‘পদত্যাগ সমস্যাৰ সমাধান নহয়’; ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক খাৰিফ চৰকাৰৰ

‘পদত্যাগ সমস্যাৰ সমাধান নহয়’; ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক খাৰিজ চৰকাৰৰ

নীট প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী চৰকাৰে নাকচ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে পদত্যাগ কৰাটো আটাইতকৈ সহজ বিকল্প, কিন্তু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব। নীট (NEET) প্ৰশ্নকাকত ফাদিলক লৈ ককৰোচ জনতা পাৰ্টি (CJP) আৰু

নীট প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী চৰকাৰে নাকচ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে পদত্যাগ কৰাটো আটাইতকৈ সহজ বিকল্প, কিন্তু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব।

নীট (NEET) প্ৰশ্নকাকত ফাদিলক লৈ ককৰোচ জনতা পাৰ্টি (CJP) আৰু বিৰোধীৰ ফালৰ পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ মাজতে চৰকাৰে স্পষ্ট ইংগিত দিছে যে তেওঁলোকে এই দাবী গ্ৰহণ নকৰে। চৰকাৰী সূত্ৰৰ মতে, ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে আৰু চৰকাৰে ইয়াক সমস্যাটোৰ সমাধান বুলি নামানে। সূত্ৰ অনুসৰি, চৰকাৰৰ বিশ্বাস যে পদত্যাগ কৰা আৰু দায়িত্বৰ পৰা আঁতৰি অহাটোৱেই আটাইতকৈ সহজ পথ। জনসাধাৰণে চৰকাৰক জনমত দিছে আৰু চৰকাৰে নিজৰ দায়িত্ব পালন কৰি ব্যৱস্থাটোৰ সংস্কাৰ কৰিব। গোটেই দলটো ধৰ্মেন্দ্ৰ প্ৰধানৰ সপক্ষে থিয় দিছে।

চৰকাৰী সূত্ৰই জনায় যে নেচনেল টেষ্টিং এজেন্সী (NTA)ত থকা ত্ৰুটি আৰু সমস্যাসমূহ চিনাক্ত কৰা হৈছে। চৰকাৰে এই অভাৱসমূহৰ এখন বিশদ তালিকা প্ৰস্তুত কৰি আছে আৰু এইবোৰ সোনকালে দূৰ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব। সূত্ৰৰ মতে, প্ৰশ্নকাকত ফাদিল গোচৰত জড়িত বহু কেইটা চক্ৰক ইতিমধ্যে উৎখাত কৰা হৈছে। তদন্তকাৰী সংস্থাবোৰে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু অনাগত দিনত এনে ধৰণৰ নেটৱৰ্কৰ বিৰুদ্ধে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। চৰকাৰে কয় যে পদত্যাগৰ ৰাজনীতিৰ সলনি দেশৰ পৰীক্ষা ব্যৱস্থাটোক স্বচ্ছ আৰু বিশ্বাসযোগ্য কৰি তোলাটোতহে তেওঁলোকৰ মূল গুৰুত্ব।

ইয়াৰ পূৰ্বে বিঠলভাই পেটেল হাউছত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে শুক্ৰবাৰে প্ৰায় দুঘণ্টা ধৰি অনুষ্ঠিত বৈঠকত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিনিধিসকলে স্পষ্ট কৰি দিয়ে যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ তেওঁলোকৰ এক অনা-আপোচহীন (Non-Negotiable) দাবী আৰু ইয়াৰ পৰা পিছহঁকি অহাৰ প্ৰশ্নই নুঠে। CJP-য়ে ‘সংসদ চলো’ সমদলৰ সময়ত প্ৰদৰ্শনকাৰীসকলৰ ওপৰত কৰা আৰক্ষীৰ অত্যাচাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰেপিড একশ্বন ফোৰ্চ (RAF) আৰু দিল্লী আৰক্ষী আয়ুক্তৰ পৰা ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনাৰো দাবী জনায়।

কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নড্ডাই কয় যে চৰকাৰে CJP-ৰ সকলো দাবী শুনিছে আৰু সেইবোৰ বিবেচনা কৰাৰ পিছত উত্তৰ দিয়া হ’ব। তেওঁ জনায় যে শনিবাৰে দুয়োপক্ষৰ মাজত পুনৰ বৈঠক অনুষ্ঠিত হ’ব। চৰকাৰ আৰু প্ৰতিবাদী সংগঠনটোৰ মাজত এইখন আছিল আনুষ্ঠানিক আলোচনাৰ তৃতীয়টো পৰ্যায়। এই বৈঠকখন এনে এক সময়ত অনুষ্ঠিত হৈছে যেতিয়া সোণম ৱাংচুকে চৰকাৰৰ আশ্বাসৰ পিছত তেওঁৰ ২৬ দিনীয়া অনশন সমাপ্ত কৰিছে। ইফালে, কেন্দ্ৰীয় চৰকাৰে পৰীক্ষাত অনিয়ম ৰোধ কৰিবলৈ আইনখন আৰু অধিক কঠোৰ কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে।

লগতে পঢ়ক: প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সংশোধিত বিধেয়কত অনুমোদন মোদী কেবিনেটৰ