ভিয়েটনাম চৰকাৰে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে, এই পদক্ষেপৰ অধীনত তেওঁলোকে ছ’চিয়েল মিডিয়াত শিশুৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ সাজু হৈছে।
ছ’চিয়েল মিডিয়াক নিজৰ ইচ্ছামতে চলোৱা শিশুসকলৰ ওপৰত এতিয়া লেকাম লাগিবলৈ গৈ আছে। আচলতে, ভিয়েটনাম চৰকাৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ নিয়ম সলনি কৰিবলৈ প্ৰস্তুতি চলাইছে। চৰকাৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে কঠোৰ নিয়ম অনাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ৰয়টাৰে নিজৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।
ভিয়েটনাম চৰকাৰে এটা আদেশৰ খচৰা প্ৰস্তুত কৰিছে, য’ত চৰকাৰে ১৬ বছৰতকৈ কম বয়সৰ শিশুৰ ছ’চিয়েল মিডিয়াত স্বেচ্ছাচাৰিতা ৰোধ কৰিব। নতুন নিয়ম অনুসৰি ১৬ বছৰতকৈ কম বয়সৰ শিশুৱে সামাজিক মাধ্যমত পোষ্ট কৰিব নোৱাৰিব আৰু আন কাৰোবাৰ পোষ্টত কমেন্ট বা লাইক আদি কৰিব নোৱাৰিব।
এই নিয়মৰ প্ৰস্তুতিৰ লগে লগে ভিয়েটনামো সেইবোৰ দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, যিবোৰে ইতিমধ্যে ১৬ বছৰতকৈ কম বয়সৰ শিশুক ছ’চিয়েল মিডিয়াত নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ ওপৰত কাম কৰি আছে। আনহাতে, অষ্ট্ৰেলিয়াই ইতিমধ্যে দেশখনত শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰিছে।
ভিয়েটনাম চৰকাৰে প্ৰস্তাৱ কৰা নিয়ম অনুসৰি ১৬ বছৰতকৈ কম বয়সৰ কিশোৰ-কিশোৰীসকলে পিতৃ-মাতৃ বা অভিভাৱকৰ তথ্যৰ ভিত্তিতহে ছ’চিয়েল মিডিয়া একাউণ্ট পঞ্জীয়ন কৰিব পাৰিব।
ভিয়েটনাম টৰকাৰে প্ৰস্তুত কৰা খচৰা অনুসৰি, ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানসমূহৰো দায়বদ্ধতা থাকিব। প্ৰতিষ্ঠানসমূহে উন্নত প্ৰযুক্তিৰ সহায়ত শিশুক চিনাক্ত কৰিব লাগিব আৰু তেওঁলোকক নিজৰ বয়স অনুসৰিহে সমল দেখুওৱাটো নিশ্চিত কৰিব লাগিব।
ভিয়েটনামৰ খচৰাত কোৱা হৈছে যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে শিশুৰ একাউণ্টৰ বাবে উচ্চ গোপনীয়তা সুৰক্ষা (high privacy security) প্ৰদান কৰিব লাগিব। ইয়াৰ উপৰিও হিংসা, অশ্লীলতা, জুৱা, আত্মহত্যা আৰু অন্যান্য ক্ষতিকাৰক সমল চিনাক্ত কৰি সেয়া ব্লক কৰাৰ বাবে পদক্ষেপ ল’ব লাগিব।
লগতে পঢ়ক: হৰমুজত এল পি জি টেংকাৰত মিছাইল আক্ৰমণ: ২৮ গৰাকী ভাৰতীয় নাৱিক সুৰক্ষিত









