বিদ্ৰোহমুক্ত হ’ল মিজোৰামঃ মুখ্যমন্ত্ৰীৰ ঘোষণা- আত্মসমৰ্পণ কৰিলে সকলো বিদ্ৰোহীয়ে

বিদ্ৰোহমুক্ত হ’ল মিজোৰামঃ মুখ্যমন্ত্ৰীৰ ঘোষণা- আত্মসমৰ্পণ কৰিলে সকলো বিদ্ৰোহীয়ে

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই উল্লেখ কৰে যে মিজোৰামৰ শেষৰটো বাকী থকা জনগোষ্ঠীয় বিদ্ৰোহী গোটটোৱে ২০২৬ চনৰ ৩০ এপ্ৰিল বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে মিজোৰাম এতিয়া জাতিগত বিদ্ৰোহৰ পৰা মুক্ত । এই কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্ৰী লালডুহোমাই । এই কথা ঘোষণা কৰি এক বিবৃতিত তেওঁ কয় যে মিজোৰামৰ

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই উল্লেখ কৰে যে মিজোৰামৰ শেষৰটো বাকী থকা জনগোষ্ঠীয় বিদ্ৰোহী গোটটোৱে ২০২৬ চনৰ ৩০ এপ্ৰিল বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে

মিজোৰাম এতিয়া জাতিগত বিদ্ৰোহৰ পৰা মুক্ত । এই কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্ৰী লালডুহোমাই । এই কথা ঘোষণা কৰি এক বিবৃতিত তেওঁ কয় যে মিজোৰামৰ শেষৰটো বাকী থকা জনগোষ্ঠীয় বিদ্ৰোহী গোটটোৱে বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে । নিৰাপত্তা বাহিনীৰ সন্মুখত অস্ত্ৰ-শস্ত্ৰ থৈ ৰাজ্যখন বিদ্ৰোহমুক্ত কৰি তোলে তেওঁলোকে ।

জানিব পৰা মতে গোটটো কেইবাবছৰ ধৰি সক্ৰিয় হৈ থকা নাছিল । তথাপিও লালহমিংথাংগা সনাতে নেতৃত্বাধীন হমাৰ পিপলছ কনভেনচন ডেম’ক্ৰেটিক (এইচ পি চি ডি)ৰ এটা ফৈদে সময়ে সময়ে বিচ্ছিন্ন অপৰাধমূলক কাৰ্যকলাপত লিপ্ত হৈছিল ।

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই উল্লেখ কৰে যে মিজোৰামৰ শেষৰটো বাকী থকা জনগোষ্ঠীয় বিদ্ৰোহী গোটটোৱে ২০২৬ চনৰ ৩০ এপ্ৰিল বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে । সনাতে ফৈদক উত্তৰ-পূব ৰাজ্যখনৰ শেষৰটো বাকী থকা বিদ্ৰোহী গোট হিচাপে গণ্য কৰা হয় ।

ইয়াৰ ভিতৰত এইচ পি চি (ডি)য়ে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত হমাৰ জনগোষ্ঠীৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদৰ দাবী জনাইছিল । আইজলৰ সমীপৰ চেছাৱাঙত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত গোটটোৰ অন্তৰ্গত ৪৩ জন লোকে আত্মসমৰ্পণ কৰে । এই অনুষ্ঠানৰ নাম ঘৰ ৱাপছি ৰখা হয় । ১৪ এপ্ৰিলত মিজোৰাম চৰকাৰ আৰু এইচ পি চি (ডি)ৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয় । যিয়ে কাৰ্যকৰীভাৱে ৰাজ্যখনত বিদ্ৰোহৰ অন্ত পেলাইছে ।

অনুষ্ঠানত ভাষণ দি মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে মিজোৰামত শান্তিৰ বিষয়ে আলোচনা চৰ্চা হ’লে এইচ পি চি(ডি) বিদ্ৰোহৰ ছাঁ ৰৈ গৈছিল । আমি একমতত উপনীত হ’বলৈ মুকলি হৃদয়েৰে আলোচনাৰ কাষ চাপিলোঁ ৷ আমাৰ গৃহমন্ত্ৰী আৰু তেওঁৰ সহযোগীসকলে যথেষ্ট প্ৰচেষ্টা চলাইছিল । আমি আমাৰ লক্ষ্যত উপনীত হ’লোঁ । কোনো এটা জনগোষ্ঠী নিজৰ মিজো পৰিচয়ৰ ওপৰত নহয় বুলিও তেওঁ ঐক্যৰ বাৰ্তা আগবঢ়ায় ।

লগতে পঢ়ক : মণিপুৰত হিংসাৰ দাবানল, কুকি উগ্ৰপন্থীৰ আক্ৰমণত নিহত দুটি শিশু