অসম আৰু বংগত বিজেপিৰ দপদপনি: হিমন্ত-শুভেন্দুৰ আলিংগন আৰু এটা টুইটে দিলে নতুন ৰাজনৈতিক বাৰ্তা

ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰে

মঙলবাৰে অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হ’ল । ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিজেপিৰ লগতে মিত্ৰদল অগপ আৰু বিপিএফৰ চাৰিজন বিধায়কেও মন্ত্ৰী হিচাপে শপত লয় ।

চৰ্চাত হিমন্ত বিশ্ব শৰ্মাৰ টুইট-

শপত গ্ৰহণৰ কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত এটা পোষ্ট কৰে, যিয়ে বৰ্তমান ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰিছে । পশ্চিম বংগৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে এটা অন্তৰংগ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি হিমন্তই লিখিলে— “Bad days for….(You know who)”।

এই টুইটটোত তেওঁ শুভেন্দু অধিকাৰীক টেগ কৰাৰ লগতে শুভেন্দুৱেও ইয়াৰ প্ৰত্যুত্তৰত ৰসালকৈ লিখিছে— “No Prizes for Guessing, I guess” (অর্থাৎ, অনুমান কৰিবলৈ কোনো পুৰস্কাৰৰ প্ৰয়োজন নাই)।

কাৰ বাবে ‘বেয়া দিন’?

ফটোখনত দুয়োগৰাকী নেতাক অতি আনন্দিত মনেৰে আলিংগন কৰি থকা দেখা গৈছে । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ‘You know who’ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কাৰ ফালে আঙুলিয়াইছে সেয়া অনুমান কৰা হৈছে । বিশেষকৈ :

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হুংকাৰ : অসম চৰকাৰ ইতিমধ্যে ডিটেনচন কেম্প আৰু অবৈধ অনুপ্ৰৱেশ ৰোধৰ কঠোৰ পদক্ষেপৰ বাবে চৰ্চিত । এতিয়া বংগত শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দুয়োখন ৰাজ্যই যুটীয়া ৰণনীতি গ্ৰহণ কৰাৰ ইংগিত পোৱা গৈছে ।

বিৰোধী পক্ষলৈ কটাক্ষ : শেহতীয়া নিৰ্বাচনী ফলাফলৰ পিছত এই টুইটক বিৰোধী দলসমূহৰ প্ৰতি এক তীব্ৰ প্ৰত্যাহ্বান হিচাপেও দেখা গৈছে ।

সমন্বয়ৰ নতুন যুগ-

পশ্চিম বংগ বিধানসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক জয়ৰ পিছত শুভেন্দু অধিকাৰী মুখ্যমন্ত্ৰী হোৱাৰ পাছত দুয়োগৰাকী শক্তিশালী নেতাৰ এইখন প্ৰথমটো গুৰুত্বপূৰ্ণ ফটো । ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ইয়াক ‘পূব ভাৰতত গেৰুৱা শক্তিৰ নতুন আৰম্ভণি’ বুলি অভিহিত কৰিছে ।

অসম আৰু বংগৰ এই নতুন মিত্ৰতাই অনাগত দিনত কেন্দ্ৰীয় চৰকাৰৰ ‘এক্ট ইষ্ট পলিচি’ৰ লগতে আইন-শৃংখলাৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আনে, সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাইঃ নতুন চৰকাৰক শুভেচ্ছা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

বংগত বিজেপিৰ নতুন যুগ: মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ কেবিনেটত দপ্তৰ বিতৰণ, কাৰ হাতত কি দায়িত্ব ?

শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত সোমবাৰে তেওঁ এক গুৰুত্বপূৰ্ণ বৈঠকত পাঁচগৰাকী নৱনিযুক্ত মন্ত্ৰীৰ মাজত বিভাগসমূহ আবণ্টন দিয়ে

পশ্চিমবংগত ঐতিহাসিক জয়ৰ পাছত প্ৰশাসনিক কাম-কাজত তীব্ৰতা আনিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে । শনিবাৰে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত সোমবাৰে তেওঁ এক গুৰুত্বপূৰ্ণ বৈঠকত পাঁচগৰাকী নৱনিযুক্ত মন্ত্ৰীৰ মাজত বিভাগসমূহ আবণ্টন দিয়ে ।

কাৰ হাতত কোনটো দপ্তৰ ?

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, নৱগঠিত চৰকাৰখনৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ তলত দিয়া ধৰণে বিতৰণ কৰা হৈছে :

দিলীপ ঘোষ: জ্যেষ্ঠ নেতাগৰাকীক গ্ৰামোন্নয়ন, পঞ্চায়ত আৰু পশুপালন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে ।

অগ্নিমিত্ৰা পাল: কেবিনেটৰ একমাত্ৰ মহিলা মন্ত্ৰীগৰাকীয়ে মহিলা তথা শিশু কল্যাণ বিভাগৰ তদাৰক কৰিব ।

নিশিথ প্ৰমাণিক: তেওঁক ক্ৰীড়া আৰু যুৱ কল্যাণৰ লগতে উত্তৰ বংগ উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে ।

অশোক কীৰ্তনীয়া: মতুয়া সম্প্ৰদায়ৰ প্ৰভাৱশালী নেতাগৰাকীয়ে খাদ্য বিভাগৰ দায়িত্ব চম্ভালিব ।

খুদিৰাম টুডু: জনজাতীয় নেতাগৰাকীক অনগ্ৰসৰ শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ।

নিৰ্বাচনী ফলাফলত বিজেপিৰ আধিপত্য-

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট সম্পূৰ্ণ সলনি কৰি বিজেপিয়ে ২৯৪ খন আসনৰ ভিতৰত ২০৬ খনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে । আনহাতে, মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ মাত্ৰ ৮০ খন আসনলৈ হ্ৰাস পায় ।

জয়ৰ ব্যৱধান আৰু জনপ্ৰিয়তা-

প্ৰতিগৰাকী মন্ত্ৰীয়েই নিজ নিজ সমষ্টিত বিশাল ভোটৰ ব্যৱধানত জয়ী হৈছে । বিশেষকৈ নিশিথ প্ৰমাণিকে ৫৭,০৯০ টা ভোটৰ ব্যৱধানত আৰু খুদিৰাম টুডুৱে ৫২,২৬৯ টা ভোটৰ ব্যৱধানত তৃণমূলৰ প্ৰাৰ্থীক পৰাস্ত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । অগ্নিমিত্ৰা পাল আৰু অশোক কীৰ্তনীয়াইও ৪০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হৈছে ।

শনিবাৰে কলকাতাৰ এক ভব্য অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যপাল আৰ এন ৰবিয়ে শুভেন্দু অধিকাৰীক শপত বাক্য পাঠ কৰোৱাইছিল। দপ্তৰ বিতৰণৰ পাছত এতিয়া ৰাজ্যবাসীয়ে বিজেপি চৰকাৰৰ পৰা এক নতুন প্ৰশাসনিক গতিশীলতাৰ আশা কৰিছে ।

লগতে পঢ়ক : বিজেপিৰ জয়যাত্ৰাত উৎফুল্লিত প্ৰধানমন্ত্ৰী: ‘পশ্চিম বংগ-অসমৰ ফলাফলে দেশজুৰি সৃষ্টি কৰিছে উৎসাহৰ জোৱাৰ’

বংগত পৰিবৰ্তনৰ বতাহ : কাৰ্যভাৰ লৈয়েই অনুপ্ৰৱেশ ৰোধ আৰু জনকল্যাণৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

দীৰ্ঘদিন ধৰি চলি থকা অবৈধ অনুপ্ৰৱেশৰ সমস্যা অতি কম সময়ৰ ভিতৰতে সমাধান হ’ব বুলি তেওঁ আশাপ্ৰকাশ কৰে ।

পশ্চিমবংগত ১৫ বছৰীয়া তৃণমূল শাসনৰ অন্ত পেলাই নতুনকৈ গঠিত বিজেপি চৰকাৰৰ কাম-কাজ পূৰ্ণগতিত আৰম্ভ হৈছে । সোমবাৰে নবান্নত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ সুৰক্ষা আৰু উন্নয়ন সন্দৰ্ভত কেইবাটাও ঐতিহাসিক সিদ্ধান্তৰ কথা ঘোষণা কৰে ।

সীমান্তত বেৰ আৰু অনুপ্ৰৱেশ ৰোধ-

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ভাৰত-বাংলাদেশ সীমান্তত কাঁটাতাৰৰ বেৰ পতাৰ কাম ক্ষীপ্ৰতৰ কৰিবলৈ ৰাজ্য চৰকাৰে সীমা সুৰক্ষা বলক (BSF) ভূমি হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আগন্তুক ৪৫ দিনৰ ভিতৰত এই ভূমি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক অৰ্পণ কৰা হ’ব । ইয়াৰ ফলত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ অনুপ্ৰৱেশৰ সমস্যা অতি কম সময়ৰ ভিতৰতে সমাধান হ’ব বুলি তেওঁ আশাপ্ৰকাশ কৰে ।

কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণ-

ৰাজ্যখনত এতিয়াৰে পৰা ‘ডাবল ইঞ্জিন’ চৰকাৰৰ সুফল ৰাইজে লাভ কৰিব বুলি উল্লেখ কৰি অধিকাৰীয়ে কয় যে পূৰ্বৰ চৰকাৰে বাধা দি ৰখা কেন্দ্ৰীয় জনকল্যাণমূলক আঁচনিসমূহ এতিয়াৰে পৰা বংগত কাৰ্যকৰী হ’ব । বিশেষকৈ ‘আয়ুষ্মান ভাৰত’ আৰু ‘জন আৰোগ্য যোজনা’ৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহৰ জৰিয়তে ৰাজ্যবাসী উপকৃত হ’ব ।

ৰাজনৈতিক হিংসাৰ তদন্ত-

বিগত সময়ছোৱাত হোৱা ৰাজনৈতিক হিংসাত প্ৰাণ হেৰুওৱা ৩২১ গৰাকী দলীয় কৰ্মীৰ প্ৰতি সমবেদনা জনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে যদি মৃতকৰ পৰিয়ালে বিচাৰে, তেন্তে চৰকাৰে এই হত্যাকাণ্ডসমূহৰ উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিব ।

প্ৰশাসনিক পৰ্যালোচনা আৰু ধন্যবাদ জ্ঞাপন-

কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্য সচিব, গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয়। নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে তেওঁ নিৰ্বাচন আয়োগ, আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ লগতে পশ্চিমবংগৰ ভোটাৰক ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, ২৯৪ জনীয়া বিধানসভাৰ ২০৬ খন আসনত জয়লাভ কৰি বিজেপিয়ে এইবাৰ পশ্চিমবংগত এক বৃহৎ ৰাজনৈতিক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : পশ্চিম বংগৰ জনতাক মূৰ দোঁৱাই, আঠু কাঢ়ি সেৱা প্ৰধানমন্ত্ৰী মোদীৰ

মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ, হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন

এক নতুন অধ্যায়ৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে

পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে । ভাৰতীয় জনতা পাৰ্টিৰ পৰা পশ্চিমবংগৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰা এই ঐতিহাসিক ক্ষণত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।

৯ মে’ত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণৰ হৈ নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকী তথা তেওঁৰ মন্ত্ৰীসভাক শুভেচ্ছা জনায় । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ এক পোষ্টৰ জৰিয়তে ড০ শৰ্মাই এই দিনটোক পশ্চিমবংগৰ ৰাজনৈতিক যাত্ৰাৰ এক ‘ঐতিহাসিক ক্ষণ’ বুলি অভিহিত কৰে ।

আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰতীকবাদৰ অৱতাৰণা কৰি ড০ শৰ্মাই কয় যে ভাৰতৰ সভ্যতাৰ মূল্যবোধ আৰু চহকী সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ সংকল্পৰে এই নতুন চৰকাৰ গঠন কৰা হৈছে । শুভেন্দু অধিকাৰীৰ বলিষ্ঠ নেতৃত্বত পশ্চিমবংগত উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ এক নতুন যুগৰ সূচনা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

অসম আৰু পশ্চিমবংগৰ মাজত থকা গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক সম্পৰ্কৰ কথা সোঁৱৰাই দি বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক দিনবোৰত দুই ৰাজ্যৰ মাজৰ এই ভাতৃত্ববোধ আৰু সহযোগিতা অধিক সুদৃঢ় হ’ব ।

ইফালে, পশ্চিমবংগৰ পাছত এতিয়া সকলোৰে চকু অসমৰ শপত গ্ৰহণ অনুষ্ঠানলৈ । অহা ১২ মে’ৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : বিশ্ববৰেণ্য কবিগুৰুৰ জন্মজয়ন্তীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

পৰিবৰ্তনৰ নতুন যুগ : শপত গ্ৰহণৰ পিছতে জোড়াসাঁকো অভিমুখে বংগৰ নৱনিযুক্ত মুখ্যমন্ত্রী

নতুন যুগৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে শুভেন্দু অধিকাৰীয়ে

পশ্চিম বংগৰ ৰাজনৈতিক ইতিহাসত এক নতুন যুগৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে শুভেন্দু অধিকাৰীয়ে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তীৰ পবিত্ৰ দিনটোত তেওঁ এই দায়িত্বভাৰ গ্ৰহণ কৰে ।

শপত গ্ৰহণ আৰু গুৰু প্ৰণাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইচ্ছা অনুসৰি ৰবীন্দ্ৰ জয়ন্তীত আয়োজন কৰা এই শপত গ্ৰহণ অনুষ্ঠানৰ পিছতেই শুভেন্দু অধিকাৰীয়ে জোৰাসাঁকো ঠাকুৰবাৰীত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে কবিগুৰুৰ আশীৰ্বাদ লৈহে তেওঁ চৰকাৰী কাম-কাজ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব ।

বিজেপিৰ বিশাল জয় ২০২৬ চনৰ এই নিৰ্বাচনত মমতা বেনার্জীৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলাই বিজেপিয়ে ২০৭ খন আসনত বিশাল জয় লাভ কৰে । বিপৰীতে, তৃণমূল কংগ্ৰেছে (টিএমচি) মাত্ৰ ৮০ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় । উল্লেখ্য যে, শুভেন্দু অধিকাৰীয়ে ভবানীপুৰ আৰু নন্দীগ্ৰাম— এই দুয়োটা গুৰুত্বপূৰ্ণ সমষ্টিৰ পৰাই জয়লাভ কৰি নিজৰ আধিপত্য প্ৰমাণ কৰিছে ।

মুখ্যমন্ত্ৰীৰ লক্ষ্য-

বংগৰ পুনৰ নিৰ্মাণ মুখ্যমন্ত্ৰী হিচাপে শপত লৈ অধিকাৰীয়ে কয়, “মই এতিয়া সকলোৰে মুখ্যমন্ত্ৰী । বিগত বছৰবোৰত বংগৰ শিক্ষা আৰু সংস্কৃতিৰ ব্যাপক ক্ষতি হৈছে । আমাৰ লক্ষ্য হ’ল বংগক পুনৰ নিৰ্মাণ কৰা আৰু হেৰুৱা গৌৰৱ ঘূৰাই অনা ।” তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে তেওঁৰ চৰকাৰ ড° শ্যামা প্ৰসাদ মুখোপাধ্যায়ৰ আদৰ্শৰে পৰিচালিত হ’ব ।

অভিলেখ সংখ্যক ভোটদান এইবাৰ পশ্চিম বংগত স্বাধীনতাৰ পিছত সৰ্বাধিক ভোটদান পৰিলক্ষিত হয় । নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৯৩.১৯ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৯১.৬৬ শতাংশ ভোটদানৰ সৈতে মুঠ ৯২.৪৭ শতাংশ ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে ।

শপত গ্ৰহণ অনুষ্ঠানত দেশৰ ৰাজনৈতিক জগতৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে— অসমৰ হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মানিক সাহা, উত্তৰাখণ্ডৰ পুষ্কৰ ধামী আৰু দিল্লীৰ ৰেখা গুপ্তাই অংশগ্ৰহণ কৰি শুভেন্দু অধিকাৰীক অভিনন্দন জনায় ।

মমতা বেনার্জীৰ দুৰ্গ খহি পৰাৰ পিছত শুভেন্দু অধিকাৰীৰ নেতৃত্বত পশ্চিম বংগই কেনেকুৱা দিশ লয়, সেয়া এতিয়া সমগ্ৰ দেশৰ বাবে চৰ্চাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক : ৯৮ বছৰীয়া মাখনলাল সৰকাৰৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল’লে প্ৰধানমন্ত্ৰীয়ে

বংগত বিজেপিৰ নতুন যুগ : শুভেন্দুৰ নেতৃত্বত শপত ল’লে পাঁচ ‘সাৰথি’য়ে

ৰাজ্যখনত বিজেপিৰ বিশাল বিজয়ৰ পিছত শনিবাৰে এক ভব্য অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে

পশ্চিমবংগৰ ৰাজনীতিত আজি এক ঐতিহাসিক দিন । ৰাজ্যখনত বিজেপিৰ বিশাল বিজয়ৰ পিছত শনিবাৰে এক ভব্য অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে । গুৰুত্বপূৰ্ণ কথাটো হ’ল, অধিকাৰীৰ এই নতুন কেবিনেটত ব্ৰাহ্মণ, মহিলা, মতুয়া আৰু আদিবাসী— প্ৰতিটো সম্প্ৰদায়ৰে প্ৰতিনিধিত্ব সুনিশ্চিত কৰি বিজেপিয়ে এক শক্তিশালী সামাজিক বাৰ্তা প্ৰেৰণ কৰিছে ।

শুভেন্দুৰ পৰা নিশিথলৈ : কেবিনেটৰ গুৰুত্বপূৰ্ণ মুখসমূহ

শুভেন্দু অধিকাৰী (মুখ্যমন্ত্ৰী): এসময়ৰ তৃণমূলৰ বলিষ্ঠ নেতা আৰু মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী শুভেন্দু অধিকাৰীয়ে আজি মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । উল্লেখ্য যে, তেওঁ মমতা বেনাৰ্জীক তেওঁৰ নিজৰ গড়তে দুবাৰকৈ পৰাস্ত কৰি একপ্ৰকাৰ অপ্ৰতিৰোধ্য প্ৰমাণিত কৰিছে ।

দিলীপ ঘোষ: ৰাজ্যিক বিজেপিৰ অন্যতম স্তম্ভ তথা খড়গপুৰৰ বিধায়ক দিলীপ ঘোষে মন্ত্ৰী হিচাপে শপত লয় । তেওঁৰ সাংগঠনিক দক্ষতাই চৰকাৰখনক অধিক গতিশীল কৰিব বুলি ধাৰণা কৰা হৈছে ।

অগ্নিমিত্ৰা পাল: ফেশ্বন ডিজাইনাৰৰ পৰা ৰাজনীতিবিদ হোৱা আছানচোল দক্ষিণৰ বিধায়িকা অগ্নিমিত্ৰা পালে কেবিনেটত মহিলাৰ কণ্ঠ প্ৰতিনিধিত্ব কৰিব ।

অশোক কীৰ্তনীয়া: বনগাঁ উত্তৰৰ পৰা একেৰাহে দুবাৰকৈ নিৰ্বাচিত হোৱা কীৰ্তনীয়াই চৰকাৰত মতুয়া সম্প্ৰদায়ৰ কল্যাণৰ বাবে কাম কৰিব ।

ক্ষুদিৰাম টুডু: ৰাণীবাঁধৰ বিধায়ক তথা বৃত্তিত শিক্ষক ক্ষুদিৰাম টুডুৱে কেবিনেটত আদিবাসী সম্প্ৰদায়ৰ মুখ হিচাপে স্থান লাভ কৰিছে । তেওঁ প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈয়েই মন্ত্ৰীত্বৰ সুযোগ লাভ কৰিছে ।

নিশিথ প্ৰমাণিক: কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ অভিজ্ঞতা থকা কোচবিহাৰৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান মাথাভাঙ্গাৰ বিধায়ক নিশিথ প্ৰমাণিকেও আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

এই ভব্য শপত গ্ৰহণ অনুষ্ঠানে বংগৰ ৰাজনীতিত এক নতুন ধাৰাৰ সূচনা কৰিছে । সকলোৰে সমাহাৰ থকা এই চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নত কেনে ভূমিকা পালন কৰে, সেয়া এতিয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : পশ্চিম বংগ নতুন ৰাজনৈতিক যুগৰ সূচনা, মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে

পশ্চিম বংগ নতুন ৰাজনৈতিক যুগৰ সূচনা, মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে

পশ্চিম বংগৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে ।

পশ্চিম বংগত এক নতুন ৰাজনৈতিক যুগৰ সূচনা কৰি আজি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়ৰ পিছত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ ৰাজনৈতিক শিবিৰৰ বহু হেভিৱেট নেতা উপস্থিত থাকে ।

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মাণিক সাহা, উত্তৰাখণ্ডৰ পুষ্কৰ ধামী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা অন্যতম ।

শুভেন্দুৰ ধামাকা-

এই নিৰ্বাচনত শুভেন্দু অধিকাৰীয়ে এক অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে । তেওঁ ৰাজ্যখনৰ আটাইতকৈ হাই-প্ৰফাইল দুটা সমষ্টি— ভৱানীপুৰ আৰু নন্দীগ্ৰামত জয়লাভ কৰি নিজৰ আধিপত্য প্ৰমাণ কৰিছে । ভৱানীপুৰত মমতা বেনাৰ্জীক ১৫,১০৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে নন্দীগ্ৰামতো তেওঁ বিপুল ভোটত বিজয়ী হয় । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, নন্দীগ্ৰামত তেওঁ ১,২৭,৩০১ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ।

নিৰ্বাচনী ফলাফল-

২০২৬ চনৰ এই নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে ১৫ বছৰ ধৰি শাসনত থকা তৃণমূল কংগ্ৰেছে মাত্ৰ ৮০ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় । আন এক উল্লেখযোগ্য দিশ হ’ল এইবাৰ পশ্চিম বংগত স্বাধীনতাৰ পিছত সৰ্বাধিক ৯২.৪৭ শতাংশ ভোটদান সাব্যস্ত হৈছে ।

মমতা বেনাৰ্জীৰ দীৰ্ঘদিনীয়া আধিপত্যৰ অন্ত পেলাই বিজেপিৰ এই উত্থানে দেশৰ ৰাজনীতিত এক নতুন সমীকৰণৰ সৃষ্টি কৰিছে । পৰাজয়ৰ ফলত তৃণমূল কংগ্ৰেছৰ বাবে এয়া এক ডাঙৰ মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : বংগত বিজেপিৰ সূৰ্য্যোদয়ঃ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন শুভেন্দু অধিকাৰীৰ

বংগত বিজেপিৰ সূৰ্য্যোদয়ঃ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন শুভেন্দু অধিকাৰীৰ

শুকুৰবাৰে সন্ধিয়া ৰাজ্যখনৰ নৱ-নিৰ্বাচিত বিধায়িনী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰে

পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাসত এক অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰি শুকুৰবাৰে সন্ধিয়া ৰাজ্যখনৰ নৱ-নিৰ্বাচিত বিধায়িনী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰে । এই সাক্ষাৎকালত তেওঁ চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰে । ইয়াৰ লগে লগে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ শাসন প্ৰতিষ্ঠা হোৱাটো নিশ্চিত হৈ পৰিল ।

নেতৃত্ব নিৰ্বাচন আৰু ৰাজভৱন যাত্ৰা-

শুকুৰবাৰে কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত বিজেপি বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠকত শুভেন্দু অধিকাৰীক সৰ্বসন্মতিক্ৰমে নেতা নিৰ্বাচিত কৰা হয় । ইয়াৰ পাছতেই দিলীপ ঘোষ, লকেট চেতাৰ্জী আৰু তাপস ৰায়ৰ দৰে জ্যেষ্ঠ নেতাসকলক লগত লৈ অধিকাৰীয়ে ৰাজভৱনলৈ গৈ চৰকাৰ গঠনৰ দাবী জনায় ।

ৰাইজৰ প্ৰতিশ্ৰুতি পূৰণৰ সংকল্প-

নেতা নিৰ্বাচিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত শুভেন্দু অধিকাৰীয়ে কয়, “মই ৰাষ্ট্ৰীয় সভাপতি আৰু অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞ । প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ আৰু বিধায়কসকলৰ সমৰ্থনত মই এই দায়িত্ব লাভ কৰিছোঁ । নিৰ্বাচনৰ সময়ত আমি যিবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ, সেই সকলোবোৰ জনকল্যাণৰ স্বাৰ্থত পূৰণ কৰা হ’ব ।”

নিশিথ প্ৰমাণিকৰ সমৰ্থন-

বিজেপি নেতা নিশিথ প্ৰমাণিকে অধিকাৰীক সমৰ্থন কৰি কয় যে বংগক বৰ্তমান শুভেন্দু অধিকাৰীৰ দৰে এজন বলিষ্ঠ নেতাৰ প্ৰয়োজন । তেওঁ উল্লেখ কৰে যে সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশ ৰোধ কৰাটোৱেই নতুন চৰকাৰৰ প্ৰধান লক্ষ্য হ’ব ।

ঐতিহাসিক জয়ৰ খতিয়ান-

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে মুঠ ২০৭খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে । আনহাতে, বিগত ১৫ বছৰ ধৰি শাসনত থকা তৃণমূল কংগ্ৰেছ মাত্ৰ ৮০খন আসনতে সীমাবদ্ধ থাকে । উল্লেখযোগ্য যে, শুভেন্দু অধিকাৰীয়ে ভৱানীপুৰ সমষ্টিত বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ১৫,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি এক ৰাজনৈতিক চমক সৃষ্টি কৰিছে ।

শপত গ্ৰহণ অনুষ্ঠান বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোতে অৰ্থাৎ শনিবাৰে শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । এই অনুষ্ঠানক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি উছাহৰ পৰিৱেশ বিৰাজ কৰিছে ।

লগতে পঢ়ক : বিজেপিৰ কান্ধত ‘সোণাৰ বাংলা’ গঢ়াৰ দায়িত্ব, পশ্চিমবংগৰ ভৱিষ্যতক লৈ অমিত শ্বাহৰ ডাঙৰ ঘোষণা

বিজেপিৰ কান্ধত ‘সোণাৰ বাংলা’ গঢ়াৰ দায়িত্ব, পশ্চিমবংগৰ ভৱিষ্যতক লৈ অমিত শ্বাহৰ ডাঙৰ ঘোষণা

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে

পশ্চিমবংগত এক নতুন ৰাজনৈতিক যুগৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । শুকুৰবাৰে কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে নৱ-নিৰ্বাচিত বিধায়িনী দলৰ নেতা হিচাপে শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব ।

‘সোণাৰ বাংলা’ৰ সপোন সাৰ্থক কৰাৰ প্ৰতিশ্ৰুতি-

দলীয় বৈঠকত সভাপতিত্ব কৰি অমিত শ্বাহে শুভেন্দু অধিকাৰীক “সোণাৰ বাংলা” গঢ়াৰ মূল কাণ্ডাৰী হিচাপে অভিহিত কৰে । তেওঁ কয়, “আপোনালোকৰ বিশ্বাস আৰু আশীৰ্বাদৰ বাবেই আজি শুভেন্দু অধিকাৰী বংগৰ ভৱিষ্যত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে । আমি ৰাইজৰ এই বিপুল জনদেশক সন্মান জনাই ৰাজ্যখনত সুশাসন আৰু উন্নয়নৰ এক নতুন ধাৰা আৰম্ভ কৰিম ।”

মমতা বেনাৰ্জীৰ বিৰুদ্ধে ঐতিহাসিক জয়-

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে । আনহাতে, বিগত ১৫ বছৰ ধৰি শাসনত থকা তৃণমূল কংগ্ৰেছে মাত্ৰ ৮০ খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয় । বিশেষভাৱে লক্ষণীয় যে, শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীৰ দুৰ্গ হিচাপে পৰিচিত ভৱানীপুৰ সমষ্টিত ১৫,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি এক ইতিহাস ৰচনা কৰে ।

ৰবীন্দ্ৰ জয়ন্তীত শপত গ্ৰহণ অমিত শ্বাহে তেওঁৰ ভাষণত বংগৰ জনসাধাৰণক ধন্যবাদ জনাই কয় যে কমিউনিষ্ট আৰু তৃণমূলৰ দিনত যি ভয়ৰ পৰিৱেশ আছিল, এতিয়া তাৰ অন্ত পৰিল । কাইলৈ অৰ্থাৎ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ পৱিত্ৰ দিনটোতে শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

আজি অধিকাৰীয়ে দলৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু ভৱিষ্যতৰ কৰ্মপন্থা সম্পৰ্কে আলোচনা কৰে । ৰাজ্যখনত বিজেপিৰ এই জয়ে ৰাষ্ট্ৰীয় ৰাজনীতিতো এক বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক : পশ্চিমবংগৰ ইতিহাসত প্ৰথমবাৰলৈ বিজেপিৰ চৰকাৰ, মুখ্যমন্ত্ৰী হ’ব শুভেন্দু অধিকাৰী