প্ৰথমে হাঁহি, পিছত হাতযোৰ কৰি সম্ভাষণ; সংসদত ৰাহুল গান্ধীৰ সৈতে বাৰ্তালাৰ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰথমে হাঁহি, পিছত হাতযোৰ কৰি সম্ভাষণ; সংসদত ৰাহুল গান্ধীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

দেশৰ সংসদৰ ভিতৰৰ পৰা অহা এটা ভিডিঅ’ সকলোকে আচৰিত কৰিছে। পুৱাই প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। দেশৰ সংসদৰ ভিতৰৰ পৰা অহা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সাংসদ ৰাহুল গান্ধীয়ে কথা পাতি থকা দেখিবলৈ পোৱা গৈছে।

দেশৰ সংসদৰ ভিতৰৰ পৰা অহা এটা ভিডিঅ’ সকলোকে আচৰিত কৰিছে। পুৱাই প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

দেশৰ সংসদৰ ভিতৰৰ পৰা অহা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সাংসদ ৰাহুল গান্ধীয়ে কথা পাতি থকা দেখিবলৈ পোৱা গৈছে। ১ মিনিট ৩৪ ছেকেণ্ডৰ এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে দীঘলীয়া বাৰ্তালাপত লিপ্ত হয়।

প্ৰথমে প্ৰধানমন্ত্ৰীয়ে তাত থিয় হৈ থকা আন সাংসদসকলক সম্ভাষণ জনালে, পিছত ঘূৰি আহি ৰাহুল গান্ধীৰ কাষ চাপি দুয়োজনে বহু সময় কথা পাতে। এই সময়ছোৱাত ৰাহুলে সন্মানৰ চিন স্বৰূপে প্ৰধানমন্ত্ৰীক হাতযোৰ কৰি সম্ভাষণ জনায়।

আজি মহাত্মা জ্যোতিবা ফুলেৰ ২০০ বছৰীয়া জন্ম জয়ন্তী। আন আন সংসদ সদস্যসকলৰ দৰে এই জন্ম জয়ন্তী উপলক্ষে ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীও জ্যোতিবা ফুলেক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয়। ৰাহুলে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, সাংসদ হৰিবংশ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ সৈতে থিয় হৈ আছিল।সেই সময়তে প্ৰধানমন্ত্ৰী মোদী তাত উপস্থিত হয়।

গাড়ীৰ পৰা নামি প্ৰধানমন্ত্ৰীয়ে সকলোকে হাতযোৰ কৰি সম্ভাষণ জনালে।ৰাহুলো এই শাৰীত থকাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক সন্মানেৰে হাতযোৰ কৰে।মোদীয়ে সকলো সাংসদৰ লগত হাত মিলাই, তাৰ পিছত বিশেষভাৱে ৰাহুলৰ ওচৰলৈ যায়।দুয়োজনে শুভেচ্ছা বিনিময় কৰে আৰু পৰৱৰ্তী সময়ত যথেষ্ট সময় ইজনে সিজনৰ লগত কথা-বতৰা হোৱা দেখা গৈছিল।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বহু দিনৰ পিছত এনেদৰে বাৰ্তালাপ কৰা দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ’টো চাই সকলোকে আচৰিত হোৱাৰ কাৰণটো হৈছে সংসদৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে এনেদৰে বাৰ্তালাপ কৰাৰ দৃশ্য খুব কম দেখিবলৈ পোৱা যায়।দুয়োৰে মাজত ৰাজনৈতিক তিক্ততা সকলোৱে দেখিবলৈ পাইছে, এই পটভূমিত এই ফটোখনে বহু কথাই কয়।

লগতে পঢ়ক: হুমায়ুন কবীৰক মোক্ষম আঘাত; আছাদুদ্দিন ওৱেইছিয়ে ভংগ কৰিলে মিত্ৰতা