‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ

বহৰামপুৰত উপস্থিত হৈ পশ্চিম বংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰি লয়।

পশ্চিম বংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে শুক্রবাৰে (১০ জুলাই, ২০২৬) মুৰ্ছিদাবাদ জিলাৰ বহৰামপুৰ চহৰ ভ্ৰমণ কৰে, য’ত তেওঁ মুৰ্ছিদাবাদৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ AJUP মুৰব্বী হুমায়ুন কবীৰক লক্ষ্য কৰি কয়, ‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়। জনপ্ৰতিনিধিসকলৰ দায়িত্বহীন আৰু আপত্তিজনক মন্তব্য কোনো কাৰণতে সহ্য কৰা নহ’ব।’

ৰেজীনগৰ বিধানসভা উপ-নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ কয়, ‘দুটা মাহৰ ভিতৰত ৰেজীনগৰ বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু আমাৰ মনোযোগ মুৰ্ছিদাবাদৰ উন্নয়নৰ ওপৰত কেন্দ্ৰীভূত হৈ আছে। আমি মুৰ্ছিদাবাদত উন্নয়নৰ ৰাজনীতি কৰিম, দীৰ্ঘদিন ধৰি চলি অহা হিন্দু-মুছলমানৰ ৰাজনীতি নকৰো। উন্নয়নমূলক কাম-কাজত কোনো ব্যক্তিৰ ধৰ্মীয় পৰিচয় চোৱা নহ’ব। চৰকাৰে সকলো নাগৰিকৰ বাবে সমানে কাম কৰি আছে আৰু আমাৰ লক্ষ্য হৈছে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন আৰু সকলো মানুহৰ কল্যাণৰ বাবে কাম কৰা।’

আনহাতে, ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয়, ‘ৰাজ্যৰ আইন-শৃংখলাৰ সন্দৰ্ভত আমি পৰ্যালোচনা কৰিছোঁ যে ইয়াত বকৰি ঈদ আৰু মহৰমৰ দৰে ডাঙৰ ডাঙৰ উৎসৱসমূহ উদযাপন কৰা হৈছে। অনাগত দিনত ৰথ যাত্ৰা আৰু শাওণ মাহৰ জল যাত্ৰাও হ’ব। আমাৰ উদ্দেশ্য হৈছে আইন-শৃংখলা পৰিস্থিতি সুচাৰুৰূপে পৰিচালিত কৰা আৰু সকলোৱে আইনক সন্মান কৰা।’

পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ বহৰামপুৰ ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয়, ‘যিকোনো মূল্যৰ বিনিময়ত ৰাজ্যত আইন-শৃংখলা বজাই ৰখা হ’ব। ৰে’ললাইনত জুই লগোৱা, আৰক্ষী থানা আৰু বিডিঅ’ অফিচত জুই লগোৱা আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাটো এতিয়া অতীতৰ কথা হৈ পৰিছে। মহিলাৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে সীমান্তৱৰ্তী এলেকাসমূহত মানৱ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।’

লগতে পঢ়ক: তৃণমূল এৰি বিজেপিলৈ যোৱাৰ ডাঙৰ উপহাৰ! ২৪ ঘণ্টা নৌহওঁতেই ৩ নেতাক ৰাজ্যসভাৰ টিকট

বংগত শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ; ৩৫ গৰাকী নতুন মুখে ললে শপত

পশ্চিম বংগত শুভেন্দু অধিকাৰীৰ অধীনত কেবিনেট সম্প্ৰসাৰণৰ সময়ত কেইবাজনো বিশিষ্ট ব্যক্তিক মন্ত্ৰীত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

পশ্চিমবংগত আজি শুভেন্দু অধিকাৰীৰ কেবিনেট সম্প্ৰসাৰণ কৰা হয়। ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ প্ৰায় ২২ দিন পিছত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী চৰকাৰৰ প্ৰথমটো ডাঙৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ সম্পন্ন হয়। লোকভৱনত ৰাজ্যপাল আৰ. এন. ৰবিয়ে ৩৫ গৰাকী নতুন মন্ত্ৰীক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত বিজেপিৰ কেইবাগৰাকীও ডাঙৰ নেতা উপস্থিত আছিল।

নতুন মন্ত্ৰীৰ তালিকাত তাপস ৰায়, মনোজ ওৰাওঁ, অৰ্জুন সিং, গৌৰীশংকৰ ঘোষ, দীপক বৰ্মন, অৰূপ কুমাৰ দাস, স্বপন দাসগুপ্ত, কল্যাণ চক্ৰৱৰ্তী, শংকৰ ঘোষ, দুধকুমাৰ মণ্ডল আৰু অন্যান্যসকল অন্তৰ্ভুক্ত হৈছে।

আনহাতে, স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলৰ ভিতৰত মালতী ৰাভা ৰায়, ৰাজেশ মাহাতো আৰু ইন্দ্ৰনীল খান অন্তৰ্ভুক্ত হৈছে।

ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাসকলৰ ভিতৰত আছে অশোক ডাণ্ডা, জুৱেল মুৰ্মু, হৰেকৃষ্ণ বেৰা, শান্তনু প্ৰমাণিক, উমেশ ৰায়, পূৰ্ণিমা চক্ৰৱৰ্তী, ভাস্কৰ ভট্টাচাৰ্য, কলিতা মাজী, বিৰাজ বিশ্বাস, আনন্দময় বৰ্মন, বিশাল লামা, দীপাংকৰ জানা আৰু অন্যান্যসকল।

বংগত শুভেন্দু অধিকাৰী চৰকাৰৰ সকলো মন্ত্ৰীৰে নাম প্ৰকাশ পাইছে যদিও এতিয়াও বিভাগসমূহৰ আবণ্টন হোৱা নাই। এতিয়া লক্ষণীয় হ’ব যে কোনগৰাকী মন্ত্ৰীয়ে কোনটো মন্ত্ৰালয় লাভ কৰে। ইয়াৰ ওপৰতে এতিয়া সকলোৰে চকু নিবদ্ধ হৈ আছে।শপত গ্ৰহণ কৰা মুঠ বিধায়কৰ সংখ্যা হৈছে ৩৫ গৰাকী। তাৰে ১৩ গৰাকী কেবিনেট মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)৩গৰাকী আৰু ১৯ গৰাকী ৰাজ্যিক মন্ত্ৰী আছে।  

লগতে পঢ়ক: সোমবাৰে শুভেন্দু চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ; কেইবাখনো নতুন মুখে পাব পাৰে স্থান

সোমবাৰে শুভেন্দু চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ; কেইবাখনো নতুন মুখে পাব পাৰে স্থান

সোমবাৰে পশ্চিম বংগত শুভেন্দু অধিকাৰীৰ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ হ’ব।কাইলৈ গঠন হ’ব পাৰে সম্পূৰ্ণ মন্ত্ৰীসভা।

সোমবাৰে পশ্চিম বংগৰ কলকাতাত শুভেন্দু অধিকাৰীৰ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ হ’ব। সোমবাৰে পুৱা প্ৰায় ১১ বজাত বংগৰ নতুন চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ শপত গ্ৰহণ আছে,যাৰ বাবে ৰাজ্যপাল গৃহত পূৰ্ণগতিত প্ৰস্তুতি চলি আছে।য’ত নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত পাঠ কৰোৱা হ’ব।

দাবী কৰা হৈছে যে বংগ চৰকাৰে কেবিনেটত নতুন আৰু যুৱ মুখক সুযোগ দিয়াৰ কথা চিন্তা কৰিছে।ইয়াৰ বাবে কেইবাটাও নাম পোহৰলৈ আহিছে।

ৰাজ্যখনৰ ভিতৰত প্ৰশাসনিক কাম-কাজ আৰু অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কাইলৈৰ পৰাই সমগ্ৰ মন্ত্ৰীসভা গঠন কৰা হ’ব। বৰ্তমান সময়ত পশ্চিম বংগ চৰকাৰত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ উপৰি আন ৫ গৰাকী কেবিনেট মন্ত্ৰী আছে। মন্ত্ৰীৰ মুঠ সংখ্যা হৈছে ৬ গৰাকী, আনহাতে পশ্চিম বংগত সৰ্বাধিক ৪৪ গৰাকী মন্ত্ৰী থাকিব পাৰে। এনে পৰিপ্ৰেক্ষিতত, সোমবাৰে কেইবাগৰাকীও বিধায়কে মন্ত্ৰী পদৰ বাবে শপত ল’ব পাৰে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বৰ্তমান ৪০ তাতকৈও অধিক বিভাগ চম্ভালি আছে। নতুন মন্ত্ৰীসকলক ইয়াৰে কেইবাটাও বিভাগ প্ৰদান কৰা হ’ব।

  • শুভেন্দু অধিকাৰী: ভৱানীপুৰৰ বিধায়ক আৰু মুখ্যমন্ত্ৰী। তেওঁ গৃহ আৰু পাৰ্বত্য পৰিক্ৰমা, বিত্ত, আইন, কৃষি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, উচ্চ শিক্ষা, তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগকে ধৰি মুঠ ৪০ তাতকৈও অধিক গুৰুত্বপূৰ্ণ বিভাগ চম্ভালি আছে।
  • দিলীপ ঘোষ: খড়গপুৰ সদৰৰ বিধায়ক। তেওঁৰ হাতত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পশু সম্পদ উন্নয়ন আৰু কৃষি বিপণন বিভাগ আছে।
  • অগ্নিমিত্ৰা পাল: আছানচোল দক্ষিণৰ বিধায়ক। বৰ্তমানৰ কেবিনেটৰ একমাত্ৰ মহিলা মন্ত্ৰী। তেওঁৰ হাতত মহিলা আৰু শিশু বিকাশ, সমাজ কল্যাণ, নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা বিভাগ আছে।
  • অশোক কীৰ্তনীয়া: বনগাঁ উত্তৰ সমষ্টিৰ বিধায়ক। তেওঁ খাদ্য আৰু অসামৰিক যোগান তথা সমবায় বিভাগ চম্ভালি আছে।
  • ক্ষুদিৰাম টুডু: ৰাণীবাঁধৰ বিধায়ক। তেওঁ জনজাতীয় উন্নয়ন, পিছপৰা শ্ৰেণী কল্যাণ আৰু সংখ্যালঘু তথা মাদ্ৰাছা শিক্ষা বিভাগ চাই আছে।
  • নিশীথ প্ৰামাণিক: মাথাভাঙা সমষ্টিৰ বিধায়ক। তেওঁৰ হাতত উত্তৰ বংগ উন্নয়ন, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগ আছে।

লগতে পঢ়ক: মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

মাত্ৰ ৫ টকাত মাছ-ভাত, শিক্ষানুষ্ঠান-ধৰ্মীয় অনুষ্ঠানৰ কাষত সুৰা নিষিদ্ধঃ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

শিক্ষানুষ্ঠান আৰু পবিত্ৰ ধৰ্মীয় স্থানসমূহৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈকে এই ঐতিহাসিক সিদ্ধান্ত লোৱা বুলি চৰকাৰে জানিবলৈ দিয়ে

পশ্চিমবংগৰ ৰাজনীতি আৰু প্ৰশাসনত এক ডাঙৰ আলোড়ন সৃষ্টি কৰি ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে কেতবোৰ আঁচনিৰ কথা ঘোষণা কৰিছে । কল্যাণীত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক পৰ্যালোচনা বৈঠকৰ অন্তত এই বৃহৎ ঘোষণাসমূহ কৰা হয় । ৰাজ্যখনৰ নদীয়া, উত্তৰ ২৪ পৰগণা আৰু হুগলী জিলাৰ উন্নয়নমূলক কাৰ্যসূচীৰ খতিয়ান লোৱাৰ উদ্দেশ্যে এই বৈঠক আহ্বান কৰা হৈছিল ।

২৭ মে’ৰ পৰা আৰম্ভ হ’ব ‘অন্নপূৰ্ণা যোজনা’ৰ প্ৰপত্ৰ বিতৰণ-

চৰকাৰী ঘোষণা অনুসৰি, অহা ২৭ মে’ৰ পৰা সমগ্ৰ ৰাজ্যতে বহুপ্ৰত্যাশিত ‘অন্নপূৰ্ণা যোজনা’ৰ প্ৰপত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । এই অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ মহিলাসকলে প্ৰতি মাহে ৩,০০০ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব । প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে ভাৰতৰ যিকোনো নাগৰিকেই এই আঁচনিৰ সুবিধা ল’ব পাৰিব আৰু ইয়াৰ প্ৰপত্ৰসমূহ ৰাজ্যিক সচিবালয়ৰ পৰা সংগ্ৰহ কৰিব পৰা যাব ।

শিক্ষানুষ্ঠান আৰু ধৰ্মীয় স্থানৰ কাষত নিষিদ্ধ হ’ব সুৰাৰ দোকান-

সমাজ সংস্কাৰ আৰু নৈতিকতা ৰক্ষাৰ দিশত চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা যিকোনো স্কুল, কলেজ অথবা ধৰ্মীয় উপাসনা স্থলৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ সুৰাৰ দোকান খোলাৰ অনুমতি দিয়া নহ’ব । শিক্ষানুষ্ঠান আৰু পবিত্ৰ ধৰ্মীয় স্থানসমূহৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈকে এই ঐতিহাসিক সিদ্ধান্ত লোৱা বুলি চৰকাৰে জানিবলৈ দিয়ে ।

মাত্ৰ ৫ টকাতে মাছ-ভাত-

ৰাজ্যৰ দৰিদ্ৰ আৰু শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰে সমগ্ৰ পশ্চিমবংগত প্ৰায় ৪০০ খন বিশেষ কেণ্টিন স্থাপন কৰাৰ আঁচনি হাতত লৈছে । এই কেণ্টিনসমূহত জনসাধাৰণে সপ্তাহত দুদিন মাত্ৰ ৫ টকা বিনিময়ত মাছ আৰু ভাতৰ এসাঁজ পেট ভৰাই খাবলৈ পাব ।

স্বাস্থ্য খণ্ডৰ উন্নীতকৰণ : গঠন হ’ব সুকীয়া ‘আয়ুষ’ বিভাগ-

ৰাজ্যখনৰ স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক গতিশীল আৰু উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে এটা নতুন ‘আয়ুষ’ (AYUSH) বিভাগ গঠন কৰাৰ কথা ঘোষণা কৰিছে । এতিয়ালৈকে এই ব্যৱস্থাটো স্বাস্থ্য বিভাগৰ এটা অংশ হিচাপেহে আছিল, কিন্তু এতিয়াৰে পৰা ইয়াক এক সুকীয়া আৰু স্বতন্ত্ৰ বিভাগ হিচাপে গঢ়ি তোলা হ’ব ।

লগতে পঢ়ক : ‘সোনকালে পলাই যাওক… জেলত পোহপাল দি পইচা কিয় নষ্ট কৰিম?’- অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক্সন মুডত মুখ্যমন্ত্ৰী শুভেন্দু



সীমান্তত অবৈধ প্ৰব্ৰজনকাৰীৰ ধল! বংগ চৰকাৰৰ কঠোৰ স্থিতিত ত্ৰাসিত অনুপ্ৰৱেশকাৰী

ৰাজ্যৰ বিভিন্ন সীমান্ত চকীত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ডাঙৰ ডাঙৰ দল একত্ৰিত হ’বলৈ ধৰা দেখা গৈছে

পশ্চিম বংগত বিজেপি চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা ‘চিনাক্ত কৰা, আঁতৰোৱা আৰু ঘূৰাই পঠোৱা’ (Detect, Delete and Deport) নীতিৰ পিছতে ৰাজ্যখনত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে । চৰকাৰৰ এই কঠোৰ স্থিতি এতিয়া কেৱল ৰাজনৈতিক নিৰ্বাচনী প্ৰতিশ্ৰুতি হৈ থকা নাই, বৰঞ্চ ই এক সংগঠিত প্ৰশাসনিক কাৰ্যপন্থাৰ ৰূপ লৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন সীমান্ত চকীত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ডাঙৰ ডাঙৰ দল একত্ৰিত হ’বলৈ ধৰা দেখা গৈছে ।

সীমান্তত নিজ দেশলৈ ঘূৰি যোৱাৰ হাহাকাৰ-

উত্তৰ ২৪ পৰগণা আৰু মালদাহ জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ পৰা অহা দৃশ্যই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উত্তৰ ২৪ পৰগণাৰ বছিৰহাট মহকুমাৰ অন্তৰ্গত হাকিমপুৰ চেকপইণ্টত মঙলবাৰে পুৱা ১০০ তকৈও অধিক বাংলাদেশী পুৰুষ-মহিলা সমবেত হয় । জানিব পৰা মতে, এই লোকসকলে দীৰ্ঘদিন ধৰি পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে বসবাস কৰি আছিল । কিন্তু চৰকাৰে বিদেশী নাগৰিকক বহিষ্কাৰ কৰা আৰু তেওঁলোকৰ বাবে বিশেষ ‘হোল্ডিং চেন্টাৰ’ স্থাপন কৰাৰ কথা ঘোষণা কৰাৰ পিছতে, আইনী কাৰ্যৱস্থাৰ ভয়ত তেওঁলোকে নিজেই আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ নিজ দেশলৈ ঘূৰি যাবলৈ সীমান্তত ভিৰ কৰিছে ।

শুভেন্দু অধিকাৰীৰ কঠোৰ নিৰ্দেশনা-

শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে স্পষ্ট কৰি দিছিল যে :

“যিসকল লোক নাগৰিকত্ব (সংশোধনী) আইন বা CAA-ৰ আওতাৰ বাহিৰত, তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা হ’ব । আৰক্ষীয়ে তেনে লোকক গ্ৰেপ্তাৰ কৰি বিএছএফৰ হাতত অৰ্পণ কৰিব ।”

ৰাজ্য চৰকাৰৰ গৃহ আৰু পাৰ্বত্য পৰিক্ৰমা বিভাগৰ ‘বিদেশী শাখা’ই কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি এই নতুন নিৰ্দেশাৱলী জাৰি কৰিছে, যাৰ মূল লক্ষ্য হৈছে ভাৰতত অবৈধভাৱে থকা বাংলাদেশী আৰু ৰোহিংগীয়া হিতাধিকাৰীসকলক চিনাক্ত কৰা ।

মালদাহত প্ৰথমটো ডিটেনচন কেন্দ্ৰ মুকলি-

চৰকাৰী নিৰ্দেশনাৰ পিছতে জিলাসমূহত যুদ্ধকালীন ক্ষিপ্ৰতাৰে হোল্ডিং চেন্টাৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে । এই ক্ষেত্ৰত মালদাহ ৰাজ্যৰ প্ৰথমখন জিলা হিচাপে পৰিগণিত হৈছে, য’ত ইতিমধ্যে এনে এটা কেন্দ্ৰ সক্ৰিয় হৈ উঠিছে । কেন্দ্ৰটোত ইতিমধ্যে ৯ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক ৰখা হৈছে (৩ গৰাকী মহিলা আৰু ৬ গৰাকী নাবালক)। তেওঁলোকক গজোল থানাৰ অন্তৰ্গত পাণ্ডুয়াৰ পৰা আটক কৰা হৈছিল।

কেন্দ্ৰটোত ২৪ ঘণ্টাই চিচিটিভি (CCTV) নিৰীক্ষণৰ লগতে ১২ গৰাকী আৰক্ষী কৰ্মী, অসামৰিক প্ৰতিৰক্ষা কৰ্মী আৰু নাগৰিক স্বেচ্ছাসেৱক মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক : ‘সোনকালে পলাই যাওক… জেলত পোহপাল দি পইচা কিয় নষ্ট কৰিম?’- অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক্সন মুডত মুখ্যমন্ত্ৰী শুভেন্দু

‘সোনকালে পলাই যাওক… জেলত পোহপাল দি পইচা কিয় নষ্ট কৰিম?’- অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক্সন মুডত মুখ্যমন্ত্ৰী শুভেন্দু

মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত অৱৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলক পোনপটীয়াকৈ এক চৰম সকীয়নি প্ৰদান কৰিছে

পশ্চিম বংগত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিছে এক অতি আক্ৰমণাত্মক স্থিতি । মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত অৱৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলক পোনপটীয়াকৈ এক চৰম সকীয়নি প্ৰদান কৰিছে । তেওঁ স্পষ্টকৈ কৈছে- “সোনকালে পলাই যোৱা! আমি জেলত ৰাখি পোহপাল দি থাকিব নোৱাৰো । আমাৰ জনসাধাৰণৰ টেক্সৰ পইচা অবৈধ অনুপ্ৰৱেশকাৰীৰ নামত কিয় নষ্ট কৰিম ? আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে, ধৰা আৰু পোনপটীয়াকৈ বাংলাদেশলৈ খেদি দিয়া ।”

বিদেশী বিতাড়নৰ বাবে সাজু হৈছে বিশেষ ‘হোল্ডিং চেন্টাৰ’

কেৱল মুখেৰেই নহয়, প্ৰশাসনিকভাৱেও বংগ চৰকাৰ এতিয়া সম্পূৰ্ণ ‘একচন মোড’ত অবতীৰ্ণ হৈছে । ৰাজ্যখনত আশ্ৰয় লৈ থকা অবৈধ বাংলাদেশী আৰু ৰোহিংগা নাগৰিকসকলক চিনাক্ত কৰি নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ বিশেষ ‘হোল্ডিং চেন্টাৰ’ নিৰ্মাণৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰা হৈছে । এই সন্দৰ্ভত পশ্চিম বংগৰ সকলো জিলাধিপতিকে জৰুৰী লিখিত নিৰ্দেশ আৰু নীতি-নিৰ্দেশনা জাৰী কৰা হৈছে । চৰকাৰে প্ৰতিজন জিলাধিপতিকে নিজ নিজ জিলাত উপযুক্ত স্থান চিনাক্ত কৰি অতি সোনকালে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ।

কি এই ‘ডিটেক্ট, ডিলিট এণ্ড ডিপৰ্ট’ নীতি ?

বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বংগত আৰম্ভ কৰিছে ‘ডিটেক্ট, ডিলিট এণ্ড ডিপৰ্ট’ (চিনাক্ত কৰা, নাম কৰ্তন কৰা আৰু দেশৰ পৰা উলিয়াই দিয়া) নীতি । এই কঠোৰ নীতিৰ ঘোষণাৰ পিছৰে পৰা ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলসমূহত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে । উত্তৰ ২৪ পৰগণা আৰু মালদা আদি জিলাৰ পৰা অহা বিভিন্ন ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে, ধৰা পৰাৰ ভয়ত এতিয়া অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ডাঙৰ ডাঙৰ দলে সীমান্তত ভীৰ কৰিবলৈ আৰম্ভ কৰিছে । অৰ্থাৎ, চৰকাৰৰ এই অভিযান এতিয়া কেৱল ৰাজনৈতিক শ্লোগান হৈ থকা নাই, ই এক ব্যাপক প্ৰশাসনিক কাৰ্যসূচীত পৰিণত হৈছে ।

সীমান্তত লানি নিছিগা শাৰী :

অলপতে উত্তৰ ২৪ পৰগণাৰ বছিৰহাট মহকুমাৰ অন্তৰ্গত হাকিমপুৰ চেকপইণ্টত এক চাঞ্চল্যৰ সৃষ্টি হয় । মঙলবাৰে পুৱাই তাত ১০০ তকৈও অধিক বাংলাদেশী পুৰুষ-মহিলা একত্ৰিত হয় । চৰকাৰৰ কঠোৰ পদক্ষেপ আৰু ‘হোল্ডিং চেন্টাৰ’ৰ ভয়ত এই সকলোৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ নিজে নিজেই নিজৰ দেশলৈ ঘূৰি যাবলৈ বাধ্য হৈছে ।

অমিত শ্বাহৰ সেই ‘অসম মডেল’ৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে বংগ-

উল্লেখ্য যে, শেহতীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বংগবাসীক এক ডাঙৰ প্ৰতিশ্ৰুতি দিছিল । তেওঁ স্পষ্টকৈ কৈছিল যে- “বিজেপিয়ে যিদৰে অসমত অনুপ্ৰৱেশকাৰীৰ সমস্যা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিলে, ঠিক সেইদৰে বংগৰ পৰাও অবৈধ অনুপ্ৰৱেশকাৰীক শিপাই সৈতে উভালি পেলোৱা হ’ব ।”

এতিয়া বংগত শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত, দলটোৱে নিজৰ সেই ‘অসম মডেল’ৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ কঁকালত টঙালি বান্ধি নামি পৰিছে । চৰকাৰৰ এই কাৰ্যপন্থাই এতিয়া সমগ্ৰ ৰাজ্যখনৰ অৱৈধ অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকৰ মদদপুষ্ট চক্ৰসমূহৰ মাজত তীব্ৰ কম্পনৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ: স্থাপন হ’ব বিশেষ ‘হোল্ডিং চেন্টাৰ’

বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ: স্থাপন হ’ব বিশেষ ‘হোল্ডিং চেন্টাৰ’

আটক কৰা অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীসকলক এতিয়াৰে পৰা পোনপটীয়াকৈ সাধাৰণ জেলত ৰখাৰ পৰিৱৰ্তে এই নতুন চেন্টাৰসমূহলৈ স্থানান্তৰ কৰা হ’ব

ৰাজ্যখনত অবৈধভাৱে বসবাস কৰি থকা বিদেশী নাগৰিকসকলক লৈ এইবাৰ এক ডাঙৰ তথা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে পশ্চিমবংগ চৰকাৰে । ৰাজ্যখনত থকা অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়া নাগৰিকসকলক চিনাক্ত কৰি নিজ দেশলৈ ওভতাই পঠিয়াবলৈ বিশেষ ‘হোল্ডিং চেন্টাৰ’ (Holding Centre) স্থাপনৰ নিৰ্দেশনা জাৰী কৰিছে ৰাজ্য চৰকাৰে ।

শুভেন্দু চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত পশ্চিমবংগৰ সকলো জিলা আয়ুক্ত লৈ লিখিত নিৰ্দেশ আৰু নীতি-নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে । চৰকাৰে সকলো জিলাধিপতিক নিজ নিজ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত এই হোল্ডিং চেন্টাৰসমূহ নিৰ্মাণ কৰাৰ বাবে উপযুক্ত স্থান চিনাক্ত কৰিবলৈ আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যপন্থা অতি সোনকালে আৰম্ভ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ।

সীমান্তৱৰ্তী জিলাসমূহৰ ওপৰত বিশেষ নজৰ-

প্ৰশাসনৰ মূল লক্ষ্য হৈছে ৰাজ্যখনৰ সীমান্তৱৰ্তী জিলাসমূহ আৰু সেইবোৰ সংবেদনশীল অঞ্চল, য’ত অবৈধ প্ৰব্ৰজনকাৰী লুকাই থকাৰ সম্ভাৱনা আটাইতকৈ বেছি থাকে । চৰকাৰে স্থাপন কৰিবলগীয়া এই হোল্ডিং চেন্টাৰসমূহৰ মূল উদ্দেশ্য হৈছে অবৈধভাৱে বসবাস কৰা লোকসকলৰ ওপৰত তীব্ৰ নজৰ ৰখা ।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীসকলক এতিয়াৰে পৰা পোনপটীয়াকৈ সাধাৰণ জেলত ৰখাৰ পৰিৱৰ্তে এই নতুন চেন্টাৰসমূহলৈ স্থানান্তৰ কৰা হ’ব । যেতিয়ালৈকে এই ধৃত বিদেশী নাগৰিকসকলৰ সঠিক পৰিচয় নিশ্চিত কৰা নহয় আৰু তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে নিজৰ মূল দেশলৈ ওভতাই পঠোৱাৰ কাম সম্পূৰ্ণ নহয়, তেতিয়ালৈকে তেওঁলোকক এই হোল্ডিং চেন্টাৰসমূহতে কটকটীয়া প্ৰহৰাৰ মাজত ৰখা হ’ব ।

নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশে চৰকাৰ-

উল্লেখ্য যে, বিজেপিয়ে এই বছৰ অনুষ্ঠিত হোৱা বংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজ্যখনৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীসকলক বহিষ্কাৰ কৰাৰ এক ডাঙৰ প্ৰতিশ্ৰুতি দিছিল । নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ এক ভাষণত স্পষ্টকৈ কৈছিল যে, বিজেপিয়ে যিদৰে অসমত অনুপ্ৰৱেশ কাৰ্যকাৰীভাৱে বন্ধ কৰিলে, ঠিক সেইদৰে দলে বংগতো অবৈধ অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব ।

এতিয়া ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছত, দল আৰু চৰকাৰে নিজৰ সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাত পূৰ্ণগতিত নামি পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : সলনি হ’ল মমতা চৰকাৰৰ পুৰণি নীতি; বকৰিদৰ বাবে শুভেন্দু চৰকাৰৰ ডাঙৰ নিৰ্দেশনা

সলনি হ’ল মমতা চৰকাৰৰ পুৰণি নীতি; বকৰিদৰ বাবে শুভেন্দু চৰকাৰৰ ডাঙৰ নিৰ্দেশনা

পশ্চিম বংগত বিজেপি চৰকাৰ শাসনলৈ অহাৰ লগে লগে মমতা চৰকাৰৰ বহু নিয়ম-কানুন সলনি কৰিছে। বকৰিদৰ বাবে শুভেন্দু চৰকাৰে এক ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে।

২৮ মে’ত সমগ্ৰ দেশতে বকৰিদ উদযাপন কৰা হ’ব।তাৰ মাজতে পশ্চিম বংগত মমতা চৰকাৰৰ এটা নিয়ম সলনি কৰিলে শুভেন্দু অধিকাৰী চৰকাৰে। এইবাৰ সুভেন্দুৰ নেতৃত্বত পশ্চিম বংগৰ নতুন চৰকাৰে মুছলমান সম্প্ৰদায়ৰ পবিত্ৰ উৎসৱ ঈদ-উল-আজাহা (বকৰিদ নামেৰেও জনাজাত)ৰ বন্ধৰ দিন কৰ্তন কৰিছে। এতিয়াৰ পৰা এই উৎসৱৰ বাবে মাত্ৰ এদিন হে বন্ধ থাকিব।মমতা চৰকাৰৰ পূৰ্বৰ বাকৰিদত দুদিনীয়া ছুটীৰ ব্যৱস্থাৰ আদেশ বাতিল কৰাৰ নিৰ্দেশ দিছে শুভেন্দু চৰকাৰে।

লগতে পঢ়ক: ‘ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হোৱা সপোনত ৰাইজে বাধা দিছে’; ভূপেন বৰা

শুভেন্দু অধিকাৰী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত;  সকলো মাদ্ৰাছাতে ‘বন্দে মাতৰম’ বাধ্যতামূলক

পশ্চিম বংগত এতিয়া সকলো চৰকাৰী, সাহায্যপ্ৰাপ্ত, আৰু স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছাতে পুৱাৰ প্ৰাৰ্থনাৰ সময়ত ‘বন্দে মাতৰম’ গোৱাটো বাধ্যতামূলক কৰা হৈছে।

শাসনলৈ আহিয়েই পশ্চিম বংগৰ বিজেপি চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা সমগ্ৰ বংগৰ সকলো মাদ্ৰাছাতে পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাৰ্থনাৰ সময়ত ‘বন্দে মাতৰম’ গোৱাটো বাধ্যতামূলক হ’ব।ইয়াৰ বাবে সংখ্যালঘু পৰিক্ৰমা আৰু মাদ্ৰাছা শিক্ষা বিভাগে এক নিৰ্দেশ জাৰি কৰিছে।এতিয়া পুৰণি নিয়মক অতিক্ৰম কৰি মাদ্ৰাছাত এই আদেশ মানি চলাটো বাধ্যতামূলক হ’ব।এই নতুন নিয়ম সকলো চৰকাৰী মডেল মাদ্ৰাছা (ইংৰাজী মাধ্যম), লগতে সকলো সহায়ক আৰু অসহায়ক মাদ্ৰাছাৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ’ব।

মাদ্ৰাছা শিক্ষা সঞ্চালকে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে পূৰ্বৰ সকলো আদেশ আৰু পদ্ধতি সলনি কৰি,পশ্চিম বংগ ৰাজ্যৰ সংখ্যালঘু পৰিক্ৰমা আৰু মাদ্ৰাছা শিক্ষা বিভাগৰ অধীনত থকা সকলো মাদ্ৰাছা অৰ্থাৎ চৰকাৰী আদৰ্শ মাদ্ৰাছা, সহায়ক মাদ্ৰাছা, অনুমোদিত এম এছ কে এছ, অনুমোদিত এছ এছ কে এছ, আৰু স্বীকৃতিপ্ৰাপ্ত অসহায় মাদ্ৰাছাত শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বে, প্ৰাৰ্থনাৰ সময়ত ‘বন্দে মাতৰম’ গোৱাটো বাধ্যতামূলক।

ইয়াৰ পূৰ্বে চলিত মাহৰ ১৪ মে’ত মুখ্যমন্ত্ৰী শুবেন্দু অধিকাৰীৰ নেতৃত্বত চৰকাৰে বিদ্যালয় শিক্ষা বিভাগৰ অন্তৰ্গত সকলো চৰকাৰী আৰু সহায়ক বিদ্যালয়তে ‘বন্দে মাতৰম’ বাধ্যতামূলক কৰিছিল।

লগতে পঢ়ক: কেবিনেট সালসলনিৰ জল্পনা-কল্পনাৰ মাজতে জৰুৰী বৈঠক; প্ৰধানমন্ত্ৰীয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত