প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ জ্যেষ্ঠ কৰ্মী ৯৮ বছৰীয়া মাখনলাল সৰকাৰক সম্বৰ্ধনা জনায় আৰু তেওঁৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লয়
পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাসত আজি এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হ’ল । সুদীৰ্ঘ ১৫ বছৰীয়া তৃণমূল কংগ্ৰেছৰ শাসনৰ অন্ত পেলাই আজি কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে । এই ভব্য অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিয়ে এক বিশেষ মাত্ৰা প্ৰদান কৰে ।
৯৮ বছৰীয়া কৰ্মীৰ আশীৰ্বাদ ল’লে প্ৰধানমন্ত্ৰীয়ে-
শপত গ্ৰহণ অনুষ্ঠানৰ মাজতে এক আৱেগিক দৃশ্য দেখা যায় যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ জ্যেষ্ঠ কৰ্মী ৯৮ বছৰীয়া মাখনলাল সৰকাৰক সম্বৰ্ধনা জনায় আৰু তেওঁৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লয় । ১৯৫২ চনতে শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে কাশ্মীৰত ত্ৰিৰংগা উৰুৱাবলৈ গৈ কাৰাবাস খটা সৰকাৰ ডাঙৰীয়া বিজেপিৰ জন্মলগ্নৰে পৰাই পশ্চিমবংগত দলটোক শিপোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
ঐতিহাসিক জয়ৰ পিছত শপত গ্ৰহণ-
২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসনত এক বিশাল জয় সাব্যস্ত কৰাৰ বিপৰীতে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন টিএমচিয়ে মাত্ৰ ৮০ খন আসনহে লাভ কৰিবলৈ সক্ষম হ য়। উল্লেখনীয় যে, নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জীক ১৫,০০০ তকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি এক ৰাজনৈতিক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।
‘সোণৰ বাংলা’ৰ সপোন বাস্তৱায়িত কৰাৰ সংকল্প-
শপত গ্ৰহণৰ পূৰ্বে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (পূৰ্বৰ টুইটাৰ) এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰি শুভেন্দু অধিকাৰীয়ে কয় যে আজিৰ পৰা পশ্চিমবংগত ‘সোণৰ বাংলা’ৰ যুগ আৰম্ভ হ’ল । তেওঁ এই জয়ক দশকজোৰা কুশাসনৰ অন্ত আৰু শান্তি-সমৃদ্ধিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰৰ আৰম্ভণি বুলি অভিহিত কৰে ।
আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, জে পি নাড্ডা, ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাও উপস্থিত থাকে । সমগ্ৰ কলকাতা চহৰ এতিয়া বিজেপি সমৰ্থকৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰিছে ।
লগতে পঢ়ক : বংগত বিজেপিৰ নতুন যুগ : শুভেন্দুৰ নেতৃত্বত শপত ল’লে পাঁচ ‘সাৰথি’য়ে









