বটদ্ৰৱালৈ আহি গীতা চুই শপত খাবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

বটদ্ৰৱালৈ আহি গীতা চুই শপত খাবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ফেচবুক লাইভত গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বটদ্ৰৱালৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ফেচবুক লাইভত গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বটদ্ৰৱালৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে । লগতে গৌৰৱ

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ফেচবুক লাইভত গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বটদ্ৰৱালৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে

কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ফেচবুক লাইভত গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বটদ্ৰৱালৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে । লগতে গৌৰৱ গগৈক বটদ্ৰৱা থানত উপস্থিত হৈ শপত ল’বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি প্ৰত্যাহ্বান জনায় ।

ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে তেওঁ নিজৰ সম্পত্তি, পৰিয়ালৰ সৈতে জড়িত যিকোনো বিদেশী সম্পত্তি, বেংক একাউণ্ট আৰু পাছপ’ৰ্ট সন্দৰ্ভত গীতাত হাত থৈ শপত ল’বলৈ গৌৰৱ গগৈয়ে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰিছে । লগতে তেওঁ দুয়োগৰাকী নেতাই বুধবাৰে পুৱা ৯ বজাত ৰাজহুৱা শপত গ্ৰহণৰ বাবে বটদ্ৰৱা থানত উপস্থিত হোৱাৰ প্ৰস্তাৱ দিয়ে ।

ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ নামতো বিদেশত সম্পত্তি নাই বুলি শপত খোৱাৰ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত ইংলেণ্ডৰ বিদেশী বেংক একাউণ্ট আৰু সম্পত্তিৰ সবিশেষ ৰাজহুৱা কৰিবলৈ কয় । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ খবৰক লৈও প্ৰশ্ন উত্থাপন কৰি বিশেষকৈ ৰাৱালপিণ্ডিত থকা আৰু সাতদিনীয়া ভ্ৰমণৰ সময়ত তেওঁৰ কাম-কাজৰ বিষয়ে ৰাজহুৱা কৰিবলৈ কয় ।

ফেচবুক লাইভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- “এইবাৰ কংগ্ৰেছে সীমা চেৰাই গ’ল । যোৱা দুদিন ধৰি বিভিন্ন পাছপোৰ্ট, ভিছা, সম্পত্তি, ফটোষ্টেট, এআই আদিৰে সীমা চেৰাই গ’ল । এতিয়া কোনো কথাকে প্ৰমাণ কৰিব নোৱাৰি কোনো সাৰসুৰ নোহোৱাকৈ গাঁতৰ ভিতৰত সোমাবলৈ বাধ্য হ’ল ।“

কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিদেশত কোনো সম্পত্তি নাই বুলি গীতাত ধৰি শপত খাবলৈ জনোৱা প্ৰত্যাহ্বানো গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই । তেওঁ গৌৰৱ গগৈৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰা বুলি উল্লেখ কৰি ৮ এপ্ৰিল, বুধবাৰে পুৱা ৯ বজাত বটদ্ৰৱা থানত উপস্থিত হোৱাৰ প্ৰস্তাৱ দিয়ে ।

গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়-“মই ভাগৱত গীতাত হাত থৈ, গীতা মূৰত লৈ মোৰ শপত বাক্য পাঠ কৰিম আৰু মই মোৰ, পত্নীৰ, মোৰ পৰিয়ালৰ যিমান বেংক একাউন্ট আছে, পাছপোৰ্ট আছে সকলোবোৰ দাঙি ধৰিম । মোৰ মাত্ৰ এটাই অনুৰোধ একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছে নে নাই । আপোনাৰ পত্নীৰ পাকিস্তাৰ বেংক একাউন্ট, ইংলেণ্ডৰ সম্পত্তি এই সকলোবোৰ আপুনিও দেখুৱাব লাগিব আৰু ভাগৱত গীতাত হাত থৈ আপুনিও শপত ল’ব লাগিব যে, পাকিস্তানত থকা সময়োছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিল । লগতে কি ধৰণে পাকিস্তানত ৭ দিন অতিবাহিত কৰিছিল আৰু ৰাৱালপিণ্ডিলৈ কিয় গৈছিল ।“

আনহাতে বটদ্ৰৱা থানৰ সলনি গুৱাহাটীৰ কোনো স্থানো যদি গৌৰৱ গগৈয়ে নিৰ্ধাৰণ কৰে তাৰ বাবেও মুখ্যমন্ত্ৰী প্ৰস্তুত আছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : আজি সমাপ্ত হ’ব নিৰ্বাচনী প্ৰচাৰ, বিয়লি ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া ‘চাইলেন্ট পিৰিয়ড’