মমতা দিদিক টা-টা বাই-বাই কোৱাৰ সময় আহি পৰিছেঃ দাৰ্জিলিঙত গৃহমন্ত্ৰী অমিত শ্বাহ

অমিত শ্বাহে লগতে আশ্বাস দিয়ে যে গোৰ্খাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ সমাধানৰ বাবে বিজেপিয়ে এক স্থায়ী সমাধান উলিয়াব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে গোৰ্খা সম্প্ৰদায়ৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে চলাই অহা “অন্যায়” সমাপ্ত কৰাৰ সংকল্প গ্ৰহণ কৰে আৰু গোৰ্খালেণ্ড আন্দোলনৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । অমিত শ্বাহে লগতে আশ্বাস দিয়ে যে গোৰ্খাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ সমাধানৰ বাবে বিজেপিয়ে এক “স্থায়ী সমাধান” উলিয়াব ।

দাৰ্জিলিঙত এখন নিৰ্বাচনী জনসভাক সম্বোধন কৰি অমিত শ্বাহে কয়, “মমতা দিদিয়ে গোৰ্খাসকলৰ ইতিহাস মচি পেলাবলৈ চেষ্টা কৰিছে । এতিয়া গোৰ্খাসকলৰ ওপৰত হোৱা অন্যায় শেষ কৰাৰ সময় আহি পৰিছে । কংগ্ৰেছ, কমিউনিষ্ট আৰু মমতা বেনাৰ্জীক দাৰ্জিলিঙে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব লাগিব ।”

তেওঁ লগতে কয়, “আমাৰ গোৰ্খা ভাতৃসকলৰ বিৰুদ্ধে শ শ মিছা গোচৰ তৰা হৈছে । আমি ৩১ জুলাইৰ ভিতৰত সকলো গোচৰ প্ৰত্যাহাৰ কৰিম । তেওঁলোকে গোৰ্খা আন্দোলনক দমন কৰিছে । আমি নিশ্চিত কৰিম যাতে সকলো গোচৰ প্ৰত্যাহাৰ কৰা হয় । আমি এনে এটা সমাধান লৈ আসিম যাতে আপোনালোকে পুনৰ আন্দোলন কৰিবলগীয়া নহয় ।”

লগতে পঢ়ক : ইন্টাৰনেটত জগতত খলকনি তুলিছে প্ৰধানমন্ত্ৰী মোদীৰ ‘ঝালমুড়ি’ৰ ভিডিঅ’ই

মমতা বেনাৰ্জীক পুনৰ আক্ৰমণ কৰি অমিত শ্বাহে কয়, “এতিয়া মমতা দিদিক টা-টা বাই-বাই কোৱাৰ সময় আহি পৰিছে । এই নিৰ্বাচন বংগক তৃণমূলৰ অপৰাধৰ পৰা মুক্ত কৰাৰ নিৰ্বাচন । এইবাৰ সমগ্ৰ বংগই দিদিক ক্ষমতাৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে । এই নিৰ্বাচন আমাৰ মাতৃ আৰু ভগ্নীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ নিৰ্বাচন। আমি নিশ্চিত কৰিম যাতে প্ৰতিজন ধৰ্ষণকাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।”

লগতে পঢ়ক : ৪ মে’ত সমগ্ৰ বংগত সন্ত্ৰাসৰ ৰাজত্ব শেষ হ’ব: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবী

মহিলাৰ ক্ৰোধৰ সন্মুখীন হ’ব লাগিব বিৰোধীয়ে : কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টিৰ বিৰুদ্ধে সৰৱ অমিত শ্বাহ

মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰিব পৰা বিধেয়কখন গৃহীত নোহোৱাৰ পিছত বিৰোধী দলসমূহে উল্লাস কৰা আৰু বিজয়ৰ ধ্বনি দিয়াটো সঁচাকৈয়ে নিন্দনীয় আৰু কল্পনাতীত বুলি কয় অমিত শ্বাহে

শুকুৰবাৰে লোকসভাত সংবিধান সংশোধনী বিধেয়কখন গৃহীত নোহোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টিসহ বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে ।

এক্সৰ এটা পোষ্টত শ্বাহে বিৰোধীৰ এই আচৰণক “কল্পনাতীত” বুলি অভিহিত কৰে । তেওঁ কয় যে লোকসভাত মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰিব পৰা বিধেয়কখন গৃহীত নোহোৱাৰ পিছত বিৰোধী দলসমূহে উল্লাস কৰা আৰু বিজয়ৰ ধ্বনি দিয়াটো সঁচাকৈয়ে “নিন্দনীয়” আৰু “কল্পনাতীত”।

তেওঁ কয়- “আজি লোকসভাত এক অতি অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গ’ল । কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টিয়ে নাৰী শক্তি বন্দন অধিনিয়মৰ দৰে অপৰিহাৰ্য সংবিধান সংশোধনী বিধেয়কখন গৃহীত হ’বলৈ নিদিলে । মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰিব পৰা বিধেয়কখন প্ৰত্যাখ্যান কৰি তাক লৈ উৎসৱ পালন কৰা আৰু বিজয়ধ্বনি দিয়াটো সঁচাকৈয়ে নিন্দনীয় আৰু কল্পনাৰ অতীত ।”

গৃহমন্ত্ৰী শ্বাহে লগতে কয় যে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহৰ মানসিকতা মহিলাৰ স্বাৰ্থতো নহয় আৰু দেশৰ স্বাৰ্থতো নহয় । তেওঁ কয়- “এতিয়া দেশৰ মহিলাসকলে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ সংৰক্ষণ লাভ নকৰিব, যিটো তেওঁলোকৰ অধিকাৰ আছিল । কংগ্ৰেছ আৰু ইয়াৰ সহযোগীসকলে এয়া প্ৰথমবাৰৰ বাবে কৰা নাই, বৰঞ্চ বাৰে বাৰে কৰি আহিছে । তেওঁলোকৰ মানসিকতা মহিলাৰ বাবেও হিতকৰ নহয় আৰু দেশৰ বাবেও নহয় ।”

আক্ৰমণ অধিক তীব্ৰতৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কেৱল ২০২৯ চনৰ লোকসভা নিৰ্বাচনতে নহয়, প্ৰতিটো নিৰ্বাচনতে আৰু প্ৰতিটো ঠাইতে বিৰোধীয়ে “মহিলাৰ ক্ৰোধ”ৰ সন্মুখীন হ’ব লাগিব । শ্বাহে কয়- “মই তেওঁলোকক ক’ব বিচাৰো যে নাৰী শক্তিৰ এই অপমান ইমানতে শেষ নহয়; ই বহু দূৰলৈ যাব । বিৰোধীয়ে কেৱল ২০২৯ চনৰ লোকসভা নিৰ্বাচনতে নহয়, প্ৰতিটো স্তৰত, প্ৰতিটো নিৰ্বাচনত আৰু প্ৰতিটো ঠাইতে ‘মহিলাৰ ক্ৰোধ’ৰ সন্মুখীন হ’ব লাগিব ।”

দেশৰ আধাসংখ্যক জনসংখ্যা অৰ্থাৎ ৭০ কোটি মহিলাক প্ৰতাৰণা কৰি আৰু তেওঁলোকৰ বিশ্বাস হেৰুৱাই কেনেকৈ কোনোবাই বিজয় উৎসৱ পালন কৰিব পাৰে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । গৃহমন্ত্ৰীগৰাকীয়ে কয়- “বিৰোধীৰ এই উল্লাস হৈছে দশক দশক ধৰি নিজৰ অধিকাৰৰ বাবে অপেক্ষা কৰি থকা প্ৰত্যেকগৰাকী মহিলাৰ প্ৰতি অপমান । কংগ্ৰেছ আৰু ইয়াৰ সহযোগীসকলে কিমানবাৰ মহিলাসকলক প্ৰতাৰণা কৰিব ?  অহংকাৰৰ পৰা জন্ম লোৱা আপাত বিজয়ৰ আনন্দ বহু সময়ত প্ৰকৃততে এক লুকাই থকা ডাঙৰ পৰাজয়হে, যিটো কিছুমান মানুহে বুজি পোৱাত ব্যৰ্থ হয় ।”

লগতে পঢ়ক : লোকসভাত গৃহীত নহ’ল সংবিধান সংশোধনী বিধেয়ক, বিৰোধীৰ বিৰুদ্ধে এন ডি এৰ তীব্ৰ প্ৰতিবাদ

ধৰ্মৰ ভিত্তিত সংৰক্ষণ অসাংবিধানিকঃ লোকসভাত বিৰোধীক প্ৰত্যুত্তৰ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ যিকোনো প্ৰস্তাৱ দৃঢ়তাৰে প্ৰত্যাখ্যান কৰি লোকসভাত কয় যে তেনে ব্যৱস্থা অসাংবিধানিক হ’ব

বৃহস্পতিবাৰে লোকসভাত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে মহিলা সংৰক্ষণ বিধেয়কখনৰ সন্দৰ্ভত কেন্দ্ৰৰ তৎপৰতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় প্ৰস্তাৱসমূহ আগবঢ়াই নিয়াৰ পূৰ্বে লোকপিয়ল সম্পূৰ্ণ কৰিবলৈ দাবী জনোৱাৰ পাছতে সদনত এক তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ সৃষ্টি হয় ।

সংসদৰ নিম্ন সদনত ভাষণ প্ৰদান কৰি যাদৱে কয়, “আপোনালোক ইমান খৰখেদা কিয় আছে ? মহিলা সংৰক্ষণৰ বাবে কেন্দ্ৰই কিয় ইমান লৰালৰি কৰিছে ? প্ৰথমে লোকপিয়ল আৰম্ভ কৰক । সমাজবাদী পাৰ্টি মহিলা সংৰক্ষণৰ পক্ষত আছে, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে গ্ৰহণ কৰা এই পদ্ধতিৰ বিৰোধিতা কৰিছে । লোকপিয়ল সম্পূৰ্ণ হোৱাৰ লগে লগে আমি জাতিগত লোকপিয়লৰ দাবী জনাম আৰু তাৰ পাছতহে সংৰক্ষণৰ বিষয়টো আহিব । গতিকে আপোনালোকে আমাৰ সৈতে প্ৰৱঞ্চনা কৰিব বিচাৰিছে ।”

যাদৱৰ উত্তৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ যিকোনো প্ৰস্তাৱ দৃঢ়তাৰে প্ৰত্যাখ্যান কৰি লোকসভাত কয় যে তেনে ব্যৱস্থা অসাংবিধানিক হ’ব । ধৰ্মৰ ভিত্তিত সংৰক্ষণ দিব নোৱাৰি বুলি তেওঁ জোৰ দি কয় । শ্বাহে কয়, “অখিলেশ যাদৱে প্ৰশ্ন কৰিছে লোকপিয়ল কিয় কৰা হোৱা নাই । মই গোটেই দেশবাসীক জনাব বিচাৰো যে লোকপিয়লৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । চৰকাৰে জাতিগত লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে আৰু জাতিগত তথ্যৰ সৈতে গণনা কাৰ্য চলাই থকা হৈছে । যদি সমাজবাদী পাৰ্টিৰ হাতত ক্ষমতা থাকিলহেঁতেন, তেওঁলোকে আনকি ঘৰবোৰৰো জাতি নিৰ্ধাৰণ কৰিলেহেঁতেন । ধৰ্মেন্দ্ৰ যাদৱে মুছলমান মহিলাক সংৰক্ষণ দিয়াৰ কথা কৈছিল । এইটো অসাংবিধানিক । ধৰ্মৰ ভিত্তিত সংৰক্ষণ অসাংবিধানিক ।”

সমাজবাদী পাৰ্টিৰ সাংসদ ধৰ্মেন্দ্ৰ যাদৱে চৰকাৰে লোকসভাত উত্থাপন কৰা তিনিওখন বিধেয়কৰে বিৰোধিতা কৰে, লগতে তেওঁৰ দল মহিলা সংৰক্ষণৰ প্ৰবল সমৰ্থক বুলিও দাবী কৰে । তেওঁ কয়, “আমি সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬, কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৬ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক, ২০২৬-ৰ বিৰোধিতা কৰিছো, মহিলা সংৰক্ষণৰ আমাতকৈ ডাঙৰ সমৰ্থক আন কোনো দল নাই ।”

আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক, ২০২৬ উত্থাপন কৰাৰ বিপৰীতে কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৬ গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰে । চৰকাৰে নাৰী শক্তি বন্দন অধিনিয়মৰ সংশোধনী গৃহীত কৰিবলৈ ১৬, ১৭ আৰু ১৮ এপ্ৰিলত সংসদৰ এক বিশেষ অধিৱেশন আহ্বান কৰিছে ।

মহিলা সংৰক্ষণ সংশোধনী বিধেয়ক আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক একেলগে গৃহীত কৰাৰ উদ্দেশ্যে লোকসভাত ৬৬ নং নিয়মৰ ব্যৱস্থাসমূহ স্থগিত ৰখাৰ বাবেও আইন মন্ত্ৰীয়ে এটা প্ৰস্তাৱ উত্থাপন কৰাৰ কথা আছে ।

লগতে পঢ়ক : লোকসভাত উত্থাপন তিনিখনকৈ বিশেষ বিধেয়ক, কাইলৈ হ’ব ভোটিং

সোণৰ বাংলাক মমতা বেনার্জীয়ে চিণ্ডিকেট ৰাজলৈ ৰূপান্তৰ কৰাৰ অভিযোগ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোণৰ বাংলাক চিণ্ডিকেট ৰাজলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰে

তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক “সোণৰ বাংলাক চিণ্ডিকেট ৰাজলৈ” ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰে আৰু কয় যে “বিজেপিয়ে গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কল্পনা কৰা ধৰণে সোণৰ বাংলা গঢ়ি তোলাৰ কাম কৰিব ।”

এখন সমাৱেশক সম্বোধন কৰি অমিত শ্বাহে মমতা বেনাৰ্জীক “মা, মাটি, মানুহ” শ্লোগানটোক “মাফিয়া, মাচলমেন আৰু মানি পাৱাৰ গেং” (মাফিয়া, বাহুবলী আৰু ধনশক্তিৰ দল) লৈ পৰিবৰ্তিত কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয়, “বিজেপিয়ে ৰবীন্দ্ৰনাথ ঠাকুৰে কল্পনা কৰা সোণাৰ বাংলা গঢ়ি তোলাৰ কাম কৰিব ।”

বীৰভূমতো নিৰ্বাচনী সভাত ভাষণ দিয়া শ্বাহে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে সীমান্তৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় ভূমি নিদিয়াৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয়, “সীমান্তত বেৰ দিবলৈ বিএছএফক ৬০০ একৰ মাটিৰ প্ৰয়োজন । কিন্তু মমতা দিদিয়ে মাটি দিবলৈ অস্বীকাৰ কৰে, যাৰ ফলত অনুপ্ৰৱেশ ঘটে । মমতা জীয়েই অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়ে আৰু তেওঁলোকে বিনিময়ত তেওঁক নিৰ্বাচিত কৰে । ৪ মে’ত বিজেপি চৰকাৰ গঠন হ’বলৈ গৈ আছে আৰু আমি নিশ্চিত কৰিম যে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰা হ’ব ।”

তেওঁ কয় যে তৃণমূল কংগ্ৰেছৰ শাসনকালত বংগৰ পৰা হাজাৰ হাজাৰ কল-কাৰখানা স্থানান্তৰিত হৈছে । তেওঁ লগতে কয়, “এসময়ত সমগ্ৰ ভাৰতৰে ঔদ্যোগিক কেন্দ্ৰ হিচাপে গণ্য কৰা বংগৰ যুৱক-যুৱতীসকলক মমতা দিদিয়ে নিবনুৱা কৰি তুলিছে ।”

ইয়াৰ লগতে তেওঁ ইউনিফৰ্ম চিভিল ক’ড আৰু সপ্তম দৰমহা আয়োগ ৰূপায়ণৰ বিজেপিৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে । তেওঁ কয়, “মমতাৰ চৰকাৰক বিদায় জনোৱাৰ সময় আহি পৰিছে । মমতাৰ চৰকাৰ আঁতৰোৱাৰ অৰ্থ হৈছে এক অনুপ্ৰৱেশকাৰী মুক্ত বংগ গঢ়ি তোলা । যদি আপুনি বংগৰ পৰা অনুপ্ৰৱেশকাৰীক আঁতৰাব বিচাৰে, তেন্তে কেৱল আৰু কেৱল বিজেপিয়েহে এই কাম কৰিব পাৰে ।”

লগতে পঢ়ক : তৃণমূলৰ ভেটি কঁপাই বংগত অমিত শ্বাহৰ বিশাল ৰোড শ্ব’, গেৰুৱা হৈ পৰিল বৰ্ধমান

তৃণমূলৰ ভেটি কঁপাই বংগত অমিত শ্বাহৰ বিশাল ৰোড শ্ব’, গেৰুৱা হৈ পৰিল বৰ্ধমান

পশ্চিমবংগত তেওঁৰ নিৰন্তৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখি সোমবাৰে পশ্চিম বৰ্ধমান জিলাৰ দুৰ্গাপুৰত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে অমিত শ্বাহে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত তেওঁৰ নিৰন্তৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখি সোমবাৰে পশ্চিম বৰ্ধমান জিলাৰ দুৰ্গাপুৰত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে । গৃহমন্ত্ৰীগৰাকীয়ে বৃহত সংখ্যক সমৰ্থকক লৈ এই বিশাল ৰোড শ্ব’ত অংশ লয় আৰু তেওঁৰ কনভয়টো জনাকীৰ্ণ পথৰ মাজেৰে লাহে লাহে আগবাঢ়ি যাওঁতে চাৰিওফালে কেৱল গেৰুৱা ৰংহে দেখা যায় ।

এক্সত এটা পোষ্টত অমিত শ্বাহে কয় যে পশ্চিম বৰ্ধমানৰ ৰাইজ তৃণমূল কংগ্ৰেছক পুলিয়ে-পোখাই উভালিবলৈ সাজু হৈছে । ইয়াৰ পূৰ্বে ময়ুৰেশ্বৰৰ পল্লী মংগল ক্লাব ফিল্ডত এখন জনসভাত ভাষণ দি শ্বাহে আৰ জি কৰ ধৰ্ষণকাণ্ডৰ পাছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মহিলাসকলক সন্ধিয়া ৭ বজাৰ পাছত ঘৰৰ বাহিৰলৈ নোলাবলৈ দিয়া পৰামৰ্শক কঠোৰ সমালোচনা কৰে । তেওঁ টিএমচি চৰকাৰক ৰাজ্যত মহিলাৰ সুৰক্ষা নিশ্চিত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে ।

তেওঁ কয়- “মমতা দিদিয়ে কয় যে মহিলাসকলে সন্ধিয়া ৭ বজাৰ পিছত বাহিৰলৈ ওলাই যাব নালাগে । মমতা দিদি, আপোনাৰ অলপ লাজ থকা উচিত আছিল; এগৰাকী মহিলা মুখ্যমন্ত্ৰী হোৱা স্বত্বেও আপুনি বংগৰ ভগ্নীসকলক সুৰক্ষা দিব নোৱাৰিলে ।”

বিজেপিক এক বিকল্প হিচাপে প্ৰক্ষেপ কৰি শ্বাহে কয়, “আপোনালোকে এবাৰ বিজেপি চৰকাৰ গঠন কৰক, আমি এনেকুৱা এখন বংগ গঢ়িম য’ত এগৰাকী সৰু ছোৱালীয়েও মাজনিশা ১ বজাত স্কুটাৰ চলাই যাব পাৰিব । সন্দেশখালি, আৰ জি কৰ, দুৰ্গাপুৰ ল’ কলেজ বা দক্ষিণ কলকাতা ল’ কলেজৰ দৰে কোনো ঘটনা আৰু নঘটিব ।”

মমতা বেনাৰ্জীক আক্ৰমণ কৰি শ্বাহে মন্তব্য কৰে, “এইমাত্ৰ মই মমতা দিদিৰ এটা ভাষণ চাই আছিলোঁ । তেওঁ ইয়াত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ক ভয় খুৱাই আছিল যে যদি টিএমচি নাথাকে, তেন্তে সংখ্যাগৰিষ্ঠ সম্প্ৰদায় জীয়াই নাথাকিব । তেওঁলোকৰ শাসনকালত মুৰ্শিদাবাদত হিংসা হৈছিল, ৰাম নৱমীত আক্ৰমণ হৈছিল, সৰস্বতী পূজাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তেতিয়া তেওঁ ক’লৈ গৈছিল ?”

শ্বাহে লগতে কয় যে আগন্তুক বিধানসভা নিৰ্বাচন ৰাজ্যখনৰ বাবে এক টাৰ্ণিং পইণ্ট হ’ব । তেওঁ কয়, “টিএমচিৰ গুণ্ডাসকলে এতিয়া আৰু বংগৰ ৰাইজক সন্ত্ৰাসিত কৰিব নোৱাৰিব । বংগৰ ৰাইজে বোমাৰ উত্তৰ বেলটেৰে আৰু ভয়ৰ উত্তৰ বিশ্বাসেৰে দিব । মই বংগৰ ৰাইজক ক’ব বিচাৰো যে আপোনালোকে বেলট মেচিনত কেৱল পদুম ফুলৰ চিহ্নটো বিচাৰি লওক । টিএমচিৰ সকলো গুণ্ডাক বিচাৰি উলিওৱাৰ দায়িত্ব বিজেপি চৰকাৰে ল’ব ।”

তেওঁ লগতে কয়, “মই আজি টিএমচিৰ গুণ্ডাসকলক কৈছোঁ ২৩ এপ্ৰিলত নিজৰ ঘৰত তলা লগাই সোমাই থাকক, নহ’লে ৪ মে’ত আপোনালোকক বাছি বাছি উলিয়াই জেলৰ ভাত খুওৱা হ’ব ।”

লগতে পঢ়ক : একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত ল’বলৈ সাজু ভাৰতঃ প্ৰধানমন্ত্ৰী মোদী

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে ১৫ দফীয়া ইস্তাহাৰ মুকলি বিজেপিৰ

পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অমিত শ্বাহে

শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ‘সংকল্প পত্ৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰাজ্যখনক “হতাশাৰ পৰা উন্নয়নলৈ” লৈ যোৱাৰ এক নিশ্চিত ৰোডমেপ হিচাপে ইয়াক উপস্থাপন কৰা হৈছে, য’ত উন্নয়ন, সংস্থাপন, মহিলা সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

এখন সংবাদমেল সম্বোধন কৰি শ্বাহে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে তেওঁলোকৰ ১৫ বছৰীয়া শাসনৰ ফলত ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণৰূপে ভাঙি পৰিছে । শ্বাহে কয়, “মানুহে মমতা দিদিক অতি আশাৰে ভোট দিছিল, কিন্তু আজি তেওঁলোকে অন্তৰৰ পৰা পৰিৱৰ্তন বিচাৰিছে ।” তেওঁ কয় যে বিজেপিৰ এই দৃষ্টিভংগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত অভিযানৰ সৈতে সম্পূৰ্ণৰূপে সংগতিপূৰ্ণ ।

গৃহমন্ত্ৰী শ্বাহে কয়, “এই নিৰ্বাচনী ইস্তাহাৰ বংগৰ প্ৰতিটো শ্ৰেণীৰ লোকক হতাশাৰ পৰা উলিয়াই অনাৰ এক পথ । ই বিভিন্ন ধৰণৰ ভয়ৰ মাজত থকা কৃষকসকলক এক নতুন পথ দেখুৱাব । লগতে ই বংগৰ ৰাইজৰ আগত প্ৰধানমন্ত্ৰী মোদীয়ে কল্পনা কৰা বিকশিত ভাৰতৰ ৰোডমেপ দাঙি ধৰিব ।” তেওঁ লগতে কয়, “মানুহ শংকিত আৰু মোহভংগ হৈছে । মানুহে অন্তৰৰ পৰা পৰিৱৰ্তন বিচাৰে ।”

‘সোণাৰ বাংলা’ ধাৰণাটোক কেন্দ্ৰ কৰি যুগুত কৰা এই ইস্তাহাৰত ৰাষ্ট্ৰীয় সুৰক্ষা, যুৱক-যুৱতীৰ সংস্থাপন আৰু মহিলাৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি শাসন ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ।

মুখ্য প্ৰতিশ্ৰুতিসমূহৰ বিষয়ে অমিত শ্বাহে কয় যে বিজেপিয়ে ইস্তাহাৰত ১৫ টা ডাঙৰ প্ৰতিশ্ৰুতি উল্লেখ কৰিছে, যাৰ লক্ষ্য হৈছে পশ্চিম বংগৰ শাসন, উন্নয়ন আৰু সুৰক্ষা সম্পৰ্কীয় উদ্বেগসমূহ সমাধান কৰা ।

দলে ৰাষ্ট্ৰীয় সুৰক্ষা ৰক্ষাৰ বাবে অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিছে আৰু আশ্বাস দিছে যে এক “ডিটেক্ট, ডিলিট এণ্ড ডিপৰ্ট” নীতিৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ’ব । ইয়াৰ সমান্তৰালভাৱে বিজেপিয়ে টিএমচিৰ ১৫ বছৰীয়া শাসনকালত হোৱা দুৰ্নীতি, আইন-শৃংখলাৰ অৱনতি আৰু শাসনৰ ব্যৰ্থতাৰ ওপৰত আলোকপাত কৰি এখন বিতং শ্বেতপত্ৰ প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

তৃণমূল পৰ্যায়ৰ দুৰ্নীতিৰ মোকাবিলা কৰিবলৈ ইস্তাহাৰত ছিণ্ডিকেট বন্ধ কৰা আৰু বহুলভাৱে সমালোচিত “কাট মানি” সংস্কৃতি নিয়ন্ত্ৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে বিজেপিয়ে বকেয়া মৰগীয়া বানচ পৰিশোধ কৰা আৰু এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ আশ্বাস দিছে ।

নিযুক্তিৰ ক্ষেত্ৰত দলে অহা পাঁচ বছৰত এক কোটি চাকৰি আৰু স্ব-নিয়োজনৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছে । ইয়াৰ উপৰিও নিবনুৱা সমস্যা সমাধানৰ প্ৰচেষ্টাৰ অংশ হিচাপে নিবনুৱা যুৱক-যুৱতীসকলক ১০,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে ।

মহিলা সৱলীকৰণৰ ক্ষেত্ৰত ইস্তাহাৰত কেৱল মহিলাৰ বাবে আৰক্ষী বেটেলিয়ান গঠন, “দুৰ্গা সুৰক্ষা সহায়” আঁচনি ৰূপায়ণ আৰু ৰাজ্য চৰকাৰৰ চাকৰিত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । ইয়াত মহিলা হিতাধিকাৰীৰ বাবে মাহিলি ৩,০০০ টকাৰ আৰ্থিক সাহায্যও অন্তৰ্ভুক্ত কৰা হৈছে ।

বিজেপিয়ে কুৰমালি আৰু ৰাজবংশী ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দি সাংস্কৃতিক আৰু ভাষিক স্বীকৃতিৰো প্ৰতিশ্ৰুতি দিছে । কৃষি খণ্ডত কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবে ধান, আলু আৰু আমৰ দৰে শস্যৰ বাবে অধিক সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ।

উদ্যোগ আৰু আঞ্চলিক উন্নয়নৰ ওপৰতো বিশেষ গুৰুত্ব দি চাহ বাগানসমূহৰ পুনৰুদ্ধাৰ, দাৰ্জিলিং চাহ ব্ৰেণ্ডক শক্তিশালী কৰা আৰু মৰাপাট উদ্যোগৰ আধুনিকীকৰণৰ পৰিকল্পনা কৰা হৈছে । স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ইস্তাহাৰত আয়ুষ্মান ভাৰত আৰু অন্যান্য কেন্দ্ৰীয় আঁচনি ৰূপায়ণৰ লগতে বিনামূলীয়া এইচপিভি ভেকচিন, স্তন কেন্সাৰ পৰীক্ষা আৰু উত্তৰ বংগত এইমছ, আইআইটি আৰু আইআইএম-ৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ।

লগতে পঢ়ক : আজি কলকাতাত বিজেপিৰ ‘সংকল্প পত্ৰ’ উন্মোচন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

আমি অসমক অনুপ্ৰৱেশকাৰীৰ চৰণীয়া পথাৰ হ’বলৈ নিদিওঁ: অমিত শ্বাহ

শ্বাহে দাবী কৰে যে বিজেপিয়ে ইতিমধ্যে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে

বিধানসভা নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন । মঙলবাৰে পাথাৰকান্দিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । সভাত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে অসমক “অনুপ্ৰৱেশকাৰী শাসিত অঞ্চল” হ’বলৈ নিদিয়ে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ নিৰ্বাচিত কৰিবলৈ ভোটাৰসকলক আহ্বান জনায় ।

বিৰোধীয়ে ভোট বেংকৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি শ্বাহে কয়, “মই আজি ইয়াৰ পৰাই ঘোষণা কৰিছো, ৰাহুল বাবা, কথাটো স্পষ্টকৈ শুনি লওক, আমি অসমক অনুপ্ৰৱেশকাৰীৰ অধিকৃত অঞ্চল হ’বলৈ নিদিও ।” শ্বাহে দাবী কৰে যে বিজেপিয়ে ইতিমধ্যে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে । তেওঁ কয়, “বিজেপি চৰকাৰ নিৰ্বাচিত কৰক । আমি ইতিমধ্যে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিছো । এতিয়া তেওঁলোকক এজন এজনকৈ উচ্ছেদ কৰাৰ সময় আহি পৰিছে ।” তেওঁ লগতে কয় যে যদি অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন চৰকাৰ থাকে, তেন্তে অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ হ’ব ।

দলটোৰ সাংস্কৃতিক কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰি শ্বাহে কয়, “কেৱল বিজেপিৰহে কৰিমগঞ্জক ‘শ্ৰীভূমি’ হিচাপে নামকৰণ কৰাৰ সংকল্প আছে ।” ইয়াৰ বিপৰীতে ৰাজনৈতিক ক্ষমতা লাভৰ বাবে কংগ্ৰেছে অনুপ্ৰৱেশকাৰীৰ ওপৰত নিৰ্ভৰ কৰা বুলি তেওঁ সমালোচনা কৰে । ৰাহুল গান্ধীক কটাক্ষ কৰি শ্বাহে আঞ্চলিক আৱেগৰ প্ৰতি তেওঁৰ বুজাপৰাক লৈ প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয়, “যিসকলৰ শিপা ইটালীত আছে, তেওঁলোকে কেনেকৈ ‘শ্ৰীভূমি’ৰ গুৰুত্ব বুজি পাব ?”

কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপসমূহৰ কথা উল্লেখ কৰি শ্বাহে অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব দিয়ে । তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰি কংগ্ৰেছে ৰাজনৈতিক লাভৰ বাবে ইয়াৰ বিৰোধিতা কৰা বুলি অভিযোগ কৰে । শ্বাহে অভিযোগ কৰে, “যেতিয়াই আমি CAAৰ কথা কওঁ, কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰে । এক ষড়যন্ত্ৰৰ জৰিয়তে তেওঁলোকে এই অঞ্চলটোক অনুপ্ৰৱেশকাৰী শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছিল । তেওঁলোকে ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইন বাতিল কৰিছিল আৰু পিছলৈ ১৯৮৩ চনত অনুপ্ৰৱেশকাৰীসকলক আশ্ৰয় দিবলৈ আইএমডিটি আইন প্ৰৱৰ্তন কৰিছিল ।”

তেওঁ আৰু কয় যে অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ বিজেপি নেতৃত্বাধীন চৰকাৰসমূহে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সমন্বিত পদক্ষেপ গ্ৰহণ কৰিব । তেওঁ দৃঢ়তাৰে কয়, “যেতিয়াই অসম, বংগ আৰু ত্ৰিপুৰাত বিজেপি-এনডিএ চৰকাৰ গঠন হ’ব, অনুপ্ৰৱেশ বন্ধ হ’ব । আমি পদ্ধতিগতভাৱে প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰিম ।” তেওঁ লগতে কয় যে এনে উপাদানবোৰে থলুৱা লোকৰ চাকৰি, ৰেচন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে ।

লগতে পঢ়ক : বটদ্ৰৱালৈ আহি গীতা চুই শপত খাবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

‘UCC আনি অনুপ্ৰৱেশকাৰীক ৪ বাৰ বিয়া পতা বন্ধ কৰা হ’ব’; অসমত নিৰ্বাচনী প্ৰচাৰ চলাই অমিত শ্বাহৰ হুংকাৰ

দুধনৈত নিৰ্বাচনী সভাত শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে UCC ক লৈ ডাঙৰ মন্তব্য কৰিছে। গৃহমন্ত্ৰী গৰাকীয়ে কয় যে অসমত যিকোনো প্ৰকাৰে UCC অনা হ’ব।

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মাত্ৰ চাৰিটা দিন বাকী আছে।ইয়াৰ পূৰ্বে শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে অসমক লৈ এক বৃহৎ বক্তব্য আগবঢ়ায়। দুধনৈত নিৰ্বাচনী সভাত অমিত শ্বাহে কয় যে, অহা ৪ মে’ত অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত ইউনিফৰ্ম চিভিল কোড(UCC) কাৰ্যকৰী হ’ব। UCC কাৰ্যকৰী হ’লেই অসমত কোনো অনুপ্ৰৱেশকাৰীয়ে চাৰিবাৰ বিবাহ কৰিব নোৱাৰিব।প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে এক বিস্তৃত ৰোডমেপ প্ৰস্তুত কৰিছে। অসমত বিজেপি পুনৰ ক্ষমতালৈ আহিলেহে এই ৰোডমেপ বাস্তৱায়িত হ’ব।

গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অনুপ্ৰৱেশকাৰীক নিষ্পত্তি কৰিবলৈ নীতি প্ৰণয়ন কৰা হৈছিল।অনুপ্ৰৱেশৰ খবৰ পোৱাৰ পিছটো চৰকাৰ খনে চকুমুদি আছিল, কিন্তু এতিয়া তেনেকুৱা নহয়। আমি অসমৰ জনগাঁথনি সলনি হ’বলৈ নিদিওঁ৷ইয়াৰ বাবে অসমত পুনৰবাৰ বিজেপি চৰকাৰ নিৰ্বাচিত হোৱাটো দৰকাৰ। মই অসমবাসীক আহ্বান কৰো যে তেওঁলোকে প্ৰতিখন আসনতে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ প্ৰাৰ্থী সকলৰ বিজয় সুনিশ্চিত কৰিব লাগে।যাতে, অসমৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰি অসমৰ খিলঞ্জীয়া লোকসকলৰ জীৱন আগতকৈও অধিক উন্নত কৰিব পৰা যায়।

লগতে পঢ়ক: ‘ৰাঘৱ চাড্ডাই কম্প্ৰমাইজ কৰিছে…’; ৰাঘৱ চাড্ডাক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

মমতাৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন, অমিত শ্বাহৰ উপস্থিতিত মনোনয়ন দাখিল শুভেন্দু অধিকাৰীৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভৱানীপুৰ বিধানসভাৰ আসনৰ বাবে দলৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে মনোনয়ন দাখিল কৰে

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে । ইফালে, বৃহস্পতিবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভৱানীপুৰ বিধানসভাৰ আসনৰ বাবে দলৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে মনোনয়ন দাখিল কৰি নিৰ্বাচনী যুঁজখন অধিক আকৰ্ষণীয় কৰি তোলে ।

ভবানীপুৰ বিধান সভা সমষ্টিত শুভেন্দু অধিকাৰীৰ সৈতে ৰোডশ্ব’তো অংশ লয় অমিত শ্বাহে । পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি অধিকাৰীক মনোনয়ন যাত্ৰাত সংগ দি অমিত শ্বাহে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজনৈতিক দুৰ্গত নিজৰ শক্তি প্ৰদৰ্শন কৰে ।

গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত তেওঁৰ ৰোডশ্ব’ৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে ভৱানীপুৰত হোৱা ব্যাপক ভিৰ বংগৰ পৰিৱৰ্তনৰ প্ৰতীক । তৃণমূল কংগ্ৰেছ চৰকাৰ উৎখাত হোৱাটো নিশ্চিত । তেওঁ কয় যে বংগত মমতা বেনাৰ্জী চৰকাৰৰ তুষ্টিকৰণ অন্ত পৰাৰ দিশত, এইবাৰ বংগত  পদুম ফুলিব ।

সমাৱেশত ভাষণ দি অমিত শ্বাহে কয়, “মমতা বেনাৰ্জীক বিদায় দিবলৈ সমগ্ৰ বংগ সাজু । শুভেন্দু দাই নন্দিগ্ৰামৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে । মই তেওঁক ক’লো যে কেৱল নন্দিগ্ৰাম নহয়, আমি মমতা বেনাৰ্জীৰ ঘৰুৱা খেলপথাৰত গৈ তেওঁক পৰাস্ত কৰিব লাগিব । মমতা বেনাৰ্জীয়ে বংগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল, কিন্তু তেওঁ নন্দীগ্ৰামত শুভেন্দু দাৰ বিৰুদ্ধে নিৰ্বাচনত পৰাস্ত হৈছিল । এইবাৰ সমগ্ৰ বংগত আৰু ভৱানীপুৰতো মমতা বেনাৰ্জী পৰাস্ত হ’ব ।”

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, “সকলোতে কেৱল এটাই মাত: এই চৰকাৰখন সলনি কৰক । মমতা বেনাৰ্জীক বিদায় দিয়ক । আজি সমগ্ৰ বংগৰ জনসাধাৰণে তুষ্টিকৰণ, তৃণমূল কংগ্ৰেছ কৰ্মীৰ গুণ্ডাগিৰি, মহিলাৰ নিৰাপত্তাহীনতা আৰু বংগৰ জনগাঁথনি সলনি কৰা অনুপ্ৰৱেশৰ পৰা বিৰক্ত হৈ পৰিছে । দৈনিক বোমা বিস্ফোৰণ আৰু বন্দুকৰ গুলী, যুৱ নিবনুৱা সমস্যা আৰু মমতা বেনাৰ্জীয়ে সৃষ্টি কৰা দুৰ্নীতিৰ অভিলেখত তেওঁলোক বিৰক্ত হৈছে ।”

তেওঁ কয়, “সমগ্ৰ বংগৰ জনসাধাৰণে দাবী জনাইছে যে মহান পশ্চিমবংগৰ ভিতৰত পৰিৱৰ্তন হওক । ইয়াত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন কৰা উচিত । পশ্চিম বংগৰ সীমান্ত ছীল কৰি পশ্চিম বংগ আৰু সমগ্ৰ দেশৰ অনুপ্ৰৱেশকাৰীক নিৰ্বাচিতভাৱে বহিষ্কাৰ কৰা উচিত ।”

ইফালে ভৱানীপুৰ সমষ্টিৰ পৰা শুভেন্দু অধিকাৰীৰ মনোনয়ন দাখিলৰ সময়ত বিজেপি আৰু টিএমচিৰ কৰ্মীৰ মাজত সংঘাতৰ সূত্ৰপাত হয় । বৃহস্পতিবাৰে বিয়লি হাজৰা ক্ৰছিঙৰ পৰা অমিত শ্বাহ আৰু শুভেন্দু অধিকাৰীয়ে আৰম্ভ কৰে ৰোড শ্ব’ । তেওঁলোকৰ সৈতে দলৰ ৰাজ্যিক সভাপতি সমীক ভট্টাচাৰ্য উপস্থিত থাকে । ভৱানীপুৰৰ বিভিন্ন প্ৰান্তৰ মাজেৰে পাৰ হৈ জৰীপ ভৱনত অন্ত পৰে এই ৰোড শ্ব’ । ইয়াৰ পিছতে অমিত শ্বাহৰ সৈতে শুভেন্দু অধিকাৰীয়ে কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে ।

লগতে পঢ়ক : বংগ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে চতুৰ্থখন প্ৰাৰ্থী তালিকা