩,৪৪১.৮৬ হেক্টৰ ভূমি আছে ।

প্ৰভাৱিত অসমৰ ১৮খন জিলা

সীমান্তৰ এই বেদখলে অসমৰ বহু কেইখন গুৰুত্বপূৰ্ণ জিলাক প্ৰভাৱিত কৰিছে । এই প্ৰভাৱিত জিলাসমূহ হৈছে-

শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, শিৱসাগৰ, গোলাঘাট, গোৱালপাৰা, কাছাৰ, কামৰূপ, কামৰূপ মহানগৰ, দক্ষিণ শালমাৰা-মানকাচৰ, পশ্চিম কাৰ্বi আংলং, হাইলাকান্দি আৰু শ্ৰীভূমি ।

সমাধানৰ বাবে চৰকাৰৰ পদক্ষেপ

এই দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক সীমান্ত বিবাদ সমাধানৰ বাবে ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা চলাই থকা বুলি মন্ত্ৰী বৰাই সদনক আশ্বস্ত কৰে । তেওঁ কয়, “অসম চৰকাৰে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে এই সীমান্ত বিবাদসমূহ নিষ্পত্তি কৰাৰ দিশত ইতিবাচকভাৱে অগ্ৰসৰ হৈছে ।”

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ আৰু মধ্যস্থতাত অসমে ইতিমধ্যে মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সৈতে দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ জৰিয়তে বহু পৰিমাণে সীমান্ত সমস্যা সমাধানৰ পথ প্ৰশস্ত হৈছে ।

লগতে পঢ়ক : ‘কৃষকৰ পেটত লাঠ মাৰিব বিচাৰিছে অখিল গগৈয়ে’; মন্ত্ৰী পীয়ুষ হাজৰিকাৰ তীক্ষ্ণ আক্ৰমণ

উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি ত্যাগ বেদখলকাৰীৰ

উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি ত্যাগ কৰিছে বেদখলকাৰীয়ে ।

চামগুৰিৰ ভকতগাঁৱত উচ্ছেদ-ৰ জাননী লাভ কৰাৰ পিছত খালী কৰিছে চৰকাৰী ভূমি ।

-উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি এৰিছে বেদখলকাৰীয়ে ।

-নিজে নিজেই আঁতৰি গৈছে চৰকাৰী ভূমিৰ পৰা খালী কৰিছে চৰকাৰী ভূমি । টালি-টোপোলা বান্ধি অন্য ঠাইলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে ।

-চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২নং গেজিং ৰিজাভৰ ৩৮ বিঘাৰ ভূমিৰ প্ৰায় ৭৫টা পৰিয়াললৈ জাননী দিছিল চামগুৰি ৰাজহচক্ৰই ।

-১৫ দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে বেদখলকৃত ভূমি খালি কৰিবলৈ চৰকাৰী নিৰ্দেশনা পালন কৰি খালী কৰিছে চৰকাৰী ভূমি ।

লগতে পঢ়ক : ৰূপহীহাটত চৰকাৰী ভূমি বেদখলকাৰীৰ বিপদঘন্টা, উচ্ছেদৰ বাবে সাজু প্ৰশাসন

ৰূপহীহাটত চৰকাৰী ভূমি বেদখলকাৰীৰ বিপদঘন্টা, উচ্ছেদৰ বাবে সাজু প্ৰশাসন

চৰকাৰী ভূমি বেদখলকাৰীৰ বিপদঘন্টা

ৰূপহীহাটত অবৈধ চৰকাৰী মাটি বেদখলকাৰীৰ বাজি উঠিল বিপদঘন্টা । ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসনৰ এটা বৃহৎ দল । মাত্ৰ ৭২ ঘণ্টাৰ পিছতেই চলিব প্ৰশাসনৰ বুলড’জাৰ। ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা ভূমিৰ ৭৫টা পৰিয়ালৰ ঘৰত চলিব এই উচ্ছেদ অভিযান । ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক বৃহৎ আৰক্ষীৰ দলে আজি পৰিদৰ্শন কৰে বেদখলীকৃত এলেকা। চৰকাৰী ভূমি খালী কৰিবলৈ ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছিল নিৰ্দেশনা ।

ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ জাননী লাভ কৰাৰ পিছত বেদখলকাৰীয়ে নিজে নিজে খালী কৰিছে ভূমি। উচ্ছেদৰ পূৰ্বেই বেদখলীকৃত ভূমি এৰিছে বেদখলকাৰীয়ে । নিজে নিজেই আঁতৰি গৈছে বেদখল কৰা ভূমিৰ পৰা, খালী কৰিছে চৰকাৰী ভূমি, টালি-টোপোলা বান্ধি অন্য ঠাইলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে ।

চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২নং গ্ৰেজিং ৰিজাৰ্ভৰ ৩৮ বিঘা ভূমিৰ প্ৰায় ৭৫টা পৰিয়াললৈ জাননী দিছিল চামগুৰি ৰাজহ চক্ৰই । ১৫ দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে বেদখলীকৃত ভূমি খালী কৰিবলৈ । বেদখলকাৰীয়ে চৰকাৰী নিৰ্দেশনা পালন কৰি নিজে নিজে খালী কৰিছে চৰকাৰী ভূমি ।

লগতে পঢ়ক : গুৱাহাটীত বিনা পইচাই যাব পাৰিব পাৰ্কলৈঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা

বেদখলকাৰীক লৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়… ৭ দিনৰ ভিতৰত খালী কৰিব লাগিব ভূমি

বেদখলকাৰীক লৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোলাঘাট জিলাৰ দৈয়াং আৰু নামবৰ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা পৰিয়ালক ৭ দিনৰ ভিতৰত বনাঞ্চল খালী কৰিবলৈ নিৰ্দেশ দিছে । সংৰক্ষিত বনাঞ্চলত যাতে ভৱিষ্যতে পুনৰ বেদখল নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে । সোমবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ডপীঠে দিয়া নিৰ্দেশত পৰিয়ালসমূহক দেওবাৰৰ ভিতৰত সংৰক্ষিত বনাঞ্চল খালী কৰিবলৈ নিৰ্দেশ দি কয় যে যদি এই লোকসকলে আঁতৰি নাযাই তেন্তে চৰকাৰে বেদখল আঁতৰাব পাৰে ।

উল্লেখ্য যে, জিলা প্ৰশাসনৰ জাননীৰ বিৰুদ্ধে ৭৪ জন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । জিলা প্ৰশাসনে এই পৰিয়ালসমূহক জাননী দি ৭ দিনৰ ভিতৰত অবৈধ দখল আঁতৰাবলৈ নিৰ্দেশ দিছিল । জিলা প্ৰশাসনৰ এই জাননীয়ে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ, ১৮৮৬ আৰু অসম ভূমি নীতি, ২০১৯ৰ বিধান উলংঘা কৰা বুলি দাবী কৰে । ইয়াৰ লগতে ই ২০২৪ চনৰ ১৩ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বিৰোধী । ইয়াৰ ওপৰত ৫ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদনকাৰীসকলক ভূমিৰ অধিকাৰৰ সৈতে জড়িত নথিপত্ৰ প্ৰমাণ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল আৰু যদি আবেদনকাৰীসকলে প্ৰমাণ দাখিলত ব্যৰ্থ হয় তেন্তে আদালতে আবেদনকাৰীসকলক বনাঞ্চলৰ ভূমি খালী কৰিবলৈ নিৰ্দেশ দিছিল ।

ৰকাৰে ১৫ দিন আগত জাননী দিব লাগে-

সোমবাৰে পুনৰ এই বিষয়ত শুনানি গ্ৰহণ কৰি খণ্ডপীঠে কয় যে আদালতে ইতিমধ্যে আবেদনকাৰীসকলক বনাঞ্চলৰ মাটি খালী কৰিবলৈ পৰ্যাপ্ত সময় দিছে । আদালতে চৰকাৰক নিৰ্দেশ দিয়ে যে যদি ভৱিষ্যতে কোনো স্থান খালী কৰে, তেন্তে ১৫ দিনৰ জাননী দিব লাগে আৰু জাননীৰ পিছত আৰু ১৫ দিনৰ সময় দি ঠাই খালী কৰিব লাগে, যাতে মানুহে পৰ্যাপ্ত সময় পায় । বনাঞ্চলৰ মাটি যাতে কোনো ধৰণৰ অবৈধ দখল নহয় তাৰ বাবে এনে ব্যৱস্থা গঢ়ি তুলিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে আদালতে ।

ইফালে বেদখল বন্ধ কৰিব পৰাকৈ বনাঞ্চলৰ ভূমি পৰীক্ষা কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে বুলি আদালতে কয় । বনাঞ্চলত ফেন্সিং আৰু বৰ্ড স্থাপন কৰিব লাগে বুলি কয় ন্যায়ালয়ে । বিভাগীয় বিচাৰপীঠে কয় যে বিষয়া-কৰ্মচাৰীয়ে সততাৰে কাম কৰিলেহে বেদখল হ’ব পাৰে । যদি সংৰক্ষিত বনাঞ্চলত কোনো ধৰণৰ বেদখল পোৱা যায়, তেন্তে সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে । উচ্চ ন্যায়ালয়ে কয় যে অবৈধ বেদখল বন্ধ কৰিব পৰাকৈ বনাঞ্চল অহৰহ নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে ।

লগতে পঢ়ক : গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৌহাদ্যপূৰ্ণ বৈঠক, বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা

আহমেদাবাদত বুলডজাৰ মেলা… আজিও অব্যাহত আছে বেদখল বিৰোধী অভিযান

গুজৰাটৰ আহমেদাবাদৰ চান্দোলা অঞ্চলত চলি থকা দ্বিতীয় পৰ্যায়ৰ বেদখল বিৰোধী অভিযান আজি দ্বিতীয় দিনৰ বাবে অব্যাহত আছে । এই অভিযানত প্ৰশাসনে বৃহৎ পৰিসৰত অবৈধ নিৰ্মাণসমূহ আঁতৰাইছে । উল্লেখ্য যে মুঠ ২.৫ লাখ বৰ্গমিটাৰতকৈ অধিক ভূমি বেদখলৰ পৰা মুক্ত কৰিবলৈ এই অভিযান চলোৱা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত কেইবাখনো বুলডজাৰ আৰু ৩০০০ৰো অধিক আৰক্ষী জোৱান এই স্থানত নিয়োগ কৰা হৈছে ।

‘এতিয়ালৈকে ৯৯.৯% কাম সম্পূৰ্ণ হৈছে’

বিষয়টোৰ তথ্য দি প্ৰশাসনে কয় যে কালিৰে পৰা চান্দোলা অঞ্চলত দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ হৈছে । ইয়াৰ পিছত এতিয়ালৈকে ৯৯.৯ শতাংশ ভঙাৰ কাম সম্পূৰ্ণ হৈছে । এতিয়া কিছুমান ধৰ্মীয় গাঁথনি আঁতৰোৱা হৈছে । উৰাবাতৰিত বিশ্বাস নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে জে চি পি য়ে । লগতে প্ৰশাসনে সম্পূৰ্ণ স্বচ্ছতাৰে আৰু আইনৰ পৰিসৰৰ ভিতৰত কাম কৰি আছে বুলি জানিবলৈ দিয়ে ।

অভিযান শান্তিপূৰ্ণভাৱে চলি আছে-

ইয়াৰ সমান্তৰালকৈ প্ৰশাসনে কয় যে কোনো ধৰণৰ হিংসা নোহোৱাকৈ এই কাৰ্য শান্তিপূৰ্ণভাৱে চলি আছে । লগতে প্ৰশাসনে স্থানীয় ৰাইজক সহযোগিতা বিচাৰি আবেদন জনাইছে । এই অভিযানৰ উদ্দেশ্য হৈছে মহানগৰীৰ চৰকাৰী ভূমি অবৈধ বেদখলৰ পৰা মুক্ত কৰি ইয়াৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰা ।

ৰাজকোটতো ভাঙি পেলোৱা হয় অবৈধ সম্পত্তি-

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজকোট চহৰত গুৰুতৰ অপৰাধৰ বাবে পঞ্জীয়নভুক্ত অভ্যাসগত অপৰাধীৰ ৬০টাতকৈও অধিক অবৈধ নিৰ্মাণ ভাঙি পেলোৱা হৈছিল । আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে মহানগৰ আৰক্ষী, ৰাজকোট পৌৰ নিগম আৰু ৰাজহ বিষয়াৰ কাৰ্যালয়ৰ যৌথ দলে ৰাইয়া গাম আৰু ৰৈয়া ধৰ অঞ্চলত উচ্ছেদ অভিযান চলায় । এই অঞ্চলসমূহ গান্ধীগ্ৰাম-২ থানাৰ সীমাৰ অন্তৰ্গত ।