আজি সমাপ্ত হ’ব নিৰ্বাচনী প্ৰচাৰ, বিয়লি ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া ‘চাইলেন্ট পিৰিয়ড’

আজি সমাপ্ত হ’ব নিৰ্বাচনী প্ৰচাৰ, বিয়লি ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া ‘চাইলেন্ট পিৰিয়ড’

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৬ অনুসৰি, এই সময়ছোৱাত সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হ’ব অসম বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে সমাপ্ত হ’ব নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচন আয়োগে সোমবাৰে ঘোষণা কৰিছে যে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬ৰ বাবে ‘চাইলেন্ট পিৰিয়ড’ ৭ এপ্ৰিল বিয়লি ৫:০০ বজাৰ

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৬ অনুসৰি, এই সময়ছোৱাত সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হ’ব

অসম বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে সমাপ্ত হ’ব নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচন আয়োগে সোমবাৰে ঘোষণা কৰিছে যে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬ৰ বাবে ‘চাইলেন্ট পিৰিয়ড’ ৭ এপ্ৰিল বিয়লি ৫:০০ বজাৰ পৰা আৰম্ভ হ’ব । এই সময়ছোৱা সকলো সমষ্টিতে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা পূৰ্বৰ পৰা কাৰ্যকৰী হ’ব ।

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৬ অনুসৰি, এই সময়ছোৱাত সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হ’ব । ইয়াৰ ভিতৰত ৰাজহুৱা সভা, সমদল, ৰেলী আৰু যিকোনো প্ৰচাৰ সম্পৰ্কীয় কাৰ্যকলাপ অন্তৰ্ভুক্ত আছে । আয়োগে ইলেক্ট্ৰনিক আৰু ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে নিৰ্বাচন সম্পৰ্কীয় সমল প্ৰচাৰতো বাধা আৰোপ কৰিছে । Bulk SMS, ফোন কল বা অনলাইন মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰৰো অনুমতি দিয়া নহ’ব ।

ইয়াৰ উপৰিও, যিবোৰ সমষ্টিৰ নিৰ্বাচক নহয় তেনে বাহিৰৰ পৰা অহা ৰাজনৈতিক পদাধিকাৰী আৰু দলীয় কৰ্মীসকলক প্ৰচাৰৰ সময় শেষ হোৱাৰ লগে লগে সমষ্টি ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । এক মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনী পৰিৱেশ অটুট ৰাখিবলৈ জিলা আৰু আৰক্ষী প্ৰশাসনক এই নিৰ্দেশনাৱলী পালন নিশ্চিত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে । লগতে, উক্ত আইনৰ ধাৰা ১২৬(১)(খ)ৰ অধীনত, নীৰৱতাৰ সময়ছোৱাত টেলিভিছন আৰু অনুৰূপ ইলেক্ট্ৰনিক মাধ্যমত নিৰ্বাচন সম্পৰ্কীয় সমল, যেনে জনমত সমীক্ষা বা জৰীপৰ ফলাফল প্ৰদৰ্শন কৰাটো কঠোৰভাৱে নিষিদ্ধ ।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ সংস্থাক এই নিৰ্দেশনাৱলীসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে । তেওঁ সতৰ্ক কৰি দিছে যে যিকোনো উলংঘনত প্ৰাসংগিক আইনী বিধানৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

উল্লেখ্য যে, ৯ এপ্ৰিলত ৰাজ্যৰ ১২৬ টা সমষ্টিৰ বাবে এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোট গণনা হ’ব ।

লগতে পঢ়ক : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ খাৰিজ