ঐতিহাসিক বন্ধুত্বঃ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইৰ

এই বাৰ্তাত ইৰানৰ সৰ্বোচ্চ নেতাগৰাকীয়ে আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত নতুন দিল্লীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে

ঈদ-উল-আদহা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আন্তৰিক শুভেচ্ছাৰ বাবে ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেই ভাৰতৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি সৰ্বোচ্চ নেতাজনে দুয়োখন দেশৰ মাজত থকা দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে তেওঁ আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত নতুন দিল্লীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে ।

তেহৰানৰ পৰা অহা এই আনুষ্ঠানিক বাৰ্তাই ভাৰত আৰু ইৰানৰ মাজত থকা গভীৰ সাংস্কৃতিক আৰু কৌশলগত সম্পৰ্কক প্ৰতিফলিত কৰিছে । প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা নিজৰ আনুষ্ঠানিক বাৰ্তাত ইৰানৰ সৰ্বোচ্চ নেতাজনে কয়, “মহামান্য শ্ৰী নৰেন্দ্ৰ মোদী, ভাৰত গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী, ঈদ-উল-আদহা উপলক্ষে আপোনাৰ অভিনন্দন বাৰ্তা মই লাভ কৰিছোঁ ।”

বাৰ্তাটোত তেওঁ লগতে কয়, “মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে মই আপোনালোককো অভিনন্দন জনাইছোঁ । মই আশাবাদী যে পাৰস্পৰিক সন্মান আৰু উমৈহতীয়া স্বাৰ্থৰ ওপৰত ভিত্তি কৰি আমাৰ দুয়োখন দেশৰ মাজৰ ঐতিহাসিক বন্ধুত্ব আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ জৰিয়তে অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত হৈ থাকিব । মই সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত ভাৰত চৰকাৰ আৰু ভাৰতৰ মহান জনসাধাৰণৰ সমৃদ্ধি আৰু ধাৰাবাহিক সাফল্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।”

উল্লেখ্য যে, ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত মুজতবা খামেনেইৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা এইটোৱেই প্ৰথম পোনপটীয়া যোগাযোগ বুলি ধাৰণা কৰা হৈছে । উল্লেখযোগ্য যে নতুনকৈ নিযুক্তি পোৱা নেতাজন দায়িত্ব গ্ৰহণৰ পিছৰে পৰা এতিয়ালৈকে ৰাজহুৱাভাৱে দেখা দিয়া নাই । আমেৰিকাৰ সামৰিক আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হোৱা বুলি প্ৰচাৰিত ব্যাপক খবৰৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী মোদীলৈ এইদৰে বাৰ্তা প্ৰেৰণ কৰিছে ।

ইয়াৰ পূৰ্বে ইৰানৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানে দেশখনৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আলি খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধিস্থ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনাইছিল । ৮৬ বছৰীয়া নেতাজনৰ মৃত্যুৰ পিছত এই আনুষ্ঠানিক আমন্ত্ৰণ এক গুৰুত্বপূৰ্ণ কূটনৈতিক সম্পৰ্ক হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : ‘মৃত্যুলৈ ভয় নাই’; বছৰৰ শেষত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা শ্বেখ হাছিনাৰ

ঐতিহাসিক ভ্ৰমণসূচীৰে চিচিলিত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

চিচিলিৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয়

তিনিদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে চিচিলিৰ ৰাজধানীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভাৰত মহাসাগৰীয় দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে তেওঁ এই ভ্ৰমণসূচী হাতত লৈছে ।

চিচিলিৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয় । বিমানৰ পৰা নামিয়েই প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ অত্যন্ত ফলপ্ৰসূ হ’ব বুলি আশা প্ৰকাশ কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰত চিচিলিৰ ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিয়ে আগবঢ়োৱা উষ্ম আদৰণিৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁ দেশখনক ভাৰতৰ এখন “মূল্যৱান সামুদ্ৰিক অংশীদাৰ” আৰু “ঘনিষ্ঠ বন্ধু” বুলি অভিহিত কৰে ।

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা নিজৰ পোষ্টত কয়, “বিমানবন্দৰত ড০ পেট্ৰিক হাৰ্মিনিয়ে আগবঢ়োৱা উষ্ম আদৰণিৰ বাবে মই গভীৰ কৃতজ্ঞ । চিচিলি ভাৰত মহাসাগৰত আমাৰ এখন মূল্যৱান সামুদ্ৰিক অংশীদাৰ আৰু ঘনিষ্ঠ বন্ধু । আমাৰ দীৰ্ঘদিনীয়া সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিবলৈ আৰু আমাৰ দেশৰ জনসাধাৰণৰ স্বাৰ্থত সহযোগিতা বৃদ্ধিৰ বাবে এক ফলপ্ৰসূ ভ্ৰমণৰ অপেক্ষাত আছোঁ ।”

প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰৰ আদৰণি দৃশ্যসমূহ ‘এক্স’ত শ্বেয়াৰ কৰি তাত উপস্থিত থকা প্ৰবাসী ভাৰতীয়সকলৰ মৰমৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ এই চিচিলি ভ্ৰমণ ঐতিহাসিক বুলি গণ্য কৰা হৈছে । কাৰণ ১৯৭৬ চনত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত চিচিলিৰ ‘ৰাষ্ট্ৰীয় দিৱসৰ স্বৰ্ণ জয়ন্তী’ত প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।

চিচিলি যাত্ৰাৰ পূৰ্বে তেওঁ ‘এক্স’ত লিখিছিল, “এইবাৰৰ ভ্ৰমণ অধিক বিশেষ, কাৰণ এই বছৰ স্বৰ্ণ জয়ন্তী উদযাপন কৰা হৈছে ।”

তেওঁ লগতে কয় যে এই ভ্ৰমণৰ আঁৰত এক বৃহৎ কূটনৈতিক লক্ষ্য আছে । তেওঁ চিচিলিক “মূল্যৱান সামুদ্ৰিক চুবুৰীয়া” বুলি অভিহিত কৰি নতুন দিল্লীৰ ‘ভিজন মহাসাগৰআৰু ‘গ্ল’বেল ছাউথ’ৰ স্বাৰ্থত ভাৰতৰ প্ৰচেষ্টাত দেশখনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো আলোকপাত কৰে ।

লগতে পঢ়ক : তিনিদিনীয়া ঐতিহাসিক ভ্ৰমণসূচীৰে ছেচেলছলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

ফ্ৰান্স আৰু শ্ল’ভাকিয়া ভ্ৰমণ সামৰি দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

এই ভ্ৰমণৰ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক কাৰ্যসূচী আৰু ফলাফল উভয় দিশতে অত্যন্ত ব্যাপক আৰু সফল বুলি অভিহিত কৰে

ফ্ৰান্স আৰু শ্ল’ভাকিয়া ভ্ৰমণ সামৰি শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত আৰু ফ্ৰান্সৰ মাজত থকা বিশেষ বৈশ্বিক কৌশলগত অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰা বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে ।

শুকুৰবাৰে দিনটোৰ আৰম্ভণিতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী মোদীৰ পেৰিছ ত্যাগৰ কথা ঘোষণা কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত এক পোষ্টযোগে কয় :

“ধন্যবাদ ফ্ৰান্স! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ফলপ্ৰসূ ফ্ৰান্স ভ্ৰমণ সামৰিলে, যিটো ব্যাপক আলোচনা তথা কাৰ্যসূচীৰে চিহ্নিত আছিল । এই ভ্ৰমণে ভাৰত-ফ্ৰান্স বিশেষ বৈশ্বিক কৌশলগত অংশীদাৰিত্বক এক নতুন গতি প্ৰদান কৰিলে আৰু গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে উমৈহতীয়া প্ৰতিশ্ৰুতিক পুনৰ শক্তিশালী কৰিলে ।”

কাৰ্যসূচী আৰু ফলাফলৰ দিশৰ পৰা এক “ব্যাপক” ভ্ৰমণ

এই ভ্ৰমণৰ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক কাৰ্যসূচী আৰু ফলাফল উভয় দিশতে অত্যন্ত “ব্যাপক” আৰু সফল বুলি অভিহিত কৰে । এক্স (X)-ত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় :

“কাৰ্যসূচী আৰু ফলাফলৰ ক্ষেত্ৰত এই ফ্ৰান্স ভ্ৰমণ অতি ব্যাপক আছিল । ইয়াৰ আৰম্ভণি হৈছিল নিচ (Nice)-ত, য’ত ‘ভাৰত ইনোভেটছ’ কাৰ্যসূচী অনুষ্ঠিত হৈছিল । ইয়াৰ পিছত জি-৭ সন্মিলনৰ বাবে এভিয়ান আৰু তাৰ পিছত পেৰিছত মই ভিভাটেকে ২০২৬ আৰু এটা বিশাল প্ৰবাসী ভাৰতীয়ৰ অনুষ্ঠানক সম্বোধন কৰাৰ লগতে কেইবাজনো প্ৰতিষ্ঠিত মুখ্য কাৰ্যবাহী বিষয়াক লগ পাইছিলোঁ ।”

ফ্ৰান্সৰ আতিথ্যৰ শলাগ লৈ তেওঁ আৰু কয়, “মই মোৰ বন্ধু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ফ্ৰান্স চৰকাৰ আৰু ফ্ৰান্সৰ জনসাধাৰণক তেওঁলোকৰ উষ্ম আদৰণিৰ বাবে বিশেষভাৱে ধন্যবাদ জানাইছোঁ । অনাগত সময়ত ভাৰত-ফ্ৰান্সৰ বন্ধুত্ব আৰু অধিক শক্তিশালী হ’ব ।”

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ এই সমগ্ৰ ভ্ৰমণকালত ফ্ৰান্সৰ তিনিখন প্ৰধান চহৰ— নিচ, এভিয়ান আৰু পেৰিছৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী অন্তৰ্ভুক্ত আছিল । য’ত মূলতঃ উদ্ভাৱন, প্ৰযুক্তি, অৰ্থনৈতিক সহযোগিতা আৰু ভাৰত-ফ্ৰান্সৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয় ।

লগতে পঢ়ক : জি-৭ সন্মিলনৰ অন্তত পেৰিচত প্ৰধানমন্ত্ৰী মোদী : প্ৰৱাসী ভাৰতীয়ৰ উষ্ম আদৰণি

স্লোভাকিয়াৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী

স্লোভাকিয়াই স্বাধীনতা লাভ কৰাৰ পিছত দেশখন ভ্ৰমণ কৰা নৰেন্দ্ৰ মোদীয়েই হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অব্ দ্য হোৱাইট ডাবল ক্ৰছ’ (প্ৰথম শ্ৰেণী) প্ৰদান কৰা হৈছে । স্লোভাকিয়া গণৰাজ্যৰ ৰাজধানী ব্ৰাটিশ্লাভাত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে প্ৰধানমন্ত্ৰী মোদীক এই সন্মানেৰে বিভূষিত কৰে । কোনো বিদেশী ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা এইটো হৈছে ৩৩ সংখ্যক গোলকীয় সন্মান ।

উল্লেখ্য যে, স্লোভাকিয়াই স্বাধীনতা লাভ কৰাৰ পিছত দেশখন ভ্ৰমণ কৰা নৰেন্দ্ৰ মোদীয়েই হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ।

কিয় প্ৰদান কৰা হ’ল এই সৰ্বোচ্চ সন্মান ?

‘অৰ্ডাৰ অব্ দ্য হোৱাইট ডাবল ক্ৰছ’ হৈছে স্লোভাকিয়াৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ অসামৰিক অলংকাৰ । সাধাৰণতে স্লোভাকিয়াৰ সৈতে দ্বিপাক্ষিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰা, দেশখনৰ বৈদেশিক নীতিক সমৰ্থন কৰা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্লোভাকিয়াৰ স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে বিদেশী ৰাষ্ট্ৰপ্ৰধান বা বিশিষ্ট ব্যক্তিসকলক ৰাষ্ট্ৰপতিৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয় । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, এই সন্মানে ভাৰত আৰু স্লোভাকিয়াৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অংশীদাৰিত্ব আৰু ঘনিষ্ঠতাক প্ৰতিফলিত কৰিছে ।

দেশবাসীলৈ সন্মান উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

এই ঐতিহাসিক সন্মান লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত (X) এক পোষ্টযোগে আনন্দ প্ৰকাশ কৰে । তেওঁ লিখে :

“আজি সন্ধিয়া ব্ৰাটিশ্লাভাত ‘দ্য অৰ্ডাৰ অব্ দ্য হোৱাইট ডাবল ক্ৰছ’ (প্ৰথম শ্ৰেণী) লাভ কৰি মই নথৈ আনন্দিত হৈছোঁ । এই সন্মানৰ বাবে স্লোভাকিয়াৰ ৰাইজ আৰু চৰকাৰক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিটো ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ প্ৰাপ্য । মই এই বঁটাটো ভাৰত আৰু স্লোভাকিয়াৰ মাজৰ চিৰস্থায়ী বন্ধুত্বৰ নামত উৎসৰ্গা কৰিছোঁ ।”

উচ্চস্তৰীয় বৈঠক আৰু ভাৰতীয় প্ৰতিনিধি দল

ব্ৰাটিশ্লাভাৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক এক সামৰিক ‘গাৰ্ড অব্ অনাৰ’ আৰু আনুষ্ঠানিক উষ্ম আদৰণি জনোৱা হয় । ইয়াৰ পিছতে ৰাষ্ট্ৰপতি পেলেগ্ৰিনিৰ সৈতে এক উচ্চস্তৰীয় প্ৰতিনিধি পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় ।

যোগ দিৱস আৰু ‘বাৰাণসী’ প্ৰদৰ্শনী

আগন্তুক ২১ জুনত উদযাপন হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতিৰ অংশ হিচাপে স্লোভাকিয়াৰ ৰাষ্ট্ৰপতি ভৱনত এক বিশেষ যোগাসন কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল । প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পেলেগ্ৰিনিয়ে একেলগে এই যোগ সত্ৰ পৰিদৰ্শন কৰে ।

ইয়াৰ উপৰিও, ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি ‘বাৰাণসী’ৰ (কাশী) আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ দ্বাৰা অনুপ্ৰাণিত এক ব্যতিক্ৰমী চিত্ৰ তথা কলা প্ৰদৰ্শনীৰো আয়োজন কৰা হয় । ৰাষ্ট্ৰপতি পেলেগ্ৰিনিয়ে নিজেই প্ৰধানমন্ত্ৰী মোদীক এই প্ৰদৰ্শনী ঘূৰি দেখুৱায় ।

প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে বৈঠক

ইউৰোপ ভ্ৰমণৰ এই দ্বিতীয়টো পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ঐতিহাসিক ব্ৰাটিশ্লাভা দুৰ্গত স্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোকো সাক্ষাৎ কৰে । দুয়োগৰাকী বিশ্বনেতাই আনুষ্ঠানিক বৈঠকত বহাৰ পূৰ্বে দুৰ্গটোত থকা আন এক কলা প্ৰদৰ্শনী উপভোগ কৰে আৰু বাণিজ্য, প্ৰযুক্তি তথা জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক অধিক মজবুত কৰাৰ সংকল্প লয় ।

লগতে পঢ়ক : ‘ভাৰত ইনোভেটছ’ৰ উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক সাৱটি উষ্ম আদৰণি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ

প্ৰধানমন্ত্ৰী মোদীৰ পৌৰোহিত্যত নিটি আয়োগৰ বৈঠক: সামূহিক উন্নয়নৰ প্ৰচেষ্টাত গুৰুত্ব

নিটি আয়োগৰ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে সামূহিক প্ৰচেষ্টাই ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নিটি (NITI) আয়োগৰ ১১ সংখ্যক গভৰ্ণিং কাউন্সিল (পৰিচালনা পৰিষদ)ৰ বৈঠকত পৌৰোহিত্য কৰে ।

‘X’ (পূৰ্বৰ টুইটাৰ)ত তথ্য শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে ভাৰতৰ উন্নয়নৰ যাত্ৰা ত্বৰান্বিত কৰিবলৈ একেলগে কাম কৰি আছে । তেওঁ কয় যে ‘বিকশিত ভাৰত’ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে সামূহিক প্ৰচেষ্টাই ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

‘X’ত কৰা এটা পোষ্টত তেওঁ লিখিছে : “নিটি আয়োগৰ গভৰ্ণিং কাউন্সিলৰ ১১ সংখ্যক বৈঠকত পৌৰোহিত্য কৰোঁ । সমবায় যুক্তৰাষ্ট্ৰীয়বাদৰ মনোভাৱেৰে পৰিচালিত হৈ আমি ভাৰতৰ উন্নয়নৰ যাত্ৰা ত্বৰান্বিত কৰিবলৈ একেলগে কাম কৰি আছোঁ । আমাৰ বিকশিত ভাৰতৰ উমৈহতীয়া সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক প্ৰচেষ্টাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।”

এই উচ্চস্তৰীয় বৈঠকত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গভৰ্ণৰ (উপ-ৰাজ্যপাল) আৰু প্ৰশাসকসকল, পদেন সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে বিশেষ আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে । নিটি আয়োগৰ উপ-অধ্যক্ষ, সদস্য আৰু মুখ্য কাৰ্যবাহী বিষয়াও তাত উপস্থিত থাকে । বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকে ।

লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ হিমন্ত বিশ্ব শৰ্মা, বিহাৰৰ সম্ৰাট চৌধুৰী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনীকে ধৰি কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে এই বৈঠকত অংশগ্ৰহণ কৰে ।

নতুনকৈ নিৰ্বাচিত হোৱা মুখ্যমন্ত্ৰী আৰু নেতাসকলৰ ভিতৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু কেৰালামৰ মুখ্যমন্ত্ৰী ভি ডি ছাথীচানো বৈঠকত উপস্থিত থাকে ।

নিটি আয়োগৰ এক বিবৃত্তি অনুসৰি এই বৰ্ষৰ মূল বিষয়বস্তু হৈছে “বিকশিত ভাৰত ২০৪৭-ৰ বাবে অন্তৰ্ভুক্তিমূলক মানৱ উন্নয়ন”, যিয়ে বয়স, অঞ্চল, লিংগ বা আৰ্থ-সামাজিক পটভূমি নিৰ্বিশেষে সকলো নাগৰিকৰ কল্যাণ আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।

লগতে পঢ়ক : ইতিহাস সলনি কৰিলে মোদীয়ে! পণ্ডিত নেহৰুক পিছ পেলাই গঢ়িলে ‘মহাৰেকৰ্ড’

প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ইউৰোপ ভ্ৰমণ: অংশ ল’ব জি-৭ সন্মিলনত

ভ্ৰমণৰ প্ৰথম ভাগত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ নিচ চহৰত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ জুনৰ পৰা ১৮ জুনলৈ ইউৰোপৰ এক গুৰুত্বপূৰ্ণ চৰকাৰী ভ্ৰমণসূচী হাতত ল’ব । এই ভ্ৰমণকালত তেওঁ ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণ কৰাৰ লগতে বহুপক্ষীয় জি-৭ সন্মিলনতো অংশগ্ৰহণ কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু স্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ বিশেষ আমন্ত্ৰণমৰ্মে এই ভ্ৰমণসূচী যুগুত কৰা হৈছে ।

ভ্ৰমণসূচীৰ গুৰুত্বপূৰ্ণ পৰ্যায়সমূহ:

প্ৰথম পৰ্যায় (১৪ জুন, নিচ, ফ্ৰান্স): ভ্ৰমণৰ প্ৰথম চৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ নিচ চহৰত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । এই বছৰৰ আৰম্ভণিতে দুয়োখন দেশৰ সম্পৰ্ক ‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত হোৱাৰ পিছত এইয়া হ’ব প্ৰথমখন পৰ্যালোচনা বৈঠক । ইয়াত দুয়োগৰাকী নেতাই যুটীয়াভাৱে “ভাৰত ইনোভেটছ” অনুষ্ঠান মুকলি কৰিব, যিটোৱে দুয়োখন দেশৰ ষ্টাৰ্ট-আপ আৰু প্ৰযুক্তি খণ্ডক নতুন গতি প্ৰদান কৰিব ।

দ্বিতীয় পৰ্যায় (১৪-১৬ জুন, স্লোভাকিয়া): ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে স্লোভাকিয়া ভ্ৰমণ কৰিব । ১৯৯৩ চনত স্লোভাকিয়াই স্বাধীনতা লাভ কৰাৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এইয়া হ’ব প্ৰথম ঐতিহাসিক ভ্ৰমণ । ইয়াত তেওঁ স্লোভাক প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো আৰু ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰীনিক সাক্ষাৎ কৰি বাণিজ্য, বিনিয়োগ, মটৰ গাড়ী নিৰ্মাণ আৰু ৰে’লৱে খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা কৰিব ।

জি-৭ সন্মিলন (১৬-১৭ জুন, এভিয়ান, ফ্ৰান্স): ভ্ৰমণৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনত অংশ ল’ব । সন্মিলনত তেওঁ গোলকীয় সংহতি পুনৰ নিৰ্মাণ, বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সুৰক্ষিত তথা দক্ষ সম্প্ৰসাৰণ আদি গুৰুত্বপূৰ্ণ বিষয়ৰ অধিৱেশনসমূহত অংশগ্ৰহণ কৰিব ।

অন্তিম পৰ্যায় (১৮ জুন, পেৰিছ): ভ্ৰমণৰ শেষৰ দিনা প্ৰধানমন্ত্ৰীয়ে পেৰিছত ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি তথা ষ্টাৰ্ট-আপ ইভেণ্ট ‘ভিভাটেক ছামিট’ত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰি তেওঁ পেৰিছত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যিও এক ভাষণ প্ৰদান কৰিব ।

লগতে পঢ়ক : পশ্চিম এছিয়া সংকটৰ মাজতে অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ সংকল্প প্ৰধানমন্ত্ৰী মোদীৰ, ‘এক পেড় মা কে নাম’ পদক্ষেপৰ প্ৰশংসা

পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি থকা সকলো স্তৰৰ লোককে প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ ।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিৱেশ ৰক্ষা আৰু বহনক্ষম উন্নয়নক অধিক ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ সংকল্প পুনৰ দোহাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । শুকুৰবাৰে সামাজিক মাধ্যম এক্সত (X) এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত এটা দশকত কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু প্ৰাণী সুৰক্ষাৰ বাবে গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰচেষ্টাসমূহৰ খতিয়ান দাঙি ধৰে ।

পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি থকা সকলো স্তৰৰ লোককে প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ । পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহী সকলোকে মই প্ৰশংসা কৰিব বিচাৰিম । আমাৰ পৰিৱেশ ৰক্ষা কৰা আৰু বহনক্ষম উন্নয়নক আগুৱাই নিয়াতো আমাৰ অন্যতম লক্ষ্য । বিগত দশকটোত আমাৰ চৰকাৰে গ্ৰহণ কৰা অলেখ প্ৰচেষ্টাই এই দিশত আমাৰ কাৰ্যসূচীক প্ৰতিফলিত কৰে । ভাৰতৰ কিছুমান প্ৰধান সফলতাৰ ভিতৰত সেউজ আৱৰণ বৃদ্ধি আৰু কেইবাবিধো বন্যপ্ৰাণীৰ জনসংখ্যা বৃদ্ধি পোৱাটো অত্যন্ত সুখবৰ ।”

বন্যপ্ৰাণী সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্য-

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ চহকী জৈৱিক বৈচিত্ৰ্যক লৈ গৌৰৱ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে চৰকাৰৰ বিশেষ প্ৰজাতি পুনৰুদ্ধাৰ আঁচনিয়ে দেশৰ বন্যপ্ৰাণী আৰু পৰিস্থিতিতন্ত্ৰলৈ ইতিবাচক পৰিৱৰ্তন আনিছে । বিশেষকৈ গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড, স্নো লেপাৰ্ড, শ্লথ বিয়েৰ আৰু চিতাবাঘৰ বাবে চলোৱা সংৰক্ষণ অভিযানে কেনেকৈ এক ধাৰাবাহিক প্ৰতিশ্ৰুতিৰ জৰিয়তে বন্যপ্ৰাণীক সুৰক্ষা দিব পাৰি, তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ।

ইয়াৰ উপৰি, শেহতীয়াকৈ আৰম্ভ কৰা ‘এক পেড় মা কে নাম’ (Ek Ped Maa Ke Naam) অভিযানৰ সফলতাক প্ৰশংসা কৰি তেওঁ কয় যে এনেধৰণৰ জনমুখী পদক্ষেপে দেশত প্ৰতি বছৰে প্ৰায় ১.১৯ লাখ হেক্টৰ বনভূমি বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে ।

পৰিৱেশ সুৰক্ষাক গোলকীয় আন্দোলনলৈ ৰূপান্তৰিত কৰিছে মোদীজীয়ে : অমিত শ্বাহ

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰশংসা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ভাৰতে সেউজ শক্তি আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বক পথ দেখুৱাইছে ।

অমিত শ্বাহে কয়, “মোদী জীয়ে পৰিৱেশ সুৰক্ষাক এক গোলকীয় আন্দোলনলৈ ৰূপান্তৰিত কৰিছে । তেওঁৰ নেতৃত্বতে ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম নবীকৰণযোগ্য শক্তি ক্ষমতা গঢ়ি তুলিছে । ইয়াৰ উপৰি ‘ৰাষ্ট্ৰীয় গ্ৰীণ হাইড্ৰজেন মিছন’ আৰু সৌৰ শক্তিৰ জৰিয়তে দেশৰ লাখ লাখ ঘৰ পোহৰাই তোলা হৈছে । আজি বাৰ্ষিক বনভূমি আৱৰণ বৃদ্ধিৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ ভিতৰতে শীৰ্ষ তিনিখন দেশৰ অন্যতম হিচাপে ভাৰতে গৌৰৱেৰে নেতৃত্ব দিছে ।”

উল্লেখ্য যে, প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । গোলকীয় উষ্ণতা বৃদ্ধি, প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ দৰে জৰুৰী তথা ভয়াৱহ পৰিৱেশগত প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে চৰকাৰ, বিভিন্ন সংস্থা আৰু সাধাৰণ জনতাক একগোট হৈ কাম কৰিবলৈ এই দিৱসে উৎসাহিত কৰি আহিছে ।

লগতে পঢ়ক : পুৱাই দেশ কঁপোৱা মৰ্মান্তিক ঘটনা, চিকিৎসালয়ৰ আই চি ইউত বিধ্বংসী অগ্নিকাণ্ড

নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, দুয়োগৰাকী নেতাৰ মাজত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয়

তামিলনাডুৰ মুখ্যমন্ত্ৰী এছ. জোচেফ বিজয়ে বুধবাৰে নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক সৌজন্যমূলক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, দুয়োগৰাকী নেতাৰ মাজত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয় ।

বৈঠকৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী বিজয়ক তেওঁৰ শেহতীয়া নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ঐতিহাসিক ‘অনাইমংগলম তাম্ৰফলি’ (Anaimangalam copper plates) উদ্ধাৰ কৰি ভাৰতলৈ ঘূৰাই অনাৰ বাবে কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে ।

ৰাজ্যিক আবাহন গীত ‘তামিল থাই ভালথু’ক লৈ স্পষ্টীকৰণৰ দাবী-

মুখ্যমন্ত্ৰী বিজয়ে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত ৰাজ্যিক আবাহন গীতৰ মৰ্যাদাৰ বিষয়টো উত্থাপন কৰে । তেওঁ উল্লেখ কৰে যে তামিলনাডুত অনুষ্ঠিত সকলো চৰকাৰী কাৰ্যসূচীৰ আৰম্ভণিতে পৰম্পৰাগতভাৱে ৰাজ্যিক আবাহন গীত ‘তামিল থাই ভালথু’ (Tamil Thai Vazhthu) গোৱা হৈ আহিছে । কিন্তু চলিত বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক জাননীৰ পিছত, শেহতীয়াকৈ কিছুমান চৰকাৰী অনুষ্ঠানত প্ৰথমে ৰাষ্ট্ৰীয় গীতহে পৰিৱেশন কৰা হৈছে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী বিজয়ৰ আহ্বান- গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে যাতে এক উপযুক্ত স্পষ্টীকৰণ জাৰি কৰি চৰকাৰী কাৰ্যসূচীৰ আৰম্ভণিতে পূৰ্বৰ দৰেই ৰাজ্যিক আবাহন গীতটো গাবলৈ অনুমতি প্ৰদান কৰে ।

প্ৰতিৰক্ষাখণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্প স্থাপনৰ অনুৰোধ-

প্ৰেছ বিজ্ঞপ্তিটোত জনোৱা অনুসৰি, প্ৰতিৰক্ষা খণ্ডৰ আধুনিকীকৰণৰ বাবে তামিলনাডুত ‘চেণ্টাৰ ফৰ এয়াৰবৰ্ণ চিষ্টেমছ’ স্থাপন কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক অনুৰোধ জনায় । তেওঁ কয় যে ৰাজ্যখনত ‘এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট’ (AMCA) ডিজাইন এণ্ড ডেভেলপমেণ্ট চেণ্টাৰ আৰু চেণ্টাৰ ফৰ এয়াৰবৰ্ণ চিষ্টেমছ স্থাপনৰ সন্দৰ্ভত যোৱা কেইবছৰমানৰ পৰা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সৈতে আলোচনা চলি আছে, যাক ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাটো প্ৰয়োজন ।

মেকদাতু বান্ধ প্ৰকল্প আৰু কাবেৰী জল বিবাদ-

কাবেৰী নদীৰ ওপৰত প্ৰস্তাৱিত মেকদাতু বান্ধ প্ৰকল্পক লৈ তামিলনাডুৰ তীব্ৰ আপত্তিৰ কথা মুখ্যমন্ত্ৰী বিজয়ে প্ৰধানমন্ত্ৰীৰ ওচৰত দোহাৰে । কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ ভূমি পূজা কৰাৰ সন্দৰ্ভত কৰা শেহতীয়া ঘোষণাক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে এই পদক্ষেপ কাবেৰী পানী বিবাদ ন্যায়াধিকৰণ (CWDT)ৰ চূড়ান্ত ৰায় আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ সম্পূৰ্ণ পৰিপন্থী ।

এই ঘোষণাই তামিলনাডুৰ খেতিয়কসকলৰ মাজত গভীৰ ক্ষোভ আৰু চিন্তাৰ সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰী বিজয়ে প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনায় যাতে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয় আৰু কেন্দ্ৰীয় জল আয়োগক তামিলনাডু, কেৰালা আৰু পুডুচেৰীৰ দৰে সহ-অৱবাহিকা ৰাজ্যসমূহৰ সন্মতি অবিহনে এই প্ৰকল্পৰ কোনো ধৰণৰ অনুমোদন নিদিবলৈ নিৰ্দেশ জাৰি কৰে ।

শ্ৰীলংকাৰ জলসীমাত তামিল মৎস্যজীৱীৰ সুৰক্ষা-

বৈঠকত তামিলনাডুৰ মৎস্যজীৱীসকলক শ্ৰীলংকাৰ নৌসেনাৰ দ্বাৰা ক্ৰমাগতভাৱে কৰা গ্ৰেপ্তাৰ আৰু হাৰাশাস্তিৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী পৰিসংখ্যা দাঙি ধৰি কয় যে :

-কেৱল ২০২৬ চনৰ এই কেইমাহতে এনে ১২ টা গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হৈছে ।

-বৰ্তমান ৫৮ জন মৎস্যজীৱী শ্ৰীলংকাৰ কাৰাগাৰত বন্দী হৈ আছে ।

-তামিল মৎস্যজীৱীৰ ২৬৬ খন মাছ ধৰা নাও শ্ৰীলংকাৰ নৌসেনাই জব্দ কৰি ৰাখিছে ।

তেওঁ প্ৰধানমন্ত্ৰীক এই বিষয়ত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰিবলৈ আৰু শ্ৰীলংকা চৰকাৰৰ সৈতে আলোচনা কৰি মৎস্যজীৱীসকলৰ লগতে তেওঁলোকৰ নাওসমূহ তৎকালীনভাৱে মুকলি কৰি দিবলৈ দাবী জনাবলৈ অনুৰোধ জনায় ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰাও সামাজিক মাধ্যম এক্স হেণ্ডেলত এই বৈঠকৰ এখন ছবি শ্বেয়াৰ কৰি লিখা হৈছে, “তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু @actorvijay-এ আজি প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে ।” দুয়োৰে এই বৈঠকক বৰ্তমানৰ ৰাজনৈতিক তথা প্ৰশাসনিক প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু তেওঁৰ কন্যাৰ ঘৰত ইডিৰ অভিযান

ৰোজগাৰ মেলা : ৫১,০০০ তকৈও অধিক যুৱক-যুৱতীলৈ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

ৰোজগাৰ মেলা অভিযানৰ অধীনত নতুনকৈ নিযুক্তি পোৱা ৫১,০০০ তকৈও অধিক প্ৰাৰ্থীৰ মাজত চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ

সমগ্ৰ দেশৰ যুৱপ্ৰজন্মৰ কৰ্মসংস্থাপন আৰু সৱলীকৰণৰ দিশত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ‘ৰোজগাৰ মেলা‘ অভিযানৰ অধীনত নতুনকৈ নিযুক্তি পোৱা ৫১,০০০ তকৈও অধিক প্ৰাৰ্থীৰ মাজত চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰে ।

এই উপলক্ষে নতুনকৈ নিযুক্তি পোৱা যুৱক-যুৱতীসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে দেশৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ সন্ধিক্ষণত নিজৰ কৰ্তব্যত ভৰি দিছে । সমবেত নবীন বিষয়াসকলক উদ্দেশ্যি তেওঁ কয়, “আজি ৫১,০০০ তকৈও অধিক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ লাভ কৰিছে । আজি আপোনালোক সকলোৱে দেশৰ উন্নয়নৰ যাত্ৰাত একোগৰাকী গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল অংশীদাৰ হৈ পৰিছে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাৰ ওপৰত বিশেষভাৱে জোৰ দিয়ে যে এই নতুন নিযুক্তি কেৱল একোটা চাকৰিয়েই নহয়, বৰঞ্চ ই দেশখনক আগবঢ়াই নিয়াত মুখ্য ভূমিকা ল’বলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰ সৈতে জড়িত । তেওঁ লগতে কয়, “আপোনালোক সকলোৱে ৰেলৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য, শিক্ষা আৰু অন্যান্য বহুতো গুৰুত্বপূৰ্ণ খণ্ডত নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ ওলাইছে । অনাগত বছৰবোৰত এখন ‘উন্নত ভাৰত’ গঢ়ি তোলাৰ যি সংকল্প লোৱা হৈছে, তাক পূৰণ কৰাত আপোনালোক সকলোৰে ভূমিকা অপৰিহাৰ্য হ’ব ।”

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ এই ‘ৰোজগাৰ মেলা’ অভিযানটো দেশত কৰ্মসংস্থাপন সৃষ্টি আৰু যুৱ সবলীকৰণৰ ধাৰাবাহিক প্ৰয়াসৰ এক অন্যতম অংশ । বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ আৰু ৰাজ্যিক প্ৰশাসনত এনেদৰে নতুন প্ৰতিভাক অন্তৰ্ভুক্ত কৰি চৰকাৰী ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থাক অধিক ক্ষিপ্ৰ আৰু জনমুখী কৰাৰ লক্ষ্য লোৱা হৈছে ।

এই ৰোজগাৰ মেলাসমূহত মূলতঃ ১৮ ৰ পৰা ৩৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলক লক্ষ্য কৰি লোৱা হয় । য’ত অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পৰা আৰম্ভ কৰি আইটিআই (ITI), ডিপ্লমা আৰু স্নাতক ডিগ্ৰীধাৰীসহ বিভিন্ন শৈক্ষিক অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ সুযোগ পায় । ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা ফ্ৰেমৱৰ্ক (NSQF) অনুসৰি প্ৰশিক্ষণপ্ৰাপ্ত আৰু প্ৰমাণিত প্ৰাৰ্থীসকলকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ।

সংশ্লিষ্ট জিলাখন আৰু ইয়াৰ আশে-পাশে থকা মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত প্ৰিণ্ট বিজ্ঞাপন, বাল্ক এছএমএছ (SMS), ছচিয়েল মিডিয়া আৰু বিশেষ কৰ্মশালাৰ আয়োজন কৰি চাকৰি প্ৰাৰ্থীসকলক একত্ৰিত কৰাৰ লগতে এই মেলাৰ বিষয়ে বহুলভাৱে অৱগত কৰা হয় । চৰকাৰৰ এই উদ্যোগে দেশৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে ।

লগতে পঢ়ক : পুনৰ মাধমাৰ; ১০ দিনৰ ভিতৰত তৃতীয়বাৰলৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য