অসম আৰু নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যা সমাধানৰ দিশে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে
অসম আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যা সমাধানৰ দিশে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে । দুয়োখন ৰাজ্যৰ মাজত থকা বিবাদমান এলেকাৰ হাইড্ৰ’কাৰ্বন (প্ৰাকৃতিক গেছ আৰু তেল) সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ আৰু দেশৰ উন্নয়নৰ স্বাৰ্থত বৃহস্পতিবাৰে (১১ জুন) এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয় ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই ঐতিহাসিক চুক্তিখন স্বাক্ষৰিত হয় । ইয়াৰ লগে লগে অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ আহৰণৰ ক্ষেত্ৰত থকা সকলো আইনী আৰু প্ৰশাসনিক হেঙাৰ আঁতৰি গ’ল বুলি জানিব পৰা গৈছে ।
এক্স যোগে মুখ্যমন্ত্ৰীৰ ঘোষণা :
১১ জুনত ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স-ত এক পোষ্ট যোগে এই কথা সদৰী কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-
“এই দীৰ্ঘদিনীয়া সীমান্ত বিবাদ অঞ্চলটোত উপলব্ধ প্ৰাকৃতিক সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক ডাঙৰ বাধা হৈ আছিল । কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত হোৱা এই চুক্তিয়ে সম্পদ উন্নয়নৰ পথ মুকলি কৰিলে ।”
৫টা ভাগত বিভক্ত আছিল বিবাদমান এলেকা :
মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰা মতে, অসম-নাগালেণ্ড সীমান্তৰ জটিল বিবাদমান এলেকাসমূহক মূলতঃ পাঁচটা ভাগত ক্ৰমে— A, B, C, D & E হিচাপে চিহ্নিত কৰা হৈছিল । ইয়াৰে কিছু অংশ অসমৰ আৰু আন কিছু অংশ নাগালেণ্ডৰ প্ৰশাসনিক নিয়ন্ত্ৰণত আছিল । এই অতি-আচ্ছাদিত প্ৰশাসনিক ব্যৱস্থাৰ বাবেই অঞ্চলটোৰ প্ৰাকৃতিক সম্পদসমূহ নিষ্কাশন কৰাত ইমান দিনে প্ৰত্যাহ্বানৰ সৃষ্টি হৈ আহিছিল ।
লাভালাভ ভগাই ল’ব দুয়োখন ৰাজ্যই:
নতুন চুক্তি অনুসৰি, এতিয়াৰে পৰা দুয়োখন ৰাজ্যই অঞ্চলটোৰ হাইড্ৰ’কাৰ্বন সম্ভাৱনীয়তাৰ পৰা লাভ কৰা ৰাজহ আৰু ৰয়েলটিৰ অংশীদাৰিত্ব বুজাবুজিৰে ভগাই ল’ব । ইয়াৰ ফলত ব্যাহত হৈ থকা নিষ্কাশন কাৰ্য পুনৰ সুচল হৈ পৰিব, যিয়ে দেশৰ অৰ্থনীতিলৈ বৃহৎ বৰঙণি যোগাব ।
গোলকীয় শক্তি প্ৰত্যাহ্বানৰ মাজত সময়োপযোগী পদক্ষেপ:
বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল আৰু গেছৰ ক্ৰমবৰ্ধমান মূল্য তথা দেশৰ আমদানি নিৰ্ভৰশীলতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, এনে পৰিস্থিতিত ঘৰুৱা সম্পদৰ সন্ধান কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছিল । এই চুক্তিয়ে দেশৰ শক্তি খণ্ডক স্বাৱলম্বী কৰাত সহায় কৰিব ।
লগতে পঢ়ক : ‘মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা’ই ৰাজ্যখনৰ কৃষি মূল্য শৃংখলা শক্তিশালী কৰিব’; মুখ্যমন্ত্ৰী









