প্ৰতিবন্ধকতা আঁতৰিলঃ ইউৰোপৰ ২৭ খন দেশৰ বাবে খোল খালে অসমৰ দুৱাৰ!

এতিয়াৰে পৰা ইউৰোপীয় ইউনিয়নৰ পৰ্যটকসকলে কোনো শংকা নোহোৱাকৈ অসম ভ্ৰমণ কৰাৰ লগতে ইয়াৰ বৈচিত্ৰ্যময় আকৰ্ষণসমূহ উপভোগ কৰিব পাৰিব

অসমৰ পৰ্যটন খণ্ডৰ বাবে এক উল্লেখনীয় আৰু ঐতিহাসিক সুখবৰ । এতিয়াৰে পৰা ইউৰোপীয় ইউনিয়নৰ (EU) সকলো ২৭ খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকে কোনো ধৰণৰ পূৰ্বৰ বাধা-নিষেধ নোহোৱাকৈয়ে মুক্তভাৱে অসম ভ্ৰমণ কৰিব পাৰিব ।

এক ফেচবুক লাইভৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় ইউনিয়নে তেওঁলোকৰ ভ্ৰমণ নিৰ্দেশিকা উন্নীত কৰিছে । যাৰ ফলত এতিয়াৰে পৰা ইউৰোপীয় ইউনিয়নৰ পৰ্যটকসকলে কোনো শংকা নোহোৱাকৈ অসম ভ্ৰমণ কৰাৰ লগতে ইয়াৰ বৈচিত্ৰ্যময় আকৰ্ষণসমূহ উপভোগ কৰিব পাৰিব ।

উন্নত নিৰাপত্তা পৰিস্থিতিৰ স্বীকৃতি

অসমৰ ক্ৰমান্বয়ে উন্নত হোৱা নিৰাপত্তা তথা আইন-শৃংখলা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ইউৰোপীয় ইউনিয়নে এই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে । উল্লেখ্য যে, বহু বছৰ ধৰি সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ ‘আফস্পা’ৰ উপস্থিতিৰ বাবে ৰাজ্যখনৰ কেইবাটাও অংশ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছিল । ইয়াৰ বাবেই কেইবাখনো বিদেশী চৰকাৰে নিজৰ নাগৰিকসকলক অসম ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ জাৰি কৰি আহিছিল ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই সংশোধিত নিৰ্দেশিকা হৈছে ৰাজ্যখনৰ শান্তি আৰু সুস্থিৰ পৰিৱেশৰ এক গোলকীয় স্বীকৃতি । ইয়াৰ ফলত অনাগত দিনত বৃহৎ সংখ্যক আন্তঃৰাষ্ট্ৰীয় দৰ্শকে ভ্ৰমণৰ বাবে অসমক বাচনি কৰিব বুলি আশা কৰা হৈছে ।

পৰ্যটন উদ্যোগত নতুন আশাৰ সঞ্চাৰ

অসম ইয়াৰ চহকী সাংস্কৃতিক ঐতিহ্য, সজীৱ পৰম্পৰা, এশিঙীয়া গঁড়ৰ বাসস্থান, চাহ বাগিচা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিশ্বজুৰি বিখ্যাত । ইয়াৰ ভিতৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান অন্যতম ।

ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলে বিশ্বাস কৰে যে এই বাধা-নিষেধসমূহ শিথিল কৰাৰ ফলত বৃহৎ সংখ্যক ইউৰোপীয় পৰ্যটক অসমলৈ আকৰ্ষিত হ’ব । ই ৰাজ্যখনৰ আতিথ্য তথা পৰ্যটন উদ্যোগৰ বিকাশত এক নতুন মাত্ৰা প্ৰদান কৰিব ।

অৰ্থনৈতিক বিকাশৰ নতুন সুযোগ

এই নতুন পদক্ষেপে উত্তৰ-পূব ভাৰতৰ এক অন্যতম আগশাৰীৰ পৰ্যটন কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসমৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব । একে সময়তে ই আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ বাবে এক নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক : কলাগুৰুৰ আদৰ্শৰে প্ৰগতিশীল অসম গঢ়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

অসম আৰু ইউৰোপীয় ইউনিয়নৰ নতুন অধ্যায় : গুৱাহাটীত ‘ব্লু ভেলী ক্লাষ্টাৰ’ৰ সফল শুভাৰম্ভ

২০২৬ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত ‘ইউৰোপীয় ইউনিয়ন-ভাৰত সন্মিলন’ত সন্মত হোৱা ব্যাপক কৌশলগত কাৰ্যসূচীৰ অংশ হিচাপে এই পাইলট প্ৰকল্পটো আৰম্ভ কৰা হৈছে

অসম চৰকাৰ আৰু ইউৰোপীয় ইউনিয়নৰ যৌথ উদ্যোগত গুৱাহাটীত সুগন্ধি, সুবাস (Flavours and Fragrance) আৰু আয়ুষ খণ্ডক সামৰি ‘ব্লু ভেলী ক্লাষ্টাৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । এই যুগান্তকাৰী পদক্ষেপে ইউৰোপ, অসম আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ মাজত বাণিজ্য, বহনক্ষম মূল্য শৃংখল আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব ।

২০২৬ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত ‘ইউৰোপীয় ইউনিয়ন-ভাৰত সন্মিলন’ত সন্মত হোৱা ব্যাপক কৌশলগত কাৰ্যসূচীৰ অংশ হিচাপে এই পাইলট প্ৰকল্পটো আৰম্ভ কৰা হৈছে । এই শুভাৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰযুদ্ধ হেৰভে ডেলফিন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (পশ্চিম) চিবি জৰ্জ আৰু ‘টিম ইউৰোপ’ৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দল উপস্থিত থাকে ।

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এই অংশীদাৰিত্বই কেৱল ভাৰত-ইউৰোপৰ সম্পৰ্ককে শক্তিশালী নকৰে, বৰঞ্চ অসমৰ চাহ, আগৰকাঠ, জৈৱিক খাদ্য, প্ৰাকৃতিক সুবাস আৰু আয়ুষ-ভিত্তিক সামগ্ৰীৰ লগতে ছেমিকণ্ডাক্টৰ আৰু প্ৰতিৰক্ষাৰ দৰে কৌশলগত খণ্ডসমূহক বিশ্বব্যাপী বজাৰ লাভ কৰাত সহায় কৰিব । ইয়াৰ জৰিয়তে হাজাৰ হাজাৰ থলুৱা কৃষক, মহিলা নেতৃত্বাধীন আত্মসহায়ক গোট আৰু ষ্টাৰ্টআপসমূহ পোনপটীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মূল্য শৃংখলৰ সৈতে সংযুক্ত হ’ব পাৰিব ।

ইইউৰ ৰাষ্ট্ৰদূত হেৰভে ডেলফিনে অসমৰ ভূয়সী প্ৰশংসা কৰি কয় যে অসম প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদেৰে চহকী । ৰাজ্যখনৰ বহনক্ষম উদ্ভাৱন আৰু এক প্ৰধান অৰ্থনৈতিক কেন্দ্ৰ হৈ পৰাৰ বাটকটীয়া মনোভাৱে ইয়াক ইউৰোপীয় কোম্পানীসমূহৰ বাবে এক আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তুলিছে ।

ভ্ৰমণসূচীৰ অংশ হিচাপে ইউৰোপীয় প্ৰতিনিধি দলটোৱে জাগীৰোডস্থিত ‘টাটা ছেমিকণ্ডাক্টৰ এচেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড’ পৰিদৰ্শন কৰে । এই ‘ব্লু ভেলী ক্লাষ্টাৰ’ পাইলট প্ৰকল্পই স্থানীয় জৈৱ-বৈচিত্ৰ্যক গোলকীয় উদ্যোগৰ সৈতে সংযোগ কৰি অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ ও মজলীয়া উদ্যোগসমূহৰ সৰ্বাংগীন বিকাশ, দক্ষতা বৃদ্ধি আৰু ব্যাপক কৰ্মসংস্থাপন সৃষ্টিৰ এক নতুন আৰ্হি প্ৰদৰ্শন কৰিব ।

লগতে পঢ়ক : ২০৩০ চনৰ ভিতৰত বিনিয়োগকাৰীৰ মুখ্য আকৰ্ষণকেন্দ্ৰ হ’ব অসম: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

অসম ভ্ৰমণলৈ ইউৰোপীয় ইউনিয়নৰ উচ্চস্তৰীয় প্ৰতিনিধি দল “টিম ইউৰোপ”

অহা ৮ আৰু ৯ জুনত ৰাজ্যখনত উপস্থিত হ’ব ইউৰোপীয় ইউনিয়নৰ এটা উচ্চস্তৰীয় টিম ইউৰোপ প্ৰতিনিধি দল

অসমৰ অৰ্থনৈতিক আৰু উদ্যোগিক খণ্ডৰ বাবে এক আশাৰ বতৰা কাঢ়িয়াই অহা ৮ আৰু ৯ জুনত ৰাজ্যখনত উপস্থিত হ’ব ইউৰোপীয় ইউনিয়নৰ (EU) এটা উচ্চস্তৰীয় “টিম ইউৰোপ” প্ৰতিনিধি দল । ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু ইউৰোপৰ মাজত অৰ্থনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰা তথা ব্যৱসায়িক সহযোগিতাৰ নতুন সম্ভাৱনীয়তাসমূহ অন্বেষণ কৰাই এই ভ্ৰমণৰ মূল উদ্দেশ্য ।

ভাৰত আৰু ভূটানলৈ ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ নেতৃত্বত অহা এই দলটোত EU সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ প্ৰতিনিধি আৰু অগ্ৰণী ইউৰোপীয় ব্যৱসায়িক নেতৃবৃন্দ অন্তৰ্ভুক্ত আছে । ভ্ৰমণকালত প্ৰতিনিধি দলটোৱে অসম চৰকাৰ আৰু থলুৱা ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ সুযোগসমূহৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব ।

কোনবোৰ খণ্ডই লাভ কৰিব অগ্ৰাধিকাৰ ?

এই ভ্ৰমণৰ সময়ত অসম আৰু ইউৰোপৰ উমৈহতীয়া আগ্ৰহ থকা কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হ’ব । ইয়াৰ ভিতৰত উল্লেখযোগ্য খণ্ডসমূহ হৈছে :

-নৱীকৰণযোগ্য শক্তি আৰু বহনক্ষম নগৰীয়া আন্তঃগাঁথনি।

-স্বাস্থ্যসেৱা আৰু ফাৰ্মাচিউটিকেলচ।

-ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক্স উৎপাদন।

-চাহ আৰু কৃষি-খাদ্য সংসাধন (Agri-food processing)।

-সুগন্ধি, আতৰ আৰু আয়ুষ খণ্ড।

মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ আৰু “ব্লু ভেলীজ” কৰ্মশালা :

কাৰ্যসূচী অনুসৰি, ‘টিম ইউৰোপ’ৰ ৰাষ্ট্ৰদূতসকলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব । আনহাতে, ‘ফেডাৰেচন অৱ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া’ৰ নেতৃত্বত অহা ব্যৱসায়িক দলটোৱে ৰাজ্যৰ উচ্চপদস্থ বিষয়া আৰু উদ্যোগ খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে মতবিনিময় কৰিব ।

এই ভ্ৰমণৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী হ’ব ৯ জুনত অসম চৰকাৰৰ উদ্যোগত আয়োজিত “ব্লু ভেলীজ: বিল্ডিং ইক’চিষ্টেমছ এণ্ড ভেলু চেইনছ বিটউইন ইণ্ডিয়া এণ্ড ইউৰোপ” শীৰ্ষক এক বিশেষ কৰ্মশালা । য’ত দুয়োখন দেশৰ ব্যৱসায়ীসকলে বহনক্ষম উদ্যোগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অংশীদাৰিত্ব গঢ়ি তোলাৰ লক্ষ্যৰে অংশগ্ৰহণ কৰিব ।

মুকলি হ’ব অসমৰ প্ৰথমটো ‘ব্লু ভেলী ক্লাষ্টাৰ’

এই ঐতিহাসিক ভ্ৰমণৰ মাজতে ৰাজ্যখনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব অসমৰ প্ৰথমটো ‘ব্লু ভেলী ক্লাষ্টাৰ’ । এইটো প্ৰধানকৈ সুগন্ধি, আতৰ, আয়ুষ আৰু খাদ্য সংসাধন খণ্ডক কেন্দ্ৰ কৰি গঢ়ি তোলা এক বিশেষ ঔদ্যোগিক হাব । এই অভিনৱ পদক্ষেপে অসমৰ উদীয়মান ঔদ্যোগিক পৰিৱেশতন্ত্ৰক বহনক্ষম উৎপাদনৰ জৰিয়তে ইউৰোপীয় বজাৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব বুলি আশা কৰা হৈছে ।

টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প ভ্ৰমণৰ সম্ভাৱনা :

উচ্চ-প্ৰযুক্তিগত উৎপাদন খণ্ডত অসমৰ বৰ্ধিত গুৰুত্বক প্ৰতিপন্ন কৰি ইউৰোপীয় প্ৰতিনিধি দলটোৱে জাগীৰোডত থকা টাটা ইলেক্ট্ৰনিক্সৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পটো ভ্ৰমণ কৰাৰো পূৰ্ণ সম্ভাৱনা আছে ।

ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে এক বিবৃতিত প্ৰকাশ কৰা মতে, “অসম তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলৰে প্ৰচুৰ অৰ্থনৈতিক সম্ভাৱনা আছে । অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ, দক্ষ কৰ্মশক্তি আৰু দ্ৰুত অৰ্থনৈতিক বিকাশে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ।” তেওঁ লগতে কয় যে ‘ব্লু ভেলীজ’ৰ দৰে পদক্ষেপে ভাৰত আৰু ইউৰোপৰ মাজত এক দীৰ্ঘম্যাদী ব্যৱসায়িক অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিব আৰু বিনিয়োগৰ নতুন দিগন্তৰ সূচনা কৰিব ।

লগতে পঢ়ক : ‘বিকশিত অসম’ গঢ়াৰ সংকল্প : এশৰো অধিক IAS বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

“কোনো অধিকাৰ নাই, মনে মনে থাকক!”- কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ সুৰত সুৰ মিলোৱা ইউৰোপীয় ইউনিয়নক ভাৰতৰ তীব্ৰ সকীয়নি

বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ

পাকিস্তান আৰু ইউৰোপীয় ইউনিয়নৰ (EU) যুটীয়া বিবৃতিত জম্মু-কাশ্মীৰৰ উল্লেখ থকাৰ পিছতে ভাৰতে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে । বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ । গতিকে যিসকলৰ এই বিষয়টোৰ সৈতে কোনো সম্পৰ্ক নাই, তেওঁলোকৰ ইয়াত মন্তব্য কৰাৰ কোনো অধিকাৰ নাই ।

কেৱল এয়াই নহয়, নেপালৰ সৈতে সীমা বিবাদ, ভেনিজুৱেলাৰ উচ্চস্তৰীয় ভ্ৰমণ আৰু আমেৰিকাৰ পৰা ভাৰতীয়সকলক দেপোৰ্ট (বহিষ্কাৰ) কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো ভাৰতে নিজৰ স্থিতি অতি স্পষ্ট আৰু কঠোৰ ৰূপত ডাঙি ধৰিছে ।

জম্মু-কাশ্মীৰক লৈ EU আৰু পাকিস্তানক সকীয়নি-

পাকিস্তান আৰু ইউৰোপীয় ইউনিয়নৰ (EU) যুটীয়া বিবৃতিত জম্মু-কাশ্মীৰৰ অযথা উল্লেখক ভাৰতে তীব্ৰ ভাষাৰে গৰিহণা দিছে । বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংগ । যিসকলৰ এই বিষয়ত কোনো অধিকাৰ বা বৈধ ভিত্তি নাই, তেওঁলোকক ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়া হৈছে । কাশ্মীৰ বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ ভাৰতে কেতিয়াও গ্ৰহণ নকৰে বুলিও মুখপাত্ৰগৰাকীয়ে কয় ।

ভাৰত-নেপাল সীমা বিবাদ: ৯৮% সমাধান-

নেপালৰ সৈতে চলি থকা সীমা বিবাদৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে জনায় যে দুয়োখন দেশৰ মাজৰ প্ৰায় ৯৮ শতাংশ সীমান্ত ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে । গণ্ডক নদীৰ গতিপথ সলনি হোৱাৰ বাবে বাকী থকা কিছু অংশৰ সমাধানৰ বাবে দ্বিপাক্ষিক ব্যৱস্থাৰ অধীনত কাম চলি আছে । লগতে, ‘ন’ মেনছ লেণ্ড’ (No Man’s Land) বেদখল ৰোধ কৰিবলৈ যুটীয়া মেপিং কৰা হৈছে । এই ক্ষেত্ৰতো ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰত-নেপালৰ এই দ্বিপাক্ষিক বিষয়ত কোনো তৃতীয় পক্ষৰ ভূমিকা গ্ৰহণ কৰা নহ’ব ।

ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতিৰ গুৰুত্বপূৰ্ণ ভাৰত ভ্ৰমণ-

ভাৰত আৰু ভেনিজুৱেলাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ উদ্দেশ্যে দেশখনৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে অহা ৩ জুনৰ পৰা ৭ জুনলৈ ভাৰত ভ্ৰমণ কৰিব । তেওঁৰ সৈতে এক উচ্চস্তৰীয় মন্ত্ৰীৰ দলো ভাৰত পাবহি । এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ সৈতে শক্তি, বাণিজ্য, বিনিয়োগ, ফাৰ্মাচিউটিকেলচ, স্বাস্থ্য আৰু নৱীকৰণযোগ্য শক্তি খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা কৰা হ’ব ।

বহিষ্কাৰক লৈ ভাৰতৰ স্থিতি স্পষ্ট-

আমেৰিকাৰ পৰা ভাৰতীয় ট্ৰাক চালকসকলক বহিষ্কাৰ (Deport) কৰাৰ বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে অবৈধ প্ৰব্ৰজনক কেতিয়াও সমৰ্থন নকৰে । ভাৰতে সদায় আইনী প্ৰব্ৰজনকহে উদগনি দিয়ে । আমেৰিকাৰ সৈতে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা কৰা হৈছে আৰু তদন্তৰ অন্তত নাগৰিকত্ব প্ৰমাণিত হ’লে বহিষ্কৃত লোকসকলক ওভতাই অনাৰ প্ৰক্ৰিয়া আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি কৰা হ’ব ।

লগতে পঢ়ক : মাউণ্ট ৰাছম’ৰত নিজৰ মুখমণ্ডল! ট্ৰুথ ছ’চিয়েলত ডিজিটেল ছবি শ্বেয়াৰ কৰি চৰ্চাত ড’নাল্ড ট্ৰাম্প