ভয়ংকৰ ভূমিস্খলন, কেইবাজনো লোকৰ মৃত্যুৰ আশংকা

ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে

নাগালেণ্ডত হোৱা প্ৰচণ্ড বৰষুণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । দেওবাৰ, ৰাজ্যখনৰ মন (Mon) চহৰত ধাৰাষাৰ বৰষুণৰ বাবে সংঘটিত হোৱা এক ভয়ংকৰ ভূমিস্খলনত চাৰিগৰাকী মহিলাকে ধৰি অতি কমেও সাতজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । এই দুৰ্ঘটনাত অসম ৰাইফলছ কেম্পৰ তলৰ অংশত ব্যাপক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে ।

প্ৰাথমিক তথ্য অনুসৰি, উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ যাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ মাজতে বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে ।

ভূমিস্খলনৰ ফলত পকী ঘৰকে ধৰি ১০ টাতকৈও অধিক ঘৰ মাটিৰ তলত পোত গৈছে বুলি জানিব পৰা গৈছে । অঞ্চলটোত ধাৰাবাহিকভাৱে হৈ থকা ধাৰাসাৰ বৰষুণৰ মাজতে এই ঘটনা সংঘটিত হৈছে । ধাৰাষাৰ বৰষুণৰ বাবে ভূমিস্খলনৰ আশংকা আৰু অধিক বৃদ্ধি পাইছে । ঠাইডোখৰৰ অস্থিৰ ভূখণ্ড, নতুনকৈ হোৱা ভূমিস্খলন আৰু পানীৰ তীব্ৰ সোঁতৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে, যাৰ ফলত জৰুৰীকালীন কৰ্মী আৰু সঁজুলিসমূহ প্ৰভাৱিত স্থানলৈ লৈ যোৱাত পলম হৈছে ।

জীৱিতসকলৰ সন্ধান উলিয়াবলৈ আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ জুখিবলৈ স্থানীয় প্ৰশাসন তথা উদ্ধাৰকাৰী সংস্থাসমূহে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ মাজত কাম কৰি আছে । অৱশ্যে, এতিয়ালৈকে নিশ্চিতভাৱে মৃতকৰ সংখ্যা প্ৰকাশ কৰা নাই অথবা এতিয়াও কিমান লোক সন্ধানহীন হৈ আছে সেই সন্দৰ্ভত কোনো তথ্য যোগান ধৰা নাই প্ৰশাসনে ।

লগতে পঢ়ক : অৰুণাচলত পুনৰ ডাৱৰ বিস্ফোৰণৰ তাণ্ডৱ; উটুৱাই নিলে পথ-দলং

অসম-নাগালেণ্ড সীমা বিবাদৰ ঐতিহাসিক সমাধান; স্বাক্ষৰিত হ’ল বুজাবুজি চুক্তি

অসম আৰু নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যা সমাধানৰ দিশে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে

অসম আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যা সমাধানৰ দিশে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে । দুয়োখন ৰাজ্যৰ মাজত থকা বিবাদমান এলেকাৰ হাইড্ৰ’কাৰ্বন (প্ৰাকৃতিক গেছ আৰু তেল) সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ আৰু দেশৰ উন্নয়নৰ স্বাৰ্থত বৃহস্পতিবাৰে (১১ জুন) এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই ঐতিহাসিক চুক্তিখন স্বাক্ষৰিত হয় । ইয়াৰ লগে লগে অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ আহৰণৰ ক্ষেত্ৰত থকা সকলো আইনী আৰু প্ৰশাসনিক হেঙাৰ আঁতৰি গ’ল বুলি জানিব পৰা গৈছে ।

এক্স যোগে মুখ্যমন্ত্ৰীৰ ঘোষণা :

১১ জুনত ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স-ত এক পোষ্ট যোগে এই কথা সদৰী কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-

“এই দীৰ্ঘদিনীয়া সীমান্ত বিবাদ অঞ্চলটোত উপলব্ধ প্ৰাকৃতিক সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক ডাঙৰ বাধা হৈ আছিল । কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত হোৱা এই চুক্তিয়ে সম্পদ উন্নয়নৰ পথ মুকলি কৰিলে ।”

৫টা ভাগত বিভক্ত আছিল বিবাদমান এলেকা :

মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰা মতে, অসম-নাগালেণ্ড সীমান্তৰ জটিল বিবাদমান এলেকাসমূহক মূলতঃ পাঁচটা ভাগত ক্ৰমে—  A, B, C, D & E হিচাপে চিহ্নিত কৰা হৈছিল । ইয়াৰে কিছু অংশ অসমৰ আৰু আন কিছু অংশ নাগালেণ্ডৰ প্ৰশাসনিক নিয়ন্ত্ৰণত আছিল । এই অতি-আচ্ছাদিত প্ৰশাসনিক ব্যৱস্থাৰ বাবেই অঞ্চলটোৰ প্ৰাকৃতিক সম্পদসমূহ নিষ্কাশন কৰাত ইমান দিনে প্ৰত্যাহ্বানৰ সৃষ্টি হৈ আহিছিল ।

লাভালাভ ভগাই ল’ব দুয়োখন ৰাজ্যই:

নতুন চুক্তি অনুসৰি, এতিয়াৰে পৰা দুয়োখন ৰাজ্যই অঞ্চলটোৰ হাইড্ৰ’কাৰ্বন সম্ভাৱনীয়তাৰ পৰা লাভ কৰা ৰাজহ আৰু ৰয়েলটিৰ অংশীদাৰিত্ব বুজাবুজিৰে ভগাই ল’ব । ইয়াৰ ফলত ব্যাহত হৈ থকা নিষ্কাশন কাৰ্য পুনৰ সুচল হৈ পৰিব, যিয়ে দেশৰ অৰ্থনীতিলৈ বৃহৎ বৰঙণি যোগাব ।

গোলকীয় শক্তি প্ৰত্যাহ্বানৰ মাজত সময়োপযোগী পদক্ষেপ:

বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল আৰু গেছৰ ক্ৰমবৰ্ধমান মূল্য তথা দেশৰ আমদানি নিৰ্ভৰশীলতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, এনে পৰিস্থিতিত ঘৰুৱা সম্পদৰ সন্ধান কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছিল । এই চুক্তিয়ে দেশৰ শক্তি খণ্ডক স্বাৱলম্বী কৰাত সহায় কৰিব ।

লগতে পঢ়ক : ‘মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা’ই ৰাজ্যখনৰ কৃষি মূল্য শৃংখলা শক্তিশালী কৰিব’; মুখ্যমন্ত্ৰী

কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটদান আৰম্ভ

কৰ্ণাটকৰ দাৱনগেৰে দক্ষিণ আৰু বাগলকোট সমষ্টি, নাগালেণ্ডৰ ক’ৰিদাং সমষ্টি আৰু ত্ৰিপুৰাৰ ধৰ্মনগৰ সমষ্টিৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে

বৃহস্পতিবাৰৰ পুৱাৰ পৰা কৰ্ণাটকৰ দাৱনগেৰে দক্ষিণ আৰু বাগলকোট সমষ্টি, নাগালেণ্ডৰ ক’ৰিদাং সমষ্টি আৰু ত্ৰিপুৰাৰ ধৰ্মনগৰ সমষ্টিৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

কৰ্ণাটকত কংগ্ৰেছে বাগলকোট সমষ্টিৰ পৰা উমেশ মেটি আৰু দাৱনগেৰে দক্ষিণ আসনৰ উপ-নিৰ্বাচনৰ বাবে সমৰ্থ মল্লিকাৰ্জুনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । উমেশ মেটি হ’ল প্ৰয়াত কংগ্ৰেছ নেতা মেটি হুল্লাপ্পা যামনাপ্পাৰ (এইচ ৱাই মেটি) পুত্ৰ, যিয়ে বাগলকোট আসনৰ প্ৰতিনিধিত্ব কৰিছিল । আনহাতে সমৰ্থ মল্লিকাৰ্জুন কৰ্ণাটকৰ মন্ত্ৰী এছ এছ মল্লিকাৰ্জুনৰ পুত্ৰ । বিজেপিয়ে বাগলকোট আৰু দাৱনগেৰে দক্ষিণ বিধানসভা সমষ্টিৰ পৰা ক্ৰমে বীৰভদ্ৰয়া চৰণ্টিমথ আৰু শ্ৰীনিবাস টি. দাসাকাৰীয়াপ্পাক প্ৰক্ষেপ কৰিছে । এইচ ৱাই মেটিৰ মৃত্যুত বাগলকোট আসন আৰু শমানুৰ শিৱশংকৰপ্পাৰ মৃত্যুত দাৱনগেৰে দক্ষিণ আসনখন খালী হৈছিল ।

নাগালেণ্ডৰ ক’ৰিদাং আসনৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী টি চালুকুম্বা এঅ’ৰ বিৰুদ্ধে বিজেপি নেতা ইমকং এল ইমচেনৰ পুত্ৰ দাওচিয়াৰ আই ইমচেনে প্ৰতিদ্বন্দ্বিতা কৰিছে । টি চালুকুম্বা এঅ’ই ২০২৩ চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনত জনতা দল (ইউনাইটেড)ৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল । বিজেপিৰ ৰাজ্যিক পৰিষদৰ সদস্য ইমচাইনবা জমিৰে ইমচেনৰ সমৰ্থনত নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল । নাগালেণ্ডৰ ক’ৰিদাং (অনুসূচিত জনজাতি) আসনখন জ্যেষ্ঠ বিজেপি নেতা ইমকং এল ইমচেনৰ মৃত্যুৰ পিছত খালী হৈছিল ।

ত্ৰিপুৰাত বিজেপিয়ে ধৰ্মনগৰ আসনৰ বাবে জহৰ চক্ৰৱৰ্তীক দলৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে, যাৰ বিৰুদ্ধে কংগ্ৰেছৰ চয়ন ভট্টাচাৰ্যই প্ৰতিদ্বন্দ্বিতা কৰিছে । ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ অমিতাভ দত্তও এই দৌৰত আছে । ত্ৰিপুৰাৰ অধ্যক্ষ তথা চাৰিবাৰৰ বিধায়ক বিশ্ব বন্ধু সেনৰ বিয়োগৰ পিছত আসনখন খালী হৈছিল ।

গোৱাৰ খালী হৈ থকা বিধানসভা সমষ্টিটোতো আজি ভোটগ্ৰহণৰ কথা আছিল; অৱশ্যে বোম্বাই উচ্চ ন্যায়ালয়ে পণ্ডা উপ-নিৰ্বাচন বাতিল কৰে । উপ-নিৰ্বাচনৰ ফলাফল ৪ মে’ত ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : মহিলা সবলীকৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ নতুন বাৰ্তা, জনালে বিশেষ আহ্বান

অমিত শ্বাহে সমাধান কৰিলে নাগালেণ্ড বিবাদৰ; কেন্দ্ৰ আৰু ENPO ৰ মাজত ঐতিহাসিক চুক্তি

শেষ হ’ল নাগালেণ্ডৰ দীৰ্ঘদিনীয়া বিবাদ। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰ আৰু ENPO ৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ।

উত্তৰ-পূর্বাঞ্চলৰ শান্তিৰ এক বৃহৎ বাধা দূৰ হ’ল৷ নাগালেণ্ডত দশক দশক ধৰি চলি অহা বিবাদৰ সমাধান কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যন( ENPO) ৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়।

ইয়াৰ অধীনত পূব নাগালেণ্ডৰ উন্নয়ন আৰু প্ৰশাসনৰ বাবে ‘ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি’ (FNTA) গঠন কৰা হ’ব।

১৪ বছৰীয়া এই দাবী পূৰণ কৰিলে কেন্দ্ৰ চৰকাৰে। ইয়াৰ বাবে যি ব্যয় হ’ব, গৃহ মন্ত্ৰালয়ে বহন কৰিব বুলিও আশ্বাস দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে।

পূব নাগালেণ্ডৰ ছখন জিলা – কিফিৰে, লংলেং, মন, নোক্লক, ছামটৰ আৰু টুয়েনছাঙৰ ৰাইজে দীৰ্ঘদিন ধৰি অনুভৱ কৰিছিল যে ৰাজ্য গঠনৰ পিছত তেওঁলোকে ন্যায় নাপালে।

আঠটা জনজাতিক প্ৰতিনিধিত্ব কৰা শীৰ্ষ সংস্থা ENPO এ দশক দশক ধৰি অৱহেলাৰ অভিযোগ উত্থাপন কৰি ২০১০ চনৰ পৰাই পৃথক ৰাজ্যৰ দাবী আৰম্ভ কৰিছিল।

দীঘলীয়া বিবেচনাৰ অন্তত, ENPO, ‘ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি’ ৰ ফ্ৰেমৱৰ্কৰ অধীনত স্বায়ত্তশাসনৰ বাবে কেন্দ্ৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।

চুক্তি স্বাক্ষৰ কৰাৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, কেন্দ্ৰ চৰকাৰে পূব নাগালেণ্ডৰ উন্নয়নৰ বাবে সম্ভৱপৰ সকলো সহায় আগবঢ়াব আৰু সকলো দায়িত্ব পালন কৰিব।

গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে প্ৰতিষ্ঠানটোৰ প্ৰাৰম্ভিক খৰচ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বহন কৰিব আৰু প্ৰতি বছৰে উন্নয়নৰ বাবে নিৰ্দিষ্ট ধনৰাশি মুকলি কৰা হ’ব।

২০২১-২২ চনৰ নিৰ্বাচনৰ কথা উল্লেখ কৰি শ্বাহে কয় যে, যেতিয়া ENPO এ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত লৈছিল, ইয়াৰ পিছত তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু ন্যায়ৰ আশ্বাস দিছিলে।

শ্বাহে কয় যে ২০১৯ চনৰ পৰা উত্তৰ-পূবত ১২খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে, যিটোৱে অঞ্চলটোৰ শান্তি আৰু উন্নয়নৰ প্ৰতি মোদী চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

লগতে পঢ়ক: মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব য়ুমনাম খেমচান্দ সিং; এবছৰৰ পাছত ৰাজ্যখনৰ পৰা আতঁৰিব ৰাষ্ট্ৰপতি শাসন

নাগালেণ্ড প্ৰতিষ্ঠাৰ ৬৩ বছৰ… ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী মোদীকে ধৰি সমগ্ৰ দেশৰ অভিনন্দন

ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী মোদীকে ধৰি অনেকজনৰ অভিনন্দন

আজিৰ পৰা ৬৩ বছৰ পূৰ্বে নাগালেণ্ড ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা হৈছিল । আজি ৰাজ্যখনৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, বিৰোধী নেতা ৰাহুল গান্ধীকে ধৰি দেশৰ বহু নবীন-প্ৰবীণ নেতাই অভিনন্দন জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি নাগালেণ্ডবাসীক অভিনন্দন জনায় । তেওঁ কয় যে নাগালেণ্ডৰ চহকী সংস্কৃতি, সাহস আৰু সেৱাৰ মনোভাৱ সমগ্ৰ দেশতে প্ৰশংসিত । তেওঁ ৰাজ্যবাসীৰ উজ্জ্বল ভৱিষ্যত আৰু উন্নয়ন কামনা কৰে ।

আনহাতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও নাগালেণ্ডবাসীক ৰাজ্যখনৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনায় । তেওঁ কয় যে নাগালেণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্য্য, চহকী সংস্কৃতি আৰু জনজাতীয় বৈচিত্ৰ্য গৌৰৱৰ বিষয় । প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনত শান্তি, সমৃদ্ধি আৰু প্ৰগতি কামনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

গৃহমন্ত্ৰী অমিত শ্বাহেও নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক অভিনন্দন জ্ঞাপন কৰে । উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যখনৰ চহকী পৰম্পৰা আৰু ইয়াৰ জনসাধাৰণৰ সবল মনোভাৱে দেশৰ সাংস্কৃতিক ঐক্যক অধিক মজবুত কৰি তুলিছে বুলি তেওঁ কয় । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ এক পোষ্টত অমিত শ্বাহে লিখিছে যে তেওঁ নাগালেণ্ডৰ ভাই-ভনীসকলক প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছে । ৰাজ্যখনৰ সজীৱ পৰম্পৰা আৰু জনসাধাৰণৰ দৃঢ়তাই আমাৰ দেশৰ সাংস্কৃতিক ঐতিহ্যক শক্তিশালী কৰে । নগালেণ্ড যাতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰে আগবাঢ়ে তাৰ কামনা কৰিলোঁ ।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও নাগালেণ্ডবাসীক শুভেচ্ছা বাৰ্তা প্ৰদান কৰে । তেওঁ কয় যে প্ৰতিষ্ঠা দিৱসত নাগালেণ্ডবাসীক শুভেচ্ছা জনালোঁ । ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য, শক্তিশালী মনোভাৱ আৰু ৰাষ্ট্ৰৰ উন্নয়নত নাগালেণ্ডৰ অৱদান আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় । আগন্তুক বছৰে ৰাজ্যখনলৈ নতুন সম্ভাৱনা, প্ৰগতি আৰু সমৃদ্ধি কঢ়িয়াই আনক ।

উল্লেখ্য যে, ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডক ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু তেতিয়াৰ পৰাই এই দিৱস প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি অহা হৈছে ।

লগতে পঢ়ক : আজিৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন; SIRক লৈ বিতৰ্কৰ সম্ভাৱনা

NDPP ত যোগদান নাগালেণ্ডৰ সাত বিধায়কৰ… অজিত পাৱাৰক বিশ্বাসঘাটকতা

NDPP ত যোগদান সাত বিধায়কৰ

নাগালেণ্ডৰ জাতীয়তাবাদী কংগ্ৰেছ দলৰ সাতজন বিধায়কে শনিবাৰে শাসকীয় নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (NDPP ) ত যোগদান কৰে।

এই পদক্ষেপৰ জৰিয়তে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ নেতৃত্বত NDPP য়ে ৬০ জনীয়া নাগালেণ্ড বিধানসভাত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

কিন্তু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ বাবে এইটো এটা ডাঙৰ বিপৰ্যয় বুলি বিবেচিত হৈছে।এতিয়া ৰাজ্যত এন ডি পি পিৰ বিধায়কৰ সংখ্যা ২৫ৰ পৰা ৩২লৈ বৃদ্ধি পাইছে, যাৰ ফলত দলটোৰ স্থিতি আৰু অধিক মজবুত হৈছে।

কিন্তু এতিয়া নগালেণ্ডত এন চি পিৰ আধিপত্যৰ অন্ত পৰিছে।যিয়ে নাগালেণ্ডৰ ৰাজনীতিত এক নতুন মুৰ কঢ়িয়াই আনিছে।

প্ৰথমে শৰদ পাৱাৰৰ লগত সম্পৰ্ক বিচ্ছিন্ন, এতিয়া অজিতৰ লগত গেম

এটা সময়ত যেতিয়া শৰদ পাৱাৰৰ দল এন চি পিত বিভাজন হৈছিল, তেতিয়া নাগালেণ্ড ইউনিটে নিজকে অজিত পাৱাৰৰ সৈতে জড়িত কৰি ৰাখিছিল।

২০২৩ চনত যেতিয়া ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়া NDPP য়ে ২৫খন আসন লাভ কৰিছিল,আনহাতে ইয়াৰ মিত্ৰ দল বিজেপিয়ে ১২খন আসন লাভ কৰিছিল।

একে সময়তে এনচিপিয়ে ৭খন আসনেৰে তৃতীয় বৃহত্তম দল হিচাপে নিজৰ উপস্থিতি পঞ্জীয়ন কৰিছিল।কিন্তু এতিয়া এই বিধায়কসকলে অজিত পাৱাৰৰ সৈতে  খেলি শাসকীয় এন ডি পি পিত যোগদান কৰিছে।

যদি সকলো বিধায়কে একেলগে পক্ষ সলনি কৰিছে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা ল’ব নোৱাৰিব।  

এই সাত বিধায়কে সলনি কৰিলে পক্ষ

নাগালেণ্ডত পক্ষ সলনি কৰা সাতজন বিধায়কৰ ভিতৰত আছে টেনিঙৰ পৰা নামৰি নাচাং, আটয়জুৰ পৰা পিক্টো শ্বোহে, ৱোখা টাউনৰ ৱাই ম্হোনবেমো হামটছ’, মন টাউনৰ পৰা ৱাই মানখাও কনিয়াক, লংলেঙৰ এ পংছি ফ’ম, নোক্লকৰ পৰা পি লংগন আৰু চুৰুহোটোৰ এছ টয়হো য়েপথো।

এই বিষয়ত কি ক’লে অজিত পাৱাৰে?

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন চি পিৰ ৰাষ্ট্ৰীয় সভাপতি অজিত পাৱাৰে কয় যে কিছুদিন পূৰ্বে নাগালেণ্ডৰ বিধায়কসকলে তেওঁক সাক্ষাৎ কৰিছিল।

পাৱাৰে ক’লে, “তেওঁলোকে মোক দেৱগিৰি বাংলোত লগ কৰিবলৈ আহিছিল আৰু তেওঁলোকৰ সমস্যাৰ কথা ভাগ কৰিছিল।”

তেওঁলোকৰ অভিযোগ আছিল যে তেওঁলোকৰ কোনো কামেই কৰা হোৱা নাই।” এনচিপিত ৰাজ্যৰ দায়িত্ব বিভিন্ন নেতাক দিয়া হৈছে বুলিও তেওঁ কয়।

বিধায়কসকলৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও কথা পাতিছিল,কাৰণ নাগালেণ্ডৰ বহু অঞ্চল অসমৰ সংলগ্ন৷অসমৰ মুখ্যমন্ত্ৰীয়ে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ সৈতে এই বিষয়ত আলোচনা কৰিব বুলি আশ্বাস দিছিল।  

লগতে পঢ়ক: এইবাৰ আইপিএলে লাভ কৰিব নতুন চেম্পিয়ন;  আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ

আজিৰে পৰা নাগালেণ্ডত আৰম্ভ হ’ব ‘হৰ্ণবিল উৎসৱ’, কেতিয়া সমাপ্ত হ’ব ?

আজিৰে পৰা বছৰৰ শেষৰটো মাহ আৰম্ভ হৈছে । অৰ্থাৎ ২০২৪ বৰ্ষটো এতিয়া কেইদিনমানৰ অতিথি । ২০২৪ বৰ্ষটোৱে এতিয়া আমাৰ মাজৰ পৰা বিদায় লোৱাৰ সময় সমাগত । যদি আপুনি বছৰৰ শেষৰ কেইটামান দিনক স্মৰণীয় কৰি তুলিব বিচাৰে আৰু এই পাৰ হৈ যোৱা বছৰটোক স্মৰণীয়ভাৱে বিদায় দিব বিচাৰে, তেন্তে আপুনি নাগালেণ্ডলৈ ৰাওনা হ’ব পাৰে ।

কাৰণ আজিৰে পৰা অৰ্থাৎ ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডত আৰম্ভ হ’ব ‘হৰ্ণবিল ফেষ্টিভেল ২০২৪’ । এইবাৰ হৰ্ণবিল ফেষ্টিভেলে ২৫ বছৰ সম্পূৰ্ণ কৰিছে । এই উৎসৱ ভাৰতৰ অন্যতম জনপ্ৰিয় তথা ৰঙীন উৎসৱ বুলি গণ্য কৰা হয়, য’ত পৰিস্ফুট হয় নাগালেণ্ডৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্বকীয় ঐতিহ্য ।

ৰূপালী জয়ন্তীত হৰ্ণবিল উৎসৱ-

এইবাৰ হৰ্ণবিল উৎসৱে ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে । অৰ্থাৎ এইবাৰৰ উদযাপন আন বছৰৰ তুলনাত অধিক দৰ্শনীয় হ’বলৈ গৈ আছে । ২০০০ চনত যেতিয়া হৰ্ণবিল উৎসৱ আৰম্ভ হৈছিল তেতিয়া মাত্ৰ ৩ দিনৰ বাবেহে উৎসৱ উদযাপন কৰা হৈছিল । কিন্তু সময়ৰ লগে লগে ইয়াক উদযাপন কৰিবলৈ দিনৰ সংখ্যা বৃদ্ধি পালে আৰু এতিয়া এই উৎসৱ ১০ দিন উদযাপন কৰা হয় ।

নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কেৱল ভাৰততে নহয়, বিদেশতো অতি জনপ্ৰিয় । সেয়েহে নগালেণ্ডৰ সংস্কৃতিৰ সৈতে পৰিচিত হ’বলৈ ইয়াত অংশগ্রহণ কৰিবলৈ বৃহৎ সংখ্যক বিদেশী পর্যটকো আহে ৷

এই উৎসৱ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত পৰ্যটন সচিব জি হুকুঘা ছেমাই কয় যে হৰ্ণবিল মহোৎসৱলৈ অহা পৰ্যটকক নাগালেণ্ডত বিশেষ অতিথি হিচাপে আদৰণি জনোৱা হয় । মূলতঃ নাগালেণ্ডৰ ঐতিহাসিক গাঁও কিছামাত হৰ্ণবিল উৎসৱৰ আয়োজন কৰা হয় । সেয়ে ভাৰত-বিদেশৰ পৰা অহা লাখ লাখ পৰ্যটক ইয়ালৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে উন্নয়নমূলক কাম-কাজো কৰা হৈছে ।

১০ দিনীয়া এই উৎসৱৰ সময়ত, পৰ্যটকসকলে নাগালেণ্ডৰ জনজাতীয় সংস্কৃতি আৰু ইতিহাস নিবিড়ভাৱে জানিবলৈ আৰু বুজি পোৱাৰ সুযোগ পায় । এই ১০ দিনত, নৃত্য, গীত, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ লগতে হস্তশিল্প, বাঁহৰ সামগ্ৰী, নাগা হস্ত তাঁত সামগ্ৰী, জনজাতীয় গহনা আদিৰ প্ৰদৰ্শনী হয় ।