অসমৰ ৮২ গৰাকী নৱনিৰ্বাচিত বিধায়কক বিজেপিয়ে জনাব সম্বৰ্ধনা
অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰে। এই বিজয়ৰ পিছতেই অহা ২৬ মে’ত গুৱাহাটীত অসম প্ৰদেশ বিজেপিয়ে নৱনিৰ্বাচিত ৮২ গৰাকী বিধায়কক সম্বৰ্ধনা জনাব।
সদ্য সমাপ্ত ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ ঐতিহাসিক বিজয়ৰ পিছতে অহা ২৬ মে’ত গুৱাহাটীত অসম প্ৰদেশ বিজেপিয়ে নৱনিৰ্বাচিত ৮২ গৰাকী বিধায়কক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিবলৈ সাজু হৈছে। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰ অসমৰ বিজেপিৰ জ্যেষ্ঠ নেতা, সাংসদ, প্ৰাক্তন বিধায়ক, বিষয়ববীয়া, দলীয় কৰ্মী উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিলা আৰু মণ্ডল সভাপতিসকলৰ উপস্থিতিত এক বিশেষ সাংগঠনিক সভাও অনুষ্ঠিত কৰা হ’ব।
অসমত বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনী বিজয়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ৩৯খন সাংগঠনিক জিলা আৰু ৪৩৩খন মণ্ডলৰ সভাপতিসকলকো সম্বৰ্ধনা জনাব। দলটোৰ মতে, এই সম্বৰ্ধনা কাৰ্যসূচী কেৱল নৱনিৰ্বাচিত বিধায়কসকলক সন্মান জনোৱাৰ বাবেই নহয়, অসমত বিজেপিৰ তৃণমূল পৰ্যায়ৰ নেটৱৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা জিলা আৰু মণ্ডল পৰ্যায়ৰ নেতাসকলৰ ত্যাগৰ, সাংগঠনিক শক্তি, আৰু দায়বদ্ধতাক স্বীকৃতি দিয়াৰ বাবেও পৰিকল্পনা কৰা হৈছে।
লগতে পঢ়ক: দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ