অসম আৰু ইউৰোপীয় ইউনিয়নৰ নতুন অধ্যায় : গুৱাহাটীত ‘ব্লু ভেলী ক্লাষ্টাৰ’ৰ সফল শুভাৰম্ভ

অসম আৰু ইউৰোপীয় ইউনিয়নৰ নতুন অধ্যায় : গুৱাহাটীত ‘ব্লু ভেলী ক্লাষ্টাৰ’ৰ সফল শুভাৰম্ভ

২০২৬ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত ‘ইউৰোপীয় ইউনিয়ন-ভাৰত সন্মিলন’ত সন্মত হোৱা ব্যাপক কৌশলগত কাৰ্যসূচীৰ অংশ হিচাপে এই পাইলট প্ৰকল্পটো আৰম্ভ কৰা হৈছে অসম চৰকাৰ আৰু ইউৰোপীয় ইউনিয়নৰ যৌথ উদ্যোগত গুৱাহাটীত সুগন্ধি, সুবাস (Flavours and Fragrance) আৰু আয়ুষ খণ্ডক সামৰি ‘ব্লু ভেলী ক্লাষ্টাৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়

২০২৬ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত ‘ইউৰোপীয় ইউনিয়ন-ভাৰত সন্মিলন’ত সন্মত হোৱা ব্যাপক কৌশলগত কাৰ্যসূচীৰ অংশ হিচাপে এই পাইলট প্ৰকল্পটো আৰম্ভ কৰা হৈছে

অসম চৰকাৰ আৰু ইউৰোপীয় ইউনিয়নৰ যৌথ উদ্যোগত গুৱাহাটীত সুগন্ধি, সুবাস (Flavours and Fragrance) আৰু আয়ুষ খণ্ডক সামৰি ‘ব্লু ভেলী ক্লাষ্টাৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । এই যুগান্তকাৰী পদক্ষেপে ইউৰোপ, অসম আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ মাজত বাণিজ্য, বহনক্ষম মূল্য শৃংখল আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব ।

২০২৬ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত ‘ইউৰোপীয় ইউনিয়ন-ভাৰত সন্মিলন’ত সন্মত হোৱা ব্যাপক কৌশলগত কাৰ্যসূচীৰ অংশ হিচাপে এই পাইলট প্ৰকল্পটো আৰম্ভ কৰা হৈছে । এই শুভাৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰযুদ্ধ হেৰভে ডেলফিন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (পশ্চিম) চিবি জৰ্জ আৰু ‘টিম ইউৰোপ’ৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দল উপস্থিত থাকে ।

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এই অংশীদাৰিত্বই কেৱল ভাৰত-ইউৰোপৰ সম্পৰ্ককে শক্তিশালী নকৰে, বৰঞ্চ অসমৰ চাহ, আগৰকাঠ, জৈৱিক খাদ্য, প্ৰাকৃতিক সুবাস আৰু আয়ুষ-ভিত্তিক সামগ্ৰীৰ লগতে ছেমিকণ্ডাক্টৰ আৰু প্ৰতিৰক্ষাৰ দৰে কৌশলগত খণ্ডসমূহক বিশ্বব্যাপী বজাৰ লাভ কৰাত সহায় কৰিব । ইয়াৰ জৰিয়তে হাজাৰ হাজাৰ থলুৱা কৃষক, মহিলা নেতৃত্বাধীন আত্মসহায়ক গোট আৰু ষ্টাৰ্টআপসমূহ পোনপটীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মূল্য শৃংখলৰ সৈতে সংযুক্ত হ’ব পাৰিব ।

ইইউৰ ৰাষ্ট্ৰদূত হেৰভে ডেলফিনে অসমৰ ভূয়সী প্ৰশংসা কৰি কয় যে অসম প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদেৰে চহকী । ৰাজ্যখনৰ বহনক্ষম উদ্ভাৱন আৰু এক প্ৰধান অৰ্থনৈতিক কেন্দ্ৰ হৈ পৰাৰ বাটকটীয়া মনোভাৱে ইয়াক ইউৰোপীয় কোম্পানীসমূহৰ বাবে এক আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তুলিছে ।

ভ্ৰমণসূচীৰ অংশ হিচাপে ইউৰোপীয় প্ৰতিনিধি দলটোৱে জাগীৰোডস্থিত ‘টাটা ছেমিকণ্ডাক্টৰ এচেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড’ পৰিদৰ্শন কৰে । এই ‘ব্লু ভেলী ক্লাষ্টাৰ’ পাইলট প্ৰকল্পই স্থানীয় জৈৱ-বৈচিত্ৰ্যক গোলকীয় উদ্যোগৰ সৈতে সংযোগ কৰি অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ ও মজলীয়া উদ্যোগসমূহৰ সৰ্বাংগীন বিকাশ, দক্ষতা বৃদ্ধি আৰু ব্যাপক কৰ্মসংস্থাপন সৃষ্টিৰ এক নতুন আৰ্হি প্ৰদৰ্শন কৰিব ।

লগতে পঢ়ক : ২০৩০ চনৰ ভিতৰত বিনিয়োগকাৰীৰ মুখ্য আকৰ্ষণকেন্দ্ৰ হ’ব অসম: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

শেহতীয়া প্ৰৱন্ধসমূহ