'বিকশিত অসম' গঢ়াৰ সংকল্প : এশৰো অধিক IAS বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

‘বিকশিত অসম’ গঢ়াৰ সংকল্প : এশৰো অধিক IAS বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিকশিত অসম গঢ়ি তোলাৰ বাবে নিজৰ দূৰদৰ্শী দৃষ্টিভংগী দাঙি ধৰে ৰাজ্যৰ উন্নয়নৰ যাত্ৰাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ এশৰো অধিক আই এ এছ (IAS) বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ মতবিনিময় অনুষ্ঠানত মিলিত হয় । এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে

এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিকশিত অসম গঢ়ি তোলাৰ বাবে নিজৰ দূৰদৰ্শী দৃষ্টিভংগী দাঙি ধৰে

ৰাজ্যৰ উন্নয়নৰ যাত্ৰাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ এশৰো অধিক আই এ এছ (IAS) বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ মতবিনিময় অনুষ্ঠানত মিলিত হয় । এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এক ‘বিকশিত অসম’ গঢ়ি তোলাৰ বাবে নিজৰ দূৰদৰ্শী দৃষ্টিভংগী দাঙি ধৰে । চৰকাৰী বিভাগসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা, সমন্বয় আৰু এটা উমৈহতীয়া লক্ষ্যৰে কাম কৰাৰ ওপৰত তেওঁ বিশেষভাৱে আলোকপাত কৰে ।

মুখ্যমন্ত্ৰীৰ আহ্বান : দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্য কৰিব লাগিব অসমক

বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া বছৰবোৰত অসমে বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় সাফল্য অৰ্জন কৰিছে । এই সাফল্যৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লগতে মূল খণ্ডসমূহ, উন্নয়নমূলক সূচক আৰু প্ৰশাসনৰ মাপকাঠীৰ ক্ষেত্ৰত অসমক দেশৰ ভিতৰতে এক শীৰ্ষস্থানীয় ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তেওঁ বিষয়াসকলক সমূহীয়াভাৱে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ স্পষ্ট কৰি দিয়ে যে প্ৰতিটো চৰকাৰী পদক্ষেপ, সংস্কাৰ আৰু ফলাফলে ভাৰতৰ সামগ্ৰিক অৰ্থনৈতিক তথা উন্নয়নমূলক যাত্ৰাত অসমৰ ভূমিকাক অধিক শক্তিশালী কৰিব লাগিব ।

ভয়হীনভাৱে কাম কৰা আৰু সততা বজাই ৰখাৰ পৰামৰ্শ-

প্ৰশাসনক অধিক স্বচ্ছ আৰু সক্ৰিয় কৰাৰ উদ্দেশ্যে ড° শৰ্মাই বিষয়াসকলক কোনো ভয় বা সংকোচ নোহোৱাকৈ মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিবলৈ উৎসাহিত কৰে । ইয়াৰ লগতে তেওঁ সোঁৱৰাই দিয়ে যে জনসেৱাৰ ক্ষেত্ৰত সততা, নিষ্ঠা, স্বচ্ছতা আৰু নম্ৰতাৰ সৰ্বোচ্চ মানদণ্ড সদায় বজাই ৰাখিব লাগিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,-“এখন দায়বদ্ধ, কৰ্তব্যপৰায়ণ আৰু জবাবদিহি আমোলাতন্ত্ৰই ৰাজ্যখনৰ দীৰ্ঘম্যাদী উন্নয়নৰ লক্ষ্যত উপনীত হোৱাত মূল চালিকাশক্তি হিচাপে কাম কৰিব ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে যে আমোলাসকলৰ এই সক্ৰিয় ভূমিকাই অসমক দেশৰ এখন আগশাৰীৰ ৰাজ্য হিচাপে ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়াক অধিক ত্বৰান্বিত কৰিব ।

লগতে পঢ়ক : ৰাজ্যচৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ; বৃদ্ধি পালে মৰগীয়া বানচ

শেহতীয়া প্ৰৱন্ধসমূহ