“অহা এটা বছৰত শেষ হ’ব মোদী চৰকাৰ”; কেন্দ্ৰ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

“অহা এটা বছৰত শেষ হ’ব মোদী চৰকাৰ”; কেন্দ্ৰ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দাবী কৰে যে এবছৰৰ ভিতৰত মোদী চৰকাৰৰ পতন ঘটিব আৰু দেশত ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্থনৈতিক অসন্তুষ্টি ইয়াৰ কাৰণ হ’ব। কংগ্ৰেছ দলৰ সংখ্যালঘু পৰামৰ্শদাতা সমিতিৰ এখন বৈঠকৰ সময়ত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এটা উল্লেখযোগ্য ৰাজনৈতিক বক্তব্য প্ৰদান কৰিছে। ৰাহুল

বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দাবী কৰে যে এবছৰৰ ভিতৰত মোদী চৰকাৰৰ পতন ঘটিব আৰু দেশত ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্থনৈতিক অসন্তুষ্টি ইয়াৰ কাৰণ হ’ব।

কংগ্ৰেছ দলৰ সংখ্যালঘু পৰামৰ্শদাতা সমিতিৰ এখন বৈঠকৰ সময়ত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এটা উল্লেখযোগ্য ৰাজনৈতিক বক্তব্য প্ৰদান কৰিছে। ৰাহুল গান্ধীয়ে দৃঢ়তাৰে কয় যে অহা এবছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বিদায় নিশ্চিত। জানিব পৰা মতে, ৰাহুল গান্ধীয়ে কয় যে বিশ্বৰ অৰ্থনৈতিক অৱস্থা আৰু দেশৰ ভিতৰত ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্থনৈতিক অসন্তুষ্টি ইয়াৰ প্ৰধান কাৰণ হ’ব।তেওঁ কয় যে, পৰিস্থিতিৰ যিদৰে উন্মোচিত হৈছে আৰু জনসাধাৰণৰ মাজত যিদৰে ক্ৰমাৎ ক্ষোভ বৃদ্ধি পাইছে,ইয়াৰ প্ৰভাৱ ভাৰতীয় ৰাজনীতিত দেখা যাব।

বৈঠকৰ সময়ত একাংশ নেতাই ‘মুছলিম’ শব্দৰ সলনি ‘সংখ্যালঘু’ শব্দটো ব্যৱহাৰ কৰাৰ বাবে আবেদন জনায়।এই সন্দৰ্ভত মতানৈক্য প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয় যে ভয় কৰাৰ কোনো প্ৰয়োজন নাই,অন্যায়ৰ সন্মুখীন হোৱা সমাজৰ যিকোনো শ্ৰেণীৰ সৈতে মুকলিকৈ থিয় হ’ব লাগিব।তেওঁ উল্লেখ কৰিছিল যে লাগিলে তেওঁ হিন্দু, দলিত, সাৱৰ্ণ, মুছলমান, শিখ, খ্ৰীষ্টান, বা বৌদ্ধ বা জৈন হওক,কংগ্ৰেছে সকলোৰে অধিকাৰৰ বাবে মাত মাতিব লাগে।

লগতে পঢ়ক: ফাল্টাত বিজেপিৰ বিজয় গুঞ্জন; ১ লাখতকৈও অধিক ভোটত পৰাজয় জাহাংগীৰ খানৰ