গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৌহাদ্যপূৰ্ণ বৈঠক
অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ মাজতে শনিবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা এক সৌহাদ্যপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “আজি গুৱাহাটীত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰোঁ । দুয়োখন ৰাজ্যৰ পাৰস্পৰিক উন্নয়ন শক্তিশালী কৰাৰ সৈতে জড়িত বহু বিষয় আলোচনা কৰিলোঁ ।” অৱশ্যে কোনবোৰ বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হৈছে সেয়া তেওঁ স্পষ্ট কৰা নাই ।
ইয়াৰ পূৰ্বে ২ জুনত দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ বৈঠকত ১২টা বিবাদিত অঞ্চলৰ ভিতৰত ৬টা ক্ষেত্ৰত একমতত উপনীত হৈছিল । ইয়াৰে ৫টা অঞ্চলত স্বাধীনতা দিৱসৰ ভিতৰত সীমান্ত স্তম্ভ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়, আনহাতে পিলিংগাটা অঞ্চলত অব্যাহত থকা মতানৈক্যৰ বাবে আলোচনা জিলা আয়ুক্তসকলৰ হাতত অৰ্পণ কৰা হয় ।
অসম আৰু মেঘালয়ে ২০২২ চনৰ মাৰ্চ মাহত এক চুক্তিত স্বাক্ষৰ কৰিছিল, যাৰ অধীনত ১২টা বিবাদিত এলেকাৰ ভিতৰত ৬টা এলেকাৰ সমাধান হৈছিল । প্ৰথম পৰ্যায়ত ৩৬.৭৯ বৰ্গ কিলোমিটাৰ এলেকাৰ বাবে চুক্তি কৰা হয়, য’ত অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ আৰু মেঘালয়ে ১৮.২৮ বৰ্গ কিলোমিটাৰ মাটি লাভ কৰে ।
উল্লেখ্য যে ১৯৭২ চনত অসমৰ পৰা পৃথক ৰাজ্য হিচাপে মেঘালয় গঠন হৈছিল । অসম পুনৰ্গঠন আইন, ১৯৭১ক মেঘালয়ে প্ৰত্যাহ্বান জনাইছিল, তাৰ পিছত ৮৮৪.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ১২টা অঞ্চলত বিবাদৰ সৃষ্টি হৈছিল । ২০২১ চনৰ মে’ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছিল যে চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ নিষ্পত্তি কৰাটোত তেওঁৰ অগ্ৰাধিকাৰ দিব । ইয়াৰ বাবে ২০২১ চনৰ আগষ্ট মাহত তিনিখন আঞ্চলিক সমিতি গঠন কৰা হয়, যাৰ পৰামৰ্শ অনুসৰি ২০২২ চনৰ মাৰ্চ মাহত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ।
লগতে পঢ়ক : ‘এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ’; প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা









