‘শিক্ষামন্ত্ৰীক কিয় বৰ্খাস্ত কৰা হোৱা নাই ‘; NEET প্ৰশ্নকাকত ফাদিলক লৈ ৰাহুল গান্ধীৰ সমালোচনা

NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এতিয়া লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীক তীক্ষ্ণ সমালোচনা কৰে।

NEET (NEET-UG 2026)প্ৰশ্নকাকত ফাদিল আৰু চলি থকা CBI তদন্তৰ মাজতে এই সমগ্ৰ বিষয়টোৱে এতিয়া ডাঙৰ ৰাজনৈতিক অনুপাত ধাৰণ কৰিছে। লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এই কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীক্ষ্ণ সমালোচনা কৰে।  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি দেশৰ ২২ লাখ শিশুৰ ভৱিষ্যতৰ প্ৰতি এই প্ৰতাৰণা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰা প্ৰত্যক্ষ সঁহাৰি বিচৰিছে।

ৰাহুল গান্ধীয়ে ২০২৪ আৰু ২০২৬ চনৰ NEET কাগজ ফাদিলৰ মাজত থকা সাদৃশ্যক স্পষ্ট কৰি ব্যৱস্থাটোক তীব্ৰ সমালোচনা কৰিছে আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত #SackPradhan হেচটেগ নামেৰে এক অভিযান আৰম্ভ কৰিছে।

ৰাহুল গান্ধীয়ে নিজৰ পোষ্টোত লিখিছে-NEET 2024: প্ৰশ্নকাকত ফাদিল হৈছিল।পৰীক্ষা বাতিল হোৱা নাছিল। মন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰিলে। চিবিআইয়ে তদন্ত আৰম্ভ কৰিলে। গঠন হ’ল এখন কমিটী।

NEET 2026: কাগজখন ফাদিল। পৰীক্ষা বাতিল কৰা হ’ল। মন্ত্ৰীগৰাকীয়ে পুনৰ পদত্যাগ নকৰিলে।চিবিআইয়ে আকৌ এবাৰ তদন্ত কৰি আছে। আন এখন কমিটী গঠন কৰা হ’ব।মোদী-জী, দেশে আপোনাক কিছুমান প্ৰশ্ন সুধিছে—উত্তৰ দিয়ক!  

ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত গভীৰ আৱেগিক সুৰত তেওঁ কয় যে সমগ্ৰ দেশৰ ২২ লাখ শিশুৱে দুবছৰ ধৰি দিনে-নিশাই, ৰাতিৰ পিছত ৰাতি উজাগৰ হৈ এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলো।কিন্তু তেওঁলোকৰ কঠোৰ পৰিশ্ৰম ৰাতিটোৰ ভিতৰতে শেষ হৈ গ’ল।তেওঁ অভিযোগ কৰে যে পৰীক্ষাৰ মাত্ৰ দুদিন পূৰ্বে পৰীক্ষাৰ পেপাৰখন হোৱাটছএপত প্ৰচাৰ কৰা হৈছিল।

লগতে পঢ়ক: ‘আজিৰ ভাৰতে ডাঙৰ সপোন দেখিছে’; নেদাৰলেণ্ডত প্ৰৱাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

ৰাহুল গান্ধীৰ ভাষণ শুনিলে মূৰৰ বিষ হয়ঃ বিজেপি সাংসদ কংগনা ৰানাৱটৰ কটাক্ষ

মহিলা সংৰক্ষণ বিধেয়কক লৈ চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে

বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা লোকসভাত এক হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । মহিলা সংৰক্ষণ বিধেয়কক লৈ চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে । ভাষণত ৰাহুল গান্ধীয়ে বিধেয়কখনক দলিত, মহিলা, অ’বিচিৰ অধিকাৰৰ বিৰুদ্ধে আখ্যা দিয়ে । ইয়াৰ পিছতে বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে ৰাহুল গান্ধীক লক্ষ্য কটাক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগনা ৰানাৱটে কয়, “ৰাহুল গান্ধীৰ কথা শুনিলে মূৰৰ বিষ হয় । শৈশৱত আঘাতৰ মাজেৰে তেওঁ পাৰ হৈছে । সৰুতে চাগৈ কোনো মেজিক শ্ব’ চাইছিল, আমাক সেই বিষয়ে কৈছে । এজন যাদুকৰে তেওঁক শিকলিৰে বান্ধিছিল । ৰাতি তেওঁ কঁপনি উঠিছিল । আইতাকে তেওঁক সাধু কৈছিল । এইবোৰ একেবাৰে আজেবাজে কথা । অধ্যক্ষ মহোদয়ে আনকি তেওঁক বন্ধ কৰিবলৈও কৈছিল । তাৰ পিছত ৰাহুল গান্ধীয়ে কৈছিল, আপোনালোকে ভাল পাব । এইবোৰ অৰ্থহীন কথা । মোৰ দুখ লাগে । সংসদক তেওঁ কৌতুকলৈ পৰিণত কৰিছে ।“

উল্লেখ্য য়ে, ৰাহুল গান্ধীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে তেওঁ এই বিধেয়কখন গৃহীত হ’বলৈ নিদিয়ে । কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় যে, “এইখন মহিলা সংৰক্ষণ বিধেয়ক নহয়, কাৰণ মহিলা সংৰক্ষণ আইনখন ইতিমধ্যে ২০২৩ চনত গৃহীত হৈছিল । বৰ্তমানৰ বিধেয়কখন দেশৰ নিৰ্বাচনী মানচিত্ৰ সলনি কৰাৰ প্ৰয়াস । এই বিধেয়কখন অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচি সম্প্ৰদায়ৰ বিৰুদ্ধে আৰু তেওঁলোকৰ অধিকাৰ কাঢ়ি লব । চৰকাৰে ভয় খাইছে । তেওঁলোকে অসম আৰু জম্মু-কাশ্মীৰত যি কৰিলে, তেওঁলোকে এতিয়া সমগ্ৰ দেশতে কৰিব বিচাৰিছে ।”

ৰাহুল গান্ধীয়ে কয় যে এই বিধেয়কখনৰ নাৰী সবলীকৰণৰ সৈতে কোনো সম্পৰ্ক নাই । ক্ষমতা দখল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে । এই বিধেয়কখন ৰাষ্ট্ৰবিৰোধী আৰু তেওঁ ইয়াক হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰে । ইয়াক লজ্জাজনক আইন আখ্যা দি ৰাহুলে কয় যে চৰকাৰে অ’বিচিৰ অধিকাৰ কাঢ়ি নিব বিচাৰে । তেওঁ চৰকাৰক কয় যে তেওঁলোকে পুৰণি আইনখন পুনৰ প্ৰৱৰ্তন কৰিলেহে তেওঁলোকক সমৰ্থন কৰিব, কিন্তু এই বিধেয়কখন নহয় ।

লগতে পঢ়ক : দ্বৈত নাগৰিকত্বৰ অভিযোগক লৈ বিপদত ৰাহুল গান্ধী, এফআইআৰ ৰুজুৰ নিৰ্দেশ

দ্বৈত নাগৰিকত্বৰ অভিযোগক লৈ বিপদত ৰাহুল গান্ধী, এফআইআৰ ৰুজুৰ নিৰ্দেশ

আবেদনকাৰীৰ দাবী অনুসৰি, তেওঁৰ হাতত ব্ৰটিছ চৰকাৰৰ কিছু নথি-পত্ৰ আৰু ইমেইল আছে যিয়ে প্ৰমাণ কৰে যে ৰাহুল গান্ধী এজন ব্ৰটিছ নাগৰিক

দ্বি-নাগৰিকত্বৰ অভিযোগক লৈ পুনৰ বিপদত পৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী । বিৰোধী দলপতিগৰাকীৰ বিৰুদ্ধে দ্বৈত নাগৰিকত্ব গ্ৰহণ কৰাৰ যি অভিযোগ উত্থাপন হৈছে, সেই সন্দৰ্ভত এক তদন্তৰ প্ৰয়োজন আছে বুলি আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে মন্তব্য কৰে । উত্তৰ প্ৰদেশ চৰকাৰক এই তদন্ত নিজেই চলাবলৈ অথবা কোনো কেন্দ্ৰীয় সংস্থাক এই বিষয়টো হস্তান্তৰ কৰি তদন্ত সম্পন্ন কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে ।

বিজেপি কৰ্মী এছ ভিগ্নেশ শিৱিৰে দাখিল কৰা এক আবেদনৰ ভিত্তিত এই নিৰ্দেশ প্ৰদান কৰা হৈছে । উল্লেখযোগ্য যে লক্ষ্ণৌৰ এখন বিশেষ সাংসদ/বিধায়ক (MP/MLA) আদালতে যোৱা ২৮ জানুৱাৰীত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়নৰ আবেদন নাকচ কৰি যি নিৰ্দেশ দিছিল, তাক প্ৰত্যাহ্বান জনাই এই আবেদন দাখিল কৰা হৈছিল । নিম্ন আদালতে পূৰ্বে মত পোষণ কৰিছিল যে নাগৰিকত্ব সম্পৰ্কীয় বিষয়সমূহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত আদালতখনৰ কোনো এক্তিয়াৰ নাই ।

কৰ্ণাটকৰ বাসিন্দা আবেদনকাৰীজনে ভাৰতীয় ন্যায় সংহিতা (BNS), চৰকাৰী গোপনীয়তা আইন (Official Secrets Act), বিদেশী আইন আৰু পাছপৰ্ট আইনৰ বিভিন্ন ধাৰাৰ অধীনত অভিযোগ উত্থাপন কৰি এক বিতং তদন্ত তথা এজাহাৰ পঞ্জীয়নৰ দাবী জনাইছে ।

আবেদনকাৰীৰ দাবী অনুসৰি, তেওঁৰ হাতত ব্ৰটিছ চৰকাৰৰ কিছু নথি-পত্ৰ আৰু ইমেইল আছে যিয়ে প্ৰমাণ কৰে যে ৰাহুল গান্ধী এজন ব্ৰটিছ নাগৰিক । তেওঁৰ মতে, এই কাৰণেই ৰাহুল গান্ধীয়ে ভাৰতত নিৰ্বাচন খেলিবলৈ অযোগ্য আৰু তেওঁ লোকসভাৰ সদস্য হিচাপেও বাহাল থাকিব নোৱাৰে । প্ৰথম অৱস্থাত এই অভিযোগ ৰায়বেৰেলীৰ বিশেষ সাংসদ/বিধায়ক আদালতত দাখিল কৰা হৈছিল । ইয়াৰ পিছত ২০২৫ চনৰ ১৭ ডিচেম্বৰত উচ্চ ন্যায়ালয়ে এই গোচৰটো লক্ষ্ণৌলৈ স্থানান্তৰ কৰে । লক্ষ্ণৌৰ আদালতে আবেদনখন নাকচ কৰাৰ পাছতে আবেদনকাৰীয়ে পুনৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপে ।

লগতে পঢ়ক : “সংবেদনশীলতাৰে সিদ্ধান্ত লওক”; ভোটদানৰ পূৰ্বে সকলো দললৈ আবেদন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰথমে হাঁহি, পিছত হাতযোৰ কৰি সম্ভাষণ; সংসদত ৰাহুল গান্ধীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

দেশৰ সংসদৰ ভিতৰৰ পৰা অহা এটা ভিডিঅ’ সকলোকে আচৰিত কৰিছে। পুৱাই প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

দেশৰ সংসদৰ ভিতৰৰ পৰা অহা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সাংসদ ৰাহুল গান্ধীয়ে কথা পাতি থকা দেখিবলৈ পোৱা গৈছে। ১ মিনিট ৩৪ ছেকেণ্ডৰ এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে দীঘলীয়া বাৰ্তালাপত লিপ্ত হয়।

প্ৰথমে প্ৰধানমন্ত্ৰীয়ে তাত থিয় হৈ থকা আন সাংসদসকলক সম্ভাষণ জনালে, পিছত ঘূৰি আহি ৰাহুল গান্ধীৰ কাষ চাপি দুয়োজনে বহু সময় কথা পাতে। এই সময়ছোৱাত ৰাহুলে সন্মানৰ চিন স্বৰূপে প্ৰধানমন্ত্ৰীক হাতযোৰ কৰি সম্ভাষণ জনায়।

আজি মহাত্মা জ্যোতিবা ফুলেৰ ২০০ বছৰীয়া জন্ম জয়ন্তী। আন আন সংসদ সদস্যসকলৰ দৰে এই জন্ম জয়ন্তী উপলক্ষে ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীও জ্যোতিবা ফুলেক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয়। ৰাহুলে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, সাংসদ হৰিবংশ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ সৈতে থিয় হৈ আছিল।সেই সময়তে প্ৰধানমন্ত্ৰী মোদী তাত উপস্থিত হয়।

গাড়ীৰ পৰা নামি প্ৰধানমন্ত্ৰীয়ে সকলোকে হাতযোৰ কৰি সম্ভাষণ জনালে।ৰাহুলো এই শাৰীত থকাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক সন্মানেৰে হাতযোৰ কৰে।মোদীয়ে সকলো সাংসদৰ লগত হাত মিলাই, তাৰ পিছত বিশেষভাৱে ৰাহুলৰ ওচৰলৈ যায়।দুয়োজনে শুভেচ্ছা বিনিময় কৰে আৰু পৰৱৰ্তী সময়ত যথেষ্ট সময় ইজনে সিজনৰ লগত কথা-বতৰা হোৱা দেখা গৈছিল।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বহু দিনৰ পিছত এনেদৰে বাৰ্তালাপ কৰা দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ’টো চাই সকলোকে আচৰিত হোৱাৰ কাৰণটো হৈছে সংসদৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে এনেদৰে বাৰ্তালাপ কৰাৰ দৃশ্য খুব কম দেখিবলৈ পোৱা যায়।দুয়োৰে মাজত ৰাজনৈতিক তিক্ততা সকলোৱে দেখিবলৈ পাইছে, এই পটভূমিত এই ফটোখনে বহু কথাই কয়।

লগতে পঢ়ক: হুমায়ুন কবীৰক মোক্ষম আঘাত; আছাদুদ্দিন ওৱেইছিয়ে ভংগ কৰিলে মিত্ৰতা

‘ককায়েক-ভনীয়েকে আহি কংগ্ৰেছ পাৰ্টীটোক ডুবাই থৈ গ’ল’; ৰাহুল গান্ধীক কটাক্ষ পীয়ুষ হাজৰিকাৰ

নিৰ্বাচনৰ বাবে প্ৰচাৰত ব্যস্ত হৈ পৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকা। শুকুৰবাৰে কলিয়াবৰ বিধান সভা সমষ্টিত অন্তৰ্ভূক্ত হোৱা টুবুকীজাৰণিত NDAৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ তেওঁ প্ৰচাৰ চলাই কংগ্ৰেছক লক্ষ্য কৰি লয়।

চামগুৰি বিধান সভা সমষ্টিৰ পৰা নতুনকৈ কলিয়াবৰ বিধান সভা সমষ্টিত অন্তৰ্ভূক্ত হোৱা টুবুকীজাৰণিত NDAৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী পীয়ুষ হাজৰিকাই।নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত পীয়ুষ হাজৰিকাই কয় যে, ‘ককায়ে-ভনীয়েকে আহি কংগ্ৰেছ পাৰ্টীটোক ডুবাই থৈ গ’ল।বিৰোধী দলৰ দলপতিৰ সমষ্টিত কংগ্ৰেছৰ মিটিঙত ১৫০০ মানুহ হৈছে।কালি ৰাহুল গান্ধী অহাৰ পিছটো বোকাজানত মিটিঙত ৬০০০ মানুহ হৈছে।কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এটা সমষ্টিৰ মিটিঙত ২৪-২৫ হাজাৰ মানুহ হয়। ইয়াৰ পৰা কি বুজা যায়।

পীয়ুষ হাজৰিকাই কয় যে, আগতে তেওঁলোকে কয় যে আমি দাবী ধমকি দি মানুহ আনিছিলো।অৰুণোদয় কাটি দিম বুলি ভয় খোৱাই মানুহক আনিছিলো। কিন্তু এতিয়া আমাৰ চৰকাৰ নথকাৰ পিছটো ইমানবোৰ মানুহ আহিছে। চৰকাৰ নথকাৰ পিছটো যিসকল মানুহ আহিছে তেওঁলোকে স্বতঃস্ফূর্ত ভাৱে ওলাই আহিছে। বৰষুণৰ মাজটো হাজাৰ হাজাৰ মানুহ আহিছে।মিত্ৰজোঁটক ভালপোৱা মানুহ সকলে হে এতিয়া মিটিঙলৈ আহিছে। গতিকে এইবাৰ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিব সেয়া এই কেইদিনৰ মিটিঙৰ মানুহৰ পৰাই জানিব পৰা গৈছে।

লগতে পঢ়ক: মোৰ মৌনতাক পৰাজয় বুলি নাভাবিবঃ আপৰ এক্সনৰ পিছত ৰাঘৱ চাড্ডাৰ প্ৰতিক্ৰিয়া   

ছোনিয়া গান্ধীৰ স্বাস্থ্যক লৈ চিকিৎসকৰ ডাঙৰ খবৰ; ৰাহুল গান্ধীয়ে বাতিল কৰিলে প্ৰচাৰৰ কাৰ্যসূচী

মঙলবাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী অসুস্থ হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।বৰ্তমান দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত চিকিৎসা চলি আছে। তেওঁৰ স্বাস্থ্যক লৈ চিকিৎসকে আপডেট দিছে।

কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ অৱস্থাক লৈ চিকিৎসকে আপডেট দিছে। মঙলবাৰে সন্ধিয়া স্বাস্থ্যৰ অৱনতি ঘটাত ছোনিয়া গান্ধীক দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰোৱা হয়।বুধবাৰে চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অজয় ​​স্বৰূপে  কংগ্ৰেছ নেতাগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি উল্লেখ কৰিছে।

তেওঁ কয় যে চিকিৎস সকলে পেট আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ বাবে পৰীক্ষা কৰি আছে।ডাঃ স্বৰূপে উল্লেখ কৰে যে চিকিৎসকৰ এটা দলে তেওঁক অহৰহ নিৰীক্ষণ কৰি আছে।তেওঁ উল্লেখ কৰে যে ছোনিয়া গান্ধীক এন্টিবায়টিক প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে কংগ্ৰেছী নেত্ৰীগৰাকীৰ হাঁপানী ৰোগত আক্ৰান্ত আৰু ধাৰাবাহিকভাৱে গংগাৰাম হাস্পতাললৈ গৈ পৰীক্ষা-নিৰীক্ষা কৰি থকা হয়।মাতৃৰ স্বাস্থ্যৰ অৱনতিৰ পিছতে ৰাহুল গান্ধীয়ে তেওঁৰ সকলো কাৰ্যসূচী বাতিল কৰিছে। তেওঁৰ সলনি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কেৰালালৈ গৈছে।  

লগতে পঢ়ক: ১৩ বছৰে ক’মাত থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ হৰিশ ৰাণাৰ

‘অসমক ‘অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল’ কৰিলে কংগ্ৰেছে’; অমিত শ্বাহ

গুৱাহাটীৰ পৰা ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। কংগ্ৰেছে অসমক ‘অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল কৰিলে বুলিও অভিযোগ কৰে।

 কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খানাপাৰত কংগ্ৰেছত তীক্ষ্ণ সমালোচনা কৰে। গৃহমন্ত্ৰী গৰাকীয়ে অভিযোগ কৰে যে কংগ্ৰেছে তেওঁলোকৰ কাৰ্যকালত অসমক “অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল”ত পৰিণত কৰিলে।

শ্বাহে কয়, “যেতিয়া কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিছিল, তেওঁলোকে অসমক অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থললৈ ৰূপান্তৰিত কৰিছিল। কিন্তু বিজেপি চৰকাৰে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১.৫১ লাখ বিঘা ভূমি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিছে।”

গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, যদি অসমৰ জনতাই আমাক তৃতীয়বাৰৰ বাবে শাসনলৈ আনে তেতিয়াহ’লে কেৱল অসমৰ পৰাই নহয় সমগ্ৰ দেশৰ পৰাই অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিম।”

তাৰ লগতে ২০ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ‘এআই ইমপেক্ট ছামিট’ৰ সময়ত কংগ্ৰেছৰ যুৱ শাখাৰ প্ৰতিবাদক লৈও কংগ্ৰেছক গৃহমন্ত্ৰী গৰাকী সমালোচনা কৰে।তেওঁ কয় যে, “এআই সন্মিলনত কংগ্ৰেছে কৰা প্ৰতিবাদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নহয় বিশ্বব্যাপী মঞ্চত আমাৰ দেশখনক হে বদনাম কৰিলে।প্ৰধানমন্ত্ৰী গৰাকীক সমালোচনা কৰিবলৈ গৈ দেশৰ সমালোচনা কৰিব নালাগে।

গৃহমন্ত্ৰী গৰাকীয়ে ৰাহুল গান্ধীক লক্ষ্য কৰি কয় যে “আপুনি আমাক বিৰোধিতা কৰিব পাৰে, সমগ্ৰ শক্তিৰে আমাৰ বিৰোধিতা কৰক। কিন্তু সমগ্ৰ বিশ্বই ভাৰতৰ যুৱ শক্তিৰ প্ৰদৰ্শন চাবলৈ আহে, তাত আপুনি এনেকোৱা কৰিছে। ভাৰতৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰে।”

লগতে পঢ়ক: অসমৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা অমিত শ্বাহৰ

‘কংগ্ৰেছে কেতিয়াও সন্মান প্ৰদান কৰা নাছিল’; কাংশীৰামক লৈ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মায়াৱতীৰ

সাংসদ ৰাহুল গান্ধীৰ এটা মন্তব্যৰ পিছতেই কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীয়ে। তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে।

কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ আক্ৰমণ বিএছপিৰ অধ্যক্ষা মায়াৱতীৰ। তাৰ কাৰণটো হৈছে কাংশী ৰাম।দৰাচলতে শুকুৰবাৰে কংগ্ৰেছ দলে লক্ষ্ণৌত কাংশীৰামৰ জন্ম বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰে।

সেই সময়ত ৰাহুল গান্ধীয়ে বিএছপিৰ প্ৰতিষ্ঠাপক গৰাকীৰ সন্দৰ্ভত বক্তব্য দি কয় যে, যদি জৱাহৰলাল নেহৰু জীয়াই থাকিলে হয়, তেতিয়া কংশীৰাম কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’লহেঁতেন।কেৱল সেয়াই নহয়, তেওঁৰ বাবে ভাৰতৰত্নৰ দাবীও উত্থাপন হৈছিল। ৰাহুল গান্ধীৰ এইৰ মন্তব্যৰ পিছতেই এতিয়া মায়াৱতীয়ে তেওঁক তীক্ষ্ণ সমালোচনা কৰিছে।

মায়াৱতীয়ে অভিযোগ কৰে যে কংগ্ৰেছে বছৰ বছৰ ধৰি ক্ষমতাত থাকিও বাবাছাহেবক কেতিয়াও সন্মান প্ৰদান কৰা নাছিল। না কংগ্ৰেছে কেতিয়াও তেওঁক ‘ভাৰত ৰত্ন’ উপাধিৰে সন্মানিত কৰিছিল। এতিয়া কংগ্ৰেছে কাংশীৰাম জীক এই উপাধিৰে কেনেকৈ সন্মানিত কৰিব? মায়াৱতীয়ে অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছে ক্ষমতাত থকাৰ সময়ত কাংশী ৰামজীৰ মৃত্যুত এটা দিনো ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা নাছিল।

মায়াৱতীয়ে উল্লেখ কৰে যে এই দল সমূহে বিভিন্ন কৌশলৰ আশ্ৰয় লৈ কাংশীৰামজীয়ে প্ৰতিষ্ঠা কৰা বিএছপি দলটোক দুৰ্বল কৰাৰ কামত অহৰহ ব্যস্ত হৈ আছে। ইয়াৰ লগতে সমৰ্থকসকলক এই লোকসকলৰ পৰা সাৱধান হ’বলৈ সকীয়াই দিয়ে। তেওঁ উল্লেখ কৰে যে কংগ্ৰেছৰ বিৰুদ্ধে বিএছপি সমৰ্থকসকলে বিশেষভাৱে সজাগ হোৱাটো প্ৰয়োজন। তেওঁলোকৰ দলিত বিৰোধী চিন্তাধাৰা আৰু মানসিকতাৰ বাবেই বিএছপি প্ৰতিষ্ঠা হৈছিল।

লগতে পঢ়ক: দিল্লীত ৰুদ্ধদ্বাৰ বৈঠক; আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা

‘বাণিজ্যিক চুক্তিত ভাৰতক বিক্ৰী কৰি দিলে’; লোকসভাত চৰকাৰক আক্ৰমণ ৰাহুল গান্ধীৰ

লোকসভাত বাজেট সন্দৰ্ভত আলোচনাৰ সময়ত ৰাহুল গান্ধীয়ে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে।

বুধবাৰে বাজেট সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰিছে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। ভাষণত তেওঁ ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ বিষয়ে বিতংভাৱে কয়। তেওঁ কয় যে এই চুক্তি সম্পূৰ্ণ একপক্ষীয়। ইয়াত ভাৰত বিক্ৰীৰ কৰাৰ কাম কৰা হৈছে।

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, এই কাম সমান চৰ্তত কৰা হোৱা নাছিল আৰু চৰকাৰে লাজ পাব লাগে যে ভাৰত মাক বিক্ৰী কৰিছে।

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁ দাবী কৰে, ভাৰত-আমেৰিকা চুক্তিত দেশৰ কৃষকৰ স্বাৰ্থ দলিয়াই পেলোৱা হৈছিল, এইটো আগতে কোনো প্ৰধানমন্ত্ৰীয়ে কৰা নাই আৰু ভৱিষ্যতেও কোনেও নকৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে বাজেটৰ সমান্তৰালভাৱে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি কৰা হৈছে।

ৰাহুল গান্ধীয়ে আৰু কয় যে, “আমেৰিকা আৰু চীনৰ মাজত হোৱা প্ৰতিযোগিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হ’ল ভাৰতৰ তথ্য।”

” যদি আমেৰিকাই মহাশক্তি হৈ থাকিব বিচাৰে আৰু যদি আমেৰিকাই ডলাৰক সুৰক্ষিত কৰিব বিচাৰে, তেন্তে ভাৰতৰ তথ্য আমেৰিকানসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিছুমানে কয় যে জনসংখ্যা এক ট্ৰেজেডী, কিন্তু মই কওঁ এইটো শক্তি।”

লগতে পঢ়ক: ‘বেদখলকাৰীৰ বাবে কোনো সকাহ নাই, অসমত উচ্ছেদ চলি থাকিব’; মুখ্যমন্ত্ৰী