‘অসমক ‘অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল’ কৰিলে কংগ্ৰেছে’; অমিত শ্বাহ

‘অসমক ‘অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল’ কৰিলে কংগ্ৰেছে’; অমিত শ্বাহ

গুৱাহাটীৰ পৰা ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। কংগ্ৰেছে অসমক ‘অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল কৰিলে বুলিও অভিযোগ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খানাপাৰত কংগ্ৰেছত তীক্ষ্ণ সমালোচনা কৰে। গৃহমন্ত্ৰী গৰাকীয়ে অভিযোগ কৰে যে কংগ্ৰেছে তেওঁলোকৰ কাৰ্যকালত অসমক “অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল”ত পৰিণত কৰিলে। শ্বাহে কয়, “যেতিয়া

গুৱাহাটীৰ পৰা ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। কংগ্ৰেছে অসমক ‘অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল কৰিলে বুলিও অভিযোগ কৰে।

 কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খানাপাৰত কংগ্ৰেছত তীক্ষ্ণ সমালোচনা কৰে। গৃহমন্ত্ৰী গৰাকীয়ে অভিযোগ কৰে যে কংগ্ৰেছে তেওঁলোকৰ কাৰ্যকালত অসমক “অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল”ত পৰিণত কৰিলে।

শ্বাহে কয়, “যেতিয়া কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিছিল, তেওঁলোকে অসমক অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থললৈ ৰূপান্তৰিত কৰিছিল। কিন্তু বিজেপি চৰকাৰে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১.৫১ লাখ বিঘা ভূমি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিছে।”

গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, যদি অসমৰ জনতাই আমাক তৃতীয়বাৰৰ বাবে শাসনলৈ আনে তেতিয়াহ’লে কেৱল অসমৰ পৰাই নহয় সমগ্ৰ দেশৰ পৰাই অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিম।”

তাৰ লগতে ২০ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ‘এআই ইমপেক্ট ছামিট’ৰ সময়ত কংগ্ৰেছৰ যুৱ শাখাৰ প্ৰতিবাদক লৈও কংগ্ৰেছক গৃহমন্ত্ৰী গৰাকী সমালোচনা কৰে।তেওঁ কয় যে, “এআই সন্মিলনত কংগ্ৰেছে কৰা প্ৰতিবাদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নহয় বিশ্বব্যাপী মঞ্চত আমাৰ দেশখনক হে বদনাম কৰিলে।প্ৰধানমন্ত্ৰী গৰাকীক সমালোচনা কৰিবলৈ গৈ দেশৰ সমালোচনা কৰিব নালাগে।

গৃহমন্ত্ৰী গৰাকীয়ে ৰাহুল গান্ধীক লক্ষ্য কৰি কয় যে “আপুনি আমাক বিৰোধিতা কৰিব পাৰে, সমগ্ৰ শক্তিৰে আমাৰ বিৰোধিতা কৰক। কিন্তু সমগ্ৰ বিশ্বই ভাৰতৰ যুৱ শক্তিৰ প্ৰদৰ্শন চাবলৈ আহে, তাত আপুনি এনেকোৱা কৰিছে। ভাৰতৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰে।”

লগতে পঢ়ক: অসমৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা অমিত শ্বাহৰ

শেহতীয়া প্ৰৱন্ধসমূহ