ভাৰত-নেপাল সীমান্ত বিবাদ : ‘কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ গ্ৰহণ কৰা নহ’ব’, নতুন দিল্লীৰ স্পষ্ট হুংকাৰ

মঙলবাৰে এক সংবাদমেলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ভাৰতৰ স্থিতি স্পষ্ট কৰে

ভাৰত আৰু নেপালৰ মাজত চলি থকা সীমান্ত বিবাদক লৈ এইবাৰ নতুন দিল্লীয়ে অতি কঠোৰ আৰু স্পষ্ট স্থিতি গ্ৰহণ কৰিছে । ভাৰতে স্পষ্ট ভাষাত জনাই দিছে যে দুয়োখন দেশৰ মাজৰ সীমান্ত সমস্যাক লৈ কোনো ধৰণৰ তৃতীয় পক্ষৰ হস্তক্ষেপ বা মধ্যস্থতা কোনো পৰিস্থিতিতেই গ্ৰহণ কৰা নহ’ব ।

নেপালৰ প্ৰধানমন্ত্ৰী বালেন শ্বাহে ভাৰতৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমান্ত বিবাদৰ সন্দৰ্ভত চীন আৰু ব্ৰিটেইনৰ হস্তক্ষেপ দাবী কৰাৰ পিছতেই ভাৰত চৰকাৰৰ তৰফৰ পৰা এই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে ।

৯৮ শতাংশ সীমান্ত ইতিপূৰ্বেই নিৰ্ধাৰণ : বৈদেশিক মন্ত্ৰালয়

মঙলবাৰে এক সংবাদমেলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ভাৰতৰ স্থিতি স্পষ্ট কৰে । তেওঁ কয় যে ভাৰতে নেপালৰ প্ৰধানমন্ত্ৰীৰ শেহতীয়া বক্তব্য আৰু এই সন্দৰ্ভত নেপালৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিলৈ তীক্ষ্ণ নজৰ ৰাখিছে ।

মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি :

-ভাৰত আৰু নেপালৰ মাজৰ প্ৰায় ৯৮ শতাংশ সীমান্ত ইতিপূৰ্বেই সফলতাৰে নিৰ্ধাৰণ কৰা হৈছে ।

-বাকী থকা অংশসমূহৰ সমাধানৰ বাবে প্ৰক্ৰিয়া চলি আছে ।

-বিশেষকৈ গণ্ডক নদীয়ে সময়ৰ লগে লগে গতিপথ সলনি কৰাৰ বাবে কিছুমান নিৰ্দিষ্ট অঞ্চলত সীমান্তক লৈ জটিলতাৰ সৃষ্টি হৈছে ।

‘নো মেনছ লেণ্ড’ বেদখলৰ বিৰুদ্ধে যুটীয়া মেপিং

ৰণধীৰ জয়ছোৱালে লগতে জানিবলৈ দিয়ে যে ইতিমধ্যে নিৰ্ধাৰিত হোৱা সীমান্তৰ কিছুমান স্থানত অবৈধ অনুপ্ৰৱেশ, বেদখল আৰু ‘ন’ মেনছ লেণ্ড’ দখল কৰাৰ ঘটনা পোহৰলৈ আহিছে । এই স্পৰ্শকাতৰ সমস্যাসমূহ সমাধানৰ বাবে বৰ্তমান দুয়োখন দেশে যৌথভাৱে মেপিং (মানচিত্ৰ প্ৰস্তুতকৰণ)ৰ কাম কৰি আছে ।

ৰণধীৰ জয়ছোৱালে কয়- “ভাৰত আৰু নেপালৰ মাজত থকা যিকোনো দ্বিপাক্ষিক বিষয়ত কোনো তৃতীয় পক্ষৰ কোনো ভূমিকা থাকিব নোৱাৰে । এনে সকলো বিষয়ৰ সমাধান কেৱল দুয়োখন দেশৰ মাজত পোনপটীয়া বাৰ্তালাপ আৰু পাৰস্পৰিক সহযোগিতাৰ জৰিয়তেহে সম্ভৱ ।”

ঐতিহাসিক সম্পৰ্ক আৰু দ্বিপাক্ষিক ব্যৱস্থা-

বৈদেশিক মন্ত্ৰালয়ৰ এই স্থিতিয়ে ভাৰতৰ সেই দীৰ্ঘদিনীয়া নীতিক পুনৰ প্ৰতিষ্ঠা কৰিছে, য’ত চুবুৰীয়া দেশসমূহৰ সৈতে থকা যিকোনো সমস্যাক কোনো বাহ্যিক শক্তিৰ সহায় নোলোৱাকৈ কেৱল দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে সমাধান কৰাত গুৰুত্ব দিয়া হয় ।

উল্লেখ্য যে, ভাৰত আৰু নেপালৰ মাজত শতিকা প্ৰাচীন ঐতিহাসিক, সাংস্কৃতিক আৰু সামাজিক সম্পৰ্ক আছে । সীমান্ত সম্পৰ্কীয় সকলো অমীমাংসিত বিষয়ৰ আলোচনাৰ বাবে দুয়োখন দেশৰ মাজত ইতিমধ্যে একাধিক আনুষ্ঠানিক আৰু চৰকাৰী ব্যৱস্থা সক্ৰিয় হৈ আছে । গতিকে কোনো ধৰণৰ বাহ্যিক হস্তক্ষেপৰ কোনো প্ৰয়োজন নাই বুলি ভাৰতে পুনৰ দোহাৰে ।

লগতে পঢ়ক : “কোনো অধিকাৰ নাই, মনে মনে থাকক!”- কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ সুৰত সুৰ মিলোৱা ইউৰোপীয় ইউনিয়নক ভাৰতৰ তীব্ৰ সকীয়নি

অসম-মেঘালয় সীমা বিবাদ : চুক্তিৰ ৩৯ মাহৰ পাছত বিবাদিত ভূমিত স্থাপন প্ৰথমটো সীমা স্তম্ভ

অসম-মেঘালয় সীমা বিবাদ

অসম আৰু মেঘালয়ৰ মাজত দশক দশক পুৰণি সীমা বিবাদ সমাধানৰ উদ্দেশ্যে আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত অঞ্চলত প্ৰথমটো সীমা স্তম্ভ স্থাপন কৰা হৈছে । শুকুৰবাৰে এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অৱশ্যে ইয়াৰ স্থান স্পষ্ট কৰা নাই । শৰ্মাই কয় যে, ১৯৭২ চনত যেতিয়া মেঘালয় অসমৰ পৰা পৃথক হৈ নতুন ৰাজ্যত পৰিণত হৈছিল, তেতিয়া ইয়াৰ সীমান্তৰ এক উল্লেখযোগ্য অংশ অস্পষ্ট হৈয়েই আছিল । ইয়াৰ ফলত বহু সময়ত দুয়োখন ৰাজ্যৰ মাজত বিশৃংখলতা আৰু উত্তেজনাৰ সৃষ্টি হৈ আহিছে ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক টেগ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছ’চিয়েল মিডিয়াত লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যই গঠন হোৱাৰ ৫০ বছৰৰ পাছত ২০২২ চনত এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল । এই চুক্তি ৰাষ্ট্ৰীয় ৰাজধানীত দুয়োখন ৰাজ্যই স্বাক্ষৰ কৰিছিল ।”

১২টা বিবাদিত এলেকাৰ ভিতৰত ছটা অঞ্চলৰ সমাধান-

সীমা বিবাদ নিষ্পত্তিৰ পদক্ষেপৰ অংশ হিচাপে হোৱা চুক্তিৰ অধীনত দুয়োখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল । ১২টা বিবাদিত অঞ্চলৰ ভিতৰত ছটা অঞ্চলৰ সমস্যা সমাধান কৰি সেই চুক্তিৰ অধীনত সীমা স্তম্ভ স্থাপন কৰা হৈছে । উল্লেখ্য যে ২ জুনত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যৌথ সংবাদমেলত ঘোষণা কৰিছিল যে স্বাধীনতা দিৱসৰ ভিতৰত পাঁচটা বিবাদিত এলেকাত সীমা স্তম্ভ স্থাপন কৰা হ’ব ।

উল্লেখ্য যে ২০২২ চনৰ মাৰ্চ মাহত অসম আৰু মেঘালয়ৰ মাজত ৫০ বছৰীয়া সীমা বিবাদৰ অন্ত পৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দিল্লীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চুক্তি স্বাক্ষৰ কৰে ।

চুক্তিৰ সবিশেষ প্ৰকাশ কৰি অমিত শ্বাহে কয়, “মই সুখী যে আজি অসম আৰু মেঘালয়ৰ মাজত বিবাদিত ১২ টা স্থানৰ ভিতৰত ৬ টা স্থানৰ চুক্তি কৰা হৈছে । সীমান্তৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত আজি প্ৰায় ৭০% সীমান্ত বিবাদমুক্ত হৈ পৰিছে । মই নিশ্চিত যে বাকী ৬ টা স্থান অদূৰ ভৱিষ্যতে আমি সমাধান কৰিম ।” শ্বাহৰ মতে, “আজি বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন । তেওঁ কয় যে মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা উত্তৰ-পূবৰ শান্তি প্ৰক্ৰিয়া, উন্নয়ন, সমৃদ্ধি আৰু উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে বহু প্ৰচেষ্টা চলোৱা হৈছে ।”

লগতে পঢ়ক : ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ আৰু কন্টেন্ট কৰা হ’ব ব্লক!চৰকাৰৰ ডাঙৰ সিদ্ধান্ত