বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ: স্থাপন হ’ব বিশেষ ‘হোল্ডিং চেন্টাৰ’

বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ: স্থাপন হ’ব বিশেষ ‘হোল্ডিং চেন্টাৰ’

আটক কৰা অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীসকলক এতিয়াৰে পৰা পোনপটীয়াকৈ সাধাৰণ জেলত ৰখাৰ পৰিৱৰ্তে এই নতুন চেন্টাৰসমূহলৈ স্থানান্তৰ কৰা হ’ব ৰাজ্যখনত অবৈধভাৱে বসবাস কৰি থকা বিদেশী নাগৰিকসকলক লৈ এইবাৰ এক ডাঙৰ তথা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে পশ্চিমবংগ চৰকাৰে । ৰাজ্যখনত থকা অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়া

আটক কৰা অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীসকলক এতিয়াৰে পৰা পোনপটীয়াকৈ সাধাৰণ জেলত ৰখাৰ পৰিৱৰ্তে এই নতুন চেন্টাৰসমূহলৈ স্থানান্তৰ কৰা হ’ব

ৰাজ্যখনত অবৈধভাৱে বসবাস কৰি থকা বিদেশী নাগৰিকসকলক লৈ এইবাৰ এক ডাঙৰ তথা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে পশ্চিমবংগ চৰকাৰে । ৰাজ্যখনত থকা অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়া নাগৰিকসকলক চিনাক্ত কৰি নিজ দেশলৈ ওভতাই পঠিয়াবলৈ বিশেষ ‘হোল্ডিং চেন্টাৰ’ (Holding Centre) স্থাপনৰ নিৰ্দেশনা জাৰী কৰিছে ৰাজ্য চৰকাৰে ।

শুভেন্দু চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত পশ্চিমবংগৰ সকলো জিলা আয়ুক্ত লৈ লিখিত নিৰ্দেশ আৰু নীতি-নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে । চৰকাৰে সকলো জিলাধিপতিক নিজ নিজ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত এই হোল্ডিং চেন্টাৰসমূহ নিৰ্মাণ কৰাৰ বাবে উপযুক্ত স্থান চিনাক্ত কৰিবলৈ আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যপন্থা অতি সোনকালে আৰম্ভ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ।

সীমান্তৱৰ্তী জিলাসমূহৰ ওপৰত বিশেষ নজৰ-

প্ৰশাসনৰ মূল লক্ষ্য হৈছে ৰাজ্যখনৰ সীমান্তৱৰ্তী জিলাসমূহ আৰু সেইবোৰ সংবেদনশীল অঞ্চল, য’ত অবৈধ প্ৰব্ৰজনকাৰী লুকাই থকাৰ সম্ভাৱনা আটাইতকৈ বেছি থাকে । চৰকাৰে স্থাপন কৰিবলগীয়া এই হোল্ডিং চেন্টাৰসমূহৰ মূল উদ্দেশ্য হৈছে অবৈধভাৱে বসবাস কৰা লোকসকলৰ ওপৰত তীব্ৰ নজৰ ৰখা ।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীসকলক এতিয়াৰে পৰা পোনপটীয়াকৈ সাধাৰণ জেলত ৰখাৰ পৰিৱৰ্তে এই নতুন চেন্টাৰসমূহলৈ স্থানান্তৰ কৰা হ’ব । যেতিয়ালৈকে এই ধৃত বিদেশী নাগৰিকসকলৰ সঠিক পৰিচয় নিশ্চিত কৰা নহয় আৰু তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে নিজৰ মূল দেশলৈ ওভতাই পঠোৱাৰ কাম সম্পূৰ্ণ নহয়, তেতিয়ালৈকে তেওঁলোকক এই হোল্ডিং চেন্টাৰসমূহতে কটকটীয়া প্ৰহৰাৰ মাজত ৰখা হ’ব ।

নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশে চৰকাৰ-

উল্লেখ্য যে, বিজেপিয়ে এই বছৰ অনুষ্ঠিত হোৱা বংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজ্যখনৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীসকলক বহিষ্কাৰ কৰাৰ এক ডাঙৰ প্ৰতিশ্ৰুতি দিছিল । নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ এক ভাষণত স্পষ্টকৈ কৈছিল যে, বিজেপিয়ে যিদৰে অসমত অনুপ্ৰৱেশ কাৰ্যকাৰীভাৱে বন্ধ কৰিলে, ঠিক সেইদৰে দলে বংগতো অবৈধ অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব ।

এতিয়া ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছত, দল আৰু চৰকাৰে নিজৰ সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাত পূৰ্ণগতিত নামি পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : সলনি হ’ল মমতা চৰকাৰৰ পুৰণি নীতি; বকৰিদৰ বাবে শুভেন্দু চৰকাৰৰ ডাঙৰ নিৰ্দেশনা