‘ৰাহুল গান্ধীয়ে হাতত লৈ থকা সংবিধানখনত ইন্দিৰা গান্ধীৰ কাৰ্যকলাপৰ কথা আছে’; মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ তীব্ৰ কটাক্ষ কৰে। তেওঁ ৰাহুল গান্ধীয়ে হাতত লৈ থকা সংবিধানখনত ইন্দিৰা গান্ধীৰ কাৰ্যকলাপৰ কথা আছে বুলি উল্লেখ কৰে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সৰু সংবিধান পুস্তিকা সঘনাই প্ৰদৰ্শন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত নতুনকৈ আক্ৰমণ চলাই আৰু দাবী কৰে যে সেই নথিখনতে ১৯৭৫ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ উল্লেখ আছে।

জৰুৰীকালীন অৱস্থাৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এটা কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজনৈতিক সমাৱেশ আৰু ৰাজহুৱা সভাসমূহত ৰাহুল গান্ধীয়ে প্ৰায়ে হাতত লৈ থকা ৰঙা ৰঙৰ সংবিধানৰ পুস্তিকাখনত কি আছে, তাক লৈ তেওঁ এসময়ত কৌতূহলী হৈ পৰিছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আপোনালোকে যদি কেতিয়াবা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰঙা ৰঙৰ সংবিধানৰ পুস্তিকা এখন হাতত লৈ ভাষণ দি থকা দেখে, তেন্তে আপোনালোকে জনা উচিত যে সেই একেখন পুস্তিকাতে উল্লেখ আছে কেনেকৈ ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ত সংবিধানখন হত্যা কৰিছিল।”

মুখ্যমন্ত্ৰীজনে দাবী কৰে যে দিল্লী ভ্ৰমণৰ সময়ত তেওঁ পুস্তিকাখনৰ বিষয়বস্তু পৰীক্ষা কৰিবলৈ  কিতাপৰ দোকানৰ পৰা এখন সৰু সংবিধানৰ পুস্তিকা ক্ৰয় কৰিছিল।

তেওঁ কয়, “মোৰ সন্দেহ হৈছিল যে পুস্তিকাখনত তেওঁৰ নিজৰ আইতাকৰ কাৰ্যকলাপৰ কথা উল্লেখ আছে নে নাই। প্ৰথমতে মই ভাবিছিলো যে যিসকলে ইয়াক অনুবাদ বা প্ৰকাশ কৰিছে, তেওঁলোকে হয়তো সেই অধ্যায়টো বাদ দিছে। কিন্তু যেতিয়া মই ইয়াৰ প্ৰস্তাৱনা পঢ়িলোঁ, তেতিয়া দেখিলোঁ যে তাত ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা জাপি দি কেনেকৈ সংবিধানক আঘাত কৰিছিল, সেই কথা স্পষ্টকৈ উল্লেখ আছে।”

মুখ্যমন্ত্ৰী গৰাকীয়ে অভিযোগ কৰে যে জৰুৰীকালীন অৱস্থা ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ আটাইতকৈ ক’লা অধ্যায়সমূহৰ অন্যতম আছিল, যাৰ সময়ত সাংবিধানিক মূল্যবোধ, গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু নাগৰিকৰ স্বাধীনতা গুৰুতৰভাৱে ক্ষুণ্ণ হৈছিল।

ভাৰতীয় জনতা পাৰ্টীয়ে জৰুৰীকালীন অৱস্থাৰ ৫১ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি আয়োজন কৰা কাৰ্যসূচীৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য প্ৰকাশ পাইছে। বিজেপিয়ে এই দিনটোক কংগ্ৰেছ চৰকাৰৰ দিনত গণতন্ত্ৰৰ ওপৰত হোৱা আক্ৰমণৰ সোঁৱৰণি হিচাপে পালন কৰি আহিছে।

লগতে পঢ়ক: ১৯৭৫-ৰ জৰুৰীকালীন অৱস্থা গণতন্ত্ৰৰ ‘ক’লা অধ্যায়’ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

৫৬ বছৰীয়া হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক ৫৫৬ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নিজৰ ৫৬ বছৰীয়া জন্মদিন উদযাপন কৰিছে । বিৰোধী নেতাগৰাকীক ওপজা দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভেচ্ছা জ্ঞাপন কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত সাংসদগৰাকীক শুভেচ্ছা জনাই লিখিছে-“লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী জীক তেওঁৰ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ । তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।”

উল্লেখ্য যে, ৰাহুল গান্ধীৰ জন্ম ১৯৭০ চনৰ ১৯ জুনত দিল্লীৰ হোলী ফেমিলী হাস্পতালত হৈছিল । তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীৰ জ্যেষ্ঠ সন্তান ।

ইফালে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও ৰাহুল গান্ধীক জন্মদিনৰ ওলগ জনাইছে আৰু সাংবিধানিক মূল্যবোধৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি তথা সমাজৰ বঞ্চিত শ্ৰেণীৰ বাবে কৰা ওকালতিৰ প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : ভাৰত-ফ্ৰান্সৰ অনন্য ফুটবল প্ৰেম!প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত প্ৰকাশ পালে ঐতিহাসিক তথ্য

‘কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক মই সাৱটি নধৰো”; পিনাৰায়ী বিজয়নক লৈ ৰাহুল গান্ধীৰ মন্তব্যত বিতৰ্ক

ৰাহুল গান্ধীয়ে কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা পিনাৰায়ী বিজয়নক সাৱটি ধৰিবলৈ ৰাহুল গান্ধীয়ে অস্বীকাৰ কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

বিৰোধী মিত্ৰজোঁট ‘INDIA’ৰ ভিতৰৰ অভ্যন্তৰীণ মতানৈক্য এতিয়া মুকলিকৈ পোহৰলৈ আহিবলৈ ধৰিছে। কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁৰ সহযোগী দলসমূহৰ পৰা সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিতৰ্কৰ কাৰণ হৈছে কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা পিনাৰায়ী বিজয়নক সাৱটি ধৰিবলৈ ৰাহুল গান্ধীয়ে কৰা অস্বীকাৰ।

৮ জুনত অনুষ্ঠিত ‘INDIA’ মিত্ৰজোঁটৰ বৈঠকত ৰাহুল গান্ধীৰ এটা অডিঅ’ পোহৰলৈ আহিছে, য’ত তেওঁক কোৱা শুনা গৈছে যে তেওঁ পিনাৰায়ী বিজয়নক সাৱটি নধৰে, কিয়নো ৰাহুল গান্ধীৰ সৈতে তেওঁৰ ৰাজনৈতিক যুঁজ চলি আছে। ৰাহুল গান্ধীয়ে কয়, ‘আমাৰ মাজত ৰাজনৈতিক মতভেদ আছে, কিন্তু আপোনালোকে যদি মোক কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক গৈ সাৱটি ধৰিবলৈ কৈছে, তেন্তে মই সেয়া কৰিব নোৱাৰো আৰু নকৰোও, কাৰণ তেওঁৰ সৈতে মোৰ ৰাজনৈতিক যুঁজ অব্যাহত আছে।’

কেৰালাত কংগ্ৰেছ আৰু চিপিআই(এম) দীৰ্ঘদিন ধৰি ৰাজনৈতিক প্ৰতিদ্বন্দী হৈ আহিছে। অলপতে কংগ্ৰেছে পিনাৰায়ী বিজয়নৰ চৰকাৰক ক্ষমতাচ্যুত কৰিছিল। অৱশ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত দুয়োটা দলেই ‘INDIA’ মিত্ৰজোঁটৰ অংশ আৰু বিজেপিৰ বিৰুদ্ধে একেলগে ৰাজনীতি কৰি আছে।

ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছত পিনাৰায়ী বিজয়নে কয় যে তেওঁ আৰু ৰাহুল গান্ধীৰ মাজত সাৱটি ধৰাৰ কোনো পৰম্পৰা কেতিয়াও থকা নাই। সাধাৰণতে দুয়োগৰাকী নেতাই আনুষ্ঠানিক শুভেচ্ছা বিনিময় বা কৰমৰ্দন কৰাতে সীমাবদ্ধ থাকে।

তেওঁ কয়, ‘মোৰ আপত্তি সাৱটি ধৰাক লৈ নহয়। মোৰ চিন্তা সেই ৰাজনৈতিক বাৰ্তাটোক লৈহে, যিটো ৰাহুল গান্ধীৰ মন্তব্যৰ পৰা প্ৰকাশ পাইছে। ই তেওঁৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু ‘INDIA’ মিত্ৰজোঁটক লৈ তেওঁৰ চিন্তাধাৰাক প্ৰদৰ্শন কৰে।’

পিনাৰায়ী বিজয়নে এই কথাও সোঁৱৰাই দিয়ে যে ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাৱটি ধৰাৰ তেওঁৰ ছবিসমূহ ইণ্টাৰনেটত যথেষ্ট চৰ্চিত হৈছিল।

লগতে পঢ়ক: মমতা-মহুৱা মৈত্ৰকে ধৰি ৫ জন টিএমচি নেতালৈ আইনী জাননী; টিকটৰ দাবীৰ অভিযোগত কাকলি ঘোষৰ পুত্ৰৰ প্ৰতিক্ৰিয়া

‘মই ভগৱান শিৱৰ দৰে বিষ পান কৰি আছো’; মিত্ৰজোঁটৰ বৈঠকত ৰাহুল গান্ধীৰ ডাঙৰ মন্তব্য

৮ জুনত INDIA alliance ৰ বৈঠক আয়োজন কৰা হৈছিল।এই বৈঠকত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এক ডাঙৰ মন্তব্য কৰিছে।

কংগ্ৰেছ পাৰ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শেহতীয়াকৈ ভাৰতীয় মিত্ৰজোঁটৰ বৈঠকত বিৰোধী ব্লকটোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে কয়।এই সময়ছোৱাত তেওঁ সমাজবাদী পাৰ্টি, টিএমচি, আৰজেডি আদি মিত্ৰ দলকো লক্ষ্য কৰি বিভ্ৰান্তিৰ অভিযোগ উত্থাপন কৰে।ৰাহুল গান্ধীয়েও বৈঠকৰ সময়ত কয় যে তেওঁৰ কাম হৈছে ভগৱান শিৱৰ দৰে বিষ পান কৰা।

INDIA মিত্ৰজোঁটৰ বৈঠকত ৰাহুল গান্ধীয়ে মিত্ৰশক্তিৰ আগত কয় যে, আজি কংগ্ৰেছ দলৰ বিষয়ে যি কোৱা হৈছে তাৰ প্ৰতি সঁহাৰি দিয়াটো মোৰ কাম নহয়।মোৰ কাম শৈৱ পৰম্পৰাৰ দৰে সকলো পান কৰা। নীলকণ্ঠৰ (শিৱ) ধাৰণা, যিয়ে সকলো বিষ পান কৰি পেলায়। আপোনালোকে মোৰ ওপৰত বা কংগ্ৰেছ পাৰ্টীৰ ওপৰত যিয়েই ক’ব বিচাৰে বা যি সমালোচনা কৰিব বিচাৰে, আমি তাক গ্ৰহণ কৰিম, আৰু অতি আনন্দেৰে, মুখত হাঁহি লৈ গ্ৰহণ কৰিম। ইয়াৰ কাৰণ হ’ল আমাৰ ভূমিকা সুকীয়া। আমাৰ ভূমিকা হ’ল আপোনালোক সকলোকে মৰম আৰু স্নেহৰ জৰিয়তে একেলগ কৰা। কংগ্ৰেছ পাৰ্টীৰ সংগঠন ভাৰতৰ অন্যান্য সকলো দলতকৈ মৌলিকভাৱে পৃথক। ইয়াৰ কাৰণ হ’ল এই দলটো এটা প্ৰতিৰোধ আন্দোলন হিচাপে আৰম্ভ হৈছিল, যেতিয়া আধুনিক ভাৰতৰ কোনো অস্তিত্বই নাছিল।”

ৰাহুল গান্ধীয়ে কয়- “মই এইটো ক’বলৈ দুখ পাইছোঁ যে এই গোটটোৰ মাজত এটা বিভ্ৰান্তি আছে। বিভ্ৰান্তিটো হ’ল আপোনালোকে— অৰ্থাৎ SP, TMC, RJD আদিয়ে ভাবি লৈছে যে আপোনালোকে আজিলৈকে যিবোৰ ৰাজনৈতিক পন্থা ব্যৱহাৰ কৰি আহিছে, সেইবোৰে ভৱিষ্যতেও কাম কৰিব। সেই পন্থাবোৰে কেৱল তেতিয়াহে কাম কৰিছিল, যেতিয়া ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰই সেইবোৰ কাম কৰাৰ বাবে এটা নিৰপেক্ষ পৰিৱেশ প্ৰদান কৰিছিল। সেই পৰিৱেশ এতিয়া আৰু নাই।”

তেওঁ লগতে কয় “TMC-ত মোৰ বহুতো বন্ধু আছে। তেওঁলোক নিশ্চিত আছিল যে তেওঁলোকে নিৰ্বাচনত বৃহৎ জয় লাভ কৰিব। মই তেওঁলোকক কৈ আছিলোঁ আপোনালোক কাল্পনিক পৃথিৱীত বাস কৰি আছে। তথাপিও বহু লোকে এতিয়াও কথাটো বিশ্বাস কৰা নাই।”

INDIA মিত্ৰজোঁটৰ বৈঠকত সহযোগী দলসমূহক তেওঁ আৰু কয়— “আপোনালোকৰ সৈতে যুঁজ কৰাত মোৰ কোনো আগ্ৰহ নাই। যদি মই হঠাৎ উঠি কওঁ যে মই আপোনালোকৰ সৈতে যুঁজ কৰিবলৈ ওলাইছোঁ, তেন্তে মোক পাগলহে বোলা হ’ব— কাৰণ আপোনালোক আমাৰ সহযোগী, আপোনালোক আমাৰ বন্ধু, আপোনালোক সেইসকল লোক যিসকলক আমি মৰম কৰোঁ। আমি ২০২৪ চনৰ নিৰ্বাচনত পৰাজিত হোৱা নাছিলোঁ। আপোনালোকে প্ৰশ্ন কৰে যে নীতিশ ডাঙৰীয়া কিয় আঁতৰি গ’ল, তেন্তে তাৰ কাৰণ মই নাছিলোঁ, আৰু কংগ্ৰেছো নাছিল। শেষত, মোৰ মন হয় যে আমাৰ কথোপকথনত প্ৰায়েই নিৰাশাৰ ছাঁ দেখা পোৱা যায়। মানুহে ভাবে: হে ভগৱান, আমি বিজেপিক কেনেকৈ হৰুৱাম? মই আপোনালোকক কওঁ, যদি আমি একগোট হৈ তেওঁলোকৰ মুখামুখি হওঁ, তেন্তে তেওঁলোকক পৰাস্ত কৰাটো তেনেই সহজ।”

লগতে পঢ়ক: ‘সাংসদ-বিধায়কক ক্ৰয় কৰি তল পেলাব নোৱাৰে’; টিএমচিত বিভাজন সন্দৰ্ভত অভিষেক বেনাৰ্জীৰ প্ৰতিক্ৰিয়া

আজি দিল্লীত INDIA ব্লকৰ বৈঠক; টিভিকেৰ এন্ট্ৰি,ডিএমকে-আপ আউট

সোমবাৰে দিল্লীত ‘INDIA’ ব্লকৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত ২৩ টা দলে অংশগ্ৰহণ কৰিব, যিয়ে বিজেপিৰ মোকাবিলা কৰাৰ ৰণনীতি প্ৰস্তুত কৰিব।

পশ্চিম বংগত টিএমচি আৰু তামিলনাডুত ডিএমকেৰ পৰাজয়ৰ পিছত সলনি হোৱা ৰাজনৈতিক সমীকৰণৰ মাজতে আজি ‘INDIA’ ব্লকৰ বৈঠক অনুষ্ঠিত হ’ব। দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত ২৩ টা দলে অংশগ্ৰহণ কৰিব, যিয়ে বিজেপিৰ মোকাবিলা কৰাৰ ৰণনীতি প্ৰস্তুত কৰিব।

এই বৈঠকত কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে, তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জী, সমাজবাদী পাৰ্টীৰ প্ৰধান অখিলেশ যাদৱ, ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱ আৰু শিৱসেনানৰ উদ্ধৱ ঠাকৰে প্ৰমুখ্যে বিৰোধী দলসমূহৰ শীৰ্ষ নেতাসকল উপস্থিত থকাৰ সম্ভাৱনা আছে।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে জনাইছে যে ২৩ টা ৰাজনৈতিক দলে সোমবাৰে কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত হ’বলগীয়া ‘INDIA’ৰ বৈঠকত নিজৰ অংশগ্ৰহণ নিশ্চিত কৰিছে আৰু তেওঁ জোৰ দি কয় যে বিৰোধী গোটটো নিজৰ বৈচিত্ৰ্যৰ স্বত্বেও একগোট হৈ আছে। ৰমেশে কয় যে কিছুমান ৰাজনৈতিক দলে নিজা নিজা কাৰণত এই বিশেষ বৈঠকত উপস্থিত থাকিবলৈ অপাৰগতা প্ৰকাশ কৰিছে।

তেওঁ জনায়, “২৩ টা ৰাজনৈতিক দলে ৮ জুনৰ দুপৰীয়া ১২ বজাত নতুন দিল্লীৰ ‘কনষ্টিটিউচন ক্লাব’ত অনুষ্ঠিত হ’বলগীয়া ‘ইণ্ডিয়া জনবন্ধন’ৰ বৈঠকত ভাগ লোৱাটো নিশ্চিত কৰিছে।” এই বৈঠকত এম কে ষ্টালিনৰ ডিএমকে আৰু অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী উপস্থিত থকাৰ সম্ভাৱনা নাই, আনহাতে টিভিকেক মিত্ৰজোঁটত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

আম আদমী পাৰ্টীয়ে ইতিমধ্যে ৰাজহুৱাভাৱে এই মিত্ৰজোঁটৰ পৰা দূৰত্ব বজাই ৰাখিছে, আনহাতে তামিলনাডুত কংগ্ৰেছে ডিএমকেৰ সৈতে সম্পৰ্ক ছেদ কৰি টিভিকে-নেতৃত্বাধীন চৰকাৰত যোগদান কৰাৰ পিছত ডিএমকেয়ে বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। মিত্ৰজোঁটে ভৱিষ্যতৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰিব আৰু ৰাজ্যসমূহৰ পৰৱৰ্তী নিৰ্বাচনী চক্ৰ তথা ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় ইছ্যুসমূহত মোদী চৰকাৰৰ মোকাবিলা কৰিবলৈ এটা ঐক্যবদ্ধ ভাৱে প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰিব। পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ শেহতীয়া পৰাজয়েও বিৰোধী মিত্ৰজোঁটক দেশত বিজেপিৰ বৰ্ধিত প্ৰভাৱৰ মোকাবিলা কৰিবলৈ একগোট হ’বলৈ বাধ্য কৰিছে।

লগতে পঢ়ক: ‘মই কংগ্ৰেছৰ সভাপতি হ’ব বিচাৰিছিলো, কিন্তু ষড়যন্ত্ৰ কৰা হ’ল…’; অশোক গেহলটৰ ডাঙৰ দাবী

“অহা এটা বছৰত শেষ হ’ব মোদী চৰকাৰ”; কেন্দ্ৰ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দাবী কৰে যে এবছৰৰ ভিতৰত মোদী চৰকাৰৰ পতন ঘটিব আৰু দেশত ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্থনৈতিক অসন্তুষ্টি ইয়াৰ কাৰণ হ’ব।

কংগ্ৰেছ দলৰ সংখ্যালঘু পৰামৰ্শদাতা সমিতিৰ এখন বৈঠকৰ সময়ত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এটা উল্লেখযোগ্য ৰাজনৈতিক বক্তব্য প্ৰদান কৰিছে। ৰাহুল গান্ধীয়ে দৃঢ়তাৰে কয় যে অহা এবছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বিদায় নিশ্চিত। জানিব পৰা মতে, ৰাহুল গান্ধীয়ে কয় যে বিশ্বৰ অৰ্থনৈতিক অৱস্থা আৰু দেশৰ ভিতৰত ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্থনৈতিক অসন্তুষ্টি ইয়াৰ প্ৰধান কাৰণ হ’ব।তেওঁ কয় যে, পৰিস্থিতিৰ যিদৰে উন্মোচিত হৈছে আৰু জনসাধাৰণৰ মাজত যিদৰে ক্ৰমাৎ ক্ষোভ বৃদ্ধি পাইছে,ইয়াৰ প্ৰভাৱ ভাৰতীয় ৰাজনীতিত দেখা যাব।

বৈঠকৰ সময়ত একাংশ নেতাই ‘মুছলিম’ শব্দৰ সলনি ‘সংখ্যালঘু’ শব্দটো ব্যৱহাৰ কৰাৰ বাবে আবেদন জনায়।এই সন্দৰ্ভত মতানৈক্য প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয় যে ভয় কৰাৰ কোনো প্ৰয়োজন নাই,অন্যায়ৰ সন্মুখীন হোৱা সমাজৰ যিকোনো শ্ৰেণীৰ সৈতে মুকলিকৈ থিয় হ’ব লাগিব।তেওঁ উল্লেখ কৰিছিল যে লাগিলে তেওঁ হিন্দু, দলিত, সাৱৰ্ণ, মুছলমান, শিখ, খ্ৰীষ্টান, বা বৌদ্ধ বা জৈন হওক,কংগ্ৰেছে সকলোৰে অধিকাৰৰ বাবে মাত মাতিব লাগে।

লগতে পঢ়ক: ফাল্টাত বিজেপিৰ বিজয় গুঞ্জন; ১ লাখতকৈও অধিক ভোটত পৰাজয় জাহাংগীৰ খানৰ

‘ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হোৱা সপোনত ৰাইজে বাধা দিছে’; ভূপেন বৰা

বিহপুৰীয়া বিধায়ক ভূপেন কুমাৰ বৰাই শুকুৰবাৰে ৰাহুল গান্ধীক লৈ ডাঙৰ মন্তব্য কৰিছে।

শেহতীয়াকৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিহপুৰীয়া বিধায়ক ভূপেন কুমাৰ বৰাই। ভূপেন বৰাই কয় যে ৰাহুল গান্ধীয়ে বহুদিনৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ বিচাৰি আছে, তেওঁক বেলেগ বাধা দিয়া নাই দেশৰ জনতাই হে বাধা দিছে।

তেওঁ লগতে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজেই দেশৰ তিনিবাৰ প্ৰধানমন্ত্ৰী হোৱা নাই দেশৰ জনতাই হে তেওঁক দেশৰ নেতৃত্ব দিয়াটো বিচাৰে।নৰেন্দ্ৰ মোদীক নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন আৰু আস্থাৰ বাবেই একেৰাহে তিনিবাৰকৈ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে।’

তেওঁ আৰু কয় যে, ‘প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে যি অপশব্দ ব্যৱহাৰ কৰিছে তাৰ বাবে দিনে দিনে তেওঁৰ জনপ্ৰিয়তা কমি আহিছে। গতিকে ৰাহুল গান্ধীয়ে ভাবিব লাগে যে যাক দেশৰ জনতাই বাৰে বাৰে নিৰ্বাচিত কৰিছে আৰু তেওঁ কিয় বাৰে বাৰে পৰাজয় বৰণ কৰিব লগা হৈছে। প্ৰথমে তেওঁ প্ৰধানমন্ত্ৰী গৰাকীক চোৰ বুলি কৈছিল, শ্লোগানো দিছিলে কিন্তু তাৰ ফলাফল কি পালে? এইবাৰো ৰাহুল গান্ধীয়ে তেনেকুৱা কৰিছে গতিকে এইবাৰো ফলাফল কি হ’ব সেই কথা সকলোৱে বুজিছে’।  

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক অভিলেখ: ষষ্ঠবাৰৰ বাবে অসম বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ

“পাপা শক্তিশালী ভাৰতৰ সপোন পূৰণ কৰিম”; ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকীত আৱেগিক ৰাহুল গান্ধী

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্ট লিখিছে।

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী।মৃত্যু বাৰ্ষিকী উপলক্ষে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে পিতৃলৈ মনত পেলাই আৱেগিক হৈ পৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ পিতৃৰ সৈতে নিজৰ শৈশৱৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে-“পাপা, আপুনি সপোন দেখি থকা দক্ষ, সমৃদ্ধিশালী আৰু শক্তিশালী ভাৰতক বাস্তৱায়িত কৰাৰ দায়িত্ব মই পালন কৰিম।আপোনাৰ শিক্ষা, আপোনাৰ মূল্যবোধ, আপোনাৰ স্মৃতি সদায় মোৰ লগত থাকিব।”

ইয়াৰ উপৰিও দিল্লীত ৰাজীৱ গান্ধীৰ স্মৃতিসৌধ বীৰ ভূমিত মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি বহু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই ৰাজীৱ গান্ধীৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰিয়ংকা গান্ধীৰ সন্তান মিৰায়া আৰু ৰাইহান ভাদ্ৰাও উপস্থিত থাকে।

লগতে পঢ়ক: শপত লৈ বিধানসভাৰ মজিয়াত ‘মমতা দিদি জিন্দাবাদ’ ধ্বনি শ্বেৰমান আলীৰ

“প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দেশদ্ৰোহী,ভাৰতত বিক্ৰী কৰিলে”; পুনৰ ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্য

ৰাহুল গান্ধীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ এক বিতৰ্কিত মন্তব্য দিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ এক বিতৰ্কিত বক্তব্য দিছে। ৰাহুল গান্ধীয়ে কৈছে যে, “মই আকৌ এবাৰ কৈছো নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা বিক্ৰী কৰি পেলাইছে। তেওঁ ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা আদানী, আম্বানী, আৰু আমেৰিকাৰ হাতত গতাই দিছে।এতিয়া দেশত যি অৰ্থনৈতিক ধুমুহা আহিছে, তাৰ পৰা নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰে আপোনালোকক বচাব নোৱাৰিব। মাত্ৰ চাওক।আপোনালোকে অতি সোনকালে উপলব্ধি কৰিব যে কিমান বৃহৎ জোকাৰণি হ’বলৈ ওলাইছে আৰু মোৰ কথাবোৰ মনত ৰাখিব। নৰেন্দ্ৰ মোদীয়ে আপোনালোকক কথা ক’ব আৰু কান্দিব যেনেকৈ ক’ভিডৰ সংকটৰ সময়ত আৰু বিমুদ্ৰাকৰণৰ সময়ত কান্দিছিল। তেওঁ দাবী কৰিব, “মোৰ দোষ নাই।”

তেওঁ আৰু কয় যে, “মই কৈছো, দোষ কেৱল নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, আৰ এছ এছৰ, কাৰণ তেওঁলোকেই এই ধ্বংস কৰিছে।চাই থাকক।এমাহৰ ভিতৰতে নৰেন্দ্ৰ মোদীয়ে টেলিভিছনত কান্দি হাতজোৰ কৰি অনুৰোধ কৰিব।ঠিক যেনেকৈ তেওঁ বিমুদ্ৰাকৰণৰ সময়ত কৈছিল—”মোক ফাঁচি কাঠত ওলোমাই দিয়ক।তেওঁৱেই বিমুদ্ৰাকৰণ কাৰ্যকৰী কৰিছিল। তেওঁৱেই আপোনালোকৰ পইচা কাঢ়ি লৈ ​​গৈছিল।হাত দুখন যোৰ কৰি মূৰ্তিবোৰৰ আগত মূৰটো দুৱাই দিব। কিন্তু যেতিয়া তেওঁৰ মতাদৰ্শ আক্ৰমণৰ সন্মুখীন হয়, তেতিয়া দৃঢ়তাৰে থিয় হওক আৰু পিছুৱাই নাযাব।এইটোৱেই হৈছে প্ৰকৃত অৰ্থ,এইটোৱেই প্ৰকৃত তাৎপৰ্য শ্ৰদ্ধাৰে শিৰনত কৰা। হাতযোৰ কৰাৰ প্ৰকৃত তাৎপৰ্য এইটোৱেই। কেৱল শ্লোগানে একো সাধন নকৰে। এইটো সুৰক্ষিত কৰক।”

ৰাহুল গান্ধীয়ে আৰু কয়,”কেৱল হাতযোৰ কৰিলে একো লাভ নহ’ব। থিয় হ’ব লাগিব। যুঁজিব লাগিব। দূৰ-দূৰণিৰ পৰা অহাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো।কিন্তু এতিয়া যেতিয়া আপুনি ঘৰলৈ যাব, যেতিয়া এই আৰ এছ এছ কৰ্মীসকলে আপোনাৰ সন্মুখত আহি নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ কথা ক’ব, তেতিয়া তেওঁলোকক কওক যে আপোনাৰ প্ৰধানমন্ত্ৰী দেশদ্ৰোহী।আপোনাৰ গৃহমন্ত্ৰী দেশদ্ৰোহী; আপোনাৰ সংগঠনটো এটা বিশ্বাসঘাতক; আপোনালোকে ভাৰতক বিক্ৰী কৰিবলৈ কাম কৰিছে।”

লগতে পঢ়ক: মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব