স্কুল বেগৰ বোজাক লৈ ডাঙৰ সিদ্ধান্ত; ৫ কেজিৰ অধিক হ’ব নোৱাৰিব স্কুল বেগৰ ওজন

স্কুল বেগৰ বোজাক লৈ ডাঙৰ সিদ্ধান্ত; ৫ কেজিৰ অধিক হ’ব নোৱাৰিব বেগৰ ওজন

স্কুল বেগৰ বোজাক লৈ তীব্ৰ তৎপৰতা শিৱসাগৰ বিদ্যালয় পৰিদৰ্শকৰ। এতিয়াৰে পৰা জিলাখনৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বেগৰ ওজন ৫ কেজিত কৈ অধিক হ’ব নোৱাৰিব। নিয়ম ভাঙিলেই বিপদ নিশ্চিত । ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকে এক ডাঙৰ নিৰ্দেশনা জাৰী কৰিছে।এতিয়াৰে পৰা ৫ কেজিৰ অধিক হ’ব নোৱাৰিব

স্কুল বেগৰ বোজাক লৈ তীব্ৰ তৎপৰতা শিৱসাগৰ বিদ্যালয় পৰিদৰ্শকৰ। এতিয়াৰে পৰা জিলাখনৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বেগৰ ওজন ৫ কেজিত কৈ অধিক হ’ব নোৱাৰিব। নিয়ম ভাঙিলেই বিপদ নিশ্চিত ।

ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকে এক ডাঙৰ নিৰ্দেশনা জাৰী কৰিছে।এতিয়াৰে পৰা ৫ কেজিৰ অধিক হ’ব নোৱাৰিব স্কুল বেগৰ ওজন। প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু হাই স্কুলৰ বাবে শিৱসাগৰ জিলাৰ আই এছ ড০ সমীৰণ বৰাই এই নিৰ্দেশনা জাৰি কৰিছে। ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

জানিব পৰা মতে, প্ৰতিটো শ্ৰেণীৰ বাবে স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছে। এই নিয়ম ভংগ কৰিলে বিহিত ব্যৱস্থা লোৱা হ’ব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে।এই নিৰ্দেশনা অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ স্কুল বেগৰ সৰ্বোচ্চ ওজন ১.৫ কেজি হ’ব লাগিব। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ বেগৰ ওজন ২ ৰ পৰা ৩ কেজি হ’ব লাগিব।ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ বেগৰ ওজন ৪ কেজি হ’ব লাগিব। অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ বেগৰ ওজন ৪.৫ কেজি হ’ব লাগিব। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ওজন ৫ কেজি নিৰ্ধাৰণ কৰা হৈছে।কিন্তু স্কুল বেগৰ ওজন ৫ কেজিতকৈ অধিক হ’ব নালাগিব ।

লগতে পঢ়ক: ভয়ংকৰ সংকটত কাঁহ শিল্প;  সৰ্থেবাৰীত কেন্দ্ৰীয় চৰকাৰ বিষয়াৰ পৰিদৰ্শন

শেহতীয়া প্ৰৱন্ধসমূহ