পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ ৰ মাজতে হুমায়ুন কবীৰৰ দলে মোক্ষম আঘাত পাইছে। কাৰণে এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই আছাদুদ্দিন ওৱেইছিয়ে তেওঁলোকৰ লগত মিত্ৰতা ভংগ কৰিছে।
পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ ৰ মাজতে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে হুমায়ুন কবীৰৰ দলৰ সৈতে মিত্ৰতাৰ অন্ত পৰাৰ কথা ঘোষণা কৰিছে। ওৱেইছিয়ে কয় যে, বংগ নিৰ্বাচনত তেওঁৰ দলে অকলেই অৱতীৰ্ণ হ’ব।দলটোৱে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছে।
দৰাচলতে ছ’চিয়েল মিডিয়াত হুমায়ুন কবিৰৰ এটা কথিত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত যি বিতৰ্কৰ সৃষ্টি হৈছিল তাৰ পিছতে ওৱেইছিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ভিডিঅ’টোত তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতাৰ সৈতে সম্পৰ্ক থকা বুলি দাবী কৰি বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পৰাস্ত কৰাৰ প্ৰচেষ্টা চলোৱা দেখা গৈছে।
AIMIM এ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত পোষ্ট কৰি লিখিছে- হুমায়ুন কবীৰৰ এই প্রকাশে বংগৰ মুছলমানসকলৰ নিৰাপত্তাহীনতা উদঙাই দিছে৷ AIMIM এ এনে কোনো বিবৃতি সমৰ্থন কৰিব নোৱাৰে,যাৰ ফলত মুছলমানসকলৰ মৰ্যাদাক লৈ প্ৰশ্ন উত্থাপন হয়।আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ AIMIM-এ কবীৰৰ দলৰ সৈতে মিত্ৰতা প্ৰত্যাহাৰ কৰিছে। বংগৰ মুছলমানসকল আটাইতকৈ দৰিদ্ৰ, অৱহেলিত, শোষিত সম্প্ৰদায়ৰ ভিতৰত অন্যতম।দশক দশক ধৰি ধৰ্মনিৰপেক্ষ শাসন চলি থকাৰ পিছতো তেওঁলোকৰ বাবে একো কৰা হোৱা নাই।যিকোনো ৰাজ্যত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সন্দৰ্ভত দলৰ সেইটোৱে নীতি হয় যিটো প্ৰান্তীয় জনগোষ্ঠীসমূহে যাতে এটা স্বতন্ত্ৰ ৰাজনৈতিক কণ্ঠ লাভ কৰে।আমি স্বতন্ত্ৰভাৱে বংগৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ভৱিষ্যতে কোনো দলৰ সৈতে মিত্ৰতা নকৰো।
লগতে পঢ়ক: আজি কলকাতাত বিজেপিৰ ‘সংকল্প পত্ৰ’ উন্মোচন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে









