অসমৰ ৮ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ । সত্ৰীয়া নৃত্য, লোকসংগীত, থিয়েটাৰ, অভিনয় আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰৰ শিল্পীসকলৰ এই স্বীকৃতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সাংস্কৃতিক ঐতিহ্যক উজ্বলাই তুলিছে ।
অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যলৈ ৰাষ্ট্ৰীয় স্বীকৃতি । ২০২৪ আৰু ২০২৫ বৰ্ষৰ বাবে ঘোষণা কৰা ‘সংগীত নাটক একাডেমী বঁটা’ আৰু ‘উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ’ৰ বাবে অসমৰ আঠগৰাকী শিল্পীক নিৰ্বাচিত কৰা হৈছে ।
বঁটাপ্ৰাপকসকলক অভিনন্দন জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সন্মানে অসমৰ কলা-সংস্কৃতিৰ পৰম্পৰাৰ শক্তি আৰু বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে । এক ছ’চিয়েল মিডিয়া পোষ্টত ড০ শৰ্মাই কয়, “সংগীত নাটক একাডেমী বঁটা আৰু উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰেৰে সন্মানিত অসমৰ শিল্পীসকললৈ মোৰ আন্তৰিক অভিনন্দন । আমি অসমৰ উন্নয়নৰ যাত্ৰাক ত্বৰান্বিত কৰাৰ সমান্তৰালকৈ আমাৰ সত্ৰীয়া, লোক-পৰম্পৰা, থিয়েটাৰ আৰু সংগীতৰ চহকী ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰ কৰিবলৈ সমানেই প্ৰতিশ্ৰুতিবদ্ধ, কাৰণ আমাৰ সাংস্কৃতিক শিপাই আমাৰ পৰিচয় নিৰূপণ কৰে ।”
সংগীত নাটক একাডেমী বঁটা প্ৰাপকসকলৰ ভিতৰত ২০২৪ বৰ্ষৰ বাবে প্ৰেমা ওজা বৰবায়ন (সত্ৰীয়া নৃত্য) আৰু বিপুল চন্দ্ৰ দাস (কথক নৃত্য) নিৰ্বাচিত হৈছে । ইফালে ২০২৫ বৰ্ষৰ বাবে চেতনা দাস (অভিনয়), মল্লিকা কন্দলী (সত্ৰীয়া নৃত্য), ভাস্কৰ জ্যোতি ওজা (সত্ৰীয়া সংগীত)লৈ আগবঢ়োৱা হৈছে সংগীত নাটক একাডেমী বঁটা ।
আনহাতে, ২০২৪ বৰ্ষৰ উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰা অসমৰ যুৱ শিল্পীসকল হ’ল- মিনাক্ষী মেধি (সত্ৰীয়া নৃত্য), দিলীপ হীৰা (লোকসংগীত), বিদ্যুৎ কুমাৰ নাথ (নাট্য পৰিচালনা) । আনহাতে ২০২৫ বৰ্ষৰ বাবে এই সন্মানৰ বাবে নিৰ্বাচিত হোৱা যুৱ শিল্পীসকল হ’ল- নিৰঞ্জন শইকীয়া বৰবায়ন (সত্ৰীয়া নৃত্য), দেৱজিত শইকীয়া (খোল বাদন), হীৰক জ্যোতি শৰ্মা (টোকাৰী গীত আৰু লোকসংগীত)।
উল্লেখ্য য়ে, ভাৰতৰ সংগীত, নৃত্য আৰু নাটকৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ‘সংগীত নাটক একাডেমী’য়ে প্ৰদান কৰা এই বঁটাসমূহ প্ৰদৰ্শনমূলক কলাৰ (performing arts) ক্ষেত্ৰত দেশৰ অন্যতম সৰ্বোচ্চ স্বীকৃতি ।
সত্ৰীয়া নৃত্য, লোকসংগীত, থিয়েটাৰ, অভিনয় আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰৰ শিল্পীসকলৰ এই স্বীকৃতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ প্ৰচেষ্টাক এক বিশেষ মাত্ৰা প্ৰদান কৰা বুলি বিবেচিত হৈছে ।
লগতে পঢ়ক : ‘মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা’ই ৰাজ্যখনৰ কৃষি মূল্য শৃংখলা শক্তিশালী কৰিব’; মুখ্যমন্ত্ৰী









