নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন FIR...

নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন FIR…

নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন FIR ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ডৰ গোচৰত নতুনকৈ FIR দাখিল কৰা হৈছে। ৰাহুল আৰু ৰাজ্যসভাৰ সাংসদ গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই নতুনকৈ এফআইআৰ

নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন FIR

ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ডৰ গোচৰত নতুনকৈ FIR দাখিল কৰা হৈছে।

ৰাহুল আৰু ৰাজ্যসভাৰ সাংসদ গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই নতুনকৈ এফআইআৰ দাখিল কৰিছে।

এই এফ আই আৰত ৰাহুল আৰু ছোনিয়াৰ লগতে আন ছয়জন লোক আৰু তিনিটা কোম্পানীকো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।

এফআইআৰৰ মতে,অভিযোগ কৰা হৈছে যে কংগ্ৰেছৰ সৈতে জড়িত কোম্পানী এ জে এল (এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড)ক প্ৰৱঞ্চনাৰে নিজৰ দখল কৰিবলৈ অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।

এই এফআইআৰ ৩ অক্টোবৰত বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) অভিযোগৰ ভিত্তিত ৰুজু কৰা হৈছিল।ইডিয়ে দিল্লী আৰক্ষীৰ সৈতে তদন্তৰ প্ৰতিবেদন শ্বেয়াৰ কৰিছিল। পিএমএলএৰ ধাৰা ৬৬(২)ৰ অধীনত ইডিয়ে যিকোনো সংস্থাক নিৰ্ধাৰিত অপৰাধ পঞ্জীয়ন কৰিবলৈ ক’ব পাৰে।

এফআইআৰত অভিযুক্ত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, ছেম পিত্রোডা (ভাৰতীয় বহিঃৰাজ্য কংগ্ৰেছৰ মুৰব্বী)কে ধৰি আন তিনিজন লোকো আছে।লগতে  এ জে এল, ইয়ং ইণ্ডিয়ান, ডটেক্স মাৰ্চেণ্ডাইজ প্ৰাইভেট লিমিটেড নামৰ তিনিটা কোম্পানীও আছে।

লগতে পঢ়ক: “মই কংগ্ৰেছৰ এজন নিষ্ঠাবান জোৱান…”; ৰাজনৈতিক বিতৰ্কক লৈ কি ক’লে ডি কে শিৱকুমাৰে?

শেহতীয়া প্ৰৱন্ধসমূহ