অসম-নাগালেণ্ডৰ ঐতিহাসিক ত্ৰিপাক্ষিক চুক্তিক আদৰণি অমিত শ্বাহৰ

অসম চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তিৰ পিছতে এই পদক্ষেপক আদৰণি জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ক্ষণ । কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত এক ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে । এই চুক্তিয়ে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমান্ত বিবাদৰ অন্ত পেলোৱাৰ লগতে অঞ্চলটোত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ তথা উৎপাদনৰ এক নতুন দিগন্ত মুকলি কৰিব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ উপস্থিতিত এই ঐতিহাসিক চুক্তিখন স্বাক্ষৰিত হয় ।

গৃহমন্ত্ৰীৰ আদৰণি-

এই ঐতিহাসিক পদক্ষেপক আদৰণি জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত লিখিছে :

“ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত এক ঐতিহাসিক ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, যিয়ে উত্তৰ-পূবৰ দশকজোৰা বিবাদৰ অন্ত পেলাইছে আৰু অঞ্চলটোত তেল আৰু গেছ অন্বেষণৰ পথ মুকলি কৰিছে । ই ভাৰতৰ একতাৰ এক উৎকৃষ্ট উদাহৰণ হিচাপে জিলিকি উঠিছে, য’ত শক্তি-নিৰ্ভৰশীল ভাৰতৰ বাবে মোদী জীৰ স্বপ্ন বাস্তৱায়িত কৰিবলৈ দুয়োখন ৰাজ্যই বিবাদ ত্যাগ কৰিছে ।”

“ৰাষ্ট্ৰ প্ৰথম” আৰু ৫০-৫০ অংশীদাৰিত্ব

চুক্তি স্বাক্ষৰ অনুষ্ঠানত সমবেত ৰাইজক সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে “ৰাষ্ট্ৰ প্ৰথম” নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে এই চুক্তিয়ে কেন্দ্ৰ, অসম আৰু নাগালেণ্ড তিনিওটা পক্ষৰ বাবে এক লাভজনক পৰিস্থিতি সৃষ্টি কৰিছে । দুয়োখন ৰাজ্যই পুৰণি মতানৈক্যসমূহক একাষৰীয়া কৰি দেশৰ স্বাৰ্থত তেল সম্পদ আহৰণৰ বাবে ৫০-৫০ অংশীদাৰিত্বৰ চুক্তিত সন্মত হৈছে । শ্বাহে ইয়াক “ৰাষ্ট্ৰীয় সম্পত্তি” বুলি অভিহিত কৰি দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ এই জাতীয়তাবাদী ভাৱনাক প্ৰশংসা কৰে ।

মুখ্যমন্ত্ৰীদ্বয়ৰ নেতৃত্বক প্ৰশংসা-

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ নেতৃত্বক প্ৰশংসা কৰি গৃহমন্ত্ৰীয়ে কয়, “মই জানো যে অসমৰ স্বাৰ্থৰ কথা আহিলে হিমন্ত জী অতি দৃঢ় । কিন্তু, যেতিয়া মই তেওঁৰ সৈতে কথা পাতিলোঁ আৰু এই বিশেষ বিষয়টো একাষৰীয়া কৰি থবলৈ পৰামৰ্শ দিলোঁ… তেওঁ মান্তি হ’ল ।” তেওঁ লগতে আশা প্ৰকাশ কৰে যে এই চুক্তিয়ে সমগ্ৰ উত্তৰ-পূবতে খনিজ খননৰ পথ প্ৰশস্ত কৰিব ।

এই বুজাবুজি চুক্তিৰ অধীনত অসম-নাগালেণ্ড সীমান্তৰ ১,০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকা সামৰি লোৱা হৈছে । এই সমগ্ৰ অঞ্চলটোত প্ৰচুৰ পৰিমাণে শক্তি আৰু খনিজ ভাণ্ডাৰ থকা বুলি ধাৰণা কৰা হৈছে, য’ত এতিয়াৰে পৰা যৌথভাৱে অন্বেষণ আৰু উৎপাদন কাৰ্য চলোৱা হ’ব ।

লগতে পঢ়ক : শীঘ্ৰেই প্ৰায় সমগ্ৰ উত্তৰ-পূবৰ পৰা প্ৰত্যাহাৰ হ’ব AFSPA! অমিত শ্বাহৰ মন্তব্য

শীঘ্ৰেই প্ৰায় সমগ্ৰ উত্তৰ-পূবৰ পৰা প্ৰত্যাহাৰ হ’ব AFSPA! অমিত শ্বাহৰ মন্তব্য

শ্বাহে কয়, মই নিশ্চিত যে এখন বা দুখন ৰাজ্যক বাদ দি অহা বছৰ আমি সমগ্ৰ উত্তৰ-পূবৰ পৰা AFSPA প্ৰত্যাহাৰ কৰিম

অহা বছৰৰ ভিতৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় সকলো অংশৰ পৰাই সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ ‘আফস্পা’ (AFSPA) প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে । ১১ জুনত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । অঞ্চলটোত আফস্পাৰ অধীনত থকা এলেকা ক্ৰমান্বয়ে হ্ৰাস পোৱাটো শান্তি আৰু সুস্থিৰতা বৃদ্ধিৰ এক ডাঙৰ সূচক বুলি তেওঁ বৰ্ণনা কৰে ।

অসম আৰু নাগালেণ্ড চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বিবাদমান সীমান্ত অঞ্চলত খনিজ তেল অন্বেষণৰ বাবে এক ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হোৱাৰ পিছত এক অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । তেওঁ আস্থা প্ৰকাশ কৰি কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাত্ৰ “এখন বা দুখন ৰাজ্যত”হে অনাগত দিনত AFSPA বলবৎ হৈ থাকিব পাৰে ।

শ্বাহে কয়, “মই নিশ্চিত যে এখন বা দুখন ৰাজ্যক বাদ দি অহা বছৰ আমি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা AFSPA প্ৰত্যাহাৰ কৰিম ।”

তিনি দশকৰ অন্তত স্থবিৰতাৰ অন্ত :

এই ত্ৰিপাক্ষিক চুক্তিয়ে অসম-নাগালেণ্ড সীমান্তৰ বিবাদমান এলেকা বেল্টত (DAB) তেল আৰু খনিজ অন্বেষণৰ কাৰ্যসূচী দীৰ্ঘদিনৰ মূৰত পুনৰ আৰম্ভ কৰিব । উল্লেখ্য যে ক্ষেত্ৰাধিকাৰ সম্পৰ্কীয় বিবাদ আৰু নিৰাপত্তাজনিত উদ্বেগৰ বাবে বিগত তিনিটা দশকতকৈও অধিক সময় ধৰি এই অঞ্চলটোত সকলো ধৰণৰ কাম-কাজ স্থবিৰ হৈ আছিল ।

এই বুজাবুজিৰ চুক্তিক এক “ঐতিহাসিক মুহূৰ্ত” বুলি অভিহিত কৰি অমিত শ্বাহে কয় যে এই চুক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “উন্নত উত্তৰ-পূৰ্বাঞ্চল”ৰ সপোনৰ ক্ষেত্ৰত থকা এক ডাঙৰ হেঙাৰ দূৰ কৰিলে। তেওঁ লগতে কয় :

“উত্তৰ-পূৰ্বাঞ্চলত তেল, প্ৰাকৃতিক গেছ আৰু খনিজ পদাৰ্থৰ বুজন পৰিমাণৰ ভাণ্ডাৰ আছে । কিন্তু দীৰ্ঘদিনীয়া আইন-শৃংখলাজনিত প্ৰত্যাহ্বানৰ বাবে এইবোৰ বৃহৎ পৰিমাণে অব্যৱহৃত হৈ আছিল । এই চুক্তিয়ে খনিজ অন্বেষণৰ এক নতুন পথ মুকলি কৰিব ।”

উন্নয়নৰ মূল চাবিকাঠী : ‘সমবায় যুক্তৰাষ্ট্ৰবাদ’

গৃহমন্ত্ৰী শ্বাহে এই চুক্তিক উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক শান্তি প্ৰক্ৰিয়াৰ এক অংশ বুলি উল্লেখ কৰে । তেওঁ জনায় যে ২০১৯ চনৰ পৰা এতিয়ালৈকে বিভিন্ন সশস্ত্ৰ গোট আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত ১২খনকৈ গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত হৈছে । যাৰ ফলত অঞ্চলটোত হিংসাত্মক ঘটনাৰ মাত্ৰা প্ৰায় ৮০ শতাংশ হ্ৰাস পাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ ধাৰাবাহিক গুৰুত্বৰ বাবেই আজিয়েই ঐতিহাসিক দিনটো সম্ভৱ হৈ উঠিছে । পূৰ্বে কোনো সহমতত উপনীত হ’ব নোৱাৰাৰ বাবে অসম আৰু নাগালেণ্ড দুয়োখন ৰাজ্যৰে উন্নয়ন ব্যাহত হৈ আছিল । আজিয়ে মুকলি হোৱা এই পথ দুয়োখন ৰাজ্যৰ বাবে সমৃদ্ধিৰ দুৱাৰস্বৰূপ হ’ব আৰু ই ভাৰতৰ ‘সমবায় যুক্তৰাষ্ট্ৰবাদ’ (Cooperative Federalism)-ৰ এক উৎকৃষ্ট উদাহৰণ হৈ ৰ’ব ।

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমা বিবাদৰ ঐতিহাসিক সমাধান; স্বাক্ষৰিত হ’ল বুজাবুজি চুক্তি

উত্তৰ-পূবৰ ‘বিকাশৰ ইঞ্জিন’ হৈ পৰিছে অসম : শ্বিলঙত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূৰ্ণাংগ অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বাণিজ্য, সংযোগ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে এই সমগ্ৰ অঞ্চলটোৱে এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ।

উত্তৰ-পূৰ্বাঞ্চলক এতিয়া ভাৰতৰ মূল ভূখণ্ডৰ পৰা থকা ভৌগোলিক দূৰত্বৰে নহয়, বৰঞ্চ দক্ষিণ-পূব এছিয়াৰ সৈতে থকা ইয়াৰ কৌশলগত নিকটতাৰেহে সংজ্ঞায়িত কৰা হয় । এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ (NEC) ৭৩ সংখ্যক পূৰ্ণাংগ অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বাণিজ্য, সংযোগ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে এই সমগ্ৰ অঞ্চলটোৱে এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰৰ ‘এক্ট ইষ্ট পলিচী’, আন্তঃৰাষ্ট্ৰীয় বজাৰ, সংস্কৃতি আৰু নতুন নতুন সুযোগসমূহে ক্ৰমান্বয়ে উত্তৰ-পূবৰ ভৱিষ্যত সলনি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান অঞ্চলটোক লৈ চলি থকা চৰ্চাৰ ধাৰাটো সম্পূৰ্ণ সলনি হৈছে । পূৰ্বতে উত্তৰ-পূৰ্বাঞ্চল বুলিলে উগ্ৰপন্থী আৰু অস্থিৰতাৰ কথা চৰ্চা হৈছিল, কিন্তু এতিয়া ইয়াৰ পৰিৱৰ্তে কেৱল প্ৰগতি, সম্ভাৱনা আৰু উন্নয়নৰ কথাহে চৰ্চিত হয় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক মন্তব্যৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “আদৰণীয় গৃহমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰাৰ দৰেই, উত্তৰ-পূবত এতিয়া আমাৰ মনোযোগ আইন-শৃংখলা ৰক্ষা কৰাৰ পৰা আঁতৰি নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা আৰু উন্নয়নৰ গতি ক্ষিপ্ৰ কৰাৰ দিশলৈ স্থানান্তৰিত হৈছে ।”

অৰ্থনৈতিক চালিকা শক্তি হিচাপে অসম-

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ অৰ্থনৈতিক প্ৰগতিৰ খতিয়ান দাঙি ধৰে । ছেমিকণ্ডাক্টৰ উদ্যোগ, অভ্যন্তৰীণ জলপথ পৰিবহণ, ঔদ্যোগিক কৰিডৰ আৰু আতিথ্য খণ্ডৰ অভূতপূৰ্ব বিকাশৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক মূল খুঁটি বা ‘এংকৰ’ হিচাপে কাম কৰিছে ।

এন ই চি-ৰ ভূমিকা আৰু ভৱিষ্যতৰ লক্ষ্য-

অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নত উত্তৰ-পূব পৰিষদৰ ভূমিকাৰ শলাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে পৰিষদে বিগত বৰ্ষসমূহত সমগ্ৰ অঞ্চলটোত ১০,৫০০ কিলোমিটাৰতকৈও অধিক পথ আৰু ২,৫০০ কিলোমিটাৰ বিদ্যুৎ পৰিবাহী লাইন নিৰ্মাণত বৃহৎ সহযোগিতা আগবঢ়াইছে । তেওঁ লগতে আহ্বান জনায় যে উত্তৰ-পূবৰ ভৱিষ্যত কোনো এক একক ৰাজ্যৰ সুকীয়া উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰা নাই, বৰঞ্চ একত্ৰিত আন্তঃগাঁথনি, আন্তঃসংলগ্ন বজাৰ আৰু এক উমৈহতীয়া দৃষ্টিভংগীৰ ওপৰতহে নিৰ্ভৰশীল ।

ভৱিষ্যতৰ প্ৰত্যাহ্বান আৰু সুযোগৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক সজোৱাৰ প্ৰসংগত তেওঁ কয়, “আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্নিং, ব্লকচেইন প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি বৈদেশিক বাণিজ্য আৰু স্বাস্থ্য পৰ্যটনলৈকে আধুনিক যুগৰ সকলো সম্ভাৱনাক আঁকোৱালি লৈ অঞ্চলটোক আগুৱাই নিয়াত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে ।”

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ অধ্যক্ষতাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ পূৰ্ণাংগ অধিৱেশনত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, জ্যেষ্ঠ বিষয়াসকল আৰু কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ প্ৰতিনিধিসকল উপস্থিত আছিল ।

লগতে পঢ়ক : সমগ্ৰ অসমতে কাৰ্যকৰী হ’ব ‘চেল ব্ৰডকাষ্ট চিষ্টেম’; দুৰ্যোগৰ মুহূৰ্ততে মোবাইলত বাজিব সতৰ্কঘণ্টা

বিদ্ৰোহমুক্ত হ’ল মিজোৰামঃ মুখ্যমন্ত্ৰীৰ ঘোষণা- আত্মসমৰ্পণ কৰিলে সকলো বিদ্ৰোহীয়ে

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই উল্লেখ কৰে যে মিজোৰামৰ শেষৰটো বাকী থকা জনগোষ্ঠীয় বিদ্ৰোহী গোটটোৱে ২০২৬ চনৰ ৩০ এপ্ৰিল বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে

মিজোৰাম এতিয়া জাতিগত বিদ্ৰোহৰ পৰা মুক্ত । এই কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্ৰী লালডুহোমাই । এই কথা ঘোষণা কৰি এক বিবৃতিত তেওঁ কয় যে মিজোৰামৰ শেষৰটো বাকী থকা জনগোষ্ঠীয় বিদ্ৰোহী গোটটোৱে বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে । নিৰাপত্তা বাহিনীৰ সন্মুখত অস্ত্ৰ-শস্ত্ৰ থৈ ৰাজ্যখন বিদ্ৰোহমুক্ত কৰি তোলে তেওঁলোকে ।

জানিব পৰা মতে গোটটো কেইবাবছৰ ধৰি সক্ৰিয় হৈ থকা নাছিল । তথাপিও লালহমিংথাংগা সনাতে নেতৃত্বাধীন হমাৰ পিপলছ কনভেনচন ডেম’ক্ৰেটিক (এইচ পি চি ডি)ৰ এটা ফৈদে সময়ে সময়ে বিচ্ছিন্ন অপৰাধমূলক কাৰ্যকলাপত লিপ্ত হৈছিল ।

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই উল্লেখ কৰে যে মিজোৰামৰ শেষৰটো বাকী থকা জনগোষ্ঠীয় বিদ্ৰোহী গোটটোৱে ২০২৬ চনৰ ৩০ এপ্ৰিল বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে । সনাতে ফৈদক উত্তৰ-পূব ৰাজ্যখনৰ শেষৰটো বাকী থকা বিদ্ৰোহী গোট হিচাপে গণ্য কৰা হয় ।

ইয়াৰ ভিতৰত এইচ পি চি (ডি)য়ে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত হমাৰ জনগোষ্ঠীৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদৰ দাবী জনাইছিল । আইজলৰ সমীপৰ চেছাৱাঙত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত গোটটোৰ অন্তৰ্গত ৪৩ জন লোকে আত্মসমৰ্পণ কৰে । এই অনুষ্ঠানৰ নাম ঘৰ ৱাপছি ৰখা হয় । ১৪ এপ্ৰিলত মিজোৰাম চৰকাৰ আৰু এইচ পি চি (ডি)ৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয় । যিয়ে কাৰ্যকৰীভাৱে ৰাজ্যখনত বিদ্ৰোহৰ অন্ত পেলাইছে ।

অনুষ্ঠানত ভাষণ দি মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে মিজোৰামত শান্তিৰ বিষয়ে আলোচনা চৰ্চা হ’লে এইচ পি চি(ডি) বিদ্ৰোহৰ ছাঁ ৰৈ গৈছিল । আমি একমতত উপনীত হ’বলৈ মুকলি হৃদয়েৰে আলোচনাৰ কাষ চাপিলোঁ ৷ আমাৰ গৃহমন্ত্ৰী আৰু তেওঁৰ সহযোগীসকলে যথেষ্ট প্ৰচেষ্টা চলাইছিল । আমি আমাৰ লক্ষ্যত উপনীত হ’লোঁ । কোনো এটা জনগোষ্ঠী নিজৰ মিজো পৰিচয়ৰ ওপৰত নহয় বুলিও তেওঁ ঐক্যৰ বাৰ্তা আগবঢ়ায় ।

লগতে পঢ়ক : মণিপুৰত হিংসাৰ দাবানল, কুকি উগ্ৰপন্থীৰ আক্ৰমণত নিহত দুটি শিশু

বাংলাদেশৰ দুঃসাহসঃ উত্তৰ পূৰ্বাঞ্চলক সাঙুৰি প্ৰকাশ কৰিলে বিতৰ্কিত মানচিত্ৰ

উত্তৰ পূৰ্বাঞ্চলক সাঙুৰি বিতৰ্কিত মানচিত্ৰ প্ৰকাশ বাংলাদেশৰ

ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌত্বক ভেঙুচালি কৰাৰ ধৃষ্টতা বাংলাদেশৰ । শেহতীয়াকৈ বাংলাদেশে উত্তৰ পূৰ্বাঞ্চলক নিজৰ দেশৰ মানচিত্ৰত সাঙুৰি লোৱাৰ দুঃসাহস প্ৰকাশ কৰিছে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ এই ধৃষ্টতাই পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে । এইবাৰ ইউনুছে এগৰাকী পাকিস্তানী জেনেৰেলক বাংলাদেশৰ অংশ হিচাপে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহক সাঙুৰি দেখুওৱা এখন বিতৰ্কিত মানচিত্ৰ তুলি দিয়া দেখা গ’ল ।

প্ৰকাশিত বাতৰি অনুসৰি পাকিস্তানৰ জইন্ট চীফ অব্ ষ্টাফ কমিটীৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাই শেহতীয়াকৈ ঢাকা ভ্ৰমণ কৰি ইউনুছক সাক্ষাৎ কৰিছিল । ১৯৭১ চনৰ মুক্তিযুদ্ধৰ পিছৰে পৰা অৱনতি ঘটা দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শেহতীয়াকৈ ঘনিষ্ঠ হৈ অহাৰ সময়তে এই বৈঠক অনুষ্ঠিত হয় ।

দেওবাৰে মহম্মদ ইউনুছে পাকিস্তানী জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাৰ সৈতে হোৱা বৈঠকৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । কিন্তু ইউনুছে মিৰ্জাক “আৰ্ট অৱ ট্ৰাইমফ” শীৰ্ষক এখন কিতাপ উপহাৰ দিয়াৰ কথা পোহৰলৈ অহাত বিতৰ্কৰ সৃষ্টি হয়, যিখন কিতাপৰ প্ৰচ্ছদত ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্যক বাংলাদেশৰ অংশ হিচাপে দেখুওৱা এখন বিতৰ্কিত মানচিত্ৰ আছিল ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে উত্তৰ পূবাঞ্চলক লৈ বিতৰ্কিত মন্তব্য কৰি আহিছে । ইফালে বাংলাদেশ চৰকাৰৰ এই কাৰ্যক লৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো প্ৰতিক্ৰিয়া এতিয়ালৈকে প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক : আমেৰিকা-চীনৰ মাজত শীঘ্ৰে হ’ব বাণিজ্যিক চুক্তি; ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ ঘোষণা