ভাৰত-নেপাল সীমান্ত বিবাদ : 'কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ গ্ৰহণ কৰা নহ’ব', নতুন দিল্লীৰ স্পষ্ট হুংকাৰ

ভাৰত-নেপাল সীমান্ত বিবাদ : ‘কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ গ্ৰহণ কৰা নহ’ব’, নতুন দিল্লীৰ স্পষ্ট হুংকাৰ

মঙলবাৰে এক সংবাদমেলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ভাৰতৰ স্থিতি স্পষ্ট কৰে ভাৰত আৰু নেপালৰ মাজত চলি থকা সীমান্ত বিবাদক লৈ এইবাৰ নতুন দিল্লীয়ে অতি কঠোৰ আৰু স্পষ্ট স্থিতি গ্ৰহণ কৰিছে । ভাৰতে স্পষ্ট ভাষাত জনাই দিছে যে দুয়োখন দেশৰ মাজৰ সীমান্ত সমস্যাক

মঙলবাৰে এক সংবাদমেলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ভাৰতৰ স্থিতি স্পষ্ট কৰে

ভাৰত আৰু নেপালৰ মাজত চলি থকা সীমান্ত বিবাদক লৈ এইবাৰ নতুন দিল্লীয়ে অতি কঠোৰ আৰু স্পষ্ট স্থিতি গ্ৰহণ কৰিছে । ভাৰতে স্পষ্ট ভাষাত জনাই দিছে যে দুয়োখন দেশৰ মাজৰ সীমান্ত সমস্যাক লৈ কোনো ধৰণৰ তৃতীয় পক্ষৰ হস্তক্ষেপ বা মধ্যস্থতা কোনো পৰিস্থিতিতেই গ্ৰহণ কৰা নহ’ব ।

নেপালৰ প্ৰধানমন্ত্ৰী বালেন শ্বাহে ভাৰতৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমান্ত বিবাদৰ সন্দৰ্ভত চীন আৰু ব্ৰিটেইনৰ হস্তক্ষেপ দাবী কৰাৰ পিছতেই ভাৰত চৰকাৰৰ তৰফৰ পৰা এই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে ।

৯৮ শতাংশ সীমান্ত ইতিপূৰ্বেই নিৰ্ধাৰণ : বৈদেশিক মন্ত্ৰালয়

মঙলবাৰে এক সংবাদমেলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ভাৰতৰ স্থিতি স্পষ্ট কৰে । তেওঁ কয় যে ভাৰতে নেপালৰ প্ৰধানমন্ত্ৰীৰ শেহতীয়া বক্তব্য আৰু এই সন্দৰ্ভত নেপালৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিলৈ তীক্ষ্ণ নজৰ ৰাখিছে ।

মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি :

-ভাৰত আৰু নেপালৰ মাজৰ প্ৰায় ৯৮ শতাংশ সীমান্ত ইতিপূৰ্বেই সফলতাৰে নিৰ্ধাৰণ কৰা হৈছে ।

-বাকী থকা অংশসমূহৰ সমাধানৰ বাবে প্ৰক্ৰিয়া চলি আছে ।

-বিশেষকৈ গণ্ডক নদীয়ে সময়ৰ লগে লগে গতিপথ সলনি কৰাৰ বাবে কিছুমান নিৰ্দিষ্ট অঞ্চলত সীমান্তক লৈ জটিলতাৰ সৃষ্টি হৈছে ।

‘নো মেনছ লেণ্ড’ বেদখলৰ বিৰুদ্ধে যুটীয়া মেপিং

ৰণধীৰ জয়ছোৱালে লগতে জানিবলৈ দিয়ে যে ইতিমধ্যে নিৰ্ধাৰিত হোৱা সীমান্তৰ কিছুমান স্থানত অবৈধ অনুপ্ৰৱেশ, বেদখল আৰু ‘ন’ মেনছ লেণ্ড’ দখল কৰাৰ ঘটনা পোহৰলৈ আহিছে । এই স্পৰ্শকাতৰ সমস্যাসমূহ সমাধানৰ বাবে বৰ্তমান দুয়োখন দেশে যৌথভাৱে মেপিং (মানচিত্ৰ প্ৰস্তুতকৰণ)ৰ কাম কৰি আছে ।

ৰণধীৰ জয়ছোৱালে কয়- “ভাৰত আৰু নেপালৰ মাজত থকা যিকোনো দ্বিপাক্ষিক বিষয়ত কোনো তৃতীয় পক্ষৰ কোনো ভূমিকা থাকিব নোৱাৰে । এনে সকলো বিষয়ৰ সমাধান কেৱল দুয়োখন দেশৰ মাজত পোনপটীয়া বাৰ্তালাপ আৰু পাৰস্পৰিক সহযোগিতাৰ জৰিয়তেহে সম্ভৱ ।”

ঐতিহাসিক সম্পৰ্ক আৰু দ্বিপাক্ষিক ব্যৱস্থা-

বৈদেশিক মন্ত্ৰালয়ৰ এই স্থিতিয়ে ভাৰতৰ সেই দীৰ্ঘদিনীয়া নীতিক পুনৰ প্ৰতিষ্ঠা কৰিছে, য’ত চুবুৰীয়া দেশসমূহৰ সৈতে থকা যিকোনো সমস্যাক কোনো বাহ্যিক শক্তিৰ সহায় নোলোৱাকৈ কেৱল দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে সমাধান কৰাত গুৰুত্ব দিয়া হয় ।

উল্লেখ্য যে, ভাৰত আৰু নেপালৰ মাজত শতিকা প্ৰাচীন ঐতিহাসিক, সাংস্কৃতিক আৰু সামাজিক সম্পৰ্ক আছে । সীমান্ত সম্পৰ্কীয় সকলো অমীমাংসিত বিষয়ৰ আলোচনাৰ বাবে দুয়োখন দেশৰ মাজত ইতিমধ্যে একাধিক আনুষ্ঠানিক আৰু চৰকাৰী ব্যৱস্থা সক্ৰিয় হৈ আছে । গতিকে কোনো ধৰণৰ বাহ্যিক হস্তক্ষেপৰ কোনো প্ৰয়োজন নাই বুলি ভাৰতে পুনৰ দোহাৰে ।

লগতে পঢ়ক : “কোনো অধিকাৰ নাই, মনে মনে থাকক!”- কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ সুৰত সুৰ মিলোৱা ইউৰোপীয় ইউনিয়নক ভাৰতৰ তীব্ৰ সকীয়নি