অসম-মেঘালয় সীমা বিবাদ

অসম-মেঘালয় সীমা বিবাদ : চুক্তিৰ ৩৯ মাহৰ পাছত বিবাদিত ভূমিত স্থাপন প্ৰথমটো সীমা স্তম্ভ

অসম-মেঘালয় সীমা বিবাদ অসম আৰু মেঘালয়ৰ মাজত দশক দশক পুৰণি সীমা বিবাদ সমাধানৰ উদ্দেশ্যে আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত অঞ্চলত প্ৰথমটো সীমা স্তম্ভ স্থাপন কৰা হৈছে । শুকুৰবাৰে এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অৱশ্যে ইয়াৰ স্থান স্পষ্ট কৰা নাই । শৰ্মাই কয়

অসম-মেঘালয় সীমা বিবাদ

অসম আৰু মেঘালয়ৰ মাজত দশক দশক পুৰণি সীমা বিবাদ সমাধানৰ উদ্দেশ্যে আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত অঞ্চলত প্ৰথমটো সীমা স্তম্ভ স্থাপন কৰা হৈছে । শুকুৰবাৰে এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অৱশ্যে ইয়াৰ স্থান স্পষ্ট কৰা নাই । শৰ্মাই কয় যে, ১৯৭২ চনত যেতিয়া মেঘালয় অসমৰ পৰা পৃথক হৈ নতুন ৰাজ্যত পৰিণত হৈছিল, তেতিয়া ইয়াৰ সীমান্তৰ এক উল্লেখযোগ্য অংশ অস্পষ্ট হৈয়েই আছিল । ইয়াৰ ফলত বহু সময়ত দুয়োখন ৰাজ্যৰ মাজত বিশৃংখলতা আৰু উত্তেজনাৰ সৃষ্টি হৈ আহিছে ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক টেগ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছ’চিয়েল মিডিয়াত লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যই গঠন হোৱাৰ ৫০ বছৰৰ পাছত ২০২২ চনত এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল । এই চুক্তি ৰাষ্ট্ৰীয় ৰাজধানীত দুয়োখন ৰাজ্যই স্বাক্ষৰ কৰিছিল ।”

১২টা বিবাদিত এলেকাৰ ভিতৰত ছটা অঞ্চলৰ সমাধান-

সীমা বিবাদ নিষ্পত্তিৰ পদক্ষেপৰ অংশ হিচাপে হোৱা চুক্তিৰ অধীনত দুয়োখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল । ১২টা বিবাদিত অঞ্চলৰ ভিতৰত ছটা অঞ্চলৰ সমস্যা সমাধান কৰি সেই চুক্তিৰ অধীনত সীমা স্তম্ভ স্থাপন কৰা হৈছে । উল্লেখ্য যে ২ জুনত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যৌথ সংবাদমেলত ঘোষণা কৰিছিল যে স্বাধীনতা দিৱসৰ ভিতৰত পাঁচটা বিবাদিত এলেকাত সীমা স্তম্ভ স্থাপন কৰা হ’ব ।

উল্লেখ্য যে ২০২২ চনৰ মাৰ্চ মাহত অসম আৰু মেঘালয়ৰ মাজত ৫০ বছৰীয়া সীমা বিবাদৰ অন্ত পৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দিল্লীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চুক্তি স্বাক্ষৰ কৰে ।

চুক্তিৰ সবিশেষ প্ৰকাশ কৰি অমিত শ্বাহে কয়, “মই সুখী যে আজি অসম আৰু মেঘালয়ৰ মাজত বিবাদিত ১২ টা স্থানৰ ভিতৰত ৬ টা স্থানৰ চুক্তি কৰা হৈছে । সীমান্তৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত আজি প্ৰায় ৭০% সীমান্ত বিবাদমুক্ত হৈ পৰিছে । মই নিশ্চিত যে বাকী ৬ টা স্থান অদূৰ ভৱিষ্যতে আমি সমাধান কৰিম ।” শ্বাহৰ মতে, “আজি বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন । তেওঁ কয় যে মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা উত্তৰ-পূবৰ শান্তি প্ৰক্ৰিয়া, উন্নয়ন, সমৃদ্ধি আৰু উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে বহু প্ৰচেষ্টা চলোৱা হৈছে ।”

লগতে পঢ়ক : ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ আৰু কন্টেন্ট কৰা হ’ব ব্লক!চৰকাৰৰ ডাঙৰ সিদ্ধান্ত