প্ৰধানমন্ত্ৰী মোদীৰ পৌৰোহিত্যত নিটি আয়োগৰ বৈঠক: সামূহিক উন্নয়নৰ প্ৰচেষ্টাত গুৰুত্ব

প্ৰধানমন্ত্ৰী মোদীৰ পৌৰোহিত্যত নিটি আয়োগৰ বৈঠক: সামূহিক উন্নয়নৰ প্ৰচেষ্টাত গুৰুত্ব

নিটি আয়োগৰ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে সামূহিক প্ৰচেষ্টাই ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নিটি (NITI) আয়োগৰ ১১ সংখ্যক গভৰ্ণিং

নিটি আয়োগৰ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে সামূহিক প্ৰচেষ্টাই ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নিটি (NITI) আয়োগৰ ১১ সংখ্যক গভৰ্ণিং কাউন্সিল (পৰিচালনা পৰিষদ)ৰ বৈঠকত পৌৰোহিত্য কৰে ।

‘X’ (পূৰ্বৰ টুইটাৰ)ত তথ্য শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে ভাৰতৰ উন্নয়নৰ যাত্ৰা ত্বৰান্বিত কৰিবলৈ একেলগে কাম কৰি আছে । তেওঁ কয় যে ‘বিকশিত ভাৰত’ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে সামূহিক প্ৰচেষ্টাই ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

‘X’ত কৰা এটা পোষ্টত তেওঁ লিখিছে : “নিটি আয়োগৰ গভৰ্ণিং কাউন্সিলৰ ১১ সংখ্যক বৈঠকত পৌৰোহিত্য কৰোঁ । সমবায় যুক্তৰাষ্ট্ৰীয়বাদৰ মনোভাৱেৰে পৰিচালিত হৈ আমি ভাৰতৰ উন্নয়নৰ যাত্ৰা ত্বৰান্বিত কৰিবলৈ একেলগে কাম কৰি আছোঁ । আমাৰ বিকশিত ভাৰতৰ উমৈহতীয়া সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক প্ৰচেষ্টাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।”

এই উচ্চস্তৰীয় বৈঠকত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গভৰ্ণৰ (উপ-ৰাজ্যপাল) আৰু প্ৰশাসকসকল, পদেন সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে বিশেষ আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে । নিটি আয়োগৰ উপ-অধ্যক্ষ, সদস্য আৰু মুখ্য কাৰ্যবাহী বিষয়াও তাত উপস্থিত থাকে । বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকে ।

লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ হিমন্ত বিশ্ব শৰ্মা, বিহাৰৰ সম্ৰাট চৌধুৰী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনীকে ধৰি কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে এই বৈঠকত অংশগ্ৰহণ কৰে ।

নতুনকৈ নিৰ্বাচিত হোৱা মুখ্যমন্ত্ৰী আৰু নেতাসকলৰ ভিতৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু কেৰালামৰ মুখ্যমন্ত্ৰী ভি ডি ছাথীচানো বৈঠকত উপস্থিত থাকে ।

নিটি আয়োগৰ এক বিবৃত্তি অনুসৰি এই বৰ্ষৰ মূল বিষয়বস্তু হৈছে “বিকশিত ভাৰত ২০৪৭-ৰ বাবে অন্তৰ্ভুক্তিমূলক মানৱ উন্নয়ন”, যিয়ে বয়স, অঞ্চল, লিংগ বা আৰ্থ-সামাজিক পটভূমি নিৰ্বিশেষে সকলো নাগৰিকৰ কল্যাণ আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।

লগতে পঢ়ক : ইতিহাস সলনি কৰিলে মোদীয়ে! পণ্ডিত নেহৰুক পিছ পেলাই গঢ়িলে ‘মহাৰেকৰ্ড’

শেহতীয়া প্ৰৱন্ধসমূহ