অসম-নাগালেণ্ডৰ ঐতিহাসিক ত্ৰিপাক্ষিক চুক্তিক আদৰণি অমিত শ্বাহৰ

অসম চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তিৰ পিছতে এই পদক্ষেপক আদৰণি জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ক্ষণ । কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত এক ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে । এই চুক্তিয়ে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমান্ত বিবাদৰ অন্ত পেলোৱাৰ লগতে অঞ্চলটোত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ তথা উৎপাদনৰ এক নতুন দিগন্ত মুকলি কৰিব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ উপস্থিতিত এই ঐতিহাসিক চুক্তিখন স্বাক্ষৰিত হয় ।

গৃহমন্ত্ৰীৰ আদৰণি-

এই ঐতিহাসিক পদক্ষেপক আদৰণি জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত লিখিছে :

“ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত এক ঐতিহাসিক ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, যিয়ে উত্তৰ-পূবৰ দশকজোৰা বিবাদৰ অন্ত পেলাইছে আৰু অঞ্চলটোত তেল আৰু গেছ অন্বেষণৰ পথ মুকলি কৰিছে । ই ভাৰতৰ একতাৰ এক উৎকৃষ্ট উদাহৰণ হিচাপে জিলিকি উঠিছে, য’ত শক্তি-নিৰ্ভৰশীল ভাৰতৰ বাবে মোদী জীৰ স্বপ্ন বাস্তৱায়িত কৰিবলৈ দুয়োখন ৰাজ্যই বিবাদ ত্যাগ কৰিছে ।”

“ৰাষ্ট্ৰ প্ৰথম” আৰু ৫০-৫০ অংশীদাৰিত্ব

চুক্তি স্বাক্ষৰ অনুষ্ঠানত সমবেত ৰাইজক সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে “ৰাষ্ট্ৰ প্ৰথম” নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে এই চুক্তিয়ে কেন্দ্ৰ, অসম আৰু নাগালেণ্ড তিনিওটা পক্ষৰ বাবে এক লাভজনক পৰিস্থিতি সৃষ্টি কৰিছে । দুয়োখন ৰাজ্যই পুৰণি মতানৈক্যসমূহক একাষৰীয়া কৰি দেশৰ স্বাৰ্থত তেল সম্পদ আহৰণৰ বাবে ৫০-৫০ অংশীদাৰিত্বৰ চুক্তিত সন্মত হৈছে । শ্বাহে ইয়াক “ৰাষ্ট্ৰীয় সম্পত্তি” বুলি অভিহিত কৰি দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ এই জাতীয়তাবাদী ভাৱনাক প্ৰশংসা কৰে ।

মুখ্যমন্ত্ৰীদ্বয়ৰ নেতৃত্বক প্ৰশংসা-

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ নেতৃত্বক প্ৰশংসা কৰি গৃহমন্ত্ৰীয়ে কয়, “মই জানো যে অসমৰ স্বাৰ্থৰ কথা আহিলে হিমন্ত জী অতি দৃঢ় । কিন্তু, যেতিয়া মই তেওঁৰ সৈতে কথা পাতিলোঁ আৰু এই বিশেষ বিষয়টো একাষৰীয়া কৰি থবলৈ পৰামৰ্শ দিলোঁ… তেওঁ মান্তি হ’ল ।” তেওঁ লগতে আশা প্ৰকাশ কৰে যে এই চুক্তিয়ে সমগ্ৰ উত্তৰ-পূবতে খনিজ খননৰ পথ প্ৰশস্ত কৰিব ।

এই বুজাবুজি চুক্তিৰ অধীনত অসম-নাগালেণ্ড সীমান্তৰ ১,০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকা সামৰি লোৱা হৈছে । এই সমগ্ৰ অঞ্চলটোত প্ৰচুৰ পৰিমাণে শক্তি আৰু খনিজ ভাণ্ডাৰ থকা বুলি ধাৰণা কৰা হৈছে, য’ত এতিয়াৰে পৰা যৌথভাৱে অন্বেষণ আৰু উৎপাদন কাৰ্য চলোৱা হ’ব ।

লগতে পঢ়ক : শীঘ্ৰেই প্ৰায় সমগ্ৰ উত্তৰ-পূবৰ পৰা প্ৰত্যাহাৰ হ’ব AFSPA! অমিত শ্বাহৰ মন্তব্য

শীঘ্ৰেই প্ৰায় সমগ্ৰ উত্তৰ-পূবৰ পৰা প্ৰত্যাহাৰ হ’ব AFSPA! অমিত শ্বাহৰ মন্তব্য

শ্বাহে কয়, মই নিশ্চিত যে এখন বা দুখন ৰাজ্যক বাদ দি অহা বছৰ আমি সমগ্ৰ উত্তৰ-পূবৰ পৰা AFSPA প্ৰত্যাহাৰ কৰিম

অহা বছৰৰ ভিতৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় সকলো অংশৰ পৰাই সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ ‘আফস্পা’ (AFSPA) প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে । ১১ জুনত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । অঞ্চলটোত আফস্পাৰ অধীনত থকা এলেকা ক্ৰমান্বয়ে হ্ৰাস পোৱাটো শান্তি আৰু সুস্থিৰতা বৃদ্ধিৰ এক ডাঙৰ সূচক বুলি তেওঁ বৰ্ণনা কৰে ।

অসম আৰু নাগালেণ্ড চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বিবাদমান সীমান্ত অঞ্চলত খনিজ তেল অন্বেষণৰ বাবে এক ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হোৱাৰ পিছত এক অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । তেওঁ আস্থা প্ৰকাশ কৰি কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাত্ৰ “এখন বা দুখন ৰাজ্যত”হে অনাগত দিনত AFSPA বলবৎ হৈ থাকিব পাৰে ।

শ্বাহে কয়, “মই নিশ্চিত যে এখন বা দুখন ৰাজ্যক বাদ দি অহা বছৰ আমি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা AFSPA প্ৰত্যাহাৰ কৰিম ।”

তিনি দশকৰ অন্তত স্থবিৰতাৰ অন্ত :

এই ত্ৰিপাক্ষিক চুক্তিয়ে অসম-নাগালেণ্ড সীমান্তৰ বিবাদমান এলেকা বেল্টত (DAB) তেল আৰু খনিজ অন্বেষণৰ কাৰ্যসূচী দীৰ্ঘদিনৰ মূৰত পুনৰ আৰম্ভ কৰিব । উল্লেখ্য যে ক্ষেত্ৰাধিকাৰ সম্পৰ্কীয় বিবাদ আৰু নিৰাপত্তাজনিত উদ্বেগৰ বাবে বিগত তিনিটা দশকতকৈও অধিক সময় ধৰি এই অঞ্চলটোত সকলো ধৰণৰ কাম-কাজ স্থবিৰ হৈ আছিল ।

এই বুজাবুজিৰ চুক্তিক এক “ঐতিহাসিক মুহূৰ্ত” বুলি অভিহিত কৰি অমিত শ্বাহে কয় যে এই চুক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “উন্নত উত্তৰ-পূৰ্বাঞ্চল”ৰ সপোনৰ ক্ষেত্ৰত থকা এক ডাঙৰ হেঙাৰ দূৰ কৰিলে। তেওঁ লগতে কয় :

“উত্তৰ-পূৰ্বাঞ্চলত তেল, প্ৰাকৃতিক গেছ আৰু খনিজ পদাৰ্থৰ বুজন পৰিমাণৰ ভাণ্ডাৰ আছে । কিন্তু দীৰ্ঘদিনীয়া আইন-শৃংখলাজনিত প্ৰত্যাহ্বানৰ বাবে এইবোৰ বৃহৎ পৰিমাণে অব্যৱহৃত হৈ আছিল । এই চুক্তিয়ে খনিজ অন্বেষণৰ এক নতুন পথ মুকলি কৰিব ।”

উন্নয়নৰ মূল চাবিকাঠী : ‘সমবায় যুক্তৰাষ্ট্ৰবাদ’

গৃহমন্ত্ৰী শ্বাহে এই চুক্তিক উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক শান্তি প্ৰক্ৰিয়াৰ এক অংশ বুলি উল্লেখ কৰে । তেওঁ জনায় যে ২০১৯ চনৰ পৰা এতিয়ালৈকে বিভিন্ন সশস্ত্ৰ গোট আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত ১২খনকৈ গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত হৈছে । যাৰ ফলত অঞ্চলটোত হিংসাত্মক ঘটনাৰ মাত্ৰা প্ৰায় ৮০ শতাংশ হ্ৰাস পাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ ধাৰাবাহিক গুৰুত্বৰ বাবেই আজিয়েই ঐতিহাসিক দিনটো সম্ভৱ হৈ উঠিছে । পূৰ্বে কোনো সহমতত উপনীত হ’ব নোৱাৰাৰ বাবে অসম আৰু নাগালেণ্ড দুয়োখন ৰাজ্যৰে উন্নয়ন ব্যাহত হৈ আছিল । আজিয়ে মুকলি হোৱা এই পথ দুয়োখন ৰাজ্যৰ বাবে সমৃদ্ধিৰ দুৱাৰস্বৰূপ হ’ব আৰু ই ভাৰতৰ ‘সমবায় যুক্তৰাষ্ট্ৰবাদ’ (Cooperative Federalism)-ৰ এক উৎকৃষ্ট উদাহৰণ হৈ ৰ’ব ।

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমা বিবাদৰ ঐতিহাসিক সমাধান; স্বাক্ষৰিত হ’ল বুজাবুজি চুক্তি

অমিত শ্বাহৰ ত্ৰিপুৰা ভ্ৰমণ: ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা আৰু বিএছএফৰ প্ৰস্তুতিৰ বুজ ল’ব গৃহমন্ত্ৰীয়ে

ত্ৰিপুৰা প্ৰবাসৰ সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিএছএফ আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হ’ব

কেদ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৪ আৰু ৫ জুনত দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰা ভ্ৰমণলৈ আহিব । এই গুৰুত্বপূৰ্ণ ভ্ৰমণকালত গৃহমন্ত্ৰীগৰাকীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰিদৰ্শন কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)-ৰ প্ৰস্তুতিৰো বুজ ল’ব ।

জানিব পৰা মতে, অহা ৪ জুনত শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব পৰিষদৰ (এনইচি) ৭৩ সংখ্যক পূৰ্ণাংগ অধিৱেশনত সভাপতিত্ব কৰাৰ পিছত গৃহমন্ত্ৰী শ্বাহে সেইদিনা সন্ধিয়া আগৰতলাত উপস্থিত হ’ব ।

উচ্চস্তৰীয় বৈঠক আৰু সীমান্ত পৰিদৰ্শন-

ত্ৰিপুৰা প্ৰবাসৰ সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিএছএফ আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হ’ব । এই বৈঠকত ভাৰত-বাংলাদেশ সীমান্তৰ সৈতে জৰিত স্পৰ্শকাতৰ নিৰাপত্তাৰ বিষয়সমূহ বিতংভাৱে পৰ্যালোচনা কৰা হ’ব । এই বৈঠকৰ পূৰ্বে তেওঁ পশ্চিম ত্ৰিপুৰা জিলাৰ কিছুমান সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰি বৰ্তমানৰ পৰিস্থিতি আৰু সুৰক্ষা ব্যৱস্থাৰ প্ৰত্যক্ষ বুজ ল’ব ।

বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ-

নিৰাপত্তাৰ পৰ্যালোচনাৰ উপৰিও অমিত শ্বাহে নিজৰ ভ্ৰমণকালত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব :

আন্তঃগাঁথনি প্ৰকল্প : ৰাজ্যখনৰ কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ।

সৈনিক সন্মিলন : বিএছএফৰ জোৱানসকলক উৎসাহিত কৰিবলৈ তেওঁ এক সৈনিক সন্মিলনক সম্বোধন কৰিব ।

বৃক্ষৰোপণ আৰু হোটেল প্ৰকল্প : এক বৃক্ষৰোপণ অভিযানত অংশ লোৱাৰ লগতে ত্ৰিপুৰা চৰকাৰ আৰু এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত গঢ়ি উঠিবলগীয়া এটা তাৰকাযুক্ত হোটেল প্ৰকল্পৰো ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব ।

সীমান্তত হাই-এলাৰ্ট: কিয় স্পৰ্শকাতৰ ত্ৰিপুৰা সীমান্ত ?

ত্ৰিপুৰাৰ সৈতে বাংলাদেশৰ ৮৫৬ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে আৰু ৰাজ্যখন তিনিফালেৰে বাংলাদেশেৰে আবৃত । ভৌগোলিক অৱস্থিতিৰ বাবে এই অঞ্চলটো অবৈধ অনুপ্ৰৱেশ, সৰবৰাহ আৰু সীমান্তৰ সিপাৰৰ অপৰাধৰ বাবে অত্যন্ত স্পৰ্শকাতৰ ।

বৰ্তমান প্ৰায় ২১ কিলোমিটাৰ দুৰ্গম এলেকা বাদ দি বাকী অংশত কাঁটাতঁৰৰ বেৰ দিয়াৰ কাম সম্পূৰ্ণ হৈছে । বৰ্তমান গৃহমন্ত্ৰীগৰাকীৰ এই হাই-প্ৰফাইল ভ্ৰমণক লৈ ত্ৰিপুৰা চৰকাৰ, বিএছএফ আৰু জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে ।

লগতে পঢ়ক : মেঘালয়ৰ উমৰয়ত ‘প্ৰগতি-২০২৬’ৰ সফল সমাপ্তি : ভাৰতৰ নেতৃত্বত ১৩খন দেশৰ সামৰিক অনুশীলন

দেশৰ সীমান্ত সুৰক্ষা কটকটীয়া কৰিবলৈ বিশেষ পৰিকল্পনা : আজিৰে পৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ সীমান্ত ভ্ৰমণসূচী

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা কেইটামান দিনৰ ভিতৰত দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰিব

ভাৰতৰ সীমান্ত সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা কেইটামান দিনৰ ভিতৰত দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰিব । এই ভ্ৰমণকালত গৃহমন্ত্ৰীগৰাকীয়ে উচ্চস্তৰীয় নিৰাপত্তা সম্পৰ্কীয় বৈঠকত মিলিত হৈ সীমান্তৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰিব। দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষাৰ দিশৰ পৰা গৃহমন্ত্ৰীৰ এই সমগ্ৰ ভ্ৰমণসূচীক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে ।

প্ৰথম কাৰ্যসূচী : ৰাজস্থানৰ বিকানেৰ আৰু ‘সাঁচু’ সীমান্ত চকী

নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, গৃহমন্ত্ৰী অমিত শ্বাহে আজি (২৫ মে’) নিশা ৰাজস্থানৰ বিকানেৰত উপস্থিত হ’ব । কাইলৈ ৰাতিপুৱা ঠিক ১০ বজাত তেওঁ ভাৰত-পাকিস্তান সীমান্তত অৱস্থিত বি এছ এফৰ সীমান্ত চকী ‘সাঁচু’ পৰিদৰ্শন কৰিব । তাত তেওঁ কৰ্তব্যৰত নিৰাপত্তাৰক্ষী জোৱানসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপত মিলিত হোৱাৰ লগতে জোৱানসকলৰ কল্যানৰ্থে কেইবাখনো বিশেষ আঁচনিৰ শুভাৰম্ভ কৰিব ।

ইয়াৰ পিছত, দিনৰ ২ বজাত বিকানেৰত এক গুৰুত্বপূৰ্ণ সীমান্ত নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠকত গৃহ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়া, ৰাজস্থান চৰকাৰৰ প্ৰতিনিধি, বি এছ এফৰ জ্যেষ্ঠ বিষয়া আৰু সীমান্তৱৰ্তী ৫খন জিলাৰ জিলা উপায়ুক্ত (DM) তথা আৰক্ষী অধীক্ষকসকল উপস্থিত থাকিব ।

ড্ৰোন আৰু হাইব্ৰিড যুদ্ধৰ বিৰুদ্ধে ‘স্মাৰ্ট বৰ্ডাৰ প্ৰজেক্ট’-

আজিকালি ক্ৰমান্বয়ে বৃদ্ধি পোৱা ড্ৰোন তথা হাইব্ৰিড যুদ্ধৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰে এক নতুন কৌশল হাতত লৈছে । বিকানেৰ ভ্ৰমণৰ সময়ত অমিত শ্বাহে পাকিস্তান সীমান্তৰ বাবে ‘স্মাৰ্ট বৰ্ডাৰ প্ৰজেক্ট’ আৰু ‘নতুন সীমান্ত সুৰক্ষা ৰণনীতি’ৰ চূড়ান্ত ৰূপৰেখা প্ৰস্তুত কৰিব । এই প্ৰস্তাৱিত ‘স্মাৰ্ট বৰ্ডাৰ প্ৰজেক্ট’ৰ অধীনত সীমান্তত আধুনিক ড্ৰোন, ৰাডাৰ, হাই-টেক কেমেৰা আৰু অত্যাধুনিক প্ৰযুক্তি মোতায়েন কৰা হ’ব, যাৰ জৰিয়তে শত্ৰুপক্ষৰ বাবে এক অভেদ্য সীমান্ত গ্ৰীড গঢ়ি তোলা হ’ব ।

অনাগত দিনৰ ভ্ৰমণসূচী: গুজৰাট, ত্ৰিপুৰা আৰু বংগ-

ৰাজস্থান ভ্ৰমণৰ সামৰণি মাৰি গৃহমন্ত্ৰীগৰাকী অহা ২৯ মে’ত গুজৰাটৰ ভুজ ভ্ৰমণলৈ যাব । তাত তেওঁ বি এছ এফৰ সীমান্ত চকী পৰিদৰ্শন কৰাৰ উপৰিও অতি স্পৰ্শকাতৰ বুলি বিবেচিত ‘হাৰামীনালা’ অঞ্চলৰ বুজ ল’ব । ইয়াৰ পিছত অহা মাহৰ ০৫ জুনত ত্ৰিপুৰাৰ সীমান্ত অঞ্চল আৰু ১৫ জুনৰ আশে-পাশে পশ্চিম বংগৰ সীমান্তৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থাৰ বুজ ল’ব গৃহমন্ত্ৰী শ্বাহে ।

ভ্ৰমণৰ পূৰ্বে প্ৰস্তুতি সম্পূৰ্ণ-

গৃহমন্ত্ৰীৰ এই হাই-প্ৰফাইল ভ্ৰমণক লৈ সীমান্তৱৰ্তী জিলাসমূহত প্ৰশাসনিক তৎপৰতা তীব্ৰতৰ হৈ পৰিছে । মুখ্য সচিব ভি. শ্ৰীনিবাসৰ অধ্যক্ষতাত যোৱা শনিবাৰে সচিবালয়ত এক বিশেষ প্ৰস্তুতি বৈঠক অনুষ্ঠিত হৈ যায় । এই বৈঠকত জয়ছালমেৰ, বাৰমেৰ, বিকানেৰ, শ্ৰীগংগানগৰ আৰু ফলোডীৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি নিৰাপত্তা তথা প্ৰশাসনিক দিশসমূহৰ পৰ্যালোচনা কৰে । প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি, গৃহমন্ত্ৰীৰ ভ্ৰমণক লৈ সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে ।

লগতে পঢ়ক : বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ: স্থাপন হ’ব বিশেষ ‘হোল্ডিং চেন্টাৰ’

অনুপ্ৰৱেশৰ বিৰুদ্ধে শূন্য-সহনশীলতা নীতি: দেশৰ সীমান্ত চিল কৰিবলৈ আৰম্ভ হ’ব ‘স্মাৰ্ট বৰ্ডাৰ প্ৰকল্প’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ঘোষণা কৰে যে চৰকাৰে সীমান্তৰ সিপাৰৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ প্ৰতি এক ‘শূন্য-সহনশীলতা’ নীতি গ্ৰহণ কৰিব

দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ পদক্ষেপ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ঘোষণা কৰে যে চৰকাৰে সীমান্তৰ সিপাৰৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ প্ৰতি এক ‘শূন্য-সহনশীলতা’ নীতি গ্ৰহণ কৰিব । দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ সম্পূৰ্ণৰূপে চিল কৰিবলৈ আৰু সকলো অবৈধ প্ৰব্ৰজনকাৰীক বহিষ্কাৰ কৰাৰ উদ্দেশ্যে চলিত বৰ্ষতে এক ব্যাপক ‘স্মাৰ্ট বৰ্ডাৰ প্ৰকল্প’ আৰম্ভ কৰা হ’ব ।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ ২০২৬ বৰ্ষৰ পদগ্ৰহণ সমাৰোহত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অবৈধ প্ৰব্ৰজন কেৱল এটা সাধাৰণ সমস্যাই নহয়, বৰঞ্চ ই দেশৰ জনগাঁথনিগত পৰিৱৰ্তন অনাৰ এক পৰিকল্পিত ষড়যন্ত্ৰ । চৰকাৰে প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰিব বুলি তেওঁ হুংকাৰ দিয়ে ।

৬,০০০ কিলোমিটাৰ সীমান্তত অভেদ্য সুৰক্ষা গ্ৰিড-

গৃহ মন্ত্ৰালয়ে দেশৰ ৬,০০০ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমান্তত এক অভেদ্য সুৰক্ষা গ্ৰিড কাৰ্যকৰী কৰিবলৈ সাজু হৈছে । গৃহমন্ত্ৰী শ্বাহে ঘোষণা কৰা অনুসৰি, অহা এটা বছৰৰ ভিতৰত ‘স্মাৰ্ট বৰ্ডাৰ’ ধাৰণাটোৰ অধীনত বিএছএফক ড্ৰোন, ৰাডাৰ আৰু অত্যাধুনিক কেমেৰাকে ধৰি আধুনিক প্ৰযুক্তিৰে সম্পূৰ্ণৰূপে সজ্জিত কৰা হ’ব ।

অমিত শ্বাহে কয়- “কোনো সমস্যা কেৱল নিয়ন্ত্ৰণ কৰাটোৱেই প্ৰকৃত সুৰক্ষা নহয়; তাক শিপাৰ পৰা উঘালি পেলোৱাটোহে সঠিক উপায় ।”

অসমসহ তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে হ’ব বৈঠক-

গৃহমন্ত্ৰীগৰাকীয়ে বিএছএফক নিজৰ চোৰাংচোৱা নেটৱৰ্ক অধিক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনায় । বিশেষকৈ অনুপ্ৰৱেশ আৰু গৰু সৰবৰাহৰ পথসমূহ চিনাক্ত কৰি সেইবোৰ বন্ধ কৰিবলৈ ৰাজ্যিক আৰক্ষী, জিলা আয়ুক্ত আৰু গাঁৱৰ মণ্ডল সকলৰ সৈতে পোনপটীয়া সমন্বয় ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

তেওঁ উল্লেখ কৰে যে এই সুৰক্ষা গ্ৰিডক সফল কৰি তুলিবলৈ অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতে নীতিগত বুজাবুজিৰ প্ৰয়োজন । ইয়াৰ বাবে গৃহ মন্ত্ৰালয়ে অতি সোনকালে এই তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিব ।

বিশ্বৰ সৰ্ববৃহৎ সীমান্ত সুৰক্ষা বাহিনী বিএছএফ-

বিএছএফৰ ঐতিহাসিক যাত্ৰা আৰু অৱদানৰ প্ৰশংসা কৰি অমিত শ্বাহে কয় যে ১৯৬৫ চনত মাত্ৰ ২৫ টা বেটেলিয়ন লৈ আৰম্ভ হোৱা এই বাহিনীটো এতিয়া ২,৭০,০০০ জোৱানেৰে বিশ্বৰ সৰ্ববৃহৎ সীমান্ত সুৰক্ষা বাহিনীত পৰিণত হৈছে । সীমান্তত নিয়োজিত এই জোৱানসকলক সহায় কৰিবলৈ অতি সোনকালে এটা উচ্চ-ক্ষমতাসম্পন্ন ‘জনগাঁথনি মিছন’ আৰম্ভ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে । সমাৰোহত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৰ্তব্যৰ সময়ত উৎকৃষ্ট অৱদান আগবঢ়োৱা আৰু সৰ্বোচ্চ বলিদান দিয়া বিএছএফ জোৱানসকলক বিশেষভাৱে সন্মানিত কৰে ।

‘স্মাৰ্ট বৰ্ডাৰ’ প্ৰকল্পৰ মূল লক্ষ্য :

সীমান্ত চিল কৰা: দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ সম্পূৰ্ণৰূপে বন্ধ বা চিল কৰা।

আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ: বিএছএফক ড্ৰোন, ৰাডাৰ আৰু উন্নত মানৰ চিচিটিভি কেমেৰাৰে আধুনিকীকৰণ কৰা।

সময়সীমা: এই সমগ্ৰ প্ৰকল্পটো অহা এটা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

মূল উদ্দেশ্য: অবৈধ অনুপ্ৰৱেশ আৰু চোৰাং কাৰবাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দেশৰ জনগাঁথনি সুৰক্ষিত ৰখা।

লগতে পঢ়ক : নলবাৰীত নিৰ্মাণ হ’ব অসমৰ দ্বিতীয়টো জৰুৰীকালীন অৱতৰণ সুবিধা

লক্ষ্যতকৈ বহু পূৰ্বেই নক্সালমুক্ত হ’ল ভাৰতঃ অমিত শ্বাহৰ ডাঙৰ ঘোষণা

গৃহমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, সুৰক্ষা বাহিনীৰ সাহস আৰু ত্যাগৰ ফলত ভাৰতে নিৰ্ধাৰিত ৩১ মাৰ্চৰ সময়সীমাৰ পূৰ্বেই নক্সালমুক্ত দেশ হিচাপে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ জগদলপুৰত এক সংবাদমেল সম্বোধন কৰি দেশৰ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত এক ঐতিহাসিক ঘোষণা কৰে । গৃহমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, সুৰক্ষা বাহিনীৰ “সাহস আৰু ত্যাগ”ৰ ফলত ভাৰতে নিৰ্ধাৰিত ৩১ মাৰ্চৰ সময়সীমাৰ পূৰ্বেই নক্সালমুক্ত দেশ হিচাপে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁ কয় যে এতিয়া সমগ্ৰ বস্তাৰ অঞ্চলৰ জনসাধাৰণে কোনো ভয়-ভীতি নোহোৱাকৈ মুকলিকৈ উশাহ ল’ব পাৰিছে ।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা :

সংবাদমেলত অমিত শ্বাহে ছত্তীশগড়ৰ পূৰ্বৰ ভূপেশ বাঘেল নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে । তেওঁ অভিযোগ উত্থাপন কৰে যে কেন্দ্ৰীয় চৰকাৰৰ এই ‘নক্সালমুক্ত ভাৰত’ অভিযানত আন কেইবাখনো বিজেপি-বিহীন ৰাজ্যই সহযোগিতা আগবঢ়াইছিল, কিন্তু ছত্তীশগড়ৰ তদানীন্তন কংগ্ৰেছ চৰকাৰে কোনো সমৰ্থন কৰা নাছিল । ২০২৩ চনৰ ১৩ ডিচেম্বৰত বিষ্ণু দেউ সাইৰ নেতৃত্বত বিজেপিয়ে ছত্তীশগড়ত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা এই অভিযান ক্ষিপ্ৰতৰ হৈ পৰে বুলি তেওঁ উল্লেখ কৰে ।

লক্ষ্যতকৈ পূৰ্বেই সফলতা :

গৃহমন্ত্ৰীগৰাকীয়ে অতীতৰ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সুঁৱৰি কয়, “২০২৪ চনৰ ২৪ আগষ্টত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত সমগ্ৰ দেশক নক্সালবাদৰ সন্ত্ৰাসৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছিল । কিন্তু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ বাবে এই সময়সীমাৰ বহু পূৰ্বেই নক্সালবাদ নিৰ্মূল কৰা সম্ভৱ হ’ল ।” তেওঁ একাংশ বুদ্ধিজীৱীকো সমালোচনা কৰি কয় যে অঞ্চলসমূহ উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ বাবে নক্সালবাদ গঢ়ি উঠা নাছিল, বৰঞ্চ নক্সালবাদৰ বাবেহে অঞ্চলসমূহ উন্নয়নৰ পৰা বঞ্চিত হৈ আছিল ।

নক্সাল প্ৰভাৱিত অঞ্চল হিচাপে পৰিচিত বস্তাৰৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আজি ১৯ মে’ৰ দিনটোক এক ঐতিহাসিক দিন হিচাপে আখ্যা দিয়ে গৃহমন্ত্ৰী শ্বাহে । তেওঁ ঘোষণা কৰে যে নক্সাল দমনৰ বাবে গৃহ মন্ত্ৰালয়ে স্থাপন কৰা প্ৰায় ২০০টা নিৰাপত্তা শিবিৰৰ ভিতৰত প্ৰথম পৰ্যায়ত ৭০টা শিবিৰ (প্ৰায় এক-তৃতীয়াংশ) এতিয়া ‘বীৰ শ্বহীদ গুণ্ডাধূৰ সেৱা ডেৰা’লৈ ৰূপান্তৰিত কৰা হ’ব । এই সেৱা কেন্দ্ৰসমূহৰ জৰিয়তে চৰকাৰী সা-সুবিধাসমূহ পোনপটীয়াকৈ জনসাধাৰণৰ দুৱাৰদলিত উপলব্ধ কৰোৱা হ’ব ।

উল্লেখ্য যে, সোমবাৰে অমিত শ্বাহে বস্তাৰত ‘শ্বহীদ বীৰ গুণ্ডাধূৰ সেৱা ডেৰা জন সুবিধা কেন্দ্ৰ’ৰ আনুষ্ঠানিক উদ্বোধন কৰে । এই বিশেষ কেন্দ্ৰটোৰ জৰিয়তে স্থানীয় ৰাইজে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুঠ ৩৭১খন কল্যাণমুখী আঁচনিৰ সুবিধা একেখন চালিৰ তলতে লাভ কৰিবলৈ সক্ষম হ’ব ।

লগতে পঢ়ক : দেশৰ যাতায়াত খণ্ডত নতুন যুগৰ সূচনা ! ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেনৰ প্ৰথমখন আলোকচিত্ৰ মুকলি

বংগত বিজেপিৰ ঐতিহাসিক উত্থান: চৰকাৰ গঠনৰ ব্লুপ্ৰিণ্ট যুগুতাবলৈ কলকাতাত অমিত শ্বাহ

এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগত ইতিহাস ৰচনা কৰিছে

পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠনক লৈ ৰাজনৈতিক তৎপৰতা তুংগত উঠিছে । এই ঐতিহাসিক ক্ষণত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে শুকুৰবাৰে কলকাতাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আজি বিয়লি অনুষ্ঠিত হ’বলগীয়া দলৰ বিধানয়িনী বৈঠকৰ তেওঁ পৌৰোহিত্য কৰিব ।

জানিব পৰা মতে, নিৰ্বাচনোত্তৰ কৌশল আৰু নতুন চৰকাৰ গঠনৰ আলোচনাৰ এই সন্ধিক্ষণত শ্বাহৰ ভ্ৰমণক অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে । কলকাতাত উপস্থিত হোৱাৰ পাছতেই গৃহমন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ দলীয় নেতা আৰু কোৰ কমিটিৰ সদস্যসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ মূল্যায়ন, সাংগঠনিক পৰ্যালোচনা আৰু পৰৱৰ্তী পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰা হয় ।

বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে শ্বাহে ৰাজ্যখনৰ আগন্তুক শপত গ্ৰহণ অনুষ্ঠান সন্দৰ্ভত দলীয় নেতাসকলৰ সৈতে বিতং আলোচনা কৰিব । ইয়াৰ উপৰিও নতুন কেবিনেটৰ ৰূপৰেখা কেনেকুৱা হ’ব, দপ্তৰসমূহৰ বিতৰণ আৰু সামগ্ৰিক শাসনৰ অগ্ৰাধিকাৰ সম্পৰ্কেও পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, পশ্চিমবংগৰ বাবে অমিত শ্বাহক কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিক কেন্দ্ৰীয় সহ-পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । একেদৰে, অসমত বিধানমণ্ডলীয় দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চাইনীক সহ-পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

উল্লেখ্য যে, এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগত ইতিহাস ৰচনা কৰিছে । ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, ২৯৪খন আসনৰ ভিতৰত বিজেপিয়ে ২০৬খন আসন লাভ কৰি চমকপ্ৰদ সফলতা অৰ্জন কৰিছে । আনহাতে, যোৱাবাৰ ২১২খন আসন লাভ কৰা তৃণমূল কংগ্ৰেছে এইবাৰ মাত্ৰ ৮০খন আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছে । ইফালে, চুবুৰীয়া ৰাজ্য অসমতো বিজেপি নেতৃত্বাধীন এন ডি এ দলে জয়েৰে হেট্ৰিক অৰ্জন কৰি নিজৰ স্থিতি পুনৰ দৃঢ় কৰিছে ।

লগতে পঢ়ক : পশ্চিম বংগত ভংগ হ’ল বিধানসভা; শেষ হ’ল ১৫ বছৰীয়া মমতা ৰাজ

পহলগামৰ প্ৰতিশোধ আৰু অমোঘ শক্তিৰ প্ৰতীক : অপাৰেচন সিন্দুৰক চেল্যুট কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

২০২৫ চনৰ ৭ মে’ত পহলগাম আক্ৰমণৰ পাছতেই ভাৰতীয় সেনাই এই বৃহৎ অভিযান আৰম্ভ কৰিছিল

২০২৫ চনৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই চলোৱা ঐতিহাসিক ‘অপাৰেচন সিন্দুৰ’ৰ আজি এবছৰ সম্পূৰ্ণ হ’ল । এই বিশেষ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সশস্ত্ৰ বাহিনীৰ বীৰত্বক প্ৰশংসা কৰি ইয়াক এক “যুগান্তকাৰী অভিযান” বুলি অভিহিত কৰে ।

গৃহমন্ত্ৰীৰ হুংকাৰ-

সামাজিক মাধ্যম ‘এক্স’ত এক পোষ্টযোগে অমিত শ্বাহে কয় যে অপাৰেচন সিন্দুৰে ভাৰতৰ সামৰিক শক্তি, চোৰাংচোৱা দক্ষতা আৰু দৃঢ় ৰাজনৈতিক ইচ্ছাশক্তিৰ একত্ৰিত প্ৰতিফলন ঘটাইছে । তেওঁ সতৰ্ক কৰি দি কয়, “আমাৰ শত্ৰুবোৰে য’তেই আত্মগোপন নকৰক কিয়, তেওঁলোক সাৰি যাব নোৱাৰিব । তেওঁলোক সদায় আমাৰ দৃষ্টিত আৰু আমাৰ অগ্নিশক্তিৰ তীব্ৰ ক্ৰোধৰ মাজত আছে ।”

কটকটীয়া নিৰাপত্তা আৰু শ্ৰদ্ধাঞ্জলি-

অপাৰেচনৰ বৰ্ষপূৰ্তিৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰৰ পুঞ্চকে ধৰি বিভিন্ন স্পৰ্শকাতৰ স্থানত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে । পহলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা ২৬ জন লোক আৰু দেশৰ হকে আত্মবলিদান দিয়া জোৱানসকলৰ প্ৰতি সমগ্ৰ দেশজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

অপাৰেচন সিন্দুৰ-

২০২৫ চনৰ ৭ মে’ত পহলগাম আক্ৰমণৰ পাছতেই ভাৰতীয় সেনাই এই বৃহৎ অভিযান আৰম্ভ কৰিছিল । এই অভিযানত :

-পাকিস্তান আৰু পিঅ’কেত থকা লস্কৰ-ই-তৈবা, জয়শ-ই-মহম্মদ আৰু হিজবুল মুজাহিদিনৰ ৯ টা সন্ত্ৰাসবাদী লঞ্চপেড ধ্বংস কৰা হৈছিল ।

-সেনাই প্ৰায় ১০০ৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰিছিল ।

-চাৰিদিন ধৰি চলা এই তীব্ৰ সংঘাতৰ পাছত ১০ মে’ত দুয়ো দেশৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানৰ (DGMO) আলোচনামৰ্মে যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও আজিৰ দিনটোত সশস্ত্ৰ বাহিনীক চেল্যুট জনাই কয় যে অপাৰেচন সিন্দুৰ ভাৰতৰ সামৰিক শক্তিৰ এক অনন্য প্ৰতীক হৈ ৰ’ব ।

লগতে পঢ়ক : অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তি : সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ হুংকাৰ, সশস্ত্ৰ বাহিনীৰ বীৰত্বক প্ৰধানমন্ত্ৰীৰ চেলুট

বংগ আৰু অসমত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া তীব্ৰতৰ: অমিত শ্বাহ আৰু নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দায়িত্ব

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক অসমত দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে মনোনীত কৰা হৈছে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মঙলবাৰে পশ্চিম বংগৰ বাবে বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে কেন্দ্ৰীয় সহ-পৰ্যবেক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব । ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক অসমত দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে মনোনীত কৰা হৈছে আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনীয়ে কেন্দ্ৰীয় সহ-পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰিব ।

এদিন পূৰ্বে ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে ইতিহাস ৰচনা কৰিছে । পশ্চিম বংগত দলে প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হোৱাৰ বিপৰীতে অসমত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে । ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, পশ্চিম বংগৰ ২৯৪ খন আসনৰ ভিতৰত বিজেপিয়ে ২০৭ খন আসন লাভ কৰিছে আৰু তৃণমূল কংগ্ৰেছে  ৮০ খন আসন লাভ কৰিছে ।

অসমত বিজেপিয়ে ৮২ খন আসন লাভ কৰি ৬৪ খনৰ সংখ্যাগৰিষ্ঠতাৰ সীমা ১৮ খন আসনৰ ব্যৱধানত অতিক্ৰম কৰিছে । বিজেপিৰ আঞ্চলিক মিত্ৰশক্তি অসম গণ পৰিষদ  আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ১০ খনকৈ আসন লাভ কৰিছে । আনহাতে কংগ্ৰেছে পাঁচটা দলৰ সৈতে মিত্ৰতা কৰা স্বত্বেও মাত্ৰ ১৯ খন আসনহে লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : হুবহু সঁচা হ’ল মুখ্যমন্ত্রীৰ ভৱিষ্যদ্বাণী, চেঞ্চুৰী কোবাই অসমত এন ডি এৰ বিজয়ৰ হেট্ৰিক