ভয়ংকৰ সংকটত কাঁহ শিল্প; সৰ্থেবাৰীত কেন্দ্ৰীয় চৰকাৰ বিষয়াৰ পৰিদৰ্শন

ভয়ংকৰ সংকটত কাঁহ শিল্প;  সৰ্থেবাৰীত কেন্দ্ৰীয় চৰকাৰ বিষয়াৰ পৰিদৰ্শন

বৰ্তমান সময় অসমীয়া সংস্কৃতিৰ বাহক তথা অসম গৌৰৱ বিশ্ববিখ্যাত কুটিৰ শিল্প কাঁহ শিল্পলৈ ভয়াবহ সংকট নামি আহিছে। বৰপেটা জিলাৰ ঐতিহাসিক সৰ্থেবাৰী কাঁহ শিল্পনগৰীত উপস্থিত হয় চৰকাৰী বিষয়া ।চৰকাৰী বিষয়াৰ দলটোৱে ঐতিহ্যমণ্ডিত কাঁহশিল্পক অধিক সুৰক্ষা আৰু উন্নয়নৰ পথত আগুৱাই নিয়াৰ স্বাৰ্থত বিভিন্ন দিশৰ ওপৰত মত-বিনিময় কৰে

বৰ্তমান সময়  অসমীয়া সংস্কৃতিৰ বাহক তথা অসম গৌৰৱ বিশ্ববিখ্যাত কুটিৰ শিল্প কাঁহ শিল্পলৈ ভয়াবহ সংকট নামি আহিছে।

বৰপেটা জিলাৰ ঐতিহাসিক সৰ্থেবাৰী কাঁহ শিল্পনগৰীত উপস্থিত হয় চৰকাৰী বিষয়া ।চৰকাৰী বিষয়াৰ দলটোৱে ঐতিহ্যমণ্ডিত কাঁহশিল্পক অধিক সুৰক্ষা আৰু উন্নয়নৰ পথত আগুৱাই নিয়াৰ স্বাৰ্থত বিভিন্ন দিশৰ ওপৰত মত-বিনিময় কৰে । বৰ্তমান সময়  অসমীয়া সংস্কৃতিৰ বাহক তথা অসম গৌৰৱ বিশ্ববিখ্যাত কুটিৰ শিল্প কাঁহশিল্পলৈ ভয়াবহ সংকট নামি আহিছে।কাঁহ শিল্পৰ লগত প্ৰত্যক্ষ ভাবে জড়িত প্ৰায় দুই হাজাৰ শিল্পী আৰু পৰোক্ষ ভাবে তিনি সহস্ৰাধিক লোকৰ জীৱনলৈ অমানিশা নামি আহিছে ।

চৰকাৰী অৱহেলা, বিষয়া কৰ্মচাৰীৰ নিৰ্লিপ্ত ভূমিকাই ইতিহাস প্ৰসিদ্ধ কাঁহ শিল্পলৈ সংকট নমাই অনাৰ লগতে শিল্পীৰ জীৱনলৈ দুৰ্দশা নমাই আনিছে।ইয়াৰ মাজতেই কালি কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াৰ এটি দলে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহশিল্প পৰিদৰ্শন কৰে । কেন্দ্ৰীয় চৰকাৰৰ বিষয়াই সৰ্থেবাৰীৰ কাঁহশিল্প পৰিদৰ্শন কৰাত শিল্পী সকলে কিছু আশাৰ ৰেঙনি দেখা পাইছে ।

উল্লেখ্য যে কালি ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰীয়ে ৰাজ্য চৰকাৰৰ এটি বিষয়াৰ দল লগত লৈ সৰ্থেবাৰীত উপস্থিত হৈ কাঁহ শিল্প পৰিদৰ্শন  কৰে।এই পৰিদৰ্শন  কালত ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰীক সংগ দিয়ে বৰপেটা জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতা, সহকাৰী আয়ুক্ত নৱদ্বীপ ভাগৱতী, উদ্যোগ আৰু বাণিজ্য বিভাগৰ বিষয়া শ্ৰীমতী য়েচিন ফুকন, বৰপেটা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক অৰূপ ডেকা, সহকাৰী মহাপ্ৰবন্ধক দিলীপ কুমাৰ দাস তথা বিভাগটোৰ আন বিষয়াসকলে ।

সৰ্থেবাৰীত অৱস্থিত অসম সমবায় কঁহাৰ সংঘ লিমিটেডৰ প্ৰধান কাৰ্যালয় পৰিদৰ্শন কৰি কঁহাৰ সংঘৰ বিষয়া তথা সঞ্চালকৰ লগত মত বিনিময় কৰে । কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কপিল চৌধুৰীকে ধৰি এই দলটোক অসমীয়া অসম সমবায় কঁহাৰ সংঘৰ হকে শিপিনীয়ে হাতে বোৱা গামোচাৰে সমবায় খনৰ ষহ সম্পাদক কুণাল তামুলায়ে আদৰণি জনায়।ইয়াৰ পিছতে সৰ্থেবাৰীৰ বিশ্ববিখ্যাত কাঁহশিল্পৰ ঐতিহ্য, স্থানীয় কঁহাৰ শিল্পীসকলৰ নিপুণতা আৰু হাতে গঢ়া কাঁহৰ সামগ্ৰীৰ বিশেষত্বৰ বিষয়ে এক বিস্তৃত আলোচনা অনুষ্ঠিত হয় ।

বিষয়াসকলে কঁহাৰশালসমূহত উপস্থিত হৈ শিল্পীসকলৰ  কাৰ্যপ্ৰণালী বিষয়ে আলোচনা কৰাৰ লগতে কঁহাৰ গঢ়শাল পৰিদৰ্শন  কৰি শিল্পী সকলৰ  অসাধাৰণ শিল্পকুশলতাৰ শলাগ লয় ।আলোচনাৰ সময়ত বৰ্তমান কাঁহ শিল্পৰ লগতে সমবায় খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও গুৰুত্বসহকাৰে পৰ্যালোচনা কৰা হয় ।

লগতে পঢ়ক: অসম আৰু ইউৰোপীয় ইউনিয়নৰ নতুন অধ্যায় : গুৱাহাটীত ‘ব্লু ভেলী ক্লাষ্টাৰ’ৰ সফল শুভাৰম্ভ

শেহতীয়া প্ৰৱন্ধসমূহ