নাগালেণ্ড প্ৰতিষ্ঠাৰ ৬৩ বছৰ… ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী মোদীকে ধৰি সমগ্ৰ দেশৰ অভিনন্দন

নাগালেণ্ড প্ৰতিষ্ঠাৰ ৬৩ বছৰ… ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী মোদীকে ধৰি সমগ্ৰ দেশৰ অভিনন্দন

ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী মোদীকে ধৰি অনেকজনৰ অভিনন্দন আজিৰ পৰা ৬৩ বছৰ পূৰ্বে নাগালেণ্ড ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা হৈছিল । আজি ৰাজ্যখনৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, বিৰোধী নেতা ৰাহুল গান্ধীকে ধৰি দেশৰ বহু নবীন-প্ৰবীণ নেতাই অভিনন্দন

ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী মোদীকে ধৰি অনেকজনৰ অভিনন্দন

আজিৰ পৰা ৬৩ বছৰ পূৰ্বে নাগালেণ্ড ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা হৈছিল । আজি ৰাজ্যখনৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, বিৰোধী নেতা ৰাহুল গান্ধীকে ধৰি দেশৰ বহু নবীন-প্ৰবীণ নেতাই অভিনন্দন জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি নাগালেণ্ডবাসীক অভিনন্দন জনায় । তেওঁ কয় যে নাগালেণ্ডৰ চহকী সংস্কৃতি, সাহস আৰু সেৱাৰ মনোভাৱ সমগ্ৰ দেশতে প্ৰশংসিত । তেওঁ ৰাজ্যবাসীৰ উজ্জ্বল ভৱিষ্যত আৰু উন্নয়ন কামনা কৰে ।

আনহাতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও নাগালেণ্ডবাসীক ৰাজ্যখনৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনায় । তেওঁ কয় যে নাগালেণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্য্য, চহকী সংস্কৃতি আৰু জনজাতীয় বৈচিত্ৰ্য গৌৰৱৰ বিষয় । প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনত শান্তি, সমৃদ্ধি আৰু প্ৰগতি কামনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

গৃহমন্ত্ৰী অমিত শ্বাহেও নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক অভিনন্দন জ্ঞাপন কৰে । উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যখনৰ চহকী পৰম্পৰা আৰু ইয়াৰ জনসাধাৰণৰ সবল মনোভাৱে দেশৰ সাংস্কৃতিক ঐক্যক অধিক মজবুত কৰি তুলিছে বুলি তেওঁ কয় । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ এক পোষ্টত অমিত শ্বাহে লিখিছে যে তেওঁ নাগালেণ্ডৰ ভাই-ভনীসকলক প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছে । ৰাজ্যখনৰ সজীৱ পৰম্পৰা আৰু জনসাধাৰণৰ দৃঢ়তাই আমাৰ দেশৰ সাংস্কৃতিক ঐতিহ্যক শক্তিশালী কৰে । নগালেণ্ড যাতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰে আগবাঢ়ে তাৰ কামনা কৰিলোঁ ।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও নাগালেণ্ডবাসীক শুভেচ্ছা বাৰ্তা প্ৰদান কৰে । তেওঁ কয় যে প্ৰতিষ্ঠা দিৱসত নাগালেণ্ডবাসীক শুভেচ্ছা জনালোঁ । ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য, শক্তিশালী মনোভাৱ আৰু ৰাষ্ট্ৰৰ উন্নয়নত নাগালেণ্ডৰ অৱদান আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় । আগন্তুক বছৰে ৰাজ্যখনলৈ নতুন সম্ভাৱনা, প্ৰগতি আৰু সমৃদ্ধি কঢ়িয়াই আনক ।

উল্লেখ্য যে, ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডক ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু তেতিয়াৰ পৰাই এই দিৱস প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি অহা হৈছে ।

লগতে পঢ়ক : আজিৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন; SIRক লৈ বিতৰ্কৰ সম্ভাৱনা

শেহতীয়া প্ৰৱন্ধসমূহ