মোদী চৰকাৰৰ বৈদেশিক নীতিক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ কটাক্ষ

ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে মোদী চৰকাৰৰ ইজৰাইল সমৰ্থক নীতিৰ ফলত ভাৰতে পেলেষ্টাইন আৰু ইৰাণৰ পৰা নিজকে আঁতৰাই ৰাখিছে।ইয়াৰ ফলত বিশ্বৰ বিশ্বাসযোগ্যতা হ্ৰাস পালে আৰু পাকিস্তানে মধ্যস্থতাকাৰী হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিলে।

আমেৰিকা-ইৰাণৰ মাজত বৃদ্ধি পোৱা উত্তেজনা আৰু পৰিৱৰ্তনশীল বিশ্ব সমীকৰণৰ মাজতে দেশৰ ৰাজনীতিত এক নতুন জোকাৰণি সৃষ্টি হৈছে। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে কেন্দ্ৰীয় মোদী চৰকাৰৰ বৈদেশিক নীতিৰ ওপৰত এতিয়ালৈকে আটাইতকৈ কঠোৰ আক্ৰমণ কৰিছে। ছোনিয়া গান্ধীয়ে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰি দাবী কৰে যে মোদী চৰকাৰৰ নিৰ্বাক অৱস্থান আৰু ইজৰাইলৰ প্ৰতি একপক্ষীয় স্থিতি গ্ৰহণ কৰাৰ ফলত আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ পৰম্পৰাগত আৰু মজবুত প্ৰতিচ্ছৱি গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।

ছোনিয়া গান্ধীয়ে কয় যে যদি ভাৰতে নিজৰ দশক পুৰণি স্বাধীন আৰু সন্তুলিত বৈদেশিক নীতি অটুট ৰাখিলেহেঁতেন, তেন্তে আজি পশ্চিম এছিয়াৰ এই ভয়ংকৰ সংকট বা ইৰাণ-আমেৰিকাৰ দৰে যিকোনো বৃহৎ সংঘাতত ভাৰতে এজন স্বাভাৱিক মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিব পাৰিলেহেঁতেন। তেওঁ অভিযোগ কৰে যে ভাৰত আঁতৰি অহাৰ বাবে আৰু নিজৰ ঐতিহাসিক সহযোগী দেশ যেনে— পেলেষ্টাইন, ইৰাণ আৰু বৃহত্তৰ পশ্চিম এছিয়াৰ পৰা দূৰত্ব বজাই ৰখাৰ ফলত যি এক কূটনৈতিক শূন্যতা সৃষ্টি হ’ল, তাৰ পোনপটীয়া লাভ আমাৰ চুবুৰীয়া দেশে পালে। ছোনিয়াই লগতে কয় যে ভাৰতৰ এই দুৰ্বলতাৰ সুযোগ লৈ পাকিস্তানে আগুৱাই অহাৰ আৰু নিজকে এজন মধ্যস্থতাকাৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ এটা সোণালী সুযোগ লাভ কৰিলে।

ছোনিয়া গান্ধীৰ এই তীক্ষ্ণ কটাক্ষৰ লগে লগে কংগ্ৰেছ নেতা তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’-ত এক অতি আক্ৰমণাত্মক পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পোনপটীয়াকৈ লক্ষ্য কৰি লয়। ৰাহুল গান্ধীয়ে লিখে যে, “আমি এনে এক সময়ত ইজৰাইলৰ কৌশলগত বৃত্তত গভীৰভাৱে সোমাই পৰিছোঁ, যি সময়ত সমগ্ৰ বিশ্বই তাৰ পৰা দূৰত্ব বজাই চলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণ অতি আচৰিত আৰু ভুল কৌশলগত সিদ্ধান্ত হিচাপে ইতিহাসত লিপিবদ্ধ কৰা হ’ব।”

ভাৰতীয় জাতীয়তাবাদৰ দোহাই দি ৰাহুল গান্ধীয়ে লগতে লিখে যে ভাৰতৰ মূল ভাৱনা সদায় ন্যায়ৰ পক্ষত থিয় দি আহিছে। ভাৰতীয় জাতীয়তাবাদে দাবী কৰে যে আমি আমাৰ পেলেষ্টাইনী ভাই-ভনীসকলৰ আৰু সেই নিৰীহ শিশুসকলৰ পক্ষত মাত মাতিব লাগে, যিসকলক এই যুদ্ধত নিৰ্দয়ভাৱে লক্ষ্য কৰি লোৱা হৈছে। ৰাহুল গান্ধীয়ে মাতৃ ছোনিয়া গান্ধীক সমৰ্থন জনাই দাবী কৰে যে ভাৰতে শীঘ্ৰে নিজৰ স্বাধীন বৈদেশিক নীতিলৈ উভতি আহিব লাগে আৰু গাজাৰ বিষয়ত নৈতিক স্পষ্টতাৰে মানৱীয় মূল্যবোধ ৰক্ষাৰ বাবে থিয় দিব লাগে।

লগতে পঢ়ক: ‘আপ্পা সকলোৰে হৃদয়ত আছে’;মুখ্যমন্ত্ৰী বিজয়ৰ কটাক্ষক প্ৰত্যুত্তৰ ষ্টালিনৰ

নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন FIR…

নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন FIR

ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ডৰ গোচৰত নতুনকৈ FIR দাখিল কৰা হৈছে।

ৰাহুল আৰু ৰাজ্যসভাৰ সাংসদ গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই নতুনকৈ এফআইআৰ দাখিল কৰিছে।

এই এফ আই আৰত ৰাহুল আৰু ছোনিয়াৰ লগতে আন ছয়জন লোক আৰু তিনিটা কোম্পানীকো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।

এফআইআৰৰ মতে,অভিযোগ কৰা হৈছে যে কংগ্ৰেছৰ সৈতে জড়িত কোম্পানী এ জে এল (এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড)ক প্ৰৱঞ্চনাৰে নিজৰ দখল কৰিবলৈ অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।

এই এফআইআৰ ৩ অক্টোবৰত বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) অভিযোগৰ ভিত্তিত ৰুজু কৰা হৈছিল।ইডিয়ে দিল্লী আৰক্ষীৰ সৈতে তদন্তৰ প্ৰতিবেদন শ্বেয়াৰ কৰিছিল। পিএমএলএৰ ধাৰা ৬৬(২)ৰ অধীনত ইডিয়ে যিকোনো সংস্থাক নিৰ্ধাৰিত অপৰাধ পঞ্জীয়ন কৰিবলৈ ক’ব পাৰে।

এফআইআৰত অভিযুক্ত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, ছেম পিত্রোডা (ভাৰতীয় বহিঃৰাজ্য কংগ্ৰেছৰ মুৰব্বী)কে ধৰি আন তিনিজন লোকো আছে।লগতে  এ জে এল, ইয়ং ইণ্ডিয়ান, ডটেক্স মাৰ্চেণ্ডাইজ প্ৰাইভেট লিমিটেড নামৰ তিনিটা কোম্পানীও আছে।

লগতে পঢ়ক: “মই কংগ্ৰেছৰ এজন নিষ্ঠাবান জোৱান…”; ৰাজনৈতিক বিতৰ্কক লৈ কি ক’লে ডি কে শিৱকুমাৰে?

পুনৰ অসুস্থ ছোনিয়া গান্ধী; গংগাৰাম হাস্পতালত ভৰ্তি

পুনৰ অসুস্থ ছোনিয়া গান্ধী

পুনৰ অসুস্থ কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী। অসুস্থ প্ৰবীণ কংগ্ৰেছী নেত্ৰী গৰাকীক দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

চিকিৎসালয় প্ৰশাসনে প্ৰকাশ কৰা বিবৃতি অনুসৰি, গেষ্ট্ৰ’ বিভাগত ভৰ্তি কৰোৱা কংগ্ৰেছ নেত্ৰী গৰাকীৰ পেটৰ সমস্যাত ভুগি আছে।তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি কোৱা হৈছে আৰু তেওঁক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে।

চিকিৎসালয়খনৰ তথ্য অনুসৰি, কংগ্ৰেছ নেত্ৰী গৰাকীৰ পৰীক্ষা কৰি থকা হৈছে আৰু তেওঁৰ অৱস্থাৰ ওপৰত অহৰহ নিৰীক্ষণ কৰা হৈছে।

বিশেষজ্ঞ চিকিৎসকৰ এটা দলে কংগ্ৰেছী নেত্ৰী গৰাকীক নিৰীক্ষণ কৰি আছে।অৱশ্যে তেওঁ কিমান দিন চিকিৎসালয়ত থাকিব লাগিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

তেওঁৰ স্বাস্থ্যৰ খবৰ পোৱাৰ লগে লগে বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে চিকিৎসালয়ত উপস্থিত হৈছেগৈ। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৭ জুনতো চিমলাত স্বাস্থ্যৰ অৱনতি ঘটিছিল ছোনিয়া গান্ধীৰ।

লগতে পঢ়ক: বিৰাট কোহলীৰ বাবে বামিকাই লিখিলে চিঠি; ভাবুক হৈ অনুষ্কাই কৰিলে শ্বেয়াৰ