হৰিশ ৰাণাই মঙলবাৰে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত শেষ নিশ্বাস ত্যাগ কৰে
ভাৰতত পেচিভ ইউথেনাচিয়াৰ অনুমতি লাভ কৰা প্ৰথমজন ব্যক্তি হৰিশ ৰাণাৰ মঙলবাৰে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত মৃত্যু হয় । ২০১৩ চনৰ পৰা ক’মাত থকা হৰিশ বিগত ১৩ বছৰ ধৰি লাইফ চাপৰ্টত আছিল ।
৩১ বছৰীয়া হৰিশ ৰাণাক ১৪ মাৰ্চত গাজিয়াবাদৰ ডাঃ বি.আৰ. আম্বেদকাৰ ইনষ্টিটিউট ৰটাৰী কেন্সাৰ হাস্পতালৰ পেলিয়েটিভ কেয়াৰ ইউনিটত ভৰ্তি কৰা হৈছিল । ইয়াৰ তিনিদিন পূৰ্বে ১১ মাৰ্চত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত তেওঁক পেচিভ ইউথেনাচিয়াৰ অনুমতি দিছিল ।
হৰিশ ৰাণা পঞ্জাৱ বিশ্ববিদ্যালয়ৰ বি টেকৰ ছাত্ৰ আছিল । ২০১৩ চনত চতুৰ্থ মহলাৰ পৰা পৰি মূৰত গুৰুতৰভাৱে আঘাত পাইছিল আৰু তাৰ পিছৰে পৰা তেওঁ ক’মাত আছিল । এই সময়ছোৱাত তেওঁক কৃত্ৰিম পুষ্টিৰ সহায় আৰু মাজে মাজে অক্সিজেনৰ সহায় দিয়া হৈছিল ।
চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত চিকিৎসকৰ তত্বাৱধানত তেওঁৰ পুষ্টিৰ সহায় ক্ৰমান্বয়ে কমি আহিল । উচ্চতম ন্যায়ালয়ে এইমছক পৰিকল্পিত সময়সূচী অনুসৰি লাইফ চাপৰ্ট চিষ্টেম আঁতৰাই ৰোগীৰ মৰ্যাদা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল ।
হৰিশৰ যত্ন লোৱাৰ ক্ষেত্ৰত চিকিৎসকসকল অত্যন্ত সজাগ আছিল । দিল্লী এইমছৰ অংকো-এনাস্থেচিয়াৰ প্ৰাক্তন মুৰব্বী ডাঃ সুষমা ভাটনাগৰে কয় যে এই পদ্ধতিত ৰোগীৰ পুষ্টি ক্ৰমান্বয়ে হ্ৰাস বা বন্ধ কৰা হয় । তদুপৰি ৰোগীয়ে আৰামদায়ক আৰু বিষমুক্ত হৈ থকাটো নিশ্চিত কৰিবলৈ বিষ নিৰাময়ৰ ঔষধ অবিৰতভাৱে প্ৰদান কৰা হয় ।
এই সমগ্ৰ পদ্ধতি কাৰ্যকৰী কৰিবলৈ ডাঃ সীমা মিশ্ৰৰ নেতৃত্বত এটা বিশেষ চিকিৎসা দল গঠন কৰা হয় । এই দলটোত স্নায়ুচাৰ্জাৰী, অংকো-এনাস্থেচিয়া, প্ৰশমনমূলক চিকিৎসা আৰু মনোৰোগ বিভাগৰ বিশেষজ্ঞসকল আছিল । ইউথেনাচিয়াৰ বাবে এক নতুন নজিৰ গঢ়ি তোলা ভাৰতত এয়া প্ৰথম এনে ঘটনা বুলি ধাৰণা কৰা হৈছে ।
লগতে পঢ়ক : বৃদ্ধি পাব পাৰে লোকসভাৰ আসনৰ সংখ্যা! কি এই ৫০+৩৩ ফৰ্মূলা ?









