আজিৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন; SIRক লৈ বিতৰ্কৰ সম্ভাৱনা

আজিৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন; SIRক লৈ বিতৰ্কৰ সম্ভাৱনা

আজিৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন।যি ১৯ ডিচেম্বৰলৈকে চলি থাকিব।এইবাৰ সংসদৰ অধিৱেশন সংঘাতপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ ভৱনৰ হান্স গেটত সংবাদ মাধ্যমক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নেশ্যনেল হেৰাল্ডৰ গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল

আজিৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন।যি ১৯ ডিচেম্বৰলৈকে চলি থাকিব।এইবাৰ সংসদৰ অধিৱেশন সংঘাতপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ ভৱনৰ হান্স গেটত সংবাদ মাধ্যমক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

নেশ্যনেল হেৰাল্ডৰ গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন এফআইআৰক লৈ ক্ষুব্ধ কংগ্ৰেছ।ইয়াৰ বাহিৰেও দেশত চলি থকা এছ আই আৰ প্ৰক্ৰিয়াক লৈ হুলস্থুলৰ সৃষ্টি হ’ব পাৰে।

১২খন ৰাজ্যত চলি থকা বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়াক লৈ সংসদত চৰকাৰক কোণত ৰখাৰ পৰিকল্পনা কৰিছে বিৰোধীয়ে।

ইয়াৰ উপৰিও দিল্লীৰ আত্মঘাতী বোমা বিস্ফোৰণ আৰু দিল্লী-এনচিআৰত প্ৰদূষণৰ ভয়ংকৰ অৱস্থাৰ ওপৰত আলোচনাৰ দাবীয়ে অধিবেশন হিংসাত্মক ৰূপ লোৱাৰো সম্ভাৱনা আছে।

লগতে পঢ়ক: নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন FIR…