মেঘালয়ৰ উমৰয়ত ‘প্ৰগতি-২০২৬’ৰ সফল সমাপ্তি : ভাৰতৰ নেতৃত্বত ১৩খন দেশৰ সামৰিক অনুশীলন

উমৰয় সামৰিক ষ্টেচনত আয়োজিত ১৩খন দেশৰ প্ৰথমখন বহুপাক্ষিক সামৰিক অনুশীলন ‘প্ৰগতি-২০২৬’ আজি এক বৰ্ণাঢ্য অনুষ্ঠানৰ মাজেৰে সফলতাৰে সম্পন্ন হয়

ভাৰতৰ নেতৃত্বত মেঘালয়ৰ উমৰয় সামৰিক ষ্টেচনত আয়োজিত ১৩খন দেশৰ প্ৰথমখন বহুপাক্ষিক সামৰিক অনুশীলন ‘প্ৰগতি-২০২৬’ আজি এক বৰ্ণাঢ্য অনুষ্ঠানৰ মাজেৰে সফলতাৰে সম্পন্ন হয় । ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ মাজত সামৰিক সহযোগিতা, সামূহিক নিৰাপত্তা আৰু কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজিত এই অনুশীলনত ৪০০ তকৈ অধিক সেনাই অংশগ্ৰহণ কৰি নিজৰ সামৰিক দক্ষতাৰ প্ৰমাণ দাঙি ধৰে ।

অংশগ্ৰহণকাৰী দেশসমূহ :

‘পাৰ্টনাৰশ্বিপ অৱ ৰিজনেল আৰ্মিছ ফৰ গ্ৰোথ এণ্ড ট্ৰান্সফৰ্মেশ্যন ইন দ্য ইণ্ডিয়ান অ’চেন ৰিজিয়ন’ (PRAGATI)ৰ অধীনত আয়োজিত এই বৃহৎ অনুশীলনত ভাৰতৰ লগতে ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, ছেচেলছ, শ্ৰীলংকা আৰু ভিয়েটনামে অংশগ্ৰহণ কৰে ।

অনুশীলনৰ মূল লক্ষ্য :

অৰ্ধ-পাহাৰীয়া আৰু গভীৰ অৰণ্যত আয়োজিত এই অনুশীলনৰ মূল কেন্দ্ৰবিন্দু আছিল ‘সন্ত্ৰাসবাদ বিৰোধী অভিযান’। অংশগ্ৰহণকাৰী দেশসমূহৰ সৈন্যসকলে মিশ্ৰিত দল গঠন কৰি এম্বুশ্ব, ৰক ক্ৰাফ্ট, শ্লিদাৰিং, জাংগল লেন শ্বুটিং, কোঠা আৰু বাছত হস্তক্ষেপ অভিযান (Room and Bus Intervention), আইইডি (IED) চিনাক্তকৰণ আৰু আহতসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ দৰে জটিল কৌশলসমূহৰ প্ৰশিক্ষণ লয় ।

দ্বিপাক্ষিক আলোচনা আৰু প্ৰতিৰক্ষা প্ৰদৰ্শনী :

অনুশীলনৰ সামৰণি অনুষ্ঠানত ছয়খন দেশৰ সেনা উপ-প্ৰধানসহ ৪০ গৰাকীৰো অধিক জ্যেষ্ঠ সামৰিক বিষয়া উপস্থিত থাকে । ভাৰতীয় সেনাৰ উপ-প্ৰধান লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠিয়ে বিদেশী প্ৰতিনিধি দলসমূহৰ আতিথ্য গ্ৰহণ কৰাৰ লগতে বিভিন্ন দেশৰ বিষয়াৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় । এই সময়তে ভাৰতীয় সেনাই এফআইচিচিআই (FICCI) আৰু আৰ্মী ডিজাইন ব্যুৰোৰ সহযোগত এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰে । ইয়াত ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানৰ অধীনত নিৰ্মিত অত্যাধুনিক প্ৰতিৰক্ষা সঁজুলি আৰু প্ৰণালীসমূহ প্ৰদৰ্শন কৰা হয়, যাৰ উদ্দেশ্য আছিল বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ বৰ্ধিত প্ৰতিৰক্ষা নিৰ্মাণ ক্ষমতা আৰু ৰপ্তানি সম্ভাৱনাক তুলি ধৰা ।

ভৱিষ্যতৰ দিশ: প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱতে জনোৱা মতে, ‘প্ৰগতি-২০২৬’য়ে অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু পেছাদাৰী সমন্বয় এক নতুন উচ্চতালৈ লৈ গৈছে । এই সফল প্ৰয়াসে ভৱিষ্যতে ইণ্ডো-পেচিফিক অঞ্চলত শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে এক শক্তিশালী ভেটি প্ৰস্তুত কৰিলে বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক : বিদ্ৰোহমুক্ত হ’ল মিজোৰামঃ মুখ্যমন্ত্ৰীৰ ঘোষণা- আত্মসমৰ্পণ কৰিলে সকলো বিদ্ৰোহীয়ে

গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৌহাদ্যপূৰ্ণ বৈঠক, বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা

গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৌহাদ্যপূৰ্ণ বৈঠক

অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ মাজতে শনিবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা এক সৌহাদ্যপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “আজি গুৱাহাটীত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰোঁ । দুয়োখন ৰাজ্যৰ পাৰস্পৰিক উন্নয়ন শক্তিশালী কৰাৰ সৈতে জড়িত বহু বিষয় আলোচনা কৰিলোঁ ।” অৱশ্যে কোনবোৰ বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হৈছে সেয়া তেওঁ স্পষ্ট কৰা নাই ।

ইয়াৰ পূৰ্বে ২ জুনত দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ বৈঠকত ১২টা বিবাদিত অঞ্চলৰ ভিতৰত ৬টা ক্ষেত্ৰত একমতত উপনীত হৈছিল । ইয়াৰে ৫টা অঞ্চলত স্বাধীনতা দিৱসৰ ভিতৰত সীমান্ত স্তম্ভ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়, আনহাতে পিলিংগাটা অঞ্চলত অব্যাহত থকা মতানৈক্যৰ বাবে আলোচনা জিলা আয়ুক্তসকলৰ হাতত অৰ্পণ কৰা হয় ।

অসম আৰু মেঘালয়ে ২০২২ চনৰ মাৰ্চ মাহত এক চুক্তিত স্বাক্ষৰ কৰিছিল, যাৰ অধীনত ১২টা বিবাদিত এলেকাৰ ভিতৰত ৬টা এলেকাৰ সমাধান হৈছিল । প্ৰথম পৰ্যায়ত ৩৬.৭৯ বৰ্গ কিলোমিটাৰ এলেকাৰ বাবে চুক্তি কৰা হয়, য’ত অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ আৰু মেঘালয়ে ১৮.২৮ বৰ্গ কিলোমিটাৰ মাটি লাভ কৰে ।

উল্লেখ্য যে ১৯৭২ চনত অসমৰ পৰা পৃথক ৰাজ্য হিচাপে মেঘালয় গঠন হৈছিল । অসম পুনৰ্গঠন আইন, ১৯৭১ক মেঘালয়ে প্ৰত্যাহ্বান জনাইছিল, তাৰ পিছত ৮৮৪.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ১২টা অঞ্চলত বিবাদৰ সৃষ্টি হৈছিল । ২০২১ চনৰ মে’ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছিল যে চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ নিষ্পত্তি কৰাটোত তেওঁৰ অগ্ৰাধিকাৰ দিব । ইয়াৰ বাবে ২০২১ চনৰ আগষ্ট মাহত তিনিখন আঞ্চলিক সমিতি গঠন কৰা হয়, যাৰ পৰামৰ্শ অনুসৰি ২০২২ চনৰ মাৰ্চ মাহত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ।

লগতে পঢ়ক : ‘এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ’; প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

মেঘালয়ৰ ৰোজ এঞ্জেলিনা : ডিজিটেল ইণ্ডিয়াৰ মাধ্যমেৰে সবলীকৰণৰ এটা দশক

মেঘালয়ৰ ৰোজ এঞ্জেলিনা

ভাৰতবৰ্ষই পৰিৱৰ্তনশীল ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে মেঘালয়ৰ পূব পশ্চিম খাছি পাহাৰৰ পৰা ভি এল ই ৰোজ এঞ্জেলিনা এম খাৰচিনটিউৰ প্ৰেৰণাদায়ক যাত্ৰাই তৃণমূল পৰ্যায়ৰ ডিজিটেল সবলীকৰণৰ শক্তিৰ উদাহৰণ দাঙি ধৰিছে । ২০১৫ চনত চাকৰি প্ৰত্যাশীৰ পৰা বৰ্তমানৰ এগৰাকী কৰ্মসংস্থাপন প্ৰদানকাৰী আৰু এগৰাকী নেত্ৰীলৈকে, কমন চাৰ্ভিচেছ চেণ্টাৰ (চি এছ চি) আঁচনিৰ সৈতে তেওঁৰ দশকজোৰা সংযোগে ডিজিটেল প্ৰৱেশে কেনেকৈ জীৱন আৰু জীৱিকাক উন্নীত কৰিব পাৰে তাকেই প্ৰদৰ্শন কৰিছে ।

মৈৰাঙৰ পৰা ৰোজ চি এছ চি নামেৰে চৰকাৰী আঁচনি, বেংকিং, বীমা, টেলিমেডিচিন, শিক্ষা, ইত্যাদি অত্যাৱশ্যকীয় ডিজিটেল সেৱা আগবঢ়াই আহিছে তেওঁ । লগতে তেওঁ মহিলাৰ স্বাস্থ্য আৰু গ্ৰাম্য নিয়োগ দুয়োটাকে প্ৰসাৰিত কৰা চেনিটেৰী পেড নিৰ্মাণ ইউনিট ষ্ট্ৰী স্বাভিমানো মুকলি কৰিছে ।

নতুন দিল্লীৰ দ্বাৰকাৰ যশোভূমি কনভেনচন চেণ্টাৰত অনুষ্ঠিত ডিজিটেল ইণ্ডিয়াৰ ১০ বছৰীয়া ৰাষ্ট্ৰীয় উদযাপনৰ সময়ত ৰোজ এঞ্জেলিনাৰ এই কামক স্বীকৃতি দিয়া হয় । কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু আই টি  মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী জিতীন প্ৰসাদৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সমগ্ৰ ভাৰতত ডিজিটেল বিভাজন দূৰ কৰাৰ ক্ষেত্ৰত চি এছ চি সমূহৰ ভূমিকাক স্বীকৃতি দিয়া হয় । লগতে ৰোজ এঞ্জেলিনাৰ দৰে ভি এল ই সকলৰ ইনক্লুছিভ ডিজিটেল ট্ৰেন্সফৰ্মেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যতিক্ৰমী অৱদানৰ বিষয়েও আলোকপাত কৰা হয় ।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ‘মেঘালয়ৰ পূব পশ্চিম খাছি পাহাৰৰ ভিতৰুৱা আৰু দুৰ্গম গাঁৱৰ মাজত মহিলা ভি এল ই ৰোজ এঞ্জেলিনা এম খাৰচিনটিউৱে ডিজিটেল বিপ্লৱৰ চিত্ৰনাট্য ৰচনা কৰিছে । মৈৰাং অঞ্চলত থকা তেওঁৰ কেন্দ্ৰৰ জৰিয়তে তেওঁ কেৱল সেৱা আগবঢ়োৱাই নহয়, পৰিৱৰ্তন, সৱলীকৰণ, আৰু সমাজ সেৱাৰ আদৰ্শও দাঙি ধৰিছে ।’

বিগত দশকত দেশজুৰি চি এছ চি ৮৩,০০০ৰ পৰা ৫.৫ লাখৰো অধিক কেন্দ্ৰলৈ বৃদ্ধি পাইছে । লগতে প্ৰায় ৯০% গাঁৱত এই সেৱা উপলব্ধ হৈছে । ৭৪,০০০ তকৈ অধিক সংখ্যক মহিলা ভি এল ইয়ে এই বৃদ্ধিত মূল ভূমিকা পালন কৰিছে, জটিল সেৱা আগবঢ়াইছে আৰু সম্প্ৰদায়সমূহক সবল কৰি তুলিছে । এই পৰিৱৰ্তনৰ এক উজ্জ্বল উদাহৰণ হিচাপে থিয় দিছে ৰোজ এঞ্জেলিনা ।

১০ লাখ ব্যক্তিৰ বাবে বিনামূলীয়া এ আই প্ৰশিক্ষণ আৰু ভি এল ইৰ বাবে সম্প্ৰসাৰিত সেৱাৰ দৰে নতুন পদক্ষেপৰ সৈতে ডিজিটেল ইণ্ডিয়াৰ পৰৱৰ্তী পৰ্যায়ে গভীৰ ডিজিটেল অন্তৰ্ভুক্তিৰ প্ৰতিশ্ৰুতি দিছে— যাৰ নেতৃত্ব ৰোজ এঞ্জেলিনাৰ দৰে পৰিৱৰ্তনকাৰীৰ দ্বাৰা কৰা হ’ব ।

লগতে পঢ়ক : উত্তৰাখণ্ড চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; বিদ্যালয়ত প্ৰতিদিনে পঢ়িব লাগিব গীতাৰ শ্লোক

অসম-মেঘালয় সীমা বিবাদ : চুক্তিৰ ৩৯ মাহৰ পাছত বিবাদিত ভূমিত স্থাপন প্ৰথমটো সীমা স্তম্ভ

অসম-মেঘালয় সীমা বিবাদ

অসম আৰু মেঘালয়ৰ মাজত দশক দশক পুৰণি সীমা বিবাদ সমাধানৰ উদ্দেশ্যে আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত অঞ্চলত প্ৰথমটো সীমা স্তম্ভ স্থাপন কৰা হৈছে । শুকুৰবাৰে এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অৱশ্যে ইয়াৰ স্থান স্পষ্ট কৰা নাই । শৰ্মাই কয় যে, ১৯৭২ চনত যেতিয়া মেঘালয় অসমৰ পৰা পৃথক হৈ নতুন ৰাজ্যত পৰিণত হৈছিল, তেতিয়া ইয়াৰ সীমান্তৰ এক উল্লেখযোগ্য অংশ অস্পষ্ট হৈয়েই আছিল । ইয়াৰ ফলত বহু সময়ত দুয়োখন ৰাজ্যৰ মাজত বিশৃংখলতা আৰু উত্তেজনাৰ সৃষ্টি হৈ আহিছে ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক টেগ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছ’চিয়েল মিডিয়াত লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যই গঠন হোৱাৰ ৫০ বছৰৰ পাছত ২০২২ চনত এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল । এই চুক্তি ৰাষ্ট্ৰীয় ৰাজধানীত দুয়োখন ৰাজ্যই স্বাক্ষৰ কৰিছিল ।”

১২টা বিবাদিত এলেকাৰ ভিতৰত ছটা অঞ্চলৰ সমাধান-

সীমা বিবাদ নিষ্পত্তিৰ পদক্ষেপৰ অংশ হিচাপে হোৱা চুক্তিৰ অধীনত দুয়োখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল । ১২টা বিবাদিত অঞ্চলৰ ভিতৰত ছটা অঞ্চলৰ সমস্যা সমাধান কৰি সেই চুক্তিৰ অধীনত সীমা স্তম্ভ স্থাপন কৰা হৈছে । উল্লেখ্য যে ২ জুনত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যৌথ সংবাদমেলত ঘোষণা কৰিছিল যে স্বাধীনতা দিৱসৰ ভিতৰত পাঁচটা বিবাদিত এলেকাত সীমা স্তম্ভ স্থাপন কৰা হ’ব ।

উল্লেখ্য যে ২০২২ চনৰ মাৰ্চ মাহত অসম আৰু মেঘালয়ৰ মাজত ৫০ বছৰীয়া সীমা বিবাদৰ অন্ত পৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দিল্লীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চুক্তি স্বাক্ষৰ কৰে ।

চুক্তিৰ সবিশেষ প্ৰকাশ কৰি অমিত শ্বাহে কয়, “মই সুখী যে আজি অসম আৰু মেঘালয়ৰ মাজত বিবাদিত ১২ টা স্থানৰ ভিতৰত ৬ টা স্থানৰ চুক্তি কৰা হৈছে । সীমান্তৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত আজি প্ৰায় ৭০% সীমান্ত বিবাদমুক্ত হৈ পৰিছে । মই নিশ্চিত যে বাকী ৬ টা স্থান অদূৰ ভৱিষ্যতে আমি সমাধান কৰিম ।” শ্বাহৰ মতে, “আজি বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন । তেওঁ কয় যে মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা উত্তৰ-পূবৰ শান্তি প্ৰক্ৰিয়া, উন্নয়ন, সমৃদ্ধি আৰু উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে বহু প্ৰচেষ্টা চলোৱা হৈছে ।”

লগতে পঢ়ক : ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ আৰু কন্টেন্ট কৰা হ’ব ব্লক!চৰকাৰৰ ডাঙৰ সিদ্ধান্ত